সমললৈ যাওক

অসমীয়া বিভাগ, বিশ্বভাৰতী বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিশ্বভাৰতী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ হ’ল অসম ৰাজ্যৰ বাহিৰৰ উচ্চ শিক্ষানুষ্ঠানত অৱস্থিত অসমীয়া ভাষা-সাহিত্যৰ প্ৰথমটো পূৰ্ণাংগ বিভাগ।[1] ১৯৭৯ চনত এজনীয়া অধ্যাপেকৰে এই বিভাগটো প্ৰতিষ্ঠা কৰা হয়। বিভাগটোৰ প্ৰথমগৰাকী অধ্যাপক আছিল ড° সুনীল দত্ত। ২০০৭ চনত ড° সংগীতা শইকীয়াই এই বিভাগত যোগদান কৰে আৰু এতিয়ালৈকে তেৱেঁই বিভাগটোৰ একমাত্ৰ অধ্যাপক। এই বিভাগটোৰ প্ৰতিষ্ঠাৰ উদ্দেশ্য আছিল- অসমীয়া ভাষা শিকাত আগ্ৰহী অনা-অসমীয়া ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীক অসমীয়া ভাষা জ্ঞান প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰীয় একতা আৰু সমন্বয় সাধন কৰা। বাংলা, ওড়িআ, হিন্দী আদি একেমূলীয় ভাষা বিভাগৰ ছাত্ৰ-শিক্ষকক অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ জ্ঞান প্ৰয়োজন অনুসাৰে যোগান ধৰি তুলনামূলক অধ্যয়ন সুচল আৰু সম্পূৰ্ণ কৰি তোলাটোও এই বিভাগ প্ৰতিষ্ঠাৰ অন্যতম উদ্দেশ্য আছিল।[1] ২০২৪ চনৰ আগষ্ট মাহত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু অসমীয়া বিভাগ (বিশ্বভাৰতী)ৰ সহযোগত বিশ্বভাৰতী বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠা কৰা হয়।[2] ২০২৫ চনৰ ৯ জানুৱাৰীত বিশ্ববিদ্যালয় অনুদান আয়োগে নতুনকৈ চাৰিটা অধ্যাপকৰ পদ (এটা সহযোগী আৰু তিনিটা সহকাৰী) পূৰণ কৰিবলৈ অনুমোদন জনায় বিভাগটোক এটা পূৰ্ণাংগ বিভাগলৈ উন্নীত কৰে।[3][4]

১৯২১ চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তিনিকেতনবিশ্বভাৰতী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰে। [5] আৰু ১৯৫১ চনত এই বিশ্ববিদ্যালয়খনে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰে।[6] ৰথীন্দ্ৰনাথ ঠাকুৰ আছিল বিশ্ববিদ্যালয়খনৰ প্ৰথমজন উপাচাৰ্য।[7] ১৯৭৯ চনত বিশ্বভাৰতীত আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয় অসমীয়া বিভাগ। সেই বছৰতে বিভাগটোৰ প্ৰথমগৰাকী অধ্যাপক হিচাপে যোগদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ প্ৰাক্তন অধ্যাপক ড° সুনীল দত্তই।[1] তেখেতে ১৯৯১ চনলৈ বিশ্বভাৰতীত বাৰ বছৰ কাল অধ্যাপনা কৰে। ড° দত্তই বিশ্বভাৰতী এৰি অহাৰেপৰা শিক্ষকৰ অভাৱত সুদীৰ্ঘ ষোল্ল বছৰ ধৰি শিক্ষকবিহীন হৈ ৰয় বিশ্বভাৰতীৰ অসমীয়া বিভাগ। ২০০৭ চনত পুনৰ বিশ্বভাৰতীৰ অসমীয়া বিভাগৰ দ্বিতীয়গৰাকী শিক্ষক হিচাপে ড° সংগীতা শইকীয়াই আনুষ্ঠানিকভাৱে যোগদান কৰে। তেতিয়াৰে পৰা বিভাগটোৱে ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যক্ষভাৱে শিক্ষাদানৰ জৰিয়তে অসমীয়া বিভাগে অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি সম্পৰ্কে শিক্ষা প্ৰদান কৰি আহিছে। অসমীয়া বিভাগৰ উদ্যোগত বিশ্বভাৰতীৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰত দুহেজাৰতকৈও অধিক নিৰ্বাচিত অসমীয়া আৰু অসম বিষয়ক গ্ৰন্থ উপলভ্য।[1]

একেৰাহে ডেৰ দশক ধৰি বন্ধ হৈ থকা অসমীয়া বিভাগটো ২০০৭ বৰ্ষত ড° সংগীতা শইকীয়াৰ যোগদানৰ পাছত পুনৰ সক্ৰিয় হৈ উঠে। প্ৰথম পৰ্যায়ত ওড়িআ আৰু দৰ্শন বিভাগৰ কেইবাগৰাকী গৱেষক ছাত্ৰৰ লগতে অন্যান্য বহু ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া বিভাগত ছাত্ৰ হিচাপে নামভৰ্তি কৰে। ১৯৭৯ চনত স্থাপিত বিশ্বভাৰতীৰ অসমীয়া ভাষা বিভাগত প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী আছিল বিশ্বভাৰতীৰে ওড়িআ বিভাগৰ সম্প্ৰতি অৱসৰী অধ্যাপক ড° গিৰিবালা মহান্তি আৰু ড° কৈলাস পাটনায়ক।[1]

পাঠ্যক্ৰমসমূহ

[সম্পাদনা কৰক]

বিশ্বভাৰতীৰ অসমীয়া বিভাগত দুবছৰীয়া চাৰ্টিফিকেট আৰু এবছৰীয়া ডিপ্ল’মা পাঠ্যক্ৰম আগবঢ়োৱা হয়। অসমীয়া বিভাগত পোন প্ৰথমবাৰৰ বাবে ২০১৪ চনত মুকলি কৰা হয় পিএইচ.ডি পাঠক্ৰম। ইতিমধ্যে বিভাগটোৰপৰা তিনিগৰাকী শিক্ষাৰ্থীয়ে পিএইচ.ডি ডিগ্ৰী লাভ কৰাৰ উপৰি অন্য দুগৰাকী গৱেষকে গৱেষণা কৰি আছে। বিশ্ববিদ্যালয়খনৰ হিন্দী বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত অন্তভুৰ্ক্ত মামণি ৰয়ছম গোস্বামীৰ অহিৰণ উপন্যাসখনৰ পাঠদানৰ লগতে অসমীয়া বিভাগে বৰ্তমান ‘তুলনামূলক সাহিত্য’ বিভাগতো অসমীয়া বিষয়ক পাঠ্যক্ৰম আগবঢ়াইছে। ২০১৫ চনৰপৰা তুলনামূলক সাহিত্য বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ্যক্ৰমৰ অন্তৰ্গত বাধ্যতামূলক বিষয়ৰূপে চাৰিওটা ষাণ্মাসিকতে অসমীয়া ভাষা-সাহিত্যৰ শিক্ষাদান কৰি অহা হৈছে।[1] বিভাগটোৱে ২০২৩ চনৰপৰা ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি স্নাতক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বহুমুখী (Multidisciplinary) আৰু লঘু (Minor) পাঠ্যক্ৰমৰূপে চাৰিওটা বৰ্ষতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ শিক্ষাদান আৰম্ভ কৰিছে।[1]

বিভাগটোৰ কাম-কাজ

[সম্পাদনা কৰক]

বিশ্বভাৰতীৰ ভাষা ভৱনৰ অন্তৰ্গত অসমীয়া বিভাগে বিগত সময়ছোৱাত বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰৰ লগতে অন্যান্য সাহিত্য-সাংস্কৃতিক কাৰ্য্যসূচী অনুষ্ঠিত কৰি আহিছে। সেইসমূহ হ’ল–

  • ভাৰতীয় সাহিত্যত ৰবীন্দ্ৰনাথৰ প্ৰভাৱ (Impact of Rabindranath on Indian Literature, 7-8 March, ২০১৩)
  • জনজাতীয় ভাষা, সাহিত্য আৰু সংস্কৃতিত গোলকীকৰণৰ প্ৰভাৱ (Impact of Globalization on Tribal Language, Literature and Culture, ২০-২১ February, ২০১৪)
  • ৰবীন্দ্ৰনাথ আৰু লক্ষ্মীনাথঃ ব্যক্তিত্ব আৰু সম্পৰ্ক (সাহিত্যৰথীৰ ডেৰশবছৰীয়া জন্মদিৱস উপলক্ষে, Rabindranath & Lakshminath : Personality & Relation, ২০ February ২০১৫)
  • ভাৰতীয় সাহিত্যৰ অনুবাদ আৰু গ্ৰহণঃ ৰাষ্ট্ৰীয় সংস্কৃতিত ইয়াৰ ভূমিকা (Translation & Reception of Indian Literature : Its Role in National Culture, 26-২৭ February ২০১৫)
  • অনুবাদ কৰ্মশালা (Translation Workshop, ৯-১৬ March, ২০১৫)
  • সংস্কৃতি সংগম (প্ৰসিদ্ধ সংগীত শিল্পী মিতালী ভট্টাচাৰ্য্য দে’ৰ সংগীতানুষ্ঠান, Sanskriti Sangam, ২২ March, ২০১৬)
  • মীট্‌ দ্য অথৰঃ শ্ৰীদেৱব্ৰত দাস (Meet the Author : Sri Devabrata Das, ১৫ November ২০১৬)
  • অসমীয়া চলচ্চিত্ৰ প্ৰদৰ্শনী (Assamese Film Screening, ১৫ November ২০১৬)
  • আন্তঃৰাষ্ট্ৰীয় খাদ্য মেলাত যোগদান (Participated in International Food Festival with Assamese Dishes, ২৮ February ২০১৭)
  • ৰঙালীৰ ৰং (শান্তিনিকেতন অসমীয়া সমাজৰ সৈতে যুটীয়াভাৱে ৰঙালী বিহু উৎসৱ উদ্‌যাপন, ১৬ April ২০১৭)
  • শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ সময় (Srimanta Sankaradeva and his times, ৯-১০ February ২০১৮, ৰাষ্ট্ৰীয় আলোচনা-চক্ৰ আৰু সাংস্কৃতিক সন্ধিয়া)
  • মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিকৰ্ম আৰু বিশ্বজনীনতা (Mahapurush Srimanta Sankaradeva and Madhavdeva': Universal Creations and Contributions', ১৯-২০ February ২০২৪, আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰ আৰু সাংস্কৃতিক সন্ধিয়া)
  • বিশ্ব কবিতা দিৱসঃ সমন্বয় কবি সমাৰোহ (World Poetry Day : Samanvay Kabi Samaroh; অসম কবি সমাজৰ সৈতে যুটীয়াভাৱে); আদি।

এই আলোচনা-চক্ৰসমূহত আমেৰিকা, ইংলেণ্ড, শ্ৰীলংকা আদি দেশৰ লগতে ভাৰতৰ আগশাৰীৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়, মহাবিদ্যালয় আদিকে ধৰি বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপক-গৱেষক-ছাত্ৰই অংশগ্ৰহণ কৰি আহিছে।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 8 সংগীতা শইকীয়া (Vol:01). "বিশ্বভাৰতী, শান্তিনিকেতনত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা". মাজুলী ই-আলোচনী. https://www.majuliemagazine.com/%E0%A6%AC-%E0%A6%B6-%E0%A6%AC-%E0%A6%AD-%E0%A7%B0%E0%A6%A4-%E0%A6%B6-%E0%A6%A8-%E0%A6%A4-%E0%A6%A8-%E0%A6%95-%E0%A6%A4%E0%A6%A8%E0%A6%A4-%E0%A6%AD-%E0%A6%B7-%E0%A6%B8-%E0%A6%B9-%E0%A6%A4-%E0%A6%AF আহৰণ কৰা হৈছে: 10 January 2025.
  2. state/mou-signing-for-establishing-a-chair-of-srimanta-sankardeva-in-visva-bharati-university-assam-news-ass24082907937 "বিশ্বভাৰতী বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন প্ৰতিষ্ঠাৰ বুজাবুজি চুক্তি স্বাক্ষৰ - Srimanta Sankardev Chair - SRIMANTA SANKARDEV CHAIR". www.etvbharat.com. গুৱাহাটী, ২৯ আগষ্ট. https://www.etvbharat.com/as/! state/mou-signing-for-establishing-a-chair-of-srimanta-sankardeva-in-visva-bharati-university-assam-news-ass24082907937 আহৰণ কৰা হৈছে: 10 January 2025.[সংযোগবিহীন উৎস]
  3. "Visva-Bharati Assamese Department: বিশ্বভাৰতীৰ অসমীয়া বিভাগক বিশ্ববিদ্যালয় অনুদান আয়োগৰ পূৰ্ণাংগ বিভাগৰ স্বীকৃতি, ৰাজ্যৰ বাহিৰৰ উচ্চ শিক্ষানুষ্ঠানত প্ৰথমটো আৰু একমাত্ৰ পূৰ্ণাংগ অসমীয়া বিভাগ ৰূপে লাভ কৰিলে অনুমোদন". News 18 Assam North-East. https://assam.news18.com/news/assam/visva-bharati-university-department-of-assamese-got-approval-for-first-full-fledged-department-outside-assam-subham-g-435392.html আহৰণ কৰা হৈছে: 16 January 2025.
  4. "বিশ্বভাৰতী বিশ্ববিদ্যালয়েৰ অসমীয়া বিভাগে চাৰটি পাঠদানেৰ পদ অনুমোদিত". India Today. https://www-indiatodayne-in.translate.goog/assam/story/four-teaching-positions-approved-at-assamese-department-of-visva-bharati-university-1153352-2025-01-12?_x_tr_sl=en&_x_tr_tl=bn&_x_tr_hl=bn&_x_tr_pto=tc আহৰণ কৰা হৈছে: 16 January 2025.
  5. অমিয়কুমাৰ সেন (১৯৭৩,). "বিশ্বভাৰতী", ভাৰতকোষ. বঙ্গীয় সাহিত্য পৰিষদ, কলকাতা. পৃষ্ঠা. পৃ. ১১২-১৪ পঞ্চম খণ্ড,.
  6. "Santiniketan". https://www.visvabharati.ac.in/Santiniketan.html আহৰণ কৰা হৈছে: 5 June 2024.
  7. ৰুচিকা কুমাৰী (৩ ফেব্ৰুৱাৰী, ২০২৩). বছৰীয়া-উত্তৰ-উত্তৰ-পিছলৈ-চাওক-ইয়াৰ-প্ৰতিষ্ঠাপক-আৰু- famous- alumni-article-97572415 "বিশ্বভাৰতী বিশ্ববিদ্যালয়: ১০০ বছৰেৰ ঐতিহ্যেৰ দিকে ফিৰে দেখা, এৰ প্ৰতিষ্ঠাতা এবং বিশিষ্ট প্ৰাক্তন ছাত্ৰছাত্ৰী". https://www.timesnownews.com/education/বিশ্ব-ভাৰতী-বিশ্ববিদ্যালয়-এ-১০০ বছৰীয়া-উত্তৰ-উত্তৰ-পিছলৈ-চাওক-ইয়াৰ-প্ৰতিষ্ঠাপক-আৰু- famous- alumni-article-97572415 আহৰণ কৰা হৈছে: 10 January 2025.[সংযোগবিহীন উৎস]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]