সমললৈ যাওক

অষ্টবক্ৰ গীতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অষ্টবক্ৰ গীতা[1] বা অষ্টবক্ৰৰ গীতা অষ্টবক্ৰ ঋষি আৰু মিথিলাৰ ৰজা জনকৰ সংলাপৰ ৰূপত এক ধ্ৰুপদী অদ্বৈত বেদান্ত গ্ৰন্থ।[2]

ৰাধাকমল মুখাৰ্জী, এজন ভাৰতৰ সমাজ বিজ্ঞানী, তেওঁ এই গ্ৰন্থখন হিন্দু শাস্ত্ৰ ভাগৱত গ্ৰন্থখনৰ ঠিক পিছৰ সময়ৰ বুলি নিৰ্ধাৰণ কৰিছিল (মুখাৰ্জীৰ মতে খ্ৰীষ্টপূৰ্ব ৬০০ সাধাৰণতে খ্ৰীষ্টপূৰ্ব ২য় শতিকা বুলি কোৱা হয়), অনুমাণিক ৫০০–৪০০ খ্ৰীষ্টপূৰ্ব।[3] এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ সংস্কৃতৰ এমেৰিটাছ অধ্যাপক জে এল ব্ৰকিংটনে অষ্টবক্ৰ গীতাখন হয় খ্ৰীষ্টীয় অষ্টম শতিকাত আদি শংকৰৰ অনুগামীয়ে লিখা বুলি ধৰি লৈছে, নহয় চতুৰ্দশ শতিকাত শংকৰৰ শিক্ষাৰ পুনৰুত্থানৰ সময়ত লিখা বুলি ধৰি লৈছে।[4][5] শ্ৰী স্বামী শান্তনন্দ পুৰীয়ে মত প্ৰকাশ কৰিছে যে যিহেতু এই গ্ৰন্থখনত গৌড়পদে মণ্ডুক্য কাৰিকত পিছলৈ গৌড়পদে বিকশিত কৰা অসৃষ্টি তত্ত্বৰ বীজ আছে, গতিকে এই গ্ৰন্থখন গৌড়পদৰ (খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকা) আৰু সেয়েহে শংকৰৰ আগৰ সময়ৰপৰা আহিছে।[6]

অষ্টবক্ৰৰ চিনাক্তকৰণ

[সম্পাদনা কৰক]

অষ্টবক্ৰ সম্ভৱতঃ মহাভাৰতত উল্লেখ কৰা একে নামৰ পৱিত্ৰ ঋষিৰ সৈতে একে যদিও কোনো গ্ৰন্থতে এই সম্পৰ্ক স্পষ্টভাৱে উল্লেখ কৰা হোৱা নাই।[7] মুখাৰ্জীয়ে বৃহদাৰণ্যক উপনিষদত সীতাৰ পিতৃ জনক আৰু যাজ্ঞবল্ক্য ঋষিৰ শিষ্য বুলি চিনাক্ত কৰিছে।[7][টোকা 1] জনকক বেদত সিদ্ধি লাভ কৰা ৰজা হিচাপেও চিত্ৰিত কৰা হৈছে।

বিষয়-বস্তু

[সম্পাদনা কৰক]

অষ্টবক্ৰ গীতা হৈছে অষ্টবক্ৰ আৰু জনকৰ মাজত আত্ম/আত্মাৰ প্ৰকৃতি, বাস্তৱ আৰু বন্ধনৰ ওপৰত কৰা এক কথোপকথন।[9] ইয়াত অদ্বৈতবাদী দৰ্শনৰ আমূল সংস্কৰণ আগবঢ়োৱা হৈছে। গীতাই বাহ্যিক জগতৰ সম্পূৰ্ণ অবাস্তৱতা আৰু অস্তিত্বৰ নিৰপেক্ষ একতাৰ ওপৰত জোৰ দিয়ে। ইয়াত কোনো নৈতিকতা বা কৰ্তব্যৰ কথা উল্লেখ কৰা হোৱা নাই, আৰু সেয়েহে ধাৰাভাষ্যকাৰসকলে ইয়াক ‘ঈশ্বৰহীন’ বুলি ভাবে। ইয়াৰ উপৰি ই নাম আৰু ৰূপক অবাস্তৱ আৰু অজ্ঞানৰ চিন বুলি উলাই কৰে।[10]

জনক আৰু অষ্টবক্ৰৰ মাজত অষ্টবক্ৰৰ বেঁকা শৰীৰৰ বিকৃতি সম্পৰ্কীয় কথা-বতৰাত অষ্টবক্ৰই বুজাইছে যে যিদৰে মন্দিৰৰ আকৃতি যেনেকুৱাই হওক সি তাৰ আকাৰৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, তেওঁৰ নিজৰ শৰীৰৰ আকৃতিয়ে তেওঁক (বা আত্মাক) প্ৰভাবিত নকৰে। অজ্ঞান মানুহৰ দৃষ্টি নাম আৰু ৰূপেৰে আবৃত, কিন্তু জ্ঞানী মানুহে কেৱল আত্মাকহে দেখে:[11][12]

আপুনি সঁচাকৈয়ে ইতিমধ্যে অগ্ৰন্থিত আৰু ক্ৰিয়া-বিহীন, আত্ম-আলোকিত আৰু নিৰ্মল। আপোনাৰ বন্ধনৰ কাৰণ হ’ল আপুনি এতিয়াও মনটোক শান্ত কৰাৰ আশ্ৰয় লৈছে। (I.15)

আপুনি নিঃচৰ্ত আৰু অপৰিৱৰ্তিত, নিৰাকাৰ আৰু অস্থাৱৰ, অগম্য সচেতনতা, অবিক্ষিপ্ত- এনে চেতনা অনাত্মনিৰ্ভৰশীল। (I.17)

আপুনি কোনো কথাতে বান্ধ খাই থকা নাই। আপোনাৰ দৰে বিশুদ্ধ ব্যক্তিয়ে কি ত্যাগ কৰিব লাগিব? জটিল জীৱটোক জিৰণি দি আপুনি আপোনাৰ জিৰণি ল’ব পাৰে। (V.1)[13]

গ্ৰন্থখনত মুঠ ১৫টা অধ্যায় আছে।[14]

  • ১- সাক্ষী - সৰ্বব্যাপী সাক্ষী হিচাপে আত্মাৰ দৃষ্টিভংগী
  • ২- আশ্চৰ্যম্ - প্ৰকৃতিৰ বাহিৰত অসীম আত্মাৰ আশ্চৰ্য্য
  • ৩- আত্মদ্বৈত - সকলোত আত্মা আৰু সকলো আত্মাত
  • ৪- সৰ্বমত - জ্ঞানী আৰু আত্মাৰ অজ্ঞাত
  • ৫- লয় - চেতনাৰ বিলুপ্তিৰ পৰ্যায়
  • ৬- প্ৰকৃতি পৰশ - চেতনাৰ বিলুপ্তিৰ অপ্ৰাসংগিকতা
  • ৭- শান্ত - আত্মাৰ শান্ত আৰু সীমাহীন মহাসাগৰ
  • ৮- মোক্ষ - সকলো ধৰণৰ আত্মধাৰণ বন্ধনৰপৰা নিৰপেক্ষ আৰু চিৰন্তন স্বাধীনতা।
  • ৯- নিৰ্বেদ - উদাসীনতা
  • ১০- বৈৰাগ্য - অসন্তুষ্টি
  • ১১- চিত্ত্ৰুপ - বিশুদ্ধ আৰু উজ্জ্বল বুদ্ধিমত্তা হিচাপে আত্মা
  • ১২- স্বভাৱ - চিন্তাৰ আৰোহণ
  • ১৩- যথাসুখম - অতিক্ৰমণীয় আনন্দ
  • ১৪- ঈশ্বৰ - মনৰ স্বাভাৱিক বিসৰ্জন
  • ১৫- তত্ত্ব - অজন্ম আত্মা বা ব্ৰহ্ম
  • ১৬- স্বস্ত্য - জগতৰ বিলুপ্তিৰ জৰিয়তে আত্ম-নিৰ্ভৰশীলতা
  • ১৭- কৈভাল্য - আত্মাৰ নিৰপেক্ষ এককতা
  • ১৮- জীৱন্মুক্তি - ব্যক্তিজনে জীয়াই থকাৰ সময়ত মোক্ষ লাভ কৰা সত্তাৰ অৱস্থা
  • ১৯- স্বমহিম - আত্মাৰ মহিমা
  • ২০- অকিঞ্চনভৱ - আত্মাৰ অতিক্ৰম

প্ৰশংসা

[সম্পাদনা কৰক]

এই গ্ৰন্থখনৰ বিষয়ে ৰামকৃষ্ণ পৰমহংসআৰু তেওঁৰ শিষ্য বিবেকানন্দৰ লগতে মহৰ্ষি ৰমনে জ্ঞান, প্ৰশংসা আৰু উদ্ধৃতি লাভ কৰিছিল। সৰ্বেপল্লী ৰাধাকৃষ্ণনএ ইয়াক অতি সন্মানেৰে উল্লেখ কৰিছে।.[15] অশোৱে অষ্টৱক্ৰ গীতাক মহাগীতা বুলি অভিহিত কৰিছিল।

অষ্টবক্ৰ গীতাই মানুহক অনুপ্ৰাণিত কৰি আহিছে। অষ্টবক্ৰ গীতা সাক্ষী প্ৰথম (অধ্যায় ১)ৰ প্ৰথম সংগীত ৰূপটো সুৰকাৰ ৰাজনে স্বাধ্যা ৰাগত স্থাপন কৰিছিল।[16]

  1. জনকে বৃহদাৰণ্যক উপনিষদত যাজ্ঞবল্ক্যৰ পৰা পৰম আত্মাৰ শিক্ষা লাভ কৰে।[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Mukerjee 1971, পৃষ্ঠা. i.
  2. Mukerjee 1971, পৃষ্ঠা. 184.
  3. Mukerjee 1971, পৃষ্ঠা. 4.
  4. Byrom, Thomas (1990). The Heart of Awareness: A Translation of the Ashtavakra Gita. Shambhala Publications. Page xxiii.
  5. Brockington, J. L. (1990). Foreword to The Heart of Awareness: A Translation of the Ashtavakra Gita, trans. Thomas Byrom. Shambhala Publications. Page xi.
  6. Puri, Sri Swami Shantananda (2001). The Quantum Leap into the Absolute (Essence of ASHTAVAKRA GITA). প্ৰকাশক Bangalore: Parvathamma C.P. Subbaraju Setty Charitable Trust. http://swamishantanandapurimaharaj.org/publications/Quantum-Leap-into-the-Absolute.pdf. 
  7. 7.0 7.1 Mukerjee 1971, পৃষ্ঠা. 1.
  8. Brihadaranyaka Upanishad Chapter Four
  9. Manuel Schoch (1 July 2007). Bitten by the Black Snake: The Ancient Wisdom of Ashtavakra. Sentient Publications. ISBN 978-1-59181-060-5. https://books.google.com/books?id=Twz74MjKOWIC। আহৰণ কৰা হৈছে: 20 July 2012. 
  10. Ruth Vanita (2005). Gandhi's Tiger and Sita's Smile: Essays on Gender, Sexuality, and Culture. Yoda Press. পৃষ্ঠা. 239–. ISBN 978-81-902272-5-4. https://books.google.com/books?id=zN4nTmnlwsAC&pg=PA239। আহৰণ কৰা হৈছে: 20 July 2012. 
  11. Chinmayananda 1997:n.p.
  12. Vanita, Ruth (12 September 2010). "Full of God: Ashtavakra and Ideas of Justice in Hindu Texts". Religions of South Asia খণ্ড 3 (2): 167–181. doi:10.1558/rosa.v3i2.167. 
  13. Astavakra Gita Archived 2006-06-12 at the Wayback Machine, translation by John Richards. Retrieved 20 July 2012.
  14. Mukerjee 1971, পৃষ্ঠা. iii.
  15. s:Ashtavakra Gita#Translator's Notes
  16. "திருவாரூர் இளைஞரின் சர்வதேச சாதனை: புகழ்பெற்ற சங்கத் தமிழ்ப் பாடல்களுக்கு சிம்பொனி இசை!". 4 February 2020. https://www.hindutamil.in/news/blogs/538018-thiruvarur-youth-s-international-achievement-symphony-music-for-famous-sangam-tamil-songs-2.html.