সমললৈ যাওক

অসমীয়া ব্যাকৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অসমীয়া ভাষাৰ ব্যাকৰণৰ পৰা পুনঃনিৰ্দেশিত)

অসমীয়া ব্যাকৰণ হ'ল অসমীয়া ভাষাৰ মূল ভেটি। অসমীয়া ভাষা সঠিকভাৱে লিপিবদ্ধ আৰু প্ৰকাশ কৰিবৰ বাবে কেতবোৰ নীতি নিৰ্দেশনা সমষ্টিকেই অসমীয়া ব্যাকৰণ বোলা হয়। লেখক সত্যনাথ বৰাৰ মতে, “যি পুথি পঢ়িলে অসমীয়া ভাষাত শুদ্ধৰূপে কথা কবলৈ আৰু লিখিবলৈ শিকা যায়, তাক অসমীয়া ভাষাৰ ব্যাকৰণ বোলে।”।[1]

অসমীয়া ভাষাৰ ব্যাকৰণ চৰ্চাৰ ইতিহাস

[সম্পাদনা কৰক]

ব্যাকৰণ চৰ্চাৰ আৰম্ভ হৈছিল প্ৰাচীন ভাৰতবৰ্ষত, বৈদিক সাহিত্যৰ লগতে বিভিন্ন ব্ৰাহ্মণ গ্ৰন্থসমূহৰ মাজেদি। অৱশ্যে এনে চিন্তাই সুনিৰ্দিষ্ট ৰূপ লাভ কৰে পাণিনিৰ দ্বাৰা ৰচিত ‘অষ্টাধ্যায়ী’ নামে খ্যাত “শব্দানুশাসনম” নামৰ গ্ৰন্থৰ মাজেৰে। অসমত এই ব্যাকৰণ চৰ্চাৰ আৰম্ভ হয় উনবিংশ শতিকাত, ইংৰাজ বিষয়া আৰু আমেৰিকান মিছনেৰীসকল অসমলৈ অহাৰ পাছতহে। ১৮৩৯ চনত ইংৰাজ বিষয়া উইলিয়াম ৰবিন্সন চাহাবে ৰচনা কৰা “A Grammar of the Assamese Language” নামৰ ব্যাকৰণখনেই ইংৰাজী ভাষাত লিখা প্ৰথম অসমীয়া ব্যাকৰণ।[2] ইয়াৰ ন বছৰ পিছত নাথান ব্ৰাউনৰ ইংৰাজী ভাষাত লিখা “Grammatical Notices of the Asamese Languageনামৰ ব্যাকৰণখন অসমীয়া ভাষাৰ দ্বিতীয় ব্যাকৰণ।[2] অসমীয়া ভাষাত লিখা প্ৰথম অসমীয়া ব্যাকৰণখন হ’ল, হেমচন্দ্ৰ বৰুৱাৰ ১৮৫৯ চনত শিৱাসাগৰ মিছন প্ৰেছৰ পৰা প্ৰকাশিত অসমীয়া ভাষাৰ ব্যাকৰণ[3] এইখন ব্যাকৰণৰেই কিছু সংশোধন ঘটাই নতুনকৈ অসমীয়া ব্যাকৰণ নামেৰে ১৮৭৩ চনত হেমচন্দ্ৰ বৰুৱাই দ্বিতীয়খন ব্যাকৰণ লিখে।[2] এইজনা লেখকেই ১৮৮২ চনত অসমীয়া ল’ৰাৰ ব্যাকৰণ নামৰ আন এখনি পুথি লিখে।[2] ১৯৭৩ চনত দীনবন্ধু তৰ্কালংকাৰৰ “অসমীয়া ল’ৰাৰ ব্যাকৰণ’’, ১৮৮৪ চনত ধৰ্মেশ্বৰ গোস্বামীৰ “ল’ৰাবোধ ব্যাকৰণ’’, ১৮৮৭ চনত নাৰায়ণ শৰ্মা বিদ্যাভূষণৰ “আশুবোধ ব্যাকৰণ’’, ১৮৯৬ চনত শিৱনাথ শৰ্মা ভট্টাচাৰ্যৰ “পঢ়াশালীৰ অসমীয়া ব্যাকৰণ’’, ১৯১০ চনত পঢ়াশলীয়া পুথিৰ মৰ্যাদা পোৱা লোকনাথ শৰ্মাৰ “অসমীয়া ব্যাকৰণ’’, ১৯১৮ চনত হৰিনাৰায়ণ দত্তবৰুৱাই ৰচনা কৰা “ব্যাকৰণ পাঠ (প্ৰথম ভাগ)’’ আদি কুৰি শতিকাৰ প্ৰথম ভাগলৈ অসমীয়া ভাষাৰ উল্লেখযোগ্য ব্যাকৰণ পুথি।[2]

ধ্বনি বা বাগ্‌ধ্বনি

[সম্পাদনা কৰক]

ধ্বনি হৈছে ভাষাৰ মূল। মানুহে কথা বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগ বা খণ্ডবোৰকে বাগ্‌ধ্বনি, বা চমুকৈ ধ্বনি বোলে।[4]

আখৰ বা বৰ্ণ

[সম্পাদনা কৰক]

আখৰ বা বৰ্ণ হ'ল অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন।[5] কোনো ভাষাক লিখিত ৰূপ দিবলৈ যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হয় সেইবোৰেই আখৰ৷[6] উদাহৰণ হিচাপে অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা — অ, আ, ই, ক, খ, গ আদি চিহ্ন৷ অসমীয়া ব্যঞ্জনবৰ্ণমালাত ৪১ টা আখৰ পোৱা যায় যদিও ইয়াৰে ‘ক্ষ’ আখৰটো ‘ক’ আৰু ‘ষ’ৰ যুগ্ম ৰূপহে (ক+ষ=ক্ষ)৷ আখৰৰ সমাৰ্থক শব্দ হ'ল: অক্ষৰ, আক্ষৰ, বৰ্ণ, লিপি, হৰফ।

যুক্তাক্ষৰ

[সম্পাদনা কৰক]

যুক্তাক্ষৰ বা সংযুক্ত বৰ্ণ হৈছে একেলগে লিখিত আৰু উচ্চাৰিত একাধিক ব্যঞ্জন-বৰ্ণ।[7] সাধাৰণতে দুটা বা ততোধিক ব্যঞ্জন বৰ্ণ লগ লাগি গঠন হোৱা আখৰক যুক্তাক্ষৰ বোলা হয়। যেনে- ক + ক = ক্ক, ক + ষ + ম = ক্ষ্ম।

সাধাৰণতে এটা বা তাতোকৈ অধিক বৰ্ণ বা আখৰ লগ লাগি অৰ্থ প্ৰকাশ কৰাকে শব্দ বোলে। যেনে: কলম, কিতাপ।

মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বোলে। যেনে: অসমীয়া ভাষা, বাংলা ভাষা, হিন্দী ভাষা, ইংৰাজী ভাষা

বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেকটি পদৰ বিশেষ বিৱৰণ বা পৰিচয় দিয়াকেই পদ বোলে। পদ পাঁচ প্ৰকাৰৰ -

  • বিশেষ্য :- কোনো নাম, জাতি, বস্তু বা প্ৰণালীৰ নাম, ঠাইৰ নাম বুজোৱা শব্দক বিশেষ্য পদ বোলে। যেনে- চৰাই, আপেল, ল'ৰা, কলম আদি।
  • বিশেষণ :- যিবোৰ শব্দই বিশেষ্য আৰু সৰ্বনাম পদৰ দোষ-গুণ বুজায় তাক বিশেষণ পদ বোলে। বেয়া, শকত, অন্ধ, ধুনীয়া আদি।
  • সৰ্বনাম :- বিশেষ্য পদৰ সলনি যিবোৰ পদ ব্যৱহাৰ হয় তাক সৰ্বনাম পদ বোলে। মই, আমি, তুমি, আপুনি, সি আদি
  • অব্যয় :- যি পদৰ কোনো অৱস্থাতে পৰিৱৰ্তন নহয় তাক অব্যয় বোলে। সৈতে, ওপৰত, ভিতৰত, তলত আদি।
  • ক্ৰিয়া :- যিবোৰ শব্দই কোনো কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়া পদ বোলে। খাওঁ, যাওঁ, খেলিছে, পঢ়া আদি।

কাল (Tense) শব্দৰ অৰ্থ হৈছে — কোনো ক্ৰিয়া, ঘটনা বা অৱস্থা যি সময়ত সংঘটিত হয়, হৈছিল বা হ'ব — সেই সময়ক নিৰ্দেশ কৰা ব্যাকৰণিক উপাদান। অসমীয়া ভাষাত কাল মূলত তিনিধৰণৰ — বৰ্তমান, অতীত আৰু ভৱিষ্যত।[8]

বচন শব্দৰ সাধাৰণ অৰ্থ কথা, উক্তি বা বক্তব্য। বচন শব্দই ভাষাৰ আলোচনাত পদে বুজোৱা সংখ্যা বা পৰিমাণ বুজায়। অসমীয়া ভাষাত বচন দুই প্ৰকাৰৰ - একবচনত আৰু বহুবচন।একবচনত

যি চিনৰ দ্বাৰা স্ত্ৰী-পুৰুষৰ ভেদ প্ৰকাশ কৰা হয়, তাক লিঙ্গ বোলে। অসমীয়া ভাষাত লিঙ্গক চাৰি ভাগত ভাগ কৰা হৈছে[9] -

  • পুংলিঙ্গ (Macsuline Gender)
  • স্ত্ৰীলিঙ্গ (Feminine Gender)
  • ক্লীৱলিঙ্গ (Neuter Gender)
  • উভয় লিঙ্গ (Common Gender)

পৰস্পৰ অৰ্থত সম্পৰ্ক থকা দুই বা তাতোধিক পদ লগ লাগি এটা পদ হোৱাকে সমাস বোলে। যেনে:- দুই মাহৰ সমাহাৰ = দোমাহী। সমাস ছয় প্ৰকাৰৰ -

  1. দ্বন্দ্ব সমাস
  2. বহুব্ৰীহি সমাস
  3. কৰ্মধাৰয় সমাস
  4. তৎপুৰুষ সমাস
  5. দ্বিগু সমাস
  6. অব্যয়ীভাব সমাস

বিভক্তি

[সম্পাদনা কৰক]

নাম শব্দ বা প্ৰকিপাদিক আৰু ধাতুৰ পাছত যিবোৰ চিন যোগ হৈ পদ গঠন হয়, তাকেই বিভক্তি বোলে। বিভক্তি দুই প্ৰকাৰৰ - শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি।

শব্দ বিভক্তি

[সম্পাদনা কৰক]

মনৰ ভাব প্ৰকাশ কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁতে সেই বাক্যৰ বা ক্ৰিয়াৰ লগত আন আন শব্দৰ পাৰস্পৰিক সংগতি বা সম্বন্ধ ৰাখি প্ৰাতিপদিকৰ পিছত কিছুমান বৰ্ণ বা বৰ্ণ সমষ্টি যোগ কৰা হয়। সেই বৰ্ণ বা বৰ্ণ সমষ্টিকেই শব্দ বিভক্তি বোলে। শব্দ বিভক্তি ৭ প্ৰকাৰৰ আছে। তলত উল্লেখ কৰা হ’ল।

প্ৰথমা বিভক্তি – এ (ই):-

(আ-কাৰান্ত শব্দৰ পিছত ‘এ’ বিভক্তিৰ ঠাইত ‘ই’ যোগ হয়) যেনে :শিখা + এ = শিখাই (ই, ঈ, ঐ-কাৰান্ত শব্দৰ পিছত ‘এ’ বিভক্তিৰ ঠাইত ‘য়’ আৰু উ,ঊ,ঔ-কাৰান্ত শব্দৰ পিছত ‘এ’ বিভক্তিৰ ঠাইত ‘ৱ’ যোগ হয়) যেনে : হৰি + এ= হৰিয়ে। মধু + এ= মধুৱে।

দ্বিতীয়া বিভক্তি – ক:-

কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি যোগ হয়। অপ্ৰাণীবাচক কৰ্মত দ্বিতীয়া বিভক্তি লোপ পায়। যেনে—ভাতক খাওঁ। ইয়াত ক লোপ পাই ভাত খাওঁ হৈছে। প্ৰাণীবাচক কৰ্মত দ্বিতীয়া বিভক্তি ব্যৱহাৰ হয়। যেনে – তাইক ভাল পাওঁ

তৃতীয়া বিভক্তি – এ, ৰে, দি, দ্বাৰা, দ্বাৰাই:-

কৰণ কাৰকত তৃতীয়া বিভক্তি হয়। যেনে – হাতে, হাতেৰে, হাতেদি ষষ্ঠী বিভক্তিৰ পিছত অনুসৰ্গ ৰূপে দ্বাৰ ব্যৱহাৰ হয়। দ্বাৰ শব্দৰ লগত আ যোগ কৰি কৰণ বোধক অনুসৰ্গ দ্বাৰা সৃষ্টি কৰা হয়। দ্বাৰা শব্দৰ পিছত এ যোগ কৰি দ্বাৰাএ = দ্বাৰাই বা দ্বাৰায় উদ্ভৱ হৈছে। যেনে—ৰামৰদ্বাৰা বা দ্বাৰাই(দ্বাৰায়)

চতুৰ্থী বিভক্তি – লৈ:-

দিশ, লক্ষ্য, উদ্দেশ্য প্ৰকাশ কৰিবলৈ চতুৰ্থী বিভক্তি ব্যৱহৃত হয়। যেনে—ঘৰলৈ, স্কুললৈ আহ্, যা, চা আদি ধাতুৰ লগত চতুৰ্থী বিভক্তি হয়। যেনে – ঘৰলৈ যা। ভৱিষ্যত কালত ক্ৰিয়া সম্পন্ন বুজাবলৈ কালবাচক শব্দত চতুৰ্থী বিভক্তি যোগ হয়। যেনে – কাইলৈ যাম।

পঞ্চমী বিভক্তি – ৰ, পৰা:-

অপাদান কাৰকত পঞ্চমী বিভক্তি যোগ হয়। ব্যাপ্তি, উৎপন্ন, মুক্তি, আৰম্ভ আদি ভাব বুজালে অপাদান কাৰক হয়। যেনে – গছৰ পৰা গুটি সৰে। কালবাচক আৰু স্থানবাচক শব্দৰ সীমা বুজালে পঞ্চমী বিভক্তি যোগ হয়। যেনে – সৰু কালৰ পৰা সি দুষ্ট।

ষষ্ঠী বিভক্তি – ৰ:-

নাম শব্দ বা সংজ্ঞা শব্দৰ মাজত সম্বন্ধ বুজাবলৈ ষষ্ঠী বিভক্তি যোগ হয়। যেনে – গৰুৰ গাখীৰ। 'গাখীৰ' নামৰ শব্দৰ 'গৰু' নামৰ শব্দৰ লগত সম্বন্ধ আছে। সেইকাৰণে ষষ্ঠী বিভক্তি যোগ হৈছে। ভাববাচ্যৰ বাক্যত কৰ্তৃকাৰকত ষষ্ঠী বিভক্তি যোগ হয়। যেনে – মোৰ যোৱা নহ’ব।

সপ্তমী বিভক্তি – ত, এ:-

অধিকৰণ কাৰকত সপ্তমী বিভক্তি যোগ হয়। যেনে- স্কুলত কোনো নাই। তুলনা বুজাবলৈ সপ্তমী বিভক্তি ব্যৱহাৰ হয়। যেনে – ৰীণাতকৈ বীণা ডাঙৰ। অসমাপিকা ক্ৰিয়া লোপ পালে সপ্তমী বিভক্তি হয়। যেনে : ৰামৰ কথাত সকলো স্তম্ভিত হ’ল। ইয়াত ‘কথা শুনি’ৰ অসমাপিকা ক্ৰিয়া লোপ পাই অকল কথা আছে। গতিকে সপ্তমী বিভক্তি যোগ হৈ কথাত হৈছে।

চন্দ্ৰবিন্দুৰ ব্যৱহাৰ

[সম্পাদনা কৰক]

অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ এটা মনকৰিবলগীয়া বিষয়। চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ ক্ষেত্ৰত ড॰ মহেশ্বৰ নেওগৰ 'নিকা অসমীয়া ভাষা' আৰু ড॰ গোলোকচন্দ্ৰ গোস্বামীৰ 'অসমীয়া ব্যাকৰণ-প্ৰৱেশ' নামৰ কিতাপ দুখনত উল্লেখ কৰা নিয়মসমূহ তলত আলোচনা কৰা হ'ল।

  1. অসমীয়া নিত্য বৰ্তমানৰ প্ৰথমাৰ সকলো ক্ৰিয়াতে ওঁ বিভক্তি যোগ হয়। সেয়ে ওঁ বিভক্তি থকা শব্দত চন্দ্ৰবিন্দু যোগ হয়। যেনে-মই কাম কৰোঁ, মই ভাত খাওঁ, আমি গান গাওঁ। একেদৰে ধৰোঁ, বহোঁ, উঠোঁ ইত্যাদি।
  2. মনকৰিবলগীয়া কথা যে, ওঁ থাকিলেই চন্দ্ৰবিন্দু নহয়। যেনে- মই মনে মনে গুণো, কাণ পাতি শুনো। ইয়াৰ কাৰণ হৈছে ঙ, ঞ, ণ, ন, ম আদি অনুনাসিক ব্যঞ্জন থাকিলে তাৰ ওপৰত চন্দ্ৰবিন্দু লিখা নহয়। এনেধৰণৰ ব্যঞ্জন বৰ্ণসমূহে নিজেই অনুনাসিক উচ্চাৰণ ধৰি ৰাখে।
  3. কৰাঁ, যোৱাঁ, কৰিবাঁ, হ'বাঁ এইবোৰ অনুজ্ঞাৰ ক্ৰিয়া। এইবোৰত চন্দ্ৰবিন্দু প্ৰয়োগ হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
  4. আহোঁতে, উঠোঁতে, বহোঁতে, খাওঁতে এইবোৰত 'ওঁতে' প্ৰত্যয় যোগ হোৱাৰ বাবে চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। "সকলো কালত কোনো এটা ক্ৰিয়া কৰি থাকোঁতেই আন এটা ক্ৰিয়া হোৱা অৰ্থ বুজাবলৈ ধাতুৰ পিছত ওঁ-তে প্ৰত্যয় হৈ অসমাপিকা ক্ৰিয়া হয়। " এইবোৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিবলৈ পাহৰিব নালাগে।
  5. আহোঁতা, নিওঁতা, দিওঁতা, খাওঁতা, কৰোঁতা আদিৰ পিছত ওঁ-তা কৃতপ্ৰত্যয় যোগ হৈছে। ইয়াত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ হয়।
  6. সংস্কৃতৰ পৰা ওলোৱা কিছুমান অসমীয়া শব্দৰ মূল শব্দটোত ং, ঙ, ঞ, ণ, ন, ম আদি থাকিলেই অসমীয়া শব্দত চন্দ্ৰবিন্দু ব্যৱহাৰ হয়। যেনে-গ্ৰাম > গাঁওকণ্টক > কাঁইটঅঙ্ক > আঁকসঞ্চ > সাঁচৱংশ > বাঁহ পঞ্চ > পাঁচ ইত্যাদি।
  7. কিন্তু কেতিয়াবা মূলৰ ং, ঙ, ঞ, ণ, ন, ম নথকাকৈয়ে অসমীয়া ভাষাত কিছুমান স্বতঃঅনুনাসিক (spontaneous nasalisation) হোৱা দেখা যায়। যেনে- সঁচা, ছাঁ, আঁহত, ঘোঁৰা, ফেঁচা ইত্যাদি। এইবোৰত অনুনাসিকতাই মূল কাৰণ।
  8. 'ও' থাকিলেও চন্দ্ৰবিন্দু বহুৱাৰ কোনো নিয়ম নাই। যেনে- নেওগ, নেওতা ইত্যাদি।
  9. বহুবচন বুজোৱা -হঁত প্ৰত্যয়ত সদায় চন্দ্ৰবিন্দু দিব লাগে। যেনে- সিহঁত, তহঁত।
  10. মনকৰিবলগীয়া কথা যে, অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰে শব্দৰ অৰ্থও পৃথক কৰিব পাৰে। যেনে-
কাঁহ (এবিধ ধাতু ), কাহ (ডিঙিৰ খচখচনিত মুখেৰে কৰা শব্দ)
কাঁচ (দাপোন ), কাচ (সাজ পাৰ কৰা)
আঁহ (ফল মূল্, গছ আদিৰ ভিতৰত থকা সূতাৰ দৰে সূক্ষ্ম অংশ ), আহ (আমন্ত্ৰণ কৰা)
বাঁহ (এবিধ গছ ),বাহ (চৰাইৰ ঘৰ)
আঁহত (এবিধ গছ ), আহত (আঘাত পোৱা)
ভাঁজ (কোণ, পাক ), ভাজ (তেলত সিদ্ধ কৰা )
পাঁচ (সংখ্যা), পাচ (পাচত)
ধোঁৱা ( জুইৰ পৰা উদ্ভৱ হোৱা বাষ্প), ধোৱা (নিকা কৰা )।

কাৰক (Case সংজ্ঞা: ক্ৰিয়াৰ লগত যাৰ অন্বয় বা সম্বন্ধ আছে, তাক কাৰক বোলে। অসমীয়াত ছবিধ কাৰক আছে:

  1. কৰ্তা কাৰক (Nominative)
  2. কৰ্ম কাৰক (Accusative)
  3. কৰণ কাৰক (Instrumental)
  4. সম্প্ৰদান কাৰক (Dative)
  5. অপাদান কাৰক (Ablative)
  6. অধিকৰণ কাৰক (Locative)

ক্ৰিয়াৰ ভাব ৰূপ

[সম্পাদনা কৰক]

ক্ৰিয়াৰ ভাব ৰূপ (Moods) :- বাক্যত ব্যৱহৃত বিভিন্ন ক্ৰিয়াৰ প্ৰকাশৰ প্ৰক্ৰিয়া বা ভাব-ৰূপ বা অৰ্থ বুজাবলৈ চাৰিবিধ ভাব-ৰূপৰ সহায় লোৱা হয়।

  1. নিৰ্দেশক (Indicative)
  2. সম্ভাব্য (Conditional)
  3. অনুজ্ঞা (Imperative)
  4. নিমিত্তাৰ্থক (Infinitive)
  • নিৰ্দেশক ভাব-ৰূপ – সাধাৰণ ভাবে ক্ৰিয়াৰ ভাব প্ৰকাশ কৰা ক্ৰিয়াৰ ৰূপক নিৰ্দেশক ৰূপ বোলে। যেনে – খাওঁ, খাম ইত্যাদি। ইয়াত কেৱল ক্ৰিয়াৰ কাৰ্য্যৰ কথা উল্লেখ আছে আৰু ক্ৰিয়াৰ ভাব-ৰূপ প্ৰত্যক্ষ ভাবে প্ৰকাশ পাইছে।
  • সম্ভাব্য ভাব-ৰূপ – সম্ভাৱনা থকা অৰ্থ বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ হয়, তাকেই সম্ভাব্য ভাব-ৰূপ বোলা হয়। যেনে – যদি তুমি আহিলাহেঁতেন একেলগে ফুৰিবলৈ গ’লোহেঁতেন। ইয়াত ‘গ’লোহেঁতেন’ ক্ৰিয়াই সম্ভাৱনা প্ৰকাশ কৰিছে। ( সম্ভাব্য ক্ৰিয়া প্ৰকাশ কৰিবলৈ, যদি, হেঁতেন, হ’বলা ইত্যাদিৰ সহায় লোৱা হয়। যেনে - যদি তুমি আহিলাহেঁতেন একেলগে ফুৰিবলৈ গ’লোহেঁতেন। এই বাক্যত ‘যদি’ আৰু ‘হেঁতেন’ৰ সহায় লোৱা হৈছে। আনহাতে অনিশ্চিত অৰ্থত ‘হ’বলা’ বা ‘হ’ব পায়’ ব্যৱহাৰ কৰা হয়। যেনে – সি কামটো কৰিব হ’বলা। )
  • অনুজ্ঞা ভাব-ৰূপ – আদেশ, অনুৰোধ, প্ৰাৰ্থনা, আশীৰ্বাদ ইত্যাদি অৰ্থ প্ৰকাশ কৰা ক্ৰিয়াৰ ৰূপক অনুজ্ঞা ভাব-ৰূপ বোলে। যেনে – আদেশ অৰ্থ – কামটো সোনকালে কৰা আৰু ঘৰলৈ যোৱা। আশীৰ্বাদ অৰ্থ – তোমালোকৰ মঙ্গল হ’ক (হওক)। ( অনুজ্ঞা ভাব-ৰূপ কেৱল বৰ্তমান আৰু ভৱিষ্যত কালতহে হয় )
  • নিমিত্তাৰ্থক ভাব-ৰূপ – কোনো ক্ৰিয়া সম্পাদনৰ বাবে বা নিমিত্তে আন ক্ৰিয়া সম্পাদিত হ’লে সম্পাদনৰ নিমিত্তে থকা ক্ৰিয়াটোৰ ভাব-ৰূপক নিমিত্তাৰ্থক ভাব-ৰূপ বোলা হয়। যেনে – মই তাইৰ ওচৰত অংক শিকিবলৈ আহিছোঁ। ইয়াত ‘আহিছোঁ’ ক্ৰিয়া ‘শিকা’ ক্ৰিয়া সম্পাদনৰ নিমিত্তে হৈছে। গতিকে ‘শিকিবলৈ’ নিমিত্তাৰ্থক ভাব-ৰূপ।

ণত্ববিধি আৰু ষত্ববিধি

[সম্পাদনা কৰক]

ণত্ববিধি (Change of ন into ণ) : সংস্কৃত ভাষাত দন্ত্য ন কেতিয়া আৰু কেনেকৈ মূৰ্ধন্য ণ হয় তাক জানিবৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। সেই নিয়মবোৰকে ণত্ববিধি বোলে।[10]

বিধি শব্দৰ অৰ্থ বিধান বা নিয়ম। ণত্ববিধি সংস্কৃত ভাষাৰহে বিধান। আমি সংস্কৃত ভাষাৰ অসংখ্য শব্দ অসমীয়া ভাষাত ব্যৱহাৰ কৰোঁ। সেয়েহে সেইবোৰ শব্দত সংস্কৃত ভাষাৰ বিধান মানিব লাগে।[10]

ষত্ববিধি (Change of স into ষ) : বৰ্ণগত পৰিৱেশ ভেদে, অৰ্থাৎ ঠাই লৈ একেটা ধাতুৰে বা একেটা শব্দৰে দন্ত্য স মূৰ্ধন্য ষ -লৈ ৰূপান্তৰ হোৱাৰ নিয়মকে ষত্ববিধি বোলে।[11]

সন্ধি হ'ল ওচৰাচৰিকৈ থকা দুই বৰ্ণৰ মিলন।[12] অসমীয়া ভাষাত সন্ধি ৩ প্ৰকাৰৰ― স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। সন্ধিৰ ব্যৱহাৰ সংস্কৃত ভাষাতহে অধিক, পিচে অসমীয়া ভাষাত সংস্কৃত শব্দৰ অত্যধিক ব্যৱহাৰৰ বাবে অসমীয়া ব্যাকৰণতো সন্ধিৰ আলোচনা কৰা হয়।

বাক-সংহতি

[সম্পাদনা কৰক]

কম কথাৰে বহু অৰ্থ প্ৰকাশ কৰিবলৈ মানুহে যত্ন কৰে আৰু তেনে প্ৰক্ৰিয়াকে বাক-সংহতি বুলি অভিহিত কৰা হয়।

মনৰ ভাব লিখি প্ৰকাশ কৰাৰ ক্ষেত্ৰত বাক্যবোৰৰ উপযুক্ত অৰ্থ প্ৰকাশৰ বাবে কিছুমান চিন বা চিহ্ন, যেনে: কমা (,), দাৰি (। ), আদি ব্যৱহাৰ কৰোঁ। এই চিনবোৰকে 'যতি-চিহ্ন' বোলা হয়।

বিপৰীতাৰ্থক শব্দ

[সম্পাদনা কৰক]

কোনো শব্দৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দকে বিপৰীতাৰ্থক শব্দ বা বিপৰীত শব্দ বোলা হয়।[13] যেনে: ভাল-বেয়া, দিন-ৰাতি আদি।

সমাৰ্থক শব্দ

[সম্পাদনা কৰক]

সমাৰ্থক শব্দ হ'ল কোনো শব্দৰ সলনি বা বিকল্প হিচাপে ব্যৱহাৰ হোৱা বা একে অৰ্থ প্ৰকাশক শব্দ। সমাৰ্থক শব্দক প্ৰতিশব্দ বুলিও কোৱা হয়। যেনে: অগ্নি : জুই, অনল, বহ্নি, হুতাশন, পাৱক।

সমোচ্চাৰিত শব্দ

[সম্পাদনা কৰক]

সমোচ্চাৰিত শব্দ মানে একে উচ্চাৰণ কিন্তু বাক্য অনুসৰি ভিন্ন অৰ্থ প্ৰকাশ কৰা শব্দ। যেনে- চিন: দাগ বা চিহ্ন; চীন: এখন দেশ।

খণ্ড বাক্য

[সম্পাদনা কৰক]

খণ্ডবাক্য হ'ল গোটেই বাক্য‌ এটাৰ এটা অংশ। খণ্ডবাক্যত কৰ্তা আৰু সমাপিকা ক্ৰিয়া থাকে। খণ্ডবাক্য নিজেই এটা বাক্য। ইংৰাজীত ইয়াক Clause বোলে। যেনে: চকুত ধূলি মৰা, বগা হাতী আদি।

জতুৱা ঠাঁচ

[সম্পাদনা কৰক]

জতুৱা ঠাঁচ হৈছে অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমষ্টি, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটীয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হ’লে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমাৰ্থক শব্দ হৈছে Idiom

ফকৰা-যোজনা

[সম্পাদনা কৰক]

ফকৰা-যোজনা (ইংৰাজী: Assamese Proverb) হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা হয়।[14] ফকৰা- যোজনাবোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্যৱহাৰ কৰা হয়। ইয়াক ইংৰাজী ভাষাৰ Proverb-অৰ লগত তুলনা কৰিব পাৰি।

অসমীয়া ব্যাকৰণ কিতাপ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "বহল ব্যাকৰণ". https://as.wikisource.org/wiki/%E0%A6%AC%E0%A6%B9%E0%A6%B2_%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%A3/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE_%E0%A6%85%E0%A6%A7%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%AF%E0%A6%BC। আহৰণ কৰা হৈছে: 19 November 2024. 
  2. 2.0 2.1 2.2 2.3 2.4 ডেকা, ড° খগেশ সেন (২০২০). অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্বৰ ৰূপৰেখা. বান্ধৱ. পৃষ্ঠা. ৬. 
  3. গোস্বামী, যতীন্দ্ৰনাথ (১ম প্ৰকাশ ১৯৯৯, ২য় প্ৰকাশ ২০১৫). হেমচন্দ্ৰ বৰুৱা ৰচনাৱলী. হেমকোষ প্ৰকাশন. পৃষ্ঠা. ০৫. 
  4. গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ (2000). বাগ্‌ধ্বনি. পৃষ্ঠা. 31-34. 
  5. "আখৰ". শব্দ অভিধান. https://www.xobdo.org/dic/আখৰ। আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ, ২০২৪. 
  6. "আখৰ, বৰ্ণ ইত্যাদি". ভগ্নাংশ নিৰ্মাণ. https://mrinaljyotigoswami.blogspot.com/2011/08/blog-post_12.html?m=1। আহৰণ কৰা হৈছে: ৫ ডিচেম্বৰ, ২০২৪. 
  7. চলিহা, সুমন্ত (নৱম প্ৰকাশ, পুনৰ মুদ্ৰন, ২০০৯). আধুনিক অসমীয়া শব্দকোষ. প্ৰকাশক গুৱাহাটী: বাণী মন্দিৰ. পৃষ্ঠা. ৫২৩. ISBN 81-7206-207-1. 
  8. "অসমীয়াত কাল Tenses in Assamese" (as ভাষাত). Amar Axom. https://amaraxom.com/%E0%A6%95%E0%A6%BE%E0%A6%B2-tenses-in-assamese/। আহৰণ কৰা হৈছে: 2025-10-13. 
  9. -gender-in-assamese/ "অসমীয়া ভাষাত লিঙ্গ". amaraxom.com. https://amaraxom.com/লিঙ্গ-। -gender-in-assamese/। আহৰণ কৰা হৈছে: 16 November 2024. 
  10. 10.0 10.1 গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ (2012). অসমীয়া ব্যাকৰণ প্ৰৱেশ. বীণা লাইব্ৰেৰী. পৃষ্ঠা. 71-75. 
  11. গোস্বামী, ড॰ শ্ৰীগোলোকচন্দ্ৰ (2012). অসমীয়া ব্যাকৰণ প্ৰৱেশ. বীণা লাইব্ৰেৰী. পৃষ্ঠা. 75-77. 
  12. ড॰ দাস আৰু ড॰ ভট্টাচাৰ্যৰ ৰচনা সঞ্চয়ন, ৮ম সংস্কৰণ
  13. "বিপৰীতাৰ্থক শব্দ". piassam.com. https://www.piassam.com/2023/09/assamese-antonyms.html?m=1। আহৰণ কৰা হৈছে: 16 November 2024. 
  14. "ফকৰা-যোজনা". xobdo.org. xobdo.org. Archived from the original on March 5, 2016. https://web.archive.org/web/20160305021643/http://www.xobdo.org/asm/%E0%A6%AB%E0%A6%95%E0%A7%B0%E0%A6%BE%20%E0%A6%AF%E0%A7%8B%E0%A6%9C%E0%A6%A8%E0%A6%BE। আহৰণ কৰা হৈছে: February 05, 2013. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]