সমললৈ যাওক

অসমৰ জনগোষ্ঠীসমূহৰ মৃতদেহ সৎকাৰ পদ্ধতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসম হৈছে উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন জনগোষ্ঠীয় লোকৰ সংস্কৃতিৰ ৰম্যভূমি । সকলো জনগোষ্ঠী মিলি বৃহত্তৰ অসমীয়া সংস্কৃতি গঢ় দিছে যদিও জনগোষ্ঠীবোৰে স্বকীয় সাংস্কৃতিক বৈশিষ্ট্যবোৰ অটুত ৰাখিছে । ধৰ্ম, বিবাহ ইত্যাদিবোৰৰ লগতে জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত মৃতকৰ সৎকাৰ পদ্ধতিয়েও তেওঁলোকৰ সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য ধৰি ৰাখিছে ।

ডিমাচা সমাজত মৃতকৰ শটোক সৰিয়হ, হালধি আৰু ঘিলাগুটি পিহি গা ধুৱাই পৰম্পৰাগত সাজ-পাৰ পিন্ধাই পশ্চিম দিশে বাঁহৰ ঢাৰিৰ ওপৰত শুৱাই দিয়ে । মৃতকৰ কপালত, চকুত, মুখত আত্মীয়সকলে ধাতুৰ মুদ্ৰা লগাই দিয়ে, মৃতকৰ মূৰত তেল সানি মূৰ ফনিয়াই দিয়ে । মৃতকৰ শিতানৰ ফালে অলপ ধান, ধানৰ ওপৰত এটা সৰু জাপি আৰু অলপমান কপাহ ৰাখে । ইয়াৰ পিছত মৰাশটো নিবলৈ দুডাল কামিৰে শটোৰ জোখ লোৱা হয় আৰু সেই অনুসৰি বাঁহৰ চাঙি সাজে । শ্মশানলৈ শটো নিয়াৰ আগতে শৱ দাহ কৰিবলৈ বুলি স্থলদেৱতাৰ পৰা মাটি কিনি লোৱাৰ উদ্দেশ্যে কেইজনমানে বাহঁৰ সৰু চোঙা এটা কাটি তাতে পইচা এটা ভৰাই চিতা সজা ঠাইত পুতি দিয়ে আৰু ইয়াৰ পিছত তাতে ছটা খুটি পুটি চিতা সজা হয় । মৃতকজনক শ্মশানলৈ নিয়াৰ আগেয়ে এগৰাকী বয়োজ্যেষ্ঠ মহিলাই ভাত সিজাই লাওপানীৰ লগত সজাই দিয়াৰ নিয়ম কৰে আৰু ইয়াৰ লগতে বয়োজ্যেষ্ঠ মহিলাসকলে পুৰ্ব্বপুৰুষক সুঁৱৰি 'গাৰাচিংমা' নামৰ গীত গায় । শৱদেহ শ্মশানলৈ লৈ যাওঁতে এগৰাকী মহিলাই পাচিত এৱাঁ সূতা লৈ টুকুৰা-টুকুৰ কৰি বাটে বাটে ছটিয়াই যাই আৰু এগৰাকী মহিলাই ধান, কপাহ আৰু খুচুৰা পইচা ছটিয়াই যাই । শ্মশানলৈ শৱ নিয়াৰ পৰত ব‍াঁহৰ চাঙীখন আত্মীয়সকলে ভাৰ পাতি লয় আৰু চাঙীখন একেবাৰে তুলি লোৱাৰ সলনি তিনিবাৰ দোপমাৰিহে কান্ধত তুলি লয় আৰু এজনে হাঁহ বা কুকুৰাৰ কণী এটা চাংখনত মাৰি ভাঙি ঘৰৰ চাললৈ দলিয়াই পঠিয়াই । সাধাৰণতে নিজ পুত্ৰই মুখাগ্নি কৰাৰ নিয়ম, যদি নিজ পুত্ৰ নাথাকে তেনেহলে বংশৰ ল'ৰাই মুখাগ্নি কৰে । শৱ দাহ কৰাৰ পিছত মৰিশালিৰ পৰা এঙাৰবোৰ আতঁৰাই পৰিস্কাৰ কৰি এটা তুলসী পুলি ৰুই থই অহাৰ নিয়ম । সোণ-ৰূপ-তাম আৰু তুলসী মিহলি পানী ছটিয়াই ঘৰ পৱিত্ৰ কৰা হয় । সাতদিনৰ দিনা নিয়ম অনুসৰি মৃতদেহ দাহ কৰোঁতাসকলক লাওপানী আৰু নিৰামিষ ভোজ-ভাত খুৱাই । শ্ৰাদ্ধৰ দিন বছৰেকৰ ভিতৰতে ঠিক কৰি কুকুৰা, গাহৰি, ছাগলী, হাঁহ ইত্যাদিৰে বিভিন্ন নিয়ম কৰি শ্ৰাদ্ধ পতা হয় ।

মিচিংসকলে মৃতকৰ কাপোৰ-কানি সোলোকাই পুনৰ ওলোটাকৈ পিন্ধাই দিয়ে । মৃত ব্যক্তিজনৰ মুখত এখিলা পাত চুপিৰ আকৃতি কৰি পানী নাইবা আপং ঢালি দিয়ে । মাতিত গাতঁ খান্দি কাঠৰ বাকচত মৃতদেহ ভৰাই প্ৰথমে মৃতকৰ পুত্ৰই মাটি দিয়ে । আৰু ইয়াৰ পাছত সেই স্থানত উপস্থিত আটায়ে মাটি দিয়ে । মৃতদেহ সৎকাৰ সম্পন্ন নোহোৱা পৰ্যন্ত মৃত ব্যক্তিজনৰ গাৱঁৰ কোনোৱে ৰন্ধা-বঢ়া নকৰাটো নিয়ম । মৃতকক সৎকাৰ কৰি অহাৰ পিছত গা ধুই লগতে জুইৰ সেক লৈ নিজকে শুদ্ধি কৰে । মৃতকৰ ঘৰৰ মানুহে তিনিদিনৰ দিনা বয়োজ্যেষ্ঠসকলৰ সহায়ত নিয়ম কৰি সুচি হয় আৰু ভোজ-ভাত খায় । সেইদিনা কবৰত মৃতকৰ উদ্দেশ্যে ভাত আগবঢোৱা হয় । এমাহৰ মূৰত পুনৰ শুচি হৈ গাহৰি আৰু কুকুৰা মাৰি আত্মীয়-কুটুম্বক ভোজ ভাত খোৱায় ।

ৰাভাসকলে আত্মাৰ অস্তিত্ব গভীৰভাৱে বিশ্বাস কৰে । মৃতকক গা ধুৱাই পৰিস্কাৰ কৰি নতুন কাপোৰ পিন্ধাই এৰাতি বিচনাত শোৱাই ৰাখে । পুৰুষ-মহিলা উভয়ে শৱ দাহন প্ৰক্ৰিয়াত আনন্দৰে যোগদান কৰে । মহিলাসকলে মদ আৰু সান্দহগুৰি আনি উপস্থিতসকলক বিলাই আৰু মৃতকৰ কাণত খঞ্জৰী বজায় । মৃতদেহ জুইত দাহ কৰা হয় আৰু ইয়াৰ পাছত আটায়ে গা-পা ধুই শুদ্ধ হৈ 'চকা' পান কৰে ।

আগৰ দিনত চিংফৌসকলে মৃতদেহ মাটিত পুতি সৎকাৰ কৰিছিল আৰু এই প্ৰথাৰ নাম 'লুপথু-মাংবু' । আজিকালি চিংফৌসকলে বৌদ্ধ ধৰ্মৰ প্ৰভাৱত পৰি মৃতদেহ জুইত পুৰি সৎকাৰ কৰে । চিংফৌসকলে আত্মীয়ৰ মৃত্যু হলে লঘোণ নিদি লগে-ভাগে ভালকৈ এসাঁজ খায় কাৰণ তেওঁলোকে ভাবে যে আত্মীয়সকলক নোখোৱালে মৃতকৰ আত্মাই কষ্ট পাই । মৃত্যুৰ সাতদিনৰ দিনা বৌদ্ধ ভিক্ষুৰ সহায়ত শ্ৰাদ্ধৰ নিয়মবোৰ কৰা হয় ।

টাই খাময়াং

[সম্পাদনা কৰক]

মৃতকক পীৰাত বহুৱাই ওলোটাকৈ টেকেলিৰে পানী ঢালি গা ধুৱাই ওলোটাকৈ কাপোৰ পিন্ধাই পাটীত শুৱাই দিয়াৰ পাছত বগা কাপোৰেৰে ঢাকি দিয়া হয় । সমাজে আৰ্শীৱাদ দিয়াৰ পাছত সৎকাৰৰ কাৰনে শৱ উলিওৱা সময়ত শৱদেহৰ ভৰি কেইটা ঘৰৰ পৰা আগত উলিয়াই নিজৰ মাটিত দাহ বা সমাধিস্থ কৰা হয় । ঘৰৰ বাহিৰত কাৰোবাৰ মৃত্যু ঘটিলে মৃতদেহ ঘৰৰ চোতাললৈ অনা নহয় আৰু পান-তামোলৰ সৈতে কেইপইছামান দি মাটি অকন কিনি লোৱাৰ নিয়ম কৰি বাহিৰে বাহিৰে শ্মশানতে মৃতদেহ দাহ কৰা হয় । সাধাৰণতে মৃতকৰ শ্ৰাদ্ধৰ নিয়ম সাত দিনৰ দিনা সম্পূৰ্ণ বৌদ্ধ ৰীতি-নীতিৰে কৰা হয় ।


১/ড° থুনু কলিতা,(সম্পা.) অসমৰ লোকাচাৰ আৰু লোকবিশ্বাস ।

২/জয়কান্ত শৰ্মা,(সম্পা.) অসমৰ জনজাতিসকলৰ ধৰ্মীয় আচাৰ আৰু সংস্কৃতি ।

৩/প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য,(সম্পা.) অসমৰ জনজাতি ।