অষ্টমী
অষ্টমী (ইংৰাজী: Ashtami, সংস্কৃত: अष्टमी) হʼল হিন্দু পঞ্জিকাৰ চান্দ্ৰ পাক্ষিক (পক্ষ)ৰ অষ্টম দিন (তিথি)।[1] প্ৰত্যেক মাহত দুটিকৈ অষ্টমী তিথি থাকে, যথাক্ৰমে শুক্ল আৰু কৃষ্ণপক্ষৰ অষ্টম দিন।
উৎসৱ
[সম্পাদনা কৰক]কৃষ্ণ জন্মাষ্টমী
[সম্পাদনা কৰক]কৃষ্ণ জন্মাষ্টমী বা গোকুল অষ্টমী হৈছে হিন্দু দেৱতা, বিষ্ণুৰ অৱতাৰ, ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উদ্যাপন কৰা এটি হিন্দুধৰ্মীয় উৎসৱ।[2]
হিন্দু পঞ্জিকাত, ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টম দিন অৰ্থাৎ অষ্টমী তিথিত, যেতিয়া ৰোহিনী নক্ষত্ৰ লগ্নস্থ হয় তেতিয়া কৃষ্ণ জন্মাষ্টমী পালন কৰা হয়। মথুৰা, আৰু বৃন্দাবন, নলবাৰী আৰু মণিপুৰৰ বৈষ্ণৱ ধৰ্ম অনুসৰণ কৰা অঞ্চলসমূহত কৃষ্ণৰ জীৱনৰ ৰাসলীলা বা নাটকীয় মঞ্চস্থ কৰা এক বিশেষ বৈশিষ্ট্য।[3]
ৰাধাষ্টমী
[সম্পাদনা কৰক]
ৰাধাষ্টমী বা ৰাধা জয়ন্তী হৈছে লক্ষ্মীৰ অৱতাৰ দেৱী ৰাধাৰ আবিৰ্ভাৱ দিৱস উদ্যাপন কৰা এটি হিন্দুধৰ্মীয় উৎসৱ। প্ৰতি বছৰে ভাদ মাহৰ উজ্জ্বল চন্দ্ৰৰ অষ্টম দিনটোত এই উৎসৱ পালন কৰা হয়। এই দিনটোত ভক্তসকলে উপবাস ৰাখে, গুণানুকীৰ্তন কৰে, নৃত্য কৰে আৰু দেৱী ৰাধাৰ ঐশ্বৰিক লীলা মঞ্চস্থ কৰে।[4]
ত্ৰিলোচন অষ্টমী
[সম্পাদনা কৰক]
ত্ৰিলোচন অষ্টমী বা ত্ৰিলোচনাষ্টমী, হৈছে ওড়িশা আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত উদযাপিত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ প্ৰতি উৎসৰ্গিত হিন্দুধৰ্মীয় শুভ দিন।[5]
ত্ৰি মানে তিনি আৰু লোচন মানে চকু। সেয়েহে যিজনৰ তিনিটা চকু আছে তেওঁক ত্ৰিলোচন বুলি কোৱা হয়। আক্ষৰিক অৰ্থত, ভগৱান শিৱলৈ, তিনিচক্ষু, অৰ্থাৎ বৰ্তমান, অতীত আৰু ভৱিষ্যতৰ গৰাকীলৈ ইংগিত দিয়ে।[6]
ভৈৰৱ অষ্টমী
[সম্পাদনা কৰক]শিৱৰ উগ্ৰ ৰূপ, ভৈৰৱৰ পৃথিৱীত আবিৰ্ভাৱ হোৱা দিনটোৰ স্মৃতিত ভৈৰৱ অষ্টমী বা কালভৈৰৱ অষ্টমী, মাৰ্গশীৰ্ষ (আঘোণ) মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত পালন কৰা হয়। এদিন বিশেষ প্ৰাৰ্থনা আৰু ৰীতি-নীতি জড়িত থাকে।[7]
শীতলা অষ্টমী
[সম্পাদনা কৰক]শীতলা অষ্টমী, দেৱী শীতলাক উৎসৰ্গা কৰা হয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Ashtami The eighth day of the Navaratra
- ↑ Srinivasan (12 July 2011). Hinduism For Dummies. Krishna Janmashtami. John Wiley & Sons. পৃষ্ঠা. 241–. ISBN 978-0-470-87858-3. https://books.google.com/books?id=GnvXy2RlqrcC&pg=PA241। আহৰণ কৰা হৈছে: 19 May 2012.
- ↑ Ernst Wilhelm. Classical Muhurta. Ashtami. Kala Occult Publishers. পৃষ্ঠা. 36–. ISBN 978-0-9709636-2-8. https://books.google.com/books?id=3zMPFJy6YygC&pg=PA36। আহৰণ কৰা হৈছে: 19 May 2012.
- ↑ LLP, Adarsh Mobile Applications. "Bhadrapada Month festivals in Hindu Calendar" (en ভাষাত). Drikpanchang. http://www.drikpanchang.com/festivals/festivals-bhadrapada.html। আহৰণ কৰা হৈছে: 2022-03-30.
- ↑ "Hindu Dharma Festivals". Archived from the original on 2012-05-20. https://web.archive.org/web/20120520174206/http://dharm.raftaar.in/religion/hinduism। আহৰণ কৰা হৈছে: 2012-05-19.
- ↑ Kamal Prashad Sharma (1 August 2001). Maṇimahesh Chambā Kailāsh. Trilochanashtami (त्रिलोचन अष्टमी). Indus Publishing. পৃষ্ঠা. 135–. ISBN 978-81-7387-118-4. https://books.google.com/books?id=qFUa0rH0yUcC&pg=PA135। আহৰণ কৰা হৈছে: 19 May 2012.
- ↑ Dr. Bhojraj Dwivedi (2006). Religious Basis Of Hindu Beliefs. Diamond Pocket Books (P) Ltd.. পৃষ্ঠা. 172. ISBN 8128812394. https://books.google.com/books?id=7wmqKuHFWWgC&dq=Kal+Bhairav&pg=PA172.