অসমৰ চাহ জনগোষ্ঠীৰ লুপ্ত কাহিনী
| অসমৰ চাহ জনগোষ্ঠীৰ লুপ্ত কাহিনী | |
|---|---|
| লেখক | গোবিন্দ সৎনামী |
| দেশ | ভাৰত |
| বিষয় | ইতিহাস |
| প্ৰকাৰ | গৱেষণামূলক বুৰঞ্জী |
| প্ৰকাশ | ২০২৬ |
অসমৰ চাহ জনগোষ্ঠীৰ লুপ্ত কাহিনী হৈছে গোবিন্দ সতনামী ৰচিত এখন গৱেষণামূলক গ্ৰন্থ। এই গ্ৰন্থখনত ১৮৫৯ চনৰ পৰা ভাৰতৰ স্বাধীনতা লাভৰ সময়লৈকে অসমৰ চাহ বাগিচাসমূহলৈ অহা গিৰ্মিটিয়া শ্ৰমিকসকলৰ ইতিহাস আৰু বিশেষকৈ সৎনামী সম্প্ৰদায়ৰ অৱদানৰ বিষয়ে আলোকপাত কৰা হৈছে। [1]
শ্ৰমিকৰ প্ৰয়োজনীয়তা আৰু উৎপত্তিস্থল
[সম্পাদনা কৰক]১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিল পাছত ব্ৰিটিছে অসমৰ চাহ উদ্যোগ গঢ়ি তুলিবলৈ চেষ্টা কৰে। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত ব্ৰিটিছে অসমত চাহ উদ্যোগ গঢ়ি তুলিবলৈ চেষ্টা কৰে।মূলতঃ ঝাৰখণ্ড, বিহাৰ, ওড়িশা, ছত্তীছগড় আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা সাঁওতাল, মুণ্ডা, ওৰাওঁ, সৎনামী, কুৰ্মী আদি জনগোষ্ঠীৰ লোকসকলক অসমলৈ অনা হৈছিল। ১৮৫৯ চনত 'Workmen's Breach of Contract Act' প্ৰৱৰ্তনৰ পাছত শ্ৰমিক আমদানিৰ প্ৰক্ৰিয়া তীব্ৰতৰ হয়।
পৰিচয়
[সম্পাদনা কৰক]অসমৰ চাহ জনগোষ্ঠী বা গিৰ্মিটিয়া শ্ৰমিকসকলৰ ইতিহাস কেৱল শোষণ আৰু যন্ত্ৰণাৰ কাহিনী নহয়, বৰঞ্চ ই মানৱীয় সাহসৰ এক আখ্যান। ব্ৰিটিছ শাসনকালত প্ৰতাৰণাৰ বলি হৈ চাহ বাগানলৈ অহা এইসকল লোকে কেনেকৈ নিজৰ সংস্কৃতি আৰু পৰিচয় ৰক্ষা কৰি অসমীয়া সমাজৰ অবিচ্ছেদ্য অংশ হৈ পৰিল, তাৰ সবিস্তাৰ বৰ্ণনা ইয়াত আছে।
চাহ জনগোষ্ঠীৰ নামকৰণ
[সম্পাদনা কৰক]'গিৰ্মিট' শব্দটো ইংৰাজী 'Agreement' শব্দৰ অপভ্ৰংশ। বৃটিছসকলে শ্ৰমিকসকলক এক চুক্তিৰ অধীনত কাম কৰিবলৈ আনিছিল। এই চুক্তিক শ্ৰমিকসকলে 'গিৰ্মিট' বুলিছিল।
শিক্ষা আৰু সৎনামী সম্পদয়ৰ অৱদান
[সম্পাদনা কৰক]ব্ৰিটিছ চৰকাৰে শ্ৰমিকৰ বাবে প্ৰথমে শিক্ষাৰ ব্যৱস্থা কৰা নাছিল। বাগান মালিকসকলে ভয় কৰিছিল যে শিক্ষিত হ’লে শ্ৰমিকসকলে বিদ্ৰোহ কৰিব পাৰে। এই সময়তে গোবৰ্ধন মাহাজন আৰু কুনুৱা মাহাজনৰ দৰে সৎনামী সম্প্ৰদায়ৰ লোকসকলে নিজৰ ভূমি দান কৰি স্কুল প্ৰতিষ্ঠা কৰিছিল।
ভূমি দানৰ ইতিহাস
[সম্পাদনা কৰক]অসমৰ চাহ জনগোষ্ঠীয় সমাজত শিক্ষা আৰু সংস্কৃতিৰ পোহৰ বিলাই দিবলৈ সৎনামী সম্প্ৰদায়ৰ কেইবাজনো সমাজহিতৈষী লোকে বিভিন্ন সময়ত নিজৰ ভূমি দান কৰি এক নীৰৱ বিপ্লৱৰ সূচনা কৰিছিল। ১৮৫০ চনৰ পৰা ১৯৭০ চনলৈকে এই এক শতিকাৰ কালছোৱাত হোৱা ভূমি দানৰ এক কালক্ৰমিক বিৱৰণ তলত দিয়া হ’ল:
১৯ শতিকাৰ ভূমি দান
[সম্পাদনা কৰক]- শংকৰ মহন্ত সৎনামী (১৮৫০): হোজাই জিলাৰ খোকনজুৰী নামঘৰ স্থাপনৰ বাবে ভূমি দান কৰিছিল। ইয়াৰ জৰিয়তে অঞ্চলটোত অসমীয়া ধৰ্মীয় আৰু সাংস্কৃতিক পৰম্পৰা সংৰক্ষণৰ ভেটি স্থাপন হৈছিল।[2]
- নৰেশ সৎনামী (১৮৭০): গোলাঘাট জিলাৰ তামূলীপথাৰত মধ্য ইংৰাজী বিদ্যালয় (M.E. School) স্থাপনৰ বাবে মাটি দান কৰিছিল। চাহ জনগোষ্ঠীয় সন্তানৰ বাবে ইংৰাজী শিক্ষাৰ দুৱাৰ মুকলি কৰাত এয়া আছিল এক যুগান্তকাৰী পদক্ষেপ।
২০ শতিকাৰ প্ৰথমাৰ্ধৰ অৱদান
[সম্পাদনা কৰক]- গুহা মহন্ত সৎনামী (১৯১৪): নগাঁও জিলাৰ চিকনী পথাৰ প্ৰাথমিক বিদ্যালয় (L.P. School) স্থাপনৰ বাবে ভূমি দান কৰিছিল। গ্ৰামীণ শিক্ষাৰ প্ৰসাৰত এই দানৰ ভূমিকা আছিল অপৰিসীম।[3]
- শুকদেৱ পণ্ডিত (১৯২০): শোণিতপুৰ জিলাৰ মিছামাৰী মৌজাৰ এৰাবাৰী গাঁৱত প্ৰাথমিক বিদ্যালয় স্থাপনৰ বাবে ২৯৩ দাগৰ ১২৬ নং ম্যাদী পট্টাৰ মাটি দান কৰিছিল। ব্ৰিটিছ শাসনকালত চাহ মজদুৰৰ সন্তানৰ বাবে এয়া আছিল প্ৰথম প্ৰাতিষ্ঠানিক শিক্ষাৰ সুযোগ।[4]
- চন্দিয়াবাই সৎনামী (বিশ্বনাথ জিলা): কাৰিবিল নেপালী গাঁৱত মধ্য ইংৰাজী বিদ্যালয় স্থাপনৰ বাবে ভূমি দান কৰিছিল। সেই যুগত এগৰাকী মহিলাৰ এনে সাহসী পদক্ষেপ আছিল বিৰল আৰু প্ৰেৰণাদায়ক।
- দুৱাৰীকা সৎনামী: চৰাইদেউ জিলাৰ বৰহাট নাৰায়ণ পথাৰত প্ৰাথমিক বিদ্যালয় স্থাপনৰ বাবে ভূমি দান কৰিছিল।
২০ শতিকাৰ দ্বিতীয়াৰ্ধৰ অৱদান
[সম্পাদনা কৰক]- কুনুৱা মাহাজন সৎনামী (১৯৫০ৰ দশক): বিশ্বনাথ জিলাৰ চাকুমাটা গাঁৱত প্ৰাথমিক বিদ্যালয় আৰু নামঘৰৰ বাবে ভূমি দান কৰিছিল। ইয়াৰ জৰিয়তে সৎনামী সম্প্ৰদায়ৰ লগতে অসমীয়া, আদিবাসী আৰু নেপালী শিশুসকলে শিক্ষাৰ সুযোগ লাভ কৰিছিল।[5]
- লতেল সৎনামী: শোণিতপুৰ জিলাৰ মানশিৰি গাঁৱত মানশিৰি উচ্চতম মাধ্যমিক বিদ্যালয় আৰু মানশিৰি মধ্য ইংৰাজী বিদ্যালয় স্থাপনৰ বাবে ভূমি দান কৰিছিল।
- পঞ্চম সৎনামী (১৯৬০ৰ দশক): দৰং জিলাৰ কৌপাটি চাহ বাগিচাৰ ওচৰত জুনিয়ৰ হাইস্কুল স্থাপনৰ বাবে মাটি দান কৰিছিল।
- মাখন সৎনামী (১৯৭০ৰ দশক): শিৱসাগৰ জিলাৰ হাতীঘুলী গাঁৱত সাম্প্ৰদায়িক শিক্ষাকেন্দ্ৰ স্থাপনৰ বাবে মাটি দান কৰিছিল।
- শংকৰ সৎনামী: চৰাইদেউ জিলাৰ সাপেখাতী গাঁৱত নামঘৰ স্থাপনৰ বাবে ভূমি দান কৰিছিল।
সামাজিক প্ৰভাৱ আৰু নিৰক্ষৰতা হ্ৰাস
[সম্পাদনা কৰক]এই ভূমি দানকাৰী ব্যক্তিসকলৰ বদান্যতাৰ ফলস্বৰূপে শোণিতপুৰ, গোলাঘাট, নগাঁও, শিৱসাগৰ, চৰাইদেউ, দৰং, বিশ্বনাথ আৰু তিনিচুকীয়া জিলাৰ চাহ জনগোষ্ঠীয় সমাজত নিৰক্ষৰতাৰ হাৰ উল্লেখযোগ্যভাৱে হ্ৰাস পালে। যি সমাজত ১৮৮৯ চনত এজনো শিক্ষিত মজদুৰ নাছিল, সেই সমাজতে এই শিক্ষাকেন্দ্ৰসমূহৰ জৰিয়তে জ্ঞানৰ পোহৰ বিয়পি পৰিল।[6]
স্বাধীনতা আন্দোলনত চাহ জনগোষ্ঠীৰ অবদান
[সম্পাদনা কৰক]১৯২১ চনৰ অসহযোগ আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত চাহ শ্ৰমিকসকলে সক্ৰিয়ভাৱে অংশ লৈছিল। কানিয়া সৎনামীৰ দৰে বহু লোকে এই সংগ্ৰামত শ্বহীদ বৰণ কৰিছিল।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- সতনামী, গোবিন্দ (২০২৬). অসমৰ চাহ জনগোষ্ঠীৰ লুপ্ত কাহিনী
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ↑ "History of Tea Tribes and Girmitiya". Historical Records. https://www.google.com/search?q=History+of+Tea+tribes+in+Assam+Girmitiya.
- ↑ হোজাই জিলাৰ বুৰঞ্জী আৰু সাংস্কৃতিক ঐতিহ্য: চৰকাৰী নথি-পত্ৰ সংগ্ৰহ (২০২৪)
- ↑ নগাঁও জিলা শিক্ষা বিভাগৰ প্ৰাথমিক বিদ্যালয়ৰ ঐতিহাসিক তালিকা (১৯৫০)
- ↑ অসম চৰকাৰৰ ৰাজহ বিভাগৰ ভূমি অভিলেখ (শোণিতপুৰ, ১৯২০-২১)
- ↑ বিশ্বনাথ জিলাৰ চাহ জনগোষ্ঠীয় সমাজ আৰু শিক্ষাৰ ইতিহাস (২০২২)
- ↑ Historical Literacy Trends in Assam Tea Gardens: Census Reports (1951-1971)
- ↑ "Role of Tea Garden Workers in Assam Freedom Struggle". https://www.google.com/search?q=Tea+garden+workers+freedom+struggle+Assam.