অসমীয়া ভাষাৰ অন্ধকাৰ যুগ
অসমীয়া ভাষাৰ অন্ধকাৰ যুগ হৈছে ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ ৩৭ বছৰৰ সময়সীমা, যি সময়ত বাংলা ভাষাই অসমীয়া ভাষাক আগুৰি পেলাইছিল।[1][2] ব্ৰিটিছ ভাৰতৰ দিনত ব্ৰিটিছসকলে অসম দখল কৰাৰ লগে লগে অসমীয়াৰ ওপৰত বাংলা ভাষা জাপি দিয়া হৈছিল। তেওঁলোকে অনা কেৰাণী আৰু কাৰিকৰী কৰ্মচাৰীসকলো বঙালী আছিল। বিদ্যালয় আৰু মহাবিদ্যালয়ত বাংলা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে, আৰু সকলো চৰকাৰী উদ্দেশ্যৰ বাবে প্ৰয়োগ কৰা হৈছিল।
ভাৰতলৈ অহা আমেৰিকান বেপ্টিষ্ট মিছনাৰী নাথান ব্ৰাউনে অসমীয়া ভাষাক বাংলা ভাষাই সম্পূৰ্ণৰূপে আগুৰি পেলাব নোৱাৰে বুলি নিশ্চিত কৰিবলৈ ইয়াক পুনৰুদ্ধাৰ কৰাৰ লক্ষ্য লৈছিল। অসমীয়া ভাষা পুনৰুদ্ধাৰৰ স্বাৰ্থত তেওঁ বিষয়টো সেই সময়ৰ ব্ৰিটিছ ভাৰতৰ প্ৰশাসনৰ ওচৰলৈ লৈ গৈছিল। এই মিছনত নাথানৰ পত্নী এলিজা ব্ৰাউন তেওঁৰ অংশীদাৰ আছিল।[3]
ইতিহাস
[সম্পাদনা কৰক]ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে ১৮২৬ চনত অসমক বংগ ৰাষ্ট্ৰত অন্তৰ্ভুক্ত কৰাৰ লগে লগে বিশিষ্ট আহোম ৰাজ্যখনে স্বাধীনতা হেৰুৱাই ব্ৰিটিছ ৰাজ নামেৰে বিদেশী আধিপত্যৰ নতুন শাসন ব্যৱস্থাৰ অধীনলৈ আহে।[4] এইদৰে অসম ১৮৭৩ চনলৈকে বংগ প্ৰশাসনৰ অধীনতেই আছিল। ১৮৭৪ চনৰ ৬ ফেব্ৰুৱাৰীত ইয়াক মুখ্য আয়ুক্তৰ প্ৰদেশ কৰা হয়, যাক ‘উত্তৰ-পূব সীমান্ত’ বুলিও কোৱা হৈছিল। নতুন উপায়ুক্ত অঞ্চলত অসমৰ পাঁচখন জিলা— খাচী-জয়ন্তীয়া পাহাৰ, গাৰো পাহাৰ, নগা পাহাৰ, আৰু গোৱালপাৰা আৰু চিলেট-কাছাৰৰ বঙালী-ভাষী অঞ্চলৰ ডাঙৰ অংশ অন্তৰ্ভুক্ত কৰা হৈছিল; কিন্তু অসমৰ প্ৰধান অংশ কোচবিহাৰ ইয়াৰ পৰা বাদ পৰি গৈছিল।[5] ভাইচৰয় লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ পৰিকল্পনা (১৯০৫) বংগ সীমান্তৰ সিপাৰৰ পৰা অসমলৈ প্ৰব্ৰজনৰ সুবিধা কৰিছিল।[6]
১৮৩৬ চনৰ এপ্ৰিল মাহত, সেৱা ত্যাগ কৰা বা ছুটীত থকা পাৰ্চী লিখকক সলনি কৰাটো ব্যয়বহুল আৰু কঠিন বুলি দোহাই দি, অসমৰ আদালত-ভাষা হিচাপে পাৰ্চীৰ ঠাইত বাংলা ভাষা প্ৰতিস্থাপন কৰা হৈছিল।[7] তাৰ পিছত এংলো-ভাৰ্নেকুলাৰ আৰু স্থানীয় বিদ্যালয়সমূহত বাংলা ভাষাত পাঠদান কৰিবলৈ শিক্ষক উপলব্ধ নোহোৱাত বঙালীসকলৰ সেৱা অপৰিহাৰ্য হৈ পৰিছিল। ১৮৩৭ চনত ভাৰতীয় পৰিষদৰ সভাপতিয়ে XXIX নং আইন (১৮৩৭) গৃহীত কৰে, য’ত গৱৰ্ণৰ জেনেৰেলক ন্যায়িক আৰু ৰাজহ কাৰ্য্যৰ বাবে পাৰ্চী ভাষা ব্যৱহাৰৰ নিয়মক বিৰত ৰাখি, ইয়াৰ সলনি আন যিকোনো ভাষা আৰু লিপি নিৰ্ধাৰণ কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছিল।[8][9]
ব্ৰনছনৰ নথিপত্ৰ চাই কোৱা যায় যে বাংলা প্ৰৱৰ্তনৰ ক্ষেত্ৰত মূল দোষী আছিল সেই ব্ৰিটিছ বিষয়া সকলে, যিসকলৰ অসমীয়া ভাষা শিকাৰ উদ্যোগ নাছিল আৰু অসমীয়া ভাষাক বাংলা ভাষাৰ স্থানীয় ৰূপ বুলি ধৰিছিল।
প্ৰতিক্ৰিয়া
[সম্পাদনা কৰক]আদালত আৰু শিক্ষানুষ্ঠানৰ ভাষা হিচাপে বাংলা ভাষা জাপি দিয়াটোৱে অসমীয়া বুদ্ধিজীৱী আৰু অসমৰ সাধাৰণ সমাজখনক ক্ষুব্ধ কৰি তুলিছিল। এই ভাষা জাপি দিয়াৰ ফলস্বৰূপে অসমত শিক্ষাৰ অগ্ৰগতি লেহেমীয়া আৰু অভাৱনীয় হৈয়েই থাকিল। বহু বঙালীক আনি অসমৰ বিদ্যালয়ত নিযুক্তি দিয়া হ’ল। অসমীয়াত স্কুলৰ পাঠ্যপুথি লিখাৰ বাবে কোনো উৎসাহ নাপালে, ফলস্বৰূপে অসমীয়া সাহিত্যই ক্ষতিগ্ৰস্ত হ’ল। ইয়াৰ পিছৰ দশকবোৰত অসমীয়া আৰু বঙালী জনগোষ্ঠীৰ মাজত উদ্ভৱ হোৱা সাম্প্ৰদায়িক সংঘাতৰ আঁৰৰ এটা মূল কাৰক বুলি ভবা হৈছিল।[10]
প্ৰথম অৱস্থাত এই ভাষা নীতি কোনো ধৰণৰ প্ৰতিবাদৰ সন্মুখীন হোৱা নাছিল। বৰং অসমীয়া অভিজাত শ্ৰেণীয়ে নিজৰ লেখাত, আনকি কথা-বতৰাতো ভাষাটো ব্যৱহাৰ কৰিছিল আৰু চৰকাৰৰ ভাষা নীতি প্ৰায় এটা দশকলৈ প্ৰশ্নবিহীন হৈ ৰ’ল। চৰকাৰী সেৱাত বঙালীৰ নিযুক্তি হঠাৎ বৃদ্ধি পালে, যাৰ ফলত অসমীয়াৰ মাজত নিবনুৱা সমস্যা বাঢ়ি গ’ল। অসমৰ জিলাসমূহত বাংলা 'আমলা'ৰ সংখ্যা বৃদ্ধি পোৱাটোৱে অসমৰ জনসাধাৰণৰ সুকীয়া পৰিচয়ক প্ৰত্যাহ্বান জনাইছে বুলি ভবা হৈছিল, কাৰণ এই অনুপ্ৰৱেশকাৰীসকলৰ নিজস্ব সংস্কৃতি, ভাষা, পৰম্পৰা আছিল। ভূমিত তেওঁলোকৰ উপস্থিতি অসমৰ ভাষা, সংস্কৃতি, অৰ্থনীতি আৰু ৰাজনৈতিক মৰ্যাদাৰ ওপৰত প্ৰভাৱ পেলোৱা বুলি অনুভৱ কৰা হৈছিল।[11]
ভাষা নীতিৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদ আহিছিল আমেৰিকান বেপ্টিষ্ট মিছনেৰী আৰু শিক্ষিত অসমীয়া অভিজাত শ্ৰেণীৰ পৰা। খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে স্থানীয় ভাষাৰ মাধ্যমৰ প্ৰয়োজনীয়তা উপলব্ধি কৰাৰ পাছত মিছনেৰীসকলে অসমীয়াক ৰাজ্যত শিক্ষাৰ উচিত মাধ্যম হিচাপে সমৰ্থন কৰিছিল। ১৮৩৯ চনত বিদ্যালয় পৰিদৰ্শক উইলিয়াম ৰবিনচনে ‘‘Grammar of the Assamese Language’’ ৰচনা কৰিছিল। অসমীয়াত ধৰ্মীয় সামগ্ৰী ছপা কৰাৰ উপৰিও মিছনেৰীসকলে ১৮৪৬ চনত প্ৰকাশিত অৰুণোদয়ৰ জৰিয়তে অসমীয়া ভাষাৰ সুৰক্ষাৰ বাবে অনুৰোধ জনাইছিল। প্ৰধানকৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে দুটা দশক ধৰি প্ৰকাশিত অৰুণোদয়ত বিজ্ঞান, ইতিহাস, ভূগোল আৰু কিছুমান আঞ্চলিক-ৰাষ্ট্ৰীয় বাতৰি আৰু মতামত সম্বলিত তথ্যও থাকিছিল। ই অসমীয়া সমাজৰ নৱপ্ৰজন্মক অসমীয়া ভাষাৰ কামত থিয় দিবলৈ অনুপ্ৰাণিত কৰা বুলি মানা হয়।[12] অসমীয়া ভাষাৰ এক সুকীয়া পৰিচয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মিছনেৰীসকলৰ প্ৰচেষ্টা উল্লেখযোগ্য আছিল আৰু তেওঁলোকে অসমীয়া বুদ্ধিজীৱীসকলৰ পৰা সমৰ্থন লাভ কৰিছিল। তাৰ পিছত চৰকাৰলৈ কেইবাখনো আবেদন আৰু স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছিল। বেপ্টিষ্ট মিছনেৰী আৰু হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকন আদি পুৰুষৰ অবিৰত প্ৰচেষ্টাই অসমীয়া ভাষাক ৰাজ্যত শিক্ষাৰ ভাষা হিচাপে পুনৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।[13]
আলোচনা
[সম্পাদনা কৰক]১৮৭৪ চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰে পূৰ্বৰ ভাষা নীতি সংশোধন কৰি উপায়ুক্তই উল্লেখ কৰে যে প্ৰাথমিক বিদ্যালয়ত বাংলাতকৈ অসমীয়া ভাষাহে শিক্ষাৰ একমাত্ৰ মাধ্যম হ’ব লাগে। এই সিদ্ধান্তই অসমীয়াক সন্দেহ কৰি তুলিছিল যে এয়া অসমীয়াক ঠাই ল’বলৈ বঙালীৰ কৌশল। মুখ্য আয়ুক্তই অসমীয়া ভাষাক প্ৰতিস্থাপন কৰা নহ’ব বুলি আশ্বাস দিয়াৰ পাছতো ১৯ শতিকাৰ শেষলৈকে মধ্যবিত্ত শ্ৰেণীত বাংলা মাধ্যম হৈয়েই থাকিল।[14]
অসমৰ মধ্য আৰু হাইস্কুলত বাংলা ভাষাক মাধ্যম হিচাপে ৰূপায়ণৰ বিৰুদ্ধে অসমীয়া ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ১৯০৩ চনৰ ২৮ মাৰ্চত মুখ্য আয়ুক্তই অসমীয়া ভাষী কামৰূপ জিলাৰ ছাত্ৰ-ছাত্ৰীক অসমীয়াত পাঠদান কৰিব লাগে বুলি উল্লেখ কৰে। কিন্তু অসমীয়া গ্ৰন্থৰ অনুপলব্ধতাই কাৰ্যকৰীকৰণৰ বাটত বাধাৰ সৃষ্টি কৰিলে। অসমীয়া অভিজাত শ্ৰেণীৰ এজন সদস্য মানিক চন্দ্ৰ বৰুৱাই কামৰূপৰ উপ আয়ুক্তৰ আগত এটা বিবৃতি দি কয় যে, যিহেতু জিলাখন কেতিয়াও বংগৰ অংগ নাছিল, আৰু গৌহাটী মূলতঃ অসমীয়া চহৰ, গতিকে তাত থকা হাইস্কুলৰ শিক্ষাৰ মাধ্যম অসমীয়া হ’ব লাগিব। কটন বিশ্ববিদ্যালয় আৰু আৰ্ল ল কলেজ স্থাপনৰ কাৰণ হ’ব পাৰে মানিক চন্দ্ৰ বৰুৱাৰ প্ৰচেষ্টা। বৰুৱাৰ যুক্তিৰ যুক্তিযুক্ততা মানি লওঁতে অসম উপত্যকাৰ আয়ুক্ত পি. জি. মেলিটাছে আঙুলিয়াই দিয়ে যে, বাঙালী ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ অনুৰোধত বাংলা মাধ্যমেৰে নিৰ্দেশনা দিয়াৰ ব্যৱস্থা গৌহাটীত কৰা উচিত। যদিও মেলিটাছে বঙালী সম্প্ৰদায়ৰ দাবীত সন্মতি দিবলৈ ইচ্ছুক আছিল, উপায়ুক্তই অনুভৱ কৰিছিল যে, অসমীয়াতকৈ সমাজ আৰু বংগবাসীৰ সৈতে তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্কৰ বাবে গোৱালপাৰাৰ বিদ্যালয়সমূহে বাংলা মাধ্যমেৰে পাঠদান কৰিব লাগিব। সামৰণি টোকাত অৱশ্যে মেলিটাছে উল্লেখ কৰিছে যে বাংলা ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাত শিক্ষা প্ৰদান কৰাটো দক্ষতাৰ মূল্যত কৰা হৈছে। এই কাৰকসমূহেই ১৯৬০ চনৰ চৰকাৰী ভাষা আন্দোলন আৰু তাৰ পিছত ১৯৭২ চনৰ মাধ্যমৰ নিৰ্দেশনা আন্দোলনৰ ভেটি বুলি ভবা হৈছিল।[15][16][17] মোজাম্মিল হক আছিল অসমৰ মাধ্যম আন্দোলন (মধ্যম আন্দোলন)ৰ প্ৰথম শহীদ।[18]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Paula Banerjee (2008). Women in Peace Politics. Sage. পৃষ্ঠা. 71. ISBN 978-0-7619-3570-4. https://books.google.com/books?id=vYdjAe6plpAC&pg=PA71.
- ↑ Christina S. Furtado (2007). Inter-rebel Group Dynamics: Cooperation or Competition: the Case of South Asia. পৃষ্ঠা. 136. ISBN 978-0-549-34002-7. https://books.google.com/books?id=bRnF9mCzUO4C&pg=PA136.[সংযোগবিহীন উৎস]
- ↑ "Nathan Brown - His contribution to Assam, Eliza Brown, Pioneer of Modern Assamese Language". Onlinesivasagar.com. Archived from the original on 2019-07-17. https://web.archive.org/web/20190717194230/http://onlinesivasagar.com/literature/nathan-brown.htm। আহৰণ কৰা হৈছে: 2011-10-18.
- ↑ Cady, John F. (1968). "MAUNG HTIN AUNG. A History of Burma. Pp. x, 363. New York: Columbia University Press, 1967. $12.00". The Annals of the American Academy of Political and Social Science খণ্ড 378 (1): 187–188. doi:10.1177/000271626837800164. ISSN 0002-7162.
- ↑ Saikia, Hiranya (2012-05-11). "The Assam Legislative Assembly" (en-US ভাষাত). https://www.timesofassam.com/articles/the-assam-legislative-assembly-and-the-prime-minister/.
- ↑ Kalita, Ramesh C. (2011). Situating Assamese Middle Classes, the Colonial Period. প্ৰকাশক Guwahati: Bhabani Prints and Publications, Guwahati. পৃষ্ঠা. 106.
- ↑ Barpujari, H.K. (1998). North-East India, Problem Prospect and Politics. প্ৰকাশক Guwahati: Spectrum Publishers. পৃষ্ঠা. 109.
- ↑ "Government legacy policy, Chapter III". columbia.edu. http://www.columbia.edu/itc/mealac/pritchett/00urduhindilinks/king/03_chapter.pdf। আহৰণ কৰা হৈছে: September 25, 2019.
- ↑ Majumdar, P. (2014). Colonialism, Language and Politics, Origins of the Language Dispute in Assam. প্ৰকাশক Guwahati: DVS Publishers. পৃষ্ঠা. 11, 57.
- ↑ Bose, M.L. (1989). Social History of Assam. প্ৰকাশক New Delhi: Ashok Kumar Mittal Concept Publishing Company. পৃষ্ঠা. 91.
- ↑ Barpujari, H.K (1998). North-East India, Problem Prospect and Politics. প্ৰকাশক Guwahati: Spectrum Publishers. পৃষ্ঠা. 41.
- ↑ Neog, Dimbeswar (1962). New Light in the History of Assamese Literature. প্ৰকাশক Guwahati. পৃষ্ঠা. 360–361.
- ↑ Goswami, P. (2012). The History of Assam from Yandaboo to Partition 1826-1947. প্ৰকাশক New Delhi: Orient Black-swan Private Limited. পৃষ্ঠা. 219–221.
- ↑ Chattopadhay, D.K. (1990). History of the Assamese Movement since 1947. প্ৰকাশক Calcutta: Minerva Association Publication. পৃষ্ঠা. 20–21.
- ↑ Chattopadhyay, Dilipkumar. (1990). History of the Assamese movement since 1947. Minerva Associates (Publications). ISBN 8185195293. OCLC 24261217.
- ↑ "An old building that dazzles with a legacy in legal education - Heritage / Earle Law College" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/north-east/an-old-building-that-dazzles-with-a-legacy-in-legal-education-heritage-earle-law-college/cid/1558032। আহৰণ কৰা হৈছে: 2019-09-25.
- ↑ "The century-old cradle of Assamese intelligentsia - Heritage / Cotton College" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/north-east/the-century-old-cradle-of-assamese-intelligentsia-heritage-cotton-college/cid/1558621। আহৰণ কৰা হৈছে: 2019-09-25.
- ↑ "Death of social worker Sirajul Haque mourned in Mangaldai" (en-US ভাষাত). The Sentinel. 2015-04-10. https://www.sentinelassam.com/news/death-of-social-worker-sirajul-haque-mourned-in-mangaldai/। আহৰণ কৰা হৈছে: 2019-10-15.
| |||||||||||||||||||||||||||