সমললৈ যাওক

অষ্টিম্কি (উৎসৱ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অষ্টিম্কি (চিত্ৰকলা)ৰ পৰা পুনঃনিৰ্দেশিত)
অষ্টিম্কি
পালন কৰে থাৰু সম্প্ৰদায়
প্ৰকাৰ হিন্দু
মহত্ব কৃষ্ণৰ জন্ম
উদযাপন সংগীত, নৃত্য, ভোজ

অষ্টিম্কি নেপালৰ পশ্চিম অঞ্চলত প্ৰচলিত কৃষ্ণ জন্মাষ্টমীৰদিনা পালন কৰা থাৰু জনগোষ্ঠীৰ সাংস্কৃতিক উৎসৱ।[1] এই উৎসৱৰ সময়ত থাৰু সম্প্ৰদায়ৰ ৰাইজে অষ্টিম্কি চিত্ৰ নামেৰে পৰিচিত এক বিশেষ শিল্পকৰ্ম আঁকে। গাঁৱৰ জ্যেষ্ঠজনৰ ঘৰৰ বহা কোঠাৰ বেৰত এই শিল্পকৰ্ম তৈয়াৰ কৰা হয়। চিত্ৰকলাৰ শিল্পকলা বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়।[2]

ব্যুৎপত্তিবিজ্ঞান

[সম্পাদনা কৰক]

অষ্টমী আৰু টিকা, যাৰ অৰ্থ তিলক বা ফোঁট, শব্দ দুটাৰ পৰাই অষ্টিম্কি শব্দৰ উৎপত্তি হৈছে। অষ্টমী হিন্দু মাহৰ অষ্টম দিন আৰু ভাদ্ৰ মাহৰ কৃষ্ণ পক্ষৰ অষ্টম দিনৰ দিনা ভগৱান কৃষ্ণৰ জন্ম হৈছিল আৰু টিকা(ফোঁট) হৈছে সাধাৰণতে কপালত আঁকি লোৱা পৱিত্ৰ চিন।[3]

এই উৎসৱত থাৰু সম্প্ৰদায়ৰ লোকসকলে গোটেই দিনটো উপবাসে থাকে।[4] উপবাসৰ আগেয়ে থাৰুসকলে ৰাতিপুৱা কাউৰী-কুকুৰা সাৰ পোৱাৰ আগতে শোৱাৰ পৰা উঠি কিছু খাদ্য (ধাৰ ভাত) খাই উপবাসৰ বাবে সাজু হয়।[5] সন্ধিয়া মানুহে নদী বা কুঁৱাত গা ধুই তাৰ পিছত মথাৱা (গাঁৱৰ বয়োজ্যেষ্ঠ)ৰ ঘৰত গোট খাই ধৰ্মীয় ৰীতি-নীতি কৰে। মথাৱাৰ ঘৰত অষ্টিম্কি গীত গাই থাকোঁতে বেৰত আঁকি থোৱা অষ্টিম্কি ছবিখনত সকলোৱে পাল পাতি পূজা কৰে। এই অষ্টিম্কি উৎসৱৰ পৰাই থাৰু জনগোষ্ঠীৰ হাৰিয়া গুৰাই যুগ আৰম্ভ হয়। বৈশাখ বা জেঠ মাহত ধূৰ্ৰায় গুৰাই উদযাপন কৰা হয়, তাৰ পিছত নৃত্য-গায়নত বাধা আৰোপ কৰা হয়। হাৰিয়া গুৰাইৰ দিনাৰ পৰা আৰম্ভ হয় নৃত্য-গীতৰ উৎসৱ।

পিছদিনা অষ্টিম্কিৰ দ্বিতীয় দিনা ৰাতিপুৱা উঠি মানুহে আগদিনা পূজা কৰা গাঁৱৰ বয়োজ্যেষ্ঠজনৰ ঘৰত গোট খাই পূজাৰ সামগ্ৰী লৈ ওচৰৰ নদীত পেলাই দিয়ে। পূজাৰ সামগ্ৰী নদীত উটুৱাই দিয়াৰ পিছত ভক্তসকলৰ উপবাস সম্পূৰ্ণ হয় আৰু নিজ নিজ ঘৰলৈ উভতি যোৱাৰ পৰম্পৰা আছে।[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. About Ashthimki
  2. Tribhuvan University. "Ashtimkias the Site for the Performance of Tharu Identity". https://elibrary.tucl.edu.np/bitstream/123456789/11130/1/Full%20Thesis.pdf. 
  3. "थारू समुदायमा अष्टिम्की अनुष्ठान" (en ভাষাত). थारू समुदायमा अष्टिम्की अनुष्ठान. https://annapurnapost.com/news/77464-77464। আহৰণ কৰা হৈছে: 2022-06-21. 
  4. "Ashtimki, an Ancient Form of Tharu Wall Painting" (en ভাষাত). ECS NEPAL. http://ecs.com.np/features/ashtimki-an-ancient-form-of-tharu-wall-painting। আহৰণ কৰা হৈছে: 2022-07-14. 
  5. "Ritual of Ashtimki in Tharu community" (en-US ভাষাত). Paschim Press. 2023-09-06. https://english.paschimpress.com/posts/224। আহৰণ কৰা হৈছে: 2023-11-27. 
  6. "यसरी मनाइन्छ थारु समुदायमा कृष्ण जन्माष्टमी अर्थात अष्टिम्की (फोटो फिचर)" (en-US ভাষাত). Online Khabar. https://www.onlinekhabar.com/2017/08/617479। আহৰণ কৰা হৈছে: 2022-06-21.