অষ্টভাৰ্যা

অষ্টভাৰ্যা (ইংৰাজী: अष्टभार्या) হৈছে দ্বাপৰ যুগত (যুগ) দ্বাৰকাৰ ৰজা[1] হিন্দু দেৱতা কৃষ্ণৰ আঠগৰাকী প্ৰধান ৰাণী-পত্নীৰ গোট। ভাগৱত পুৰাণত উপলভ্য আটাইতকৈ বহুল প্ৰচলিত অষ্টভাৰ্যাৰ তালিকাখনৰ ভিতৰত আছে: ৰুক্মিণী, জাম্বৱতী, সত্যভামা, কালিন্দী, নাগ্নজিতী, মিত্ৰবিন্দা, লক্ষ্মণা আৰু ভদ্ৰা। বিষ্ণু পুৰাণ আৰু হৰিবংসত কিছু ভিন্নতা পৰিলক্ষিত হয়-য'ত ভদ্ৰাৰ পৰিৱৰ্তে মাদ্ৰি বা ৰোহিনী নামৰ ৰাণীক অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোকৰ অধিকসংখ্যকেই আছিল ৰাজকুমাৰী।
হিন্দু ধৰ্মত ৰাধাকে ধৰি কৃষ্ণৰ সকলো প্ৰধান পত্নীক লক্ষ্মী দেৱীৰ অৱতাৰ হিচাপে শ্ৰদ্ধা কৰা হয়[2]। আনহাতে ব্ৰজৰ গোপীসকলক ৰাধাৰ প্ৰকাশ হিচাপে গণ্য কৰা হয়।[3]
বিদৰ্ভৰ ৰাজকুমাৰী ৰুক্মিণী আছিল কৃষ্ণৰ প্ৰথম পত্নী আৰু দ্বাৰকৰ প্ৰধান ৰাণী (পট-ৰাণী)। তেওঁক সমৃদ্ধিৰ দেৱী শ্ৰীদেৱীৰ অৱতাৰ হিচাপে গণ্য কৰা হয়। দ্বিতীয় পত্নী সত্যভামা যাদৱ ৰাজকুমাৰীক লক্ষ্মীৰ পৃথিবী দেৱী ভূদেৱীৰ দিশ হিচাপে গণ্য কৰা হয়। জাম্বৱতী লক্ষ্মীৰ তৃতীয় দিশ নীলাদেৱীৰ প্ৰকাশ বুলি বিশ্বাস কৰা হয়।[4]যমুনা নদীৰ দেৱী কালিন্দীক স্বতন্ত্ৰভাৱে পূজা কৰা হয়। অষ্টভাৰ্যাৰ উপৰি কৃষ্ণৰ ১৬,১০০ গৰাকী আনুষ্ঠানিক পত্নী আছিল।
অষ্টভাৰ্যাই কৃষ্ণৰ সৈতে জন্ম দিয়া বহু সন্তানৰ কথাও গ্ৰন্থসমূহত উল্লেখ আছে, য'ত আটাইতকৈ বিশিষ্ট হৈছে ৰুক্মিণীৰ পুত্ৰ মুকুটৰাজ প্ৰদ্যুম্ন[5]৷
প্ৰতীকবাদ
[সম্পাদনা কৰক]পত্নীসকল ৰাজকীয় মৰ্যাদা অনুসৰি তিনিটা গোটৰ অধীনত থাকে। এইয়া হৈছে কৃষ্ণৰ সাৰ্বভৌমত্বৰ প্ৰতীক। প্ৰথম গোটত বস্তু প্ৰকৃতিৰ (শ্ৰী) অৱতাৰ ৰুক্মিণী হৈছে কৃষ্ণৰ মহিমা আৰু ধন-সম্পত্তিৰ প্ৰতিনিধি। মৌলিক প্ৰকৃতিৰ (ভূদেৱী) অৱতাৰ সত্যভামাই দেৱতাৰ ৰাজ্য আৰু ৰাজ্যকো প্ৰতিনিধিত্ব কৰে। জাম্বৱতী হৈছে পিতৃক পৰাস্ত কৰি জয়ী হোৱা বিজয় (বিজয়া)। দ্বিতীয়টো গোট আছিল আৰ্যৱৰ্ত (আভিজাত্য)ৰ প্ৰতিনিধি৷ পত্নী কালিন্দীয়ে কেন্দ্ৰীয় ৰাজ্যসমূহৰ হৈ থিয় দিছিল৷ আনহাতে নগ্নজিতিয়ে পূবৰ ৰাজ্যসমূহক প্ৰতিনিধিত্ব কৰিছিল৷ যাৰ ভিতৰত সৌৰ বংশকও অন্তৰ্ভুক্ত আছিল৷ আনহাতে লক্ষ্মণাই পশ্চিম দিশক প্ৰতিনিধিত্ব কৰিছিল। তৃতীয়টো পত্নীৰ দল আছিল মিত্ৰবিন্দা আৰু ভদ্ৰা৷ তেওঁৰ পিতৃতান্ত্ৰিক খুলশালীয়েকে সাত্বত নামৰ যাদৱ বংশক প্ৰতিনিধিত্ব কৰিছিল।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Khorana, Meena (1991) (en ভাষাত). The Indian Subcontinent in Literature for Children and Young Adults: An Annotated Bibliography of English-language Books. Greenwood Publishing Group. ISBN 978-0-313-25489-5. https://books.google.com/books?id=GSjcQ7Sm5E4C&dq=Krishna+king+dvaraka&pg=PA97.
- ↑ Thakur, Pradeep (6 January 2012) (en ভাষাত). Vikram & the Vampire (Improvised সম্পাদনা). Lulu.com. পৃষ্ঠা. xcviii (98). ISBN 978-1-105-42303-1. https://books.google.com/books?id=KVRwDwAAQBAJ&dq=Wives+krishna+lakshmi&pg=PR98.
- ↑ Jestice, Phyllis G. (2004) (en ভাষাত). Holy People of the World: A Cross-cultural Encyclopedia. ABC-CLIO. পৃষ্ঠা. 316. ISBN 978-1-57607-355-1. https://books.google.com/books?id=H5cQH17-HnMC&dq=Gopis+incarnations+radha&pg=PA316.
- ↑ Books, Kausiki (2021-07-11) (en ভাষাত). Garuda Purana: Brahma Khanda: English Translation only without Slokas: English Translation only without Slokas. Kausiki Books. https://books.google.com/books?id=Y8s3EAAAQBAJ&dq=Lakshmi+jambavati&pg=PT182.
- ↑ Austin, Christopher R. (2019-10-04) (en ভাষাত). Pradyumna: Lover, Magician, and Son of the Avatara. Oxford University Press. ISBN 978-0-19-005411-3. https://books.google.com/books?id=4jCoDwAAQBAJ.
- ↑ D Dennis Hudson (27 August 2008). The Body of God : An Emperor's Palace for Krishna in Eighth-Century Kanchipuram: An Emperor's Palace for Krishna in Eighth-Century Kanchipuram. Oxford University Press. পৃষ্ঠা. 263–4. ISBN 978-0-19-970902-1. https://books.google.com/books?id=IMCxbOezDi4C&pg=PA264। আহৰণ কৰা হৈছে: 28 March 2013.