সমললৈ যাওক

অষ্টসখী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অষ্টসখী
গোপী-ৰ সদস্য

অষ্টসখীৰ মাজত ৰাধা-কৃষ্ণ
অন্য নাম অষ্টগোপী
সম্পৰ্ক গোপী, ৰাধা
নিবাস বৃন্দাবন
সঙ্গী কৃষ্ণ
অঞ্চল ব্ৰজ অঞ্চল
উৎসৱ হোলী, শৰৎ পূৰ্ণিমা, কাৰ্তিক পূৰ্ণিমা, লাথমাৰ হোলী

অষ্টসখী হৈছে ব্ৰজ অঞ্চলৰ আঠজন বিশিষ্ট গোপী আৰু হিন্দু দেৱতা ৰাধা-কৃষ্ণৰ ঘনিষ্ঠ সংগী।[1] বৈষ্ণৱ ধৰ্মৰ বহু উপ-পৰম্পৰাত, তেওঁলোকক কৃষ্ণৰ দেৱী আৰু পত্নী হিচাপে শ্ৰদ্ধা কৰা হয়। পদ্ম পুৰাণৰ মতে অষ্টসখী হৈ

অষ্টসখীৰ জনপ্ৰিয় তালিকাত আছে: ললিতা, বিশাকা, চম্পকলতা, চিত্ৰা, তুংগবিদ্যা, ইন্দুলেকা, ৰঙ্গদেৱী আৰু সুদেৱী।[2][3] এই আঠজন বিশিষ্ট গোপীক কৃষ্ণৰ প্ৰধান পত্নী ৰাধাৰ সম্প্ৰসাৰণ বুলি গণ্য কৰা হয়।[4]

বৃন্দাবনৰ শ্ৰী ৰাধা ৰাসবিহাৰী অষ্টসখী মন্দিৰত ৰাধা কৃষ্ণৰ সৈতে অষ্টসখী
  • ললিতা: ৰাধাৰ আঠ বিশিষ্ট বান্ধৱীৰ ভিতৰত ললিতা আছিল আগশাৰীৰ তথা ডাঙৰ গোপী আৰু বয়সত ৰাধাতকৈ ২৭ দিন ডাঙৰ।
  • বিশাখা: দ্বিতীয় প্ৰধান গোপী হৈছে বিশাখা। বিশাখা বৰ ধুনীয়া আছিল, তেওঁৰ সৌন্দৰ্য্য সৌদামিনীৰ দৰে আছিল। তেওঁ ৰাধাক কৰ্পূৰ আৰু চন্দনেৰে তৈয়াৰী বস্তু উপহাৰ দিছিল। বিশাখা আছিল ধুনীয়া ধুনীয়া কাপোৰ বনোৱাত বিশেষজ্ঞ। তেওঁৰ বয়স ৰাধাৰ সমান।
  • চম্পকলতা: আঠ গোপীৰ ভিতৰত তৃতীয় মূল গোপী চম্পকলতা। চম্পকলতাৰ সৌন্দৰ্য্য চম্পা ফুলৰ দৰে আছিল। সেইবাবেই তেওঁৰ নাম চম্পকলতা আছিল। চম্পকলতাই পিন্ধিছিল নীলা ৰঙৰ শাৰী।
  • চিত্ৰ: চিত্ৰাৰ অংগ-প্ৰত্যংগ উজ্জ্বল আছিল। তেওঁ পিন্ধিছিল এখন ধুনীয়া শাৰী। তেওঁ শ্ৰী ৰাধিকাক সাজ-পোছাক পিন্ধাইছিল। চিত্ৰাৰ বিষয়ে কোৱা হয় যে তেওঁ ৰাধাৰ কথাবোৰ ইংগিতেৰে বুজি পাইছিল।
  • তুংগাবিদ্যা: তুংগাবিদ্যা ৰাধাতকৈ পোন্ধৰ দিন ডাঙৰ। তুংগাবিদ্যাই পিন্ধিছিল হালধীয়া ৰঙৰ শাৰী। তেওঁৰ বুদ্ধি অতি চোকা আছিল। বুদ্ধিমত্তাৰ বাবে তেওঁ বিখ্যাত আছিল। তেওঁৰ সূক্ষ্ম কলাৰ বিশেষ জ্ঞান আছিল। সংগীতৰ ক্ষেত্ৰতো তেওঁ পাকৈত আছিল।
  • ইন্দুলেখা: ইন্দুলেখাই ৰঙা শাৰী এখন পিন্ধিছিল। তেওঁৰ ওঁঠত সদায় হাঁহি বিৰিঙি আছিল। তেওঁ নৃত্য-গীতত পাকৈত আছিল।
  • ৰঙ্গাদেৱী: ৰঙ্গাদেৱীয়ে পিন্ধিছিল ৰঙা ৰঙৰ শাৰী। তেওঁ উপবাসৰ সকলো ৰীতি-নীতি আৰু অনুষ্ঠান জানিছিল।
  • সুদেৱী: সুদেৱী বৰ ধুনীয়া আছিল। তেওঁ প্ৰবাল ৰঙৰ শাৰী পিন্ধিছিল। পানী শুদ্ধ কৰাৰ জ্ঞান তেওঁৰ আছিল।

প্ৰতীকত্ব

[সম্পাদনা কৰক]
ৰাধা-কৃষ্ণ আৰু অষ্টসখী

বৈষ্ণৱধৰ্মত, গোপীসকল কৃষ্ণৰ প্ৰতি নিজৰ নিৰ্লোভ ভালপোৱা আৰু ভক্তিৰ বাবে পৰিচিত। তেওঁলোক কেতিয়াবা মানৱ আত্মাৰ ঈশ্বৰৰ প্ৰতি আকাংক্ষাৰ প্ৰতীক ৰূপে গণ্য কৰা হয়। স্কন্ধ পুৰাণ অনুসৰি, অষ্টসখী হৈছে ৰাধা-কৃষ্ণৰ লাখ লাখ গোপীৰ ভিতৰত আটাইতকৈ প্ৰধান আঠজন গোপী। তেওঁলোক ৰাসলীলাৰ এক অৱিচ্ছেদ্য অংগ।[5] শাক্ত ধৰ্মত, অষ্টসখীসকল কেতিয়াবা অষ্টসিদ্ধি (অণিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ইশিত্ব আৰু বসিত্ব)-ৰ প্ৰতিফলন হিচাপে গণ্য কৰা হয়।[2]

পৰম্পৰা

[সম্পাদনা কৰক]
শ্ৰীনাথজি (পুষ্টিমাৰ্গত পূজিত কৃষ্ণৰ এক ৰূপ - কেন্দ্ৰত) অষ্টসখীসকলৰ সৈতে।

বহু কৃষ্ণভক্তি পৰম্পৰাত অষ্টসখীসকলৰ পূজা কৰা হয় আৰু তেওঁলোকৰ জৰিয়তে ৰাধা-কৃষ্ণৰ উপাসনা কৰা হয়। অষ্টসখীসকলে বল্লভাচাৰ্যৰ পুষ্টিমাৰ্গ পৰম্পৰা, স্বামী হৰিদাসৰ হৈদাছী পৰম্পৰা, হিথ হৰিবংশ মহাপ্ৰভুৰ ৰাধা বল্লভ পৰম্পৰা, চৈতন্য মহাপ্ৰভুৰ গৌড়ীয় বৈষ্ণৱ পৰম্পৰা, কৃপালু মহাৰাজৰ জগদগুৰু কৃপালু পৰিষদ আৰু নিম্বাৰ্কাচাৰ্যৰ নিম্বাৰ্ক পৰম্পৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।[6][7][8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Vemsani, Lavanya (2016-06-13) (en ভাষাত). Krishna in History, Thought, and Culture: An Encyclopedia of the Hindu Lord of Many Names: An Encyclopedia of the Hindu Lord of Many Names. ABC-CLIO. পৃষ্ঠা. 107. ISBN 978-1-61069-211-3. https://books.google.com/books?id=4fw2DAAAQBAJ&dq=ashtasakhi+tungavidya&pg=PA107. 
  2. 2.0 2.1 , 2015, ISBN 978-1-4725-2476-8, http://dx.doi.org/10.5040/9781474243063.0022, আহৰণ কৰা হৈছে: 2023-07-06 
  3. gaudiya (2021-08-07). "Ashta Sakhi of Radha - 8 Principal Gopis of Vrindavan" (en-US ভাষাত). The Gaudiya Treasures of Bengal. https://thegaudiyatreasuresofbengal.com/2021/08/07/ashta-sakhi-of-sri-radha-eight-gopis-of-vrindavan/। আহৰণ কৰা হৈছে: 2023-07-06. 
  4. Gita Press. Padma Purana (पद्म पुराण) - Gita Press. পৃষ্ঠা. 570–572. http://archive.org/details/padma-puran-gita-press. 
  5. Meitei, Sanjenbam Yaiphaba; Chaudhuri, Sarit K.; Arunkumar, M. C. (2020-11-25) (en ভাষাত). The Cultural Heritage of Manipur. Routledge. ISBN 978-1-000-29637-2. https://books.google.com/books?id=c276DwAAQBAJ&dq=Ashta+Sakhi&pg=PT73. 
  6. Bachrach, Emilia (2014-05-14) (en ভাষাত). Reading the medieval in the modern : the living tradition of hagiography in the Vallabh sect of contemporary Gujarat (Thesis thesis). https://repositories.lib.utexas.edu/handle/2152/86520. 
  7. Goel, Swati (2016-09-28). "Political and Merchant Devotees : Multiple facets of pilgrimage to the medieval region of Braj (16th and 17th centuries)". International Journal of Religious Tourism and Pilgrimage খণ্ড 4 (6). doi:10.21427/D7NQ6M. ISSN 2009-7379. https://arrow.tudublin.ie/ijrtp/vol4/iss6/9. 
  8. Gosvāmī, Hita Harivaṃśa; Snell, Rupert (1991) (en ভাষাত). The Eighty-four Hymns of Hita Harivaṃśa: An Edition of the Caurāsī Pada. Motilal Banarsidass Publ.. ISBN 978-81-208-0629-0. https://books.google.com/books?id=jOs-G0-VIWQC&q=sakhi&pg=PR15.