অসমীয়া সংস্কৃতি আৰু মুছলমানসকল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ সংস্কৃতিৰ পথাৰখনত অনেক সময়ত অনেক জাতি-জনগোষ্ঠীয়ে আৰ্বিভাব হৈ শেহলৈ নিজকে 'এক অসমীয়া' জাতি হিচাপে পৰিচয় দিছে । অসমৰ ধৰ্মৰ ক্ষেত্ৰখনৰ লগতে সাহিত্য, স্থাপত্য, ভাস্কৰ্য, খাদ্যাভাস সকলোতে প্ৰতিটো জনগোষ্ঠীৰে অৱদান পৰিলক্ষিত হৈছে । তেনেদৰে মুছলমানসকলেও দিয়া-লোৱাৰ মাজেৰে অসমৰ বুকুত নিজকে প্ৰতিষ্ঠা কৰি সমন্বয়ৰ সংস্কৃতি গঢ় দিছে ।

থোৰতে অসমীয়া সংস্কৃতিত মুছলমান সকল[সম্পাদনা কৰক]

অসমৰ পুৰণি মুছলমানসকল অসমীয়া জাতি সত্তাৰ বুকুত জীণ গৈ অসমীয়া সামাজিক-সাংস্কৃতিক জীৱনৰ অংগীভুত হৈ পৰিছে । তথাপিও ধৰ্মীয় অনুশাসনৰ ৰীতি-নীতি মানি আৰু উত্তৰ ভাৰতৰ পৰা বহু দিন আগতে অহা কাৰিকৰ শিল্পীসকলৰ আচাৰ-ব্যৱহাৰৰ মাজেদি কেতবোৰ উপাদান অসমীয়া সংস্কৃতিত সোমাইছে । অসমীয়া মুছলমানসকল ঘৰুৱা জীৱনৰ পাতে পাতে অসমীয়া হলেও, কোনোবাখিনিত কেতবোৰ বৈশিষ্ট্য ৰৈ গৈছে । অসমত মচজিদত পাৰ্চীৰ প্ৰভাৱ পৰিছে । ফেজ-টুপী, কুৰ্তা-পায়জামা, লুঙিয়ে নিজা বৈশিষ্ট্য প্ৰকাশ কৰিছে । স্বৰ্গদেউৰ ৰংঘৰ-তলাতল ঘৰৰ দুৱাৰ-খিড়িকী, জিকিৰ-জাৰী, মৃগাৱতী চৰিত, কিছুমান মন্ত্ৰ, মাৰৈপূজাৰ গীত আদিত দেখদেখকৈ মুছলমানী ভাৱধাৰা সোমাইছে ।

মুছলমানসকলৰ ধৰ্ম আৰু অসমীয়া সংস্কৃতি[সম্পাদনা কৰক]

সংস্কৃতিৰ গতিধাৰা বহু পৰিমাণে ধৰ্মই নিয়ন্ত্ৰণ কৰে । ধৰ্মৰ গইনা লৈ ষ্ঠাপত্য, সাহিত্য, গীত, চিত্ৰকলা আদিৰ সৃষ্টি হয় । ধৰ্ম হিচাপে হিন্দু ধৰ্মৰ ওপৰত, ঘাইকৈ অসমৰ বৈষ্ণব ধৰ্মৰ ওপৰত ইছলামী আদৰ্শৰ কোনো সাঁচ নাই আৰু সেই দিশৰ পৰা অসমৰ সংস্কৃতিলৈ ইছলামীয় উপাদান অহা নাই কিন্তু ব্যৱহাৰিক জীৱনৰ অনেক সমল অসমীয়া সংস্কৃতিত জীণ গৈছে । তন্ত্ৰ-মন্ত্ৰ, বেজালি, মাৰৈ পূজা আদি ধৰ্মীয় লোকবিশ্বাসৰ কেতবোৰ বিষয়ত পিছে ইছলামীয় উপাদান উলাই কৰা কঠিন । আধুনিক শিকা আৰু ৰাজনীতিৰ মেৰপেচত পৰাৰ আগলৈকে অসমৰ মুছলমান মনে-প্ৰানে অসমীয়া জাতিসত্তাৰ বুকুত মিলি গৈছিল । ঘাইকে ধৰ্মান্তৰিত মুছলমানৰ লগত হিন্দুৰ তেজ-মঙহৰ সম্পৰ্ক সুষ্পষ্ট । থলুৱা ধৰ্মান্তৰিত মুছলমানৰ ভিতৰত কোচ-মেচৰ সংখ্যাই সৰহ যদিও সকলো জাতিৰে মাজতে, ঘাইকৈ মংগোলীয়সকলৰ মাজত আন্তসম্প্ৰদায় বিবাহ মুক্ত আছিল কিন্তু অবৈধ যৌন সম্পৰ্ক বা নিসিদ্ধ যৌন সম্পৰ্কৰ মাজত হোৱা বিবাহক সমাজে স্বীকৃতি নিদি এঘৰীয়া কৰিছিল । এনেদৰে এঘৰীয়া সকলৰ সুকীয়া গাওঁ বহিছিল আৰু এই গাওঁক 'গৰীয়া গাওঁ' বুলুছিল । পিছত এইসকলে আজানপীৰৰ সহায়ত ইছলাম ধৰ্মত দীক্ষিত হৈ পুনৰ সামাজিক মৰ্যাদা লাভ কৰিছিল । সংস্কৃতি যেতিয়া মানসিক উৎকৰ্ষ সাধন আৰু মানৱীয় গুণৰ সম্যক বিকাশৰ অৰ্থত ব্যৱহৃত হয়, তেতিয়া স্বাভাৱিকতে ধৰ্মীয় ধাৰণা নিহিত হৈ থাকে । সংস্কৃতি সাধাৰণতে ধৰ্মভিত্তিক । ভাৰতীয় সংস্কৃতিৰে এক বিশিষ্ট অংশীদাৰ গোট হিচাপে অসমৰ প্ৰাচীন ধৰ্মীয় জীৱনত ইছলামৰ প্ৰভাৱ পৰা নাই । যিসকল ধৰ্মান্তৰিত হ'ল তেওঁলোকে কেতবোৰ লৌকিক ৰীতি-নীতি পূৰ্বৰ দৰেই পালন কৰি থাকিল, পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ পৰিল । মুছলমান মানুহেও বিয়া, বিহু, আইসকাম, মঙল চোৱা আদি কেতবোৰ অনুষ্ঠান অসমৰ অন্যান্য মানুহৰ দৰে আচৰণ কৰিবলৈ ধৰিলে । ৰোজা-ৰেকাত-নামাজ-ফৰজ বাদ দি সাধাৰণ দৈনন্দিন জীৱনত বহুতো অমুছলমানী লোকাচাৰ জীয়াঁই ৰাখিলে । আজিৰ দিনত মুচলমান খেতিয়কসকলেও খেতিৰ উৰ্বৰা অনুষ্ঠানসমূহ পালন কৰা দেখা যায় । ধৰ্ম হিচাপে ইছলামী আদৰ্শই অসমীয়া সামাজিক-সাংস্কৃতিক দিশত সামগ্ৰিক প্ৰভাৱ পেলাব পৰা নাই কিন্তু অলেখ মুছলমানী উপাদান অসমীয়া সংস্কৃতিত পোৱা যায় আৰু সেইটো মোগল-পাঠান ৰাজশক্তিৰ বাবেই সম্ভৱ হৈ উঠিছে বুলি বহুতে ক'ব খোজে । আহোম যুগত অসমৰ মুছলমানৰ কোনো ধৰ্মীয় গোড়‍ামী নাছিল । এই পৰম্পৰা কুৰি শতিকাৰ তৃতীয়-চতুৰ্থ দশকলৈকে অটুট আছিল । ৰাজনৈতিক উদ্দেশ্যৰে মুছলমানসকলক একত্ৰিত কৰাৰ পিছতহে তেওঁলোকে কেতবোৰ প্ৰাচীন নিয়ম এৰি বিশুদ্ধ ইছলামী আদৰ্শ অনুকৰণ কৰিবলৈ লয় ।

অসমীয়া ভাষাত মুছলমানী প্ৰভাৱ[সম্পাদনা কৰক]

ভাষা হিচাপে আৰবী, ফাৰ্চী, উৰ্দ্দু ভাষাৰ লগত মিল থকা কেতবোৰ শব্দ অসমীয়া ভ‍াষাত পোৱা যায় । ইয়াক ধৰ্মীয় প্ৰভাৱ বুলি একেআষাৰে ক'ব নোৱাৰি কিয়নো ধৰ্মৰ প্ৰভাৱৰ কাৰণে এইবোৰ শব্দ অসমীয়া ভাষালৈ অহা নাই । সপ্তদশ-অষ্টাদশ শতিকাৰ ৰজাঘৰীয়া চিঠি-পত্ৰৰ আদান-প্ৰদানে বহুতো শব্দ জনপ্ৰিয় কৰি তোলে । তেনে শব্দ বুৰন্জ্ঞীত ব্যৱহাৰ হোৱাৰ লগে লগে সাধাৰণভাৱে প্ৰচলন হবলৈ ধৰে । ধৰ্মীয় শব্দবোৰ মুছলমানসকলৰ মাজতে আবদ্ধ থাকি বাকিবোৰ শব্দ অসমীয়া শব্দৰ ভৰাঁলত সোমাই পৰে । ইয়াৰ বাহিৰেও ব্যৱহায় সূত্ৰে উত্তৰ ভাৰতৰ পৰা অহা শিল্পী-কাৰিকৰসকলেও বহুতো শব্দ লগত লৈ আহে আৰু এই শব্দবোৰ থলুৱা অসমীয়াই প্ৰথমতে শুনাত আচহুৱা যেন পালেও বৰ্তমান অসমীয়া ভাষাত এইবোৰ স্থায়ী হৈ পৰিছে ।গাঢ় পাঠ্য

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

লীলা গগৈৰ অসমৰ সংস্কৃতি গ্ৰন্থৰ পৰা উদ্ধৃত।