অসমীয়া শিশু নাট
শিশু নাট হ'ল শিশুৰ বাবে, শিশুৰ স'তে আৰু শিশুৰ দ্বাৰা এই তিনিধৰণে শিশুৰ উপযোগীকৈ ৰচনা আৰু মঞ্চত্ব কৰা নাটক। শিশুনাট সমূহত শিশু মনস্তত্ত্ব প্ৰতিফলন কৰি মুখ্যতঃ শিশু দৰ্শক পাঠকৰ বাবেই ৰচনা আৰু মঞ্চস্থ কৰা হয়। অৰুণ শৰ্মাৰ মতে, শিশু নাট মানে আমি সদায় ঘৰে ঘৰে দেখি অহা শিশুৰ মেকবিলিত খেল-ধেমালিবোৰকে অসংগঠিত অৱস্থাৰ পৰা সুসংগঠিত আৰু সুপৰিকল্পিত একোটা কলাসুলভ ৰূপ দিয়া।[1] মনোৰঞ্জনৰ লগতে শিশুৰ নৈতিক, আধ্যাত্মিক, সামাজিক, পাৰিপাৰ্শ্বিক আৰু মানৱীয় প্ৰমূল্যসমূহৰ প্ৰতি সচেতন কৰি তোলাটো শিশু নাটকৰ অন্যতম বৈশিষ্ট্য।[2]
অসমীয়া শিশু নাট
[সম্পাদনা কৰক]অসমীয়া শিশুনাটৰ ইতিহাস বিচাৰ কৰিলে দেখা যায় যে মধ্যযুগতে অসমীয়া সাহিত্যত শিশুনাট্য সাহিত্যৰ উন্মেষ ঘটে। পঞ্চদশ শতিকাত মাধৱদেৱে ৰচনা কৰা চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বেহাৰ এই নাটকেইখন অসমীয়া শিশুনাটকৰ প্ৰাচীনতম আৰু উৎকৃষ্ট নিদৰ্শন। অৱশ্যে এই নাটক সমূহ শিশুক উদ্দেশ্য কৰি ৰচনা কৰা হোৱা নাছিল। বিংশ শতিকাৰ আৰম্ভণিৰ পৰাহে প্ৰকৃততে শিশু উপযোগী নাট ৰচনা আৰু অভিনয় হয়। বিংশ শতিকাৰ সত্তৰ দশকৰ পৰা এই অসমীয়া শিশু নাটে ধাৰাবাহিকতা লাভ কৰে।
শিশু নাট চৰ্চা
[সম্পাদনা কৰক]১৯০৯ চনত পদ্মনাথ গোহাঞিবৰুৱায়ে ৰচনা কৰা "টেটোন তামুলী "এখন প্ৰধান শিশু নাট। ১৯২৮চনত পদ্মনাথ চলিহাই ৰচনা কৰা "কেনে মজা" শিশু নাট্য সাহিত্যৰ উল্লেখযোগ্য সংযোজন। ইয়াৰ পিছত ক্ৰমে কীৰ্তিনাথ বৰদলৈ, মুক্তিনাথ বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, মিত্ৰদেৱ মহন্ত, অতুল চন্দ্ৰ হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা, মহেন্দ্ৰ বৰা, আনন্দ চন্দ্ৰ বৰুৱা, নলিনীবালা দেৱী আদিয়ে শিশু মনক আনন্দ আৰু নীতি শিক্ষা প্ৰদানৰ উদ্দেশ্যৰে শিশু নাট ৰচনা কৰে। সত্তৰ দশকৰ পৰা বৰ্তমান একবিংশ শতিকা পৰ্যন্ত বহু নাট্যকাৰে বুৰঞ্জীমূলক, দেশপ্ৰেমূলক, পৌৰাণিক, হাস্যৰসমূলক, বাস্তৱধৰ্মী লোককথা, সাধুকথা আদি বিষয়বস্তুক কেন্দ্ৰ কৰি শিশু নাট ৰচনা কৰে।[3] এই সময়ৰ কেইখনমান উল্লেখযোগ্য শিশু নাট হ'ল- হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ৰজাৰ দেউল, প্ৰভাত গোস্বামীৰ মকৰা, শুভেশ্বৰ দাসৰ সন্ধান, গুণাকৰদেৱ গোস্বামীৰ সন্ত্ৰাস, নৰেন পাটগিৰিৰ গাধ মহাৰাজ, পংকজজ্যোতি ভূঞাৰ সেউজীয়া গাড়ী, অনিল শইকীয়াৰ ৰং আহে পাখি মেলি আদি অন্যতম। অসমৰ বিভিন্ন প্ৰান্তত গঢ়লৈ উঠা মইনা পাৰিজাত, আকাশবাণীৰ অকণিৰ মেল, শিশু নাট্য বিদ্যালয়, শিশু নাট সমাৰোহ, শিশু নাট প্ৰতিযোগিতা আদি অনুষ্ঠানসমূহে শিশু নাট প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। কেইবাখনো শিশু নাটকে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত নাট্য মহোৎসৱত পৰিবেশিত হৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। নাট্যকাৰ সকলে শিশু নাট সমূহ বিভিন্ন বিষয়বস্তুৰ আধাৰত ৰচনা কৰে।
লোক কাহিনীক শিশু উপযোগী কৰি নাট্যৰূপ দি জ্যোতিপ্ৰসাদ আগৰৱালাই নিমাতী কন্যা, মহেন্দ্ৰ বৰাৰ টোপনি নহা ৰজা, নৰেন পাটগিৰিৰ মেকুৰী জীয়েকৰ সাধু, দেবব্ৰত মহন্তৰ জঞ্জাল নগৰী আদি। উল্লেখযোগ্য যে কৰুণা ডেকাই লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ প্ৰতিটো সাধুকে নাট্যৰূপ নাটকেৰে বুঢ়ী আইৰ সাধু নামৰ তিনিটা খণ্ডৰ বৃহৎ গ্ৰন্থ প্ৰস্তুত কৰি অসমীয়া শিশু নাটৰ ক্ষেত্ৰখন সমৃদ্ধ কৰিছে।
পৌৰাণিক কাহিনীৰ আখ্যানৰ আধাৰিত শিশু নাটৰ ভিতৰত লক্ষ্যধৰ চৌধুৰীৰ একলব্য বিশেষ ভাৱে উল্লেখযোগ্য।
অবাস্তব অতি প্ৰাকৃতিক চৰিত্ৰৰ আধাৰত নৱকান্ত বৰুৱাৰ মই টুনীয়ে টুনটুনালো, কেৰেলুৱাৰ ৰেল, নিৰ্মলপ্ৰভা বৰদলৈৰ ৰজা, বন্ধু আদি।
প্ৰাকৃতিক জগতকলৈ ৰচিত নাটক সমূহৰ ভিতৰত পাৰ্বতী প্ৰসাদ বৰুৱাৰ সোণৰ সোলেং, লখিমী কীৰ্তিনাথ বৰদলৈ আৰু মুক্তিনাথ বৰদলৈৰ সুৰ বিজয়, লুইত কোঁৱৰ, আনন্দ বৰুৱাৰ কপৌ কুঁৱৰী আদি।
বাস্তৱ সমাজৰ আধাৰত ৰচিত শিশুনাটসমূহৰ ভিতৰত অৰুণ শৰ্মাৰ পোষ্টৰ, দেবব্ৰত মহন্তৰ টিৰ্মৰ্ৱক, দ্বিজেন নাথৰ অ সৰু চৰাই, ঐশ্বয্য কাকতিৰ স্কুলবেগ, ৰত্ন ওজাৰ গাধ বিশেষভাৱে উল্লেখযোগ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ নাট্য প্ৰসংগ আৰু অনন্য ৰচনা, অৰুণ শৰ্মা, অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ- ২০১২
- ↑ আহমেদ, এহিয়া (4 March 2024). "শিশু নাটক: বৈশিষ্ট্য আৰু ইয়াৰ প্ৰয়োজনীয়তা". Rongili Barta. https://rongilibarta.com/শিশু-নাটক-বৈশিষ্ট্য-আৰু-ই/। আহৰণ কৰা হৈছে: 15 May 2025.
- ↑ নিৰ্বাচিত অসমীয়া শিশু নাট, শান্তনু তামোলী, প্ৰকাশক সাহিত্য অকাডেমী, ২০১৮