অশ্বিনী আক্কুঞ্জী
| অশ্বিনী আক্কুঞ্জী | ||||||||||||||||||||||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
২০১৪ চনত অশ্বিনী | ||||||||||||||||||||||||||||||||||
| ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||||||||
| জন্ম নাম | অশ্বিনী চিদানন্দ শেট্টী আক্কুঞ্জী | |||||||||||||||||||||||||||||||||
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||||||||
| জন্ম | ০৭ অক্টোবৰ, ১৯৮৭ (৩৮ বছৰ) সিদ্ধাপুৰ, উডুপি, ভাৰত | |||||||||||||||||||||||||||||||||
| উচ্চতা | ১৮৪ চেণ্টিমিটাৰ | |||||||||||||||||||||||||||||||||
| ক্ৰীড়া | ||||||||||||||||||||||||||||||||||
| দেশ | ভাৰত | |||||||||||||||||||||||||||||||||
| ক্ৰীড়া | এথলেটিকছ | |||||||||||||||||||||||||||||||||
| সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ | ||||||||||||||||||||||||||||||||||
| ব্যক্তিগত শ্ৰেষ্ঠ | ৪০০ মিটাৰ: ৫২.৮২ (বেংগালুৰু ২০১১) ৪০০ মিটাৰ হাৰ্ডলছ: ৫৬.১৫ (গুৱাংঝু ২০১০) | |||||||||||||||||||||||||||||||||
পদক অভিলেখ
| ||||||||||||||||||||||||||||||||||
অশ্বিনী চিদানন্দ শেট্টী আক্কুঞ্জী (ইংৰাজী: Ashwini Chidananda Shetty Akkunji; জন্ম: ৭ অক্টোবৰ ১৯৮৭) এগৰাকী ভাৰতীয় স্প্ৰিণ্ট এথলিট। কৰ্ণাটকৰ উডুপি জিলাৰ সিদ্ধাপুৰৰ নিবাসী অশ্বিনীয়ে ৪০০ মিটাৰ দৌৰত বিশেষ পাৰদৰ্শিতা দেখুৱাইছে।[1] অশ্বিনীয়ে ২০১০ চনৰ কমনৱেলথ গেমছ আৰু ২০১০ চনৰ এছিয়ান গেমছত মঞ্জীত কৌৰ, মন্দীপ কৌৰ আৰু ছিনি জোছৰ সৈতে ৪x৪০০ মিটাৰ ৰিলেত সোণৰ পদক লাভ কৰিছিল।[2] ইয়াৰ উপৰি তেওঁ ২০১০ চনৰ ২৫ নৱেম্বৰত চীনৰ গুৱাংঝুত অনুষ্ঠিত এছিয়ান গেমছত ৪০০ মিটাৰ হাৰ্ডলছত ব্যক্তিগতভাৱে সোণৰ পদক অৰ্জন কৰিছিল।[3] তেওঁ ২০১০ চনৰ ৰাজ্যৰ উচ্চ অসামৰিক সন্মান ৰাজ্যউৎসৱ প্ৰশস্তিৰদ্বাৰাও সন্মানিত হৈছে।[4][5]
জীৱনী
[সম্পাদনা কৰক]কৰ্ণাটকৰ উডুপি জিলাৰ কুণ্ডাপুৰ তালুকৰ সিদ্ধাপুৰত এটা টুলু ভাষী পৰিয়ালত অশ্বিনীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ বি.আৰ. চিদানন্দ শেট্টী আৰু মাতৃ যশোদা শেট্টী আক্কুঞ্জী।[6][7] অশ্বিনী এজন কৃষক পৰিয়ালৰ সন্তান।[8] তেওঁ তামোলৰ বাগিছাৰ মাজত থকা তেওঁলোকৰ ৫ একৰ কৃষিভূমিত ককায়েক অমিত আৰু বাইদেৱেক দীপ্তিৰ সৈতে ডাঙৰ-দীঘল হৈছিল।[9] পূৰ্বে অশ্বিনীয়ে ভাৰতীয় ৰেলৱেত আৰু পঞ্জাৱৰ পাটিয়ালাত কৰ্পোৰেচন বেংকৰ পৰিচালক হিচাপে কাম কৰিছিল।[10] বৰ্তমান তেওঁ বেংগালুৰুৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত (SAI) প্ৰশিক্ষক হিচাপে কৰ্মৰত।[11]
ডোপিং
[সম্পাদনা কৰক]২০১১ চনৰ জুলাই মাহত জাপানৰ ক'বেত অনুষ্ঠিত হ'বলগীয়া এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ পূৰ্বে তেওঁৰ দেহত এনাবলিক ষ্টেৰইডৰ উপস্থিতি ধৰা পৰে।[12] ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁক প্ৰতিযোগিতাখনৰ বাবে এথলেটিকছ দলৰপৰা বাদ দিয়া হয় আৰু এথলেটিকছৰপৰা নিলম্বন কৰা হয়। তেওঁ এই অভিযোগ অস্বীকাৰ কৰিছিল যদিও ২০১১ চনৰ ২৩ ডিচেম্বৰত নাডা (NADA)ই তেওঁক এবছৰৰ বাবে নিষিদ্ধ কৰে।[13] আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ ফেডাৰেচন (IAAF)-এ লঘু শাস্তিৰ বিৰুদ্ধে কৰা এক আৱেদনৰ ভিত্তিত ক'ৰ্ট অফ আৰ্বিট্ৰেচন ফৰ স্পৰ্টছে (CAS) অশ্বিনী আৰু আন পাঁচগৰাকী এথলিটক (মন্দীপ কৌৰ, ছিনি জোছ, জৌনা মুৰ্মু, তিয়ানা মেৰী আৰু প্ৰিয়ংকা পানৱাৰ) দুবছৰৰ বাবে নিষিদ্ধ কৰাৰ ৰায় বাহাল ৰাখে।[14]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]২০১০ চনত তেওঁক কৰ্ণাটক ৰাজ্যউৎসৱ বঁটা প্ৰদান কৰা হয়। এই বঁটাত নগদ এক লাখ টকা, ২০ গ্ৰামৰ এটা সোণৰ পদক আৰু বেংগালুৰু উন্নয়ন কৰ্তৃপক্ষ (BDA)ৰদ্বাৰা গৃহ আবণ্টনত অগ্ৰাধিকাৰ অন্তৰ্ভুক্ত আছিল।[15] ২০১০ চনত সোণৰ পদক জয় কৰাৰ স্বীকৃতি স্বৰূপে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে ভাৰতীয় ৰেলৱেৰফালৰপৰাও তেওঁক আৰ্থিকভাৱে পুৰস্কৃত কৰা হৈছে।[16][17][18][19]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Kundapur (SP) (14 October 2010). "Kundapur: Country's Pride, Ashwini Shetty Akkunje, Getting Accolades Plenty". Daijiworld Media Network. http://www.daijiworld.com/news/news_disp.asp?n_id=87541। আহৰণ কৰা হৈছে: 15 October 2010.
- ↑ Bose, Saibal. "Indian relay girls bring the house down". Times of India. http://timesofindia.indiatimes.com/sports/commonwealth-games-2010/india-news/Indian-relay-girls-bring-the-house-down/articleshow/6738756.cms। আহৰণ কৰা হৈছে: 15 October 2010.
- ↑ Rawat, Rahul (30 November 2010). "Ashwini wants to win more medals". India Today. https://www.indiatoday.in/sports/asian-games-2010-guangzhou-china/story/ashwini-wants-to-win-more-medals-86358-2010-11-29। আহৰণ কৰা হৈছে: 30 November 2010.
- ↑ "Infosys CEO Gopalakrishnan, Ullas Karanth bag top Karnataka award". The Hindu (Chennai, India). 30 October 2010. Archived from the original on 5 November 2010. https://web.archive.org/web/20101105033634/http://www.thehindu.com/news/states/karnataka/article859752.ece। আহৰণ কৰা হৈছে: 30 November 2010.
- ↑ "Running against the odds". deccanchronicle. https://www.deccanchronicle.com/sunday-chronicle/sportfolio/210816/running-against-the-odds.html.
- ↑ Team Mangalorean. "Ashwini's village in celebration mood!". Mangalorean.com. Archived from the original on 26 November 2010. https://web.archive.org/web/20101126140607/http://mangalorean.com/news.php?newstype=broadcast&broadcastid=209369। আহৰণ কৰা হৈছে: 30 November 2010.
- ↑ "Ashwini's family ecstatic". The Hindu (Chennai, India). 14 October 2010. http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/article829812.ece। আহৰণ কৰা হৈছে: 15 October 2010.
- ↑ Belgaumkar, Govind D. (14 October 2010). "Grit pumped up Karnataka's golden girl.". The Hindu (Chennai, India). Archived from the original on 19 October 2010. https://web.archive.org/web/20101019040556/http://www.hindu.com/2010/10/14/stories/2010101463130600.htm। আহৰণ কৰা হৈছে: 15 October 2010.
- ↑ Daily News and Analysis. "Gensale Express does India proud at Asiad". D B Corp Ltd.. Archived from the original on 21 December 2010. https://web.archive.org/web/20101221120137/http://daily.bhaskar.com/article/gensale-express-does-india-proud-at-asiad-1588067.html?PRV=। আহৰণ কৰা হৈছে: 30 November 2010.
- ↑ Sukumar, Dev S. "Running... till the cows come home". Daily News and Analysis. Archived from the original on 22 October 2010. https://web.archive.org/web/20101022051145/http://www.dnaindia.com/sport/report_running-till-the-cows-come-home_1452267। আহৰণ কৰা হৈছে: 15 October 2010.
- ↑ "Udupi: Athlete Ashwini Akkunji gets engaged". http://www.daijiworld.com/news/news_disp.asp?n_id=356727। আহৰণ কৰা হৈছে: 24 September 2015.
- ↑ Ashwini and Priyanka add to doping shame : Controversies – London Olympics News – India Today
- ↑ "ashwini akkunji". http://www.newsbullet.in/sports/cricket/23351-akkunji-banned-for-one-year-for-doping। আহৰণ কৰা হৈছে: 10 June 2012.[সংযোগবিহীন উৎস]
- ↑ "CAS confirms 2-year bans on 6 Indian athletes". The Hindu (Chennai, India). 18 July 2012. http://www.thehindu.com/sport/athletics/article3653713.ece। আহৰণ কৰা হৈছে: 18 July 2012.
- ↑ "Rajyotsava awards for 162 Bangalore, Oct 30, DH News Service: « NRI Forum Karnataka :: News". Archived from the original on 29 April 2017. https://web.archive.org/web/20170429092452/http://www.nriforumkarnataka.org/news/?p=334। আহৰণ কৰা হৈছে: 8 December 2010.
- ↑ "India News". The Times of India. 13 October 2010. http://timesofindia.indiatimes.com/sports/india-news/CWG-Govt-will-dole-out-highest-cash-kitty-ever/cwgarticleshow/6738724.cms.
- ↑ Yeddy announces cash prizes to Karna medal winners in CWG
- ↑ "Railways honours Commonwealth Games medallists". The Hindu (Chennai, India). 27 October 2010. http://www.hindu.com/2010/10/27/stories/2010102763801600.htm.
- ↑ The Village Road that Led to Guangzhou – Indian Express