সমললৈ যাওক

অসমীয়া তাঁতশালৰ সঁজুলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বয়ন শিল্প অসমৰ কুটীৰ শিল্পসমূহৰ এটি অন্যতম ভাগ। অসমৰ বয়ন শিল্পৰ লগত জড়িত মুখ্য আহিলাবিধ হৈছে তাঁতশাল। তাঁতশাল দুই প্ৰকাৰৰ - তাঁতীশাল আৰু মাটিশাল[1][2]

তাঁতশাল

বিভিন্ন সঁজুলিসমূহ

[সম্পাদনা কৰক]

অসমীয়া তাঁতশালত ব্যৱহৃত সঁজুলিসমূহ:[3][4]

তাঁতবাটি।
চেৰেকী আৰু যঁতৰ

যঁতৰেৰে মহুৰাত সূতা মেৰিওৱা হয়। যঁতৰ দুই প্ৰকাৰৰ থাকে। সূতা কটা যঁতৰ আৰু ববিন, মহুৰা বটা যঁতৰ। সূতা কল স্থাপন হোৱাৰ আগতে যেতিয়া মানুহে হাতেৰে সূতা কাটিছিল, তেতিয়া সূতা কটা যঁতৰৰ প্ৰচলন আছিল। যঁতৰৰ ইংৰাজী নাম (Charkha)। যঁতৰ সাধাৰণতে কাঠৰ দ্বাৰা নিৰ্মিত। লো আৰু কাঠৰ সংমিশ্ৰণত সৃষ্ট উন্নতমানৰ যঁতৰো পোৱা যায়। যঁতৰৰ মূল অংশসমূহ- চকৰি, শলখা, মাল বা ফিতা আৰু কাঠাম। চকৰিটোৰ সোঁমাজত সুমুৱাই লোৱা ফিতাডাল কাঠামৰ আনটো মূৰত সংযোগ কৰা শলখাত লগাই দি শিপিনীৰ সোঁ-হাতেৰে চকৰি ঘূৰাই যঁতৰত সূতা কটা হয়। মূলতঃ উঘা বা ববিন আৰু মহুৰা বাটিবলৈ যঁতৰৰ ব্যৱহাৰ কৰা হয়।

উঘা

উঘা সৰু চেৰেকীৰ পৰিধিতকৈও কম পৰিধিৰ এবিধ বাঁহৰ আহিলা। তাঁতৰ বাটি কাঢ়িবলৈ ব্যৱহাৰ কৰা এইবিধ অতি দৰকাৰী আহিলা। কাপোৰৰ ঠেক বা বহল অনুপাতে চেৰেকীৰ সংখ্যা শিপিনীয়ে নিৰূপণ কৰে। কম ঠাইত অধিক উঘা বহুৱাই দীঘৰ সূতাৰ সংখ্যা বঢ়াবলৈ চেৰেকীৰ ঠাইত উঘা ব্যৱহাৰ কৰে। উঘাত শিপিনীৰ প্ৰয়োজন মতে দীঘৰ সূতাসমূহ পকাই লোৱা হয়। এটা উঘাত প্ৰয়োজনবোধে প্ৰায় দশ-পোন্ধৰ নেচা মিহি সূতা পকাই ল'ব পৰা যায়। এই উঘাৰ পৰাই বাটি কঢ়াৰ বাবে দীঘৰ সূতাসমূহ টানি আনি দীঘলে দীঘলে মাটিত বাটি কঢ়া হয়।

বৰ চেৰেকী

[সম্পাদনা কৰক]

বৰ চেৰেকী বাঁহৰ দ্বাৰা তৈয়াৰ কৰা হয়। সূতা কলবোৰে তৈয়াৰ কৰা প্ৰতি নেচা সূতাৰ পৰিধি প্ৰায় ৫৪ ইঞ্চি। এই পৰিধিৰ সূতানেচা বৰ চেৰেকীত ভৰাই লৈ সেই চেৰেকীৰ পৰা ক্ৰমে উঘা, মহুৰা আদি অন্যান্য আকাৰলৈ ৰূপান্তৰ কৰা একমাত্ৰ সৰল আহিলা বিধ হৈছে বৰ চেৰেকী। সেইবাবে বৰ চেৰেকীৰ পৰিধিও প্ৰায় ৫৪ ইঞ্চিমান কৰা হয়। চেৰেকীৰ মূৰৰ ফালৰ পৰিধিতকৈ তলৰফালৰ পৰিধি কিছুপৰিমাণে ডাঙৰ হয়।

সৰু চেৰেকী

[সম্পাদনা কৰক]

সৰু চেৰেকী মূলতঃ কেঁচা সূতাৰ ক্ষেত্ৰত ব্যৱহাৰ হয়। কেঁচা সূতাবোৰ মজবুত আৰু মিহি কৰিবলৈ মাড় দিয়াৰ পিছত সেই সূতাৰ গাত লাগি থকা অতিৰিক্ত মাড়বোৰ সূতাৰ পৰা উলিয়াই পেলোৱাৰ লগতে সূতাৰ গাত সমানকৈ মাড়বোৰ সোমাই যাবলৈ ৫৪ ইঞ্চি পৰিধিৰ সূতানেচা বৰ চেৰেকীত লৈ শিপিনীয়ে তেওঁৰ বাওঁ হাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিৰ মাজত মাড় দিয়া সূতাডালৰ মূৰটো ধৰি লৈ এক বিশেষ পৰিমাণৰ টিপৰ মাজেৰে সেই সূতাডাল লেটাই বা 'নাট'লৈ নি সৰু নেচালৈ ৰূপান্তৰ কৰা হয়। এনেদৰে সৰু নেচালৈ ৰূপান্তৰ কৰা সৰু নেচাবোৰ ৰ'দ-ছাঁৰ সংগমত শুকোৱাৰ পিছত সেই শুকান নেচাবোৰৰ পৰা উঘালৈ সূতানেচা নিবলৈ এই সৰু চেৰেকীৰ ব্যৱহাৰ কৰা হয়। এই চেৰেকীও সম্পূৰ্ণৰূপে বাঁহৰ দ্বাৰা তৈয়াৰী। ই দেখাত বৰ চেৰেকীৰ অনুৰূপ।

বাঁহেৰে নিৰ্মিত এবিধ তাঁতৰ সঁজুলি। মাড় দিয়া সূতাবোৰ সৰু নেচালৈ নিবৰ বাবে লেটাই ব্যৱহাৰ কৰা হয়। উজনি অসমত বিষেককৈ এই লেটাই ব্য়ৱহাৰ কৰা হয়। নামনিত নাট নামৰ এবিধ একেধৰণৰ আহিলাৰ ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ এটা মূৰ চেৰেকীৰ দৰে কিন্তু আনটো মূৰ সৰু আৰু একেলগে সংলগ্ন হৈ থাকে।

ববিন

ববিনত কাপোৰৰ বাটি কাঢ়িবলৈ যঁতৰৰ সহায়ত সূতা মেৰিয়াই লোৱা হয়। বাঁহ, কাঠ বা প্লাষ্টিকেৰে ববিন সজা হয়। প্ৰায় ছয় ইঞ্চি দীঘল আৰু মাজেৰে সুৰুঙা থকা, দুইমূৰে সূতা ওলাই নাযাবলৈ টুপীৰ দৰে চকৰি লগোৱা থাকে।

বৰখুঁটি

[সম্পাদনা কৰক]

পৰম্পৰাগত পদ্ধতিত মাটিত দীঘলে দীঘলে বাটি কাঢ়িবলৈ এই আহিলাবিধ ব্যৱহাৰ কৰা হয়। প্ৰায় ডেৰ ফুটমান দীঘল বাঁহ নাইবা কঠেৰে নিৰ্মিত এই খুঁটি অতি নিমজ আৰু গোল দণ্ডাকৃতিৰ হয়। খুঁটিটোৰ ওপৰ মূৰটো ভোটা আৰু তলমূৰটো জোঙা। দীঘৰ সূতাসমূহক সঠিক দুৰত্বত ধৰি ৰাখিবলৈ এই খুঁটি বাটিটোৰ দুয়ো মূৰে মাটিত পুতি লোৱা হয়। উঘাৰ ফালে বা ববিনৰ ফালে থকা খুঁটিটোক ঘাইখুঁটি আৰু ইয়াৰ বিপৰীত ফালত থকা বৰ খুঁটিটোক বিহা খুঁটি বুলি কোৱা হয়।

সৰুখুঁটি

[সম্পাদনা কৰক]

বাটি কাঢ়োঁতে দীঘৰ সূতাসমূহৰ মাজত মুৰ (Lease) ৰখাবলৈ সৰু খুঁটি ব্যৱহাৰ কৰা হয়। আকৃতিত ই বৰ খুঁটিতকৈ পৃথক। এই খুঁটি বাঁহৰ চেপেটা কামি নাইবা কাঠৰ দ্বাৰাও তৈয়াৰ কৰে। এই খুঁটিৰ জোখ বৰখুঁটিৰ লগত একে। দীঘৰ সূতাসমূহ উঘাৰ পৰা কাঢ়নিৰে আনি প্ৰথমতে বৰখুঁটিৰ সোঁফাল বা বাওঁফালেৰে পাক মাৰি পাৰ কৰি সৰু খুঁটিৰ ওলোটা পাকে পাৰ কৰি বাটিৰ আনটো মূৰত থকা দুয়োটা খুঁটিত একে পদ্ধতিৰে পাৰ কৰি নিয়া হয়। এনে কৰাৰ ফলত বৰখুঁটি আৰু সৰু খুঁটিৰ মাজত এটা পাক বা ক্ৰচ হয়। এই পাক বা ক্ৰচতেই বাটি চলোৱা সময়ত চিৰি ভৰাই দীঘৰ সূতাসমূহৰ মাজত মুৰ (Lease) ৰখা হয়। দীঘৰ সূতাসমূহ বাছি লৈ মোৰ দিয়া হয় বাবে কোনো কোনো ঠাইত ইয়াক বাছনি খুঁটিও বোলে।

তাঁতৰ বাটি কঢ়াৰ সময়ত উঘাৰ পৰা অনা দীঘৰ সূতাবোৰ বাটিটোৰ আন মূৰত পুতি লোৱা বাছনি খুঁটিলৈ (বৰখুঁটি) সমটানত টানি নিয়া সঁজুলিবিধেই হৈছে কাঢ়নি। বাঁহৰ মিহি-চিৰি নাইবা কেটেলা পহুৰ কাঁইটেৰে এই কাঢ়নি সঁজুলিবিধ বনায়। উৰা মাকোঁ শালৰ ক্ষেত্ৰত গাইগুটীয়া শিপিনীয়ে বিশটামান ববিন সংযোগ কৰিব পৰাকৈ সাজি লোৱা সঁজুলিবিধকো কাঢ়নি বুলিব পাৰি।

জাতি বাঁহ ফালি চেপেটাকৈ চাচি লোৱা ডেৰ বা দুই ইঞ্চিমানৰ বহল মাৰিডালক চিৰি বুলি কোৱা হয়। চিৰিৰ এটা মূৰ জোঙা আনটো মূৰ সমান। শিপিনীয়ে বাটি কঢ়াৰ পৰা ফুল বচালৈকে এই চিৰিৰ ব্য়ৱহাৰ কৰে। ব্যৱহাৰৰ ভিত্তিত চিৰি বিভিন্ন ধৰণৰ পোৱা যায়। উদাহৰণস্বৰূপে বৰচিৰি, মাজুচিৰি, সৰুচিৰি আৰু ফুলচিৰি।

তাঁতশালত ব্যৱহৃত 'শলি' এবিধ বৰ প্ৰয়োজনীয় আহিলা। পুৰঠ বাঁহেৰে তৈয়াৰ কৰা এইবিধ আহিলা 'ব'যুটিৰ ওপৰ আৰু তলফালে যুটি লোৱা হয় বাবে ইয়াক 'ব'শলি বোলে। এযুটি হাতে তোলা 'ব'ৰ প্ৰতিখনত দুডালকৈ মুঠ চাৰিডাল 'ব'শলি থাকে। শলি অন্যান্য কামতো ব্যৱহাৰ হয়।

কাপোৰৰ বাটি চলোৱাৰ সময়ত ৰাঁচৰ আগফালে দীঘৰ সূতাসমূহৰ জঁট ভাঙিবলৈ কাকৈৰ ব্যৱহাৰ কৰা হয়। পুৰণি কালত ম’হৰ শিং বা বাঁহৰ কাকৈ ব্যৱহাৰ কৰাৰ কথা জনা যায়। বৰ্তমান সাধাৰণ ফণি ব্যৱহাৰ কৰা হয়।

কাণমাৰি

[সম্পাদনা কৰক]

সূতাৰ টোলোঠা আৰু কাপোৰৰ টোলোঠাৰ এটা মূৰত থকা বিন্ধাৰে সুমুৱাব পৰাকৈ দুডাল মাৰি থাকে। ইয়াৰ সহায়ত টোলোঠা দুটা টানকৈ ধৰি ৰখা হয়।

ৰাঁচ দীঘল ফণিৰ দৰে এবিধ আহিলা যাৰ সহায়ত তাঁত বোৱা হয়। ৰাঁচ এখনৰ দৈৰ্ঘ্য (৩৬-৬০)ৰ পৰ্যন্ত হয়। ৰাঁচ দুই প্ৰকাৰৰ। বাঁহৰ ৰাচ আৰু লোৰ ৰাঁচ। সূতা অনুসৰি ৰাঁচৰ কাঠি ঘন আৰু সেৰেঙা কৰা হয়।

শালৰ আন এটা গুৰুত্বপূৰ্ণ আহিলা ব'। দীঘৰ সূতাৰ দুটা তৰপৰ মাজত মাকো সুমুৱাব পৰা ফাক সৃষ্টি কৰাই ইয়াৰ মুখ্য কাম। বাটি কৰোঁতে দীঘৰ সূতাসমূহক শলিৰ সহায়ত দুটা তৰপত ভাগ কৰি ব’ৰ সৈতে সংযুক্ত কৰা হয়।

ব' তোলা চুঙা

[সম্পাদনা কৰক]

এইবিধ আহিলা শালত ব' তুলিবলৈ ব্যৱহাৰ কৰা হয়। পূৰঠ মকাল বাঁহ, জাতি বাঁহৰ দীঘল 'পাব' এটাৰে ব' চুঙা তৈয়াৰ কৰা হয়। ব' চুঙাৰ বাবে উপযুক্ত বাঁহৰ পৰিধি অতি কমেও তিনিৰ পৰা চাৰি ইঞ্চি পৰ্যন্ত হ'ব লাগে। বৰ্তমান প্লাষ্টিকৰ ব' চুঙাও ব্যৱহাৰ কৰা দেখা যায়।

তাঁত শালৰ অপৰিহাৰ্য এইবিধ আহিলা দীঘৰ সূতা আৰু বোৱা কাপোৰ মেৰিয়াবলৈ ব্যৱহাৰ কৰা হয়। আঁহবিহীন টান আৰু সহজে নিমজ হৈ পৰা এই আহিলাবিধ কাঠেৰে তৈয়াৰ কৰা হয়। টোলোঠা দুই প্ৰকাৰৰ থাকে। সূতাৰ টোলোঠা আৰু কাপোৰৰ টোলোঠা।

দোৰ্পতি

[সম্পাদনা কৰক]

ৰাঁচখন ঠিকমতে ধৰি ৰাখিবলৈ আৰু মাকোৰে সুমুৱাই দিয়া সূতা ৰাঁচেৰে খাপ খুৱাই কাপোৰ সৃষ্টি কৰাত দোৰ্পতি অপৰিহাৰ্য। পৰম্পৰাগত শালত কাঠেৰে দোৰ্পতি সজা হয়।

মাকোৰ ফটো৷

তাঁত শালৰ এইবিধ এবিধ অতি দৰকাৰী সঁজুলি। বাণি সূতাৰ মহুৰা বুকুত লৈ, শালৰ এই মাকোৱে জাঁকিৰ মাজেদি দোৰ্পতীৰ নিৰ্দিষ্ট পথেৰে কাপোৰখনৰ এটা কাষৰিৰ পৰা আনটো কাষৰিলৈ অহা-যোৱা কৰি বস্ত্ৰ উৎপাদনত মুখ্য ভূমিকা পালন কৰে। মাকো বিভিন্ন প্ৰকাৰৰ থাকে। দেশীয় শালৰ মাকো, উৰা শালৰ মাকো, ফুল মাকো আদি। মাকোৰ বিভিন্ন অংশসমূহ হ'ল মাকো জিভা, মাকো চকু, লোৰ কেপ আদি। আনহাতে পাতিশালৰ মাকোৰ অংশসমূহ হ'ল গেৰেলি কাঠি, ফুটি শলি আদি।

মহুৰা তাঁত শালৰ মাঁকোৰ লগত লাগি থকা এবিধ নল বা ইকৰাৰ টুকুৰা। অসমীয়া তাঁত শালত মহুৰা যঁতৰত লগাই সূতা মেৰিয়াই লোৱা হয় আৰু সেই মহুৰা মাঁকোৰ মাজত লগাই তাঁত ববলৈ ব্যৱহাৰ কৰা হয়। বাঁহ আৰু প্লাষ্টিকৰ মহুৰাৱো আজি-কালি ব্যৱহাৰ কৰা দেখা যায়।

গেৰেলি কাঠি

[সম্পাদনা কৰক]

পৰম্পৰাগত শালত মাকোৰ ভিতৰত মহুৰাটো ঘূৰিব পৰাকৈ ৰখা মিহি কাঠিডালক গেৰেলি কাঠি বুলি কয়। আনহাতে, উৰা-মাকো শালৰ মহুৰাত থকা এই কাঠিডালক জিভা (Toungue) বুলি কোৱা হয়। গেৰেলি কাঠিৰ জোখ আৰু আকাৰ ব্যৱহাৰ কৰা মহুৰা জোখ আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰে।

জখলা মাৰি

[সম্পাদনা কৰক]

এইবিধ আহিলা দোৰ্পতীৰ লগতে চালি মাৰি (Frame) ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ গাৰ ওপৰ অংশত জখলাৰ দৰে খাজ কটা থাকে। গাঁওলীয়া শালৰ জখলামাৰি কাঠ আৰু বাঁহেৰে তৈয়াৰ কৰাৰ বিপৰীতে উৰামাঁকো শালৰ জখলা মাৰি কেৱল কাঠেৰে তৈয়াৰ কৰা হয়।

চালি মাৰি

[সম্পাদনা কৰক]

এই আহিলাবিধ শালত নাচনী ওলোমাবলৈ ব্যৱহাৰ কৰা হয়। এই মাৰিডাল গাঁৱৰ শালত বাঁহেৰে সজা হয়। আনহাতে উৰামাকোঁ তাঁতশালত কাঠেৰে সজা হয়।

গামোচাত ব্যৱহাৰ কৰা 'X' আকৃতিৰ পুতল।

কাপোৰ বৈ থকা সময়ত ব্যৱহাৰ কৰা এবিধ দৰকাৰী আহিলা। বোৱা কাপোৰৰ কাষৰি দুটা ৰাঁচত থকা সূতাৰ পুতলৰ লগত মিলাই ৰাখিবলৈ এই আহিলাবিধ ব্যৱহাৰ হয়। কাপোৰৰ কোলাত বাণি সূতাৰ চাপ পৰাৰ ফলত কাপোৰখনৰ কাষৰি দুটা ঠেক হৈ অহাৰ পৰা পুতলে ৰক্ষা কৰে। পুতল বাঁহেৰে তৈয়াৰ কৰা হয়। আজিকালি অৱশ্যে বাঁহৰ মাৰিত লগাই লোৱা পিতলৰ পুতল দেখা যায়।

ফুল কাঠি

[সম্পাদনা কৰক]
অসমীয়া শিপিনীয়ে গামোচাত ফুল কাঠিৰে ফুল বাচি থকাৰ দৃশ্য।

বাঁহেৰে নিৰ্মিত এবিধ চেপেটা মিহি আৰু আগ জোঙা যতন। পৰম্পৰাগত তাঁতশালত কাপোৰত ফুল বাচিবলৈ এই কাঠি ব্যৱহাৰ কৰা হয়।

গৰকা দুডাল বাঁহৰ মাৰি, সৰু দুটা খুঁটিত, কঁকিলা খুঁটিত শলা এডালেৰে সংযোগ কৰা থাকে। তাঁতৰ ব’ দুযোৰাৰ লগত একোডাল জৰীৰে ইয়াক সংযোগ কৰা হয় আৰু শিপিনীয়ে ভৰিৰে গৰকা টানি সূতাৰ দুয়োটা তৰপ নিয়ন্ত্ৰণ কৰে।


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "তাঁতশাল - অসমীয়া লোকশিল্প". satirtha.in. https://satirtha.in/তাঁতশাল-অসমীয়া-লোকশিল্প/। আহৰণ কৰা হৈছে: ১২ মে' ২০২৫. [সংযোগবিহীন উৎস]
  2. "অসমীয়া তাঁতশালৰ পৰিচয়". Vikaspedia. https://as.vikaspedia.in/viewcontent/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9a49be9819a49b69be9b2-9869f09c1-9ac9bf9b99c19f19be9a8। আহৰণ কৰা হৈছে: ১২ মে' ২০২৫. 
  3. মৃণাল চন্দ্ৰ কলিতা (২০২০). ইতিহাসৰ দৃষ্টিৰে অসমৰ বস্ত্ৰ সংস্কৃতি. 
  4. চাও লোকেশ্বৰ গগৈ (ফেব্ৰুৱাৰী, ২০০৭). অসমৰ লোক সংস্কৃতি ১.