অসমীয়া সাহিত্যৰ চানেকি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
অসমীয়া সাহিত্যৰ চানেকি
ইউ আৰ এল www.axomiyahahitiyarsaneki.com
প্ৰকাৰ অসমীয়া অনলাইন ই আলোচনী।
ভাষা অসমীয়া
মুকলি ০১ জানুৱাৰী, ২০২০

অসমীয়া সাহিত্যৰ চানেকি (ইংৰাজী: Axomiya hahitiyar saneki) অসমীয়া সাহিত্যৰ চানেকি অসমৰ একমাত্ৰ প্ৰথম দৈনিক ই আলোচনী। প্ৰথমতে এই আলোচনীখন তিনিজন যুৱকৰ প্ৰচেষ্টাত আৰম্ভ কৰা হৈছিল বোকাখাটৰ ৰিণ্টু কুৰ্মী, নুমলীগড়ৰ দুলাল ৰবিদাস আৰু যোৰহাটৰ ৰিংকু ৰাজোৱাৰৰ সহযোগত। অসমীয়া সাহিত্যৰ চানেকিৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ৰিংকু ৰাজোৱাৰৰ সম্পাদনাত ২০২০ চনৰ ১ জানুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে এই আলোচনীখন ৱেবছাইট যোগে প্ৰকাশ কৰা হয়। বৰ্তমানৰ সম্পাদক ডিব্ৰুগড়ৰ দীপাৱলী কুৰ্মি তেওঁ বৰ্তমান শিৱসাগৰ জিলাৰ সহকাৰী আয়ুক্ত বিষয়া হিচাপে কৰ্মৰত। উপদেষ্টা সৌৰভ কুমাৰ বৰুৱা, ড° কুঞ্জলতা গগৈ, বৈয়জন্তী ভট্টাচাৰ্য, মীনা পামে গাম, হেমেন হাজৰিকা,সহঃ সম্পাদক প্ৰজ্ঞা দেৱী ভূঞা, প্ৰাৰ্থনা সন্দিকৈ, অদিতী তাঁতী, প্ৰিয়ংকা গায়ন, হিমাদ্ৰী দাস, পৰিস্মিতা তালুকদাৰ,পংখী মৰাণ ইয়াৰ উপৰিও আলোচনীখনৰ লগত অসমৰ বিভিন্ন জিলাৰ প্ৰায় ৩০ গৰাকী যুৱক-যুৱতীয়ে কাম কৰি আহিছে। অসমীয়া ভাষা সাহিত্যৰ সংৰক্ষণ কৰাৰ লগতে ন পুৰণি সাহিত্যিকসকলক জনসংযোগ (ইণ্টাৰনেট) জগতত স্বীকৃতি দিয়াৰ উদ্দেশ্যে আগত ৰাখি এই আলোচনীখনে অসমীয়া ভাষা সাহিত্যৰ চৰ্চা অব্যাহত ৰাখিছে। আলোচনীখনে এতিয়ালৈকে মুঠ ৩০০০ তকৈ অধিক লেখা প্ৰকাশ কৰিছে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]