সমললৈ যাওক

অসমীয়া বৰ্ণ প্ৰকাশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া বৰ্ণ প্ৰকাশ (ইংৰাজী: Assamese Phonology) হৈছে গোলোকচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত এখন অসমীয়া ধ্বনিতত্ত্বৰ গ্ৰন্থ। ১৯৬৯ চনৰ এই ধ্বনিতত্ত্বৰ গ্ৰন্থখন বীণা লাইব্ৰেৰী প্ৰকাশনে প্ৰকাশ কৰে। ব্যাকৰণখনত মুঠ ২৫টা অধ্যায় আছে।[1]

অধ্যায়সমূহ

[সম্পাদনা কৰক]
  1. বৰ্ণ আৰু বৰ্ণমালা
  2. ব্যঞ্জনমালা
  3. বৰ্ণমালাৰ প্ৰয়োগ
  4. ব্যঞ্জনবৰ্ণৰ সাধাৰণ উপধ্বনি
  5. ব্যঞ্জনবৰ্ণৰ বিশদ আলোচনা
  6. উষ্ম বৰ্গ
  7. নাসিক্য বৰ্গ
  8. পাৰ্শ্বিক বৰ্ণ
  9. লুঠিত বৰ্ণ
  10. অন্তঃস্থ বৰ্ণ
  11. সংযুক্ত ব্যঞ্জন
  12. মহাপ্ৰাণ বৰ্ণমালাৰ বৰ্ণমালাৰ বৰ্ণত্ব বিচাৰ
  13. স্বৰ বৰ্ণমালা
  14. স্বৰবৰ্ণৰ বিৰোধ বিচাৰ তালিকা
  15. স্বৰবৰ্ণৰ প্ৰয়োগ বিশ্লেষণ
  16. স্বৰবৰ্ণৰ উপধ্বনিঃ বিভিন্ন প্ৰভাৱ
  17. স্বৰবৰ্ণৰ ধ্বনিগুণ আৰু প্ৰয়োগ
  18. স্বৰসংযুতি
  19. অনুনাসিক বৰ্ণ চন্দ্ৰবিন্দু
  20. অক্ষৰৰ ৰূপ চানেকি
  21. শ্বাসাঘাত বৰ্গ
  22. সন্ধি বা যতিবৰ্গ
  23. প্ৰসিদ্ধ লেখকৰ উদ্ধৃতি
  24. সন্ধি পৰিৱৰ্তন
  25. ব্যঞ্জনবৰ্ণৰ পৰিৱৰ্তন

লেখকৰ চমু পৰিচয়

[সম্পাদনা কৰক]

গোলোকচন্দ্ৰ গোস্বামী (১৯২৩-২০২০) এজন অসমীয়া শিক্ষাবিদ আৰু ভাষাতত্ত্ববিদ। অসমীয়া ভাষাৰ ৰূপতত্ত্ব, ধ্বনিতত্ত্ব বিষয়ত তেওঁৰ অৱদান অতুলনীয়। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৮৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। ১৯৬৬ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ "An Introduction to Assamese Phonology"ক অসমীয়া ভাষাতত্ত্বলৈ এক আপুৰুগীয়া অৱদান হিচাপে গণ্য কৰা হয়। জীৱনকালত ড॰ গোস্বামীয়ে প্ৰায় ৬০ খনৰো অধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ, শতাধিক প্ৰবন্ধ ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি গৈছে। ২০২০ চনৰ ২৪ আগষ্টত ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[2]

আনুষঙ্গিক গ্ৰন্থ

[সম্পাদনা কৰক]
  • ধ্বনিবিজ্ঞানৰ ভূমিকা, ১৯৬৬
  • অসমীয়া ব্যাকৰণ প্ৰৱেশ, ২০০০
  • অসমীয়া আখৰ-জোটনি, ১৯৭২
  • অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ, ১৯৮৭[3]
  • অসমীয়া গোলোক ব্যাকৰণ, প্ৰবোধ ভাগ, ১৯৭২ আৰু সুবোধ ভাগ, ১৯৭৪;
  • ভাষা-ভাষণিকা, ১৯৯২

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. গোস্বামী, গোলোকচন্দ্ৰ(1969) অসমীয়া বৰ্ণ প্ৰকাশ.বীণা লাইব্ৰেৰী.
  2. (25 January 2020). "ভাষাতত্ত্ববিদ, সাহিত্যাচাৰ্য গোলোকচন্দ্ৰ গোস্বামীৰ দেহাৱসান". অসম আমাৰ অসম. সংগ্ৰহ কৰা হৈছে: 25 January 2020.
  3. খাউণ্ড, স্মৃতি ডেকা. "অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চাৰ ইতিহাস". Archived from the original on 2020-06-21। আহৰণ কৰা হৈছে: 24th Jan, 2020.