অসমৰ পুৰণি স্থাপত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
তেজপুৰৰ দ পৰ্বতীয়াৰ স্থাপত্য, শৈল্য দ্বাৰ

অসমৰ পুৰণি স্থাপত্য বুলিলে পুৰণি কালত নির্মাণ কৰা মঠ-মন্দিৰসমূহৰ কথা বুজোৱা হয়। মঠ -মন্দিৰসমূহৰ লগতে বিভিন্ন ৰজাঘৰীয়া প্রাসাদ-দূর্গ আদিয়েও পুৰণি অসমৰ স্থাপত্য নিদর্শন দাঙি ধৰে। সেই বিভিন্ন মঠ-মন্দিৰ তথা প্রাসাদ-দূর্গ আদিৰ গাত খােদিত কৰা বিভিন্ন মূৰ্ত্তি নক্সা আদিয়ে পুৰণি অসমৰ ভাস্কৰ্যৰ নিদর্শন দাঙি ধৰে। এইবােৰৰ উপৰি বিভিন্ন শিলালেখবােৰতাে বিভিন্ন ভাস্কর্য নিদর্শন পােৱা যায়। এই স্হাপত্য সমূহৰ ইতিহাস গুপ্তযুগৰ পৰা আছে। গুপ্তযুগৰ পৰা আহােম ৰাজত্বৰ আৰম্ভণিলৈকে অসমৰ স্থাপত্য কলাৰ মধ্যযুগ। এই সময়ত অসমৰ বিভিন্ন ঠাইত মঠ-মন্দিৰৰ লগতে প্রাসাদ, দুর্গ আদি নির্মাণ কৰা হৈছিল। বৰ্তমান এইবােৰৰ বেছিভাগেই ভগ্নাৱশেষ অৱস্থাত সিঁচৰতি হৈ আছে।

ইতিহাস[সম্পাদনা কৰক]

অসমত মন্দিৰ নিৰ্মানৰ ইতিহাস বহু পুৰণি। পুৰণি ভাৰতবৰ্ষত শিৱ, বিষ্ণু, সূর্য আদি দেৱতা সকলৰ নামত মন্দিৰ সাজি উছৰ্গা কৰাৰ পৰম্পৰা আছিল। পুৰণি কামৰূপ ৰাজ্যতাে এনে মন্দিৰ সজাৰ উল্লেখ মার্কণ্ডেয় পুৰাণত পােৱা গৈছে। চীনা পব্রিাজক হিউৱেনচাঙৰ টোকাতাে কামৰূপত এনে দেৱ-দেৱীৰ মন্দিৰ থকা বুলি উল্লেখ আছে। সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শিলালিপিত থকা মতে এই অঞ্চলত এটা মন্দিত মূৰ্ত্তি প্রতিষ্ঠা হৈছিল। একেদৰে বনমাল দেৱৰ তেজপুৰ তাম্রশাসনতাে শিৱ মন্দিৰৰ উল্লেখ পােৱা গৈছে। ৰত্ন পালৰ গুৱাহাটী তাম্রশাসনতাে বগাৰঙ সনা গম্বুজৰ নিচিনা শিখৰ থকা মন্দিৰত শিৱৰ মূৰ্ত্তি স্থাপন কৰা বুলি উল্লেখ আছে। মন্দিৰৰ উপৰি ৰজা সকলে সজোৱা প্রাসাদ, দুর্গ আদিও এই শিলালিপি বােৰত উল্লেখ আছে। অসমত আহােম ৰাজত্ব আৰম্ভ হােৱাৰ আগতেও অর্থাৎ প্রাক্ আহােম যুগতে যথেষ্ট সংখ্যক মঠ-মন্দিৰ আৰু অন্যান্য ৰাজকীয় স্থাপত্য নির্মাণ হৈছিল। কিন্তু এই স্থাপত্যসমূহ ভালেমান কাৰণত ধ্বংসপ্রাপ্ত হৈছিল। যেনেঃ প্রাকৃতিক দুর্যোগ আৰু বহিঃশত্ৰুৰ আক্রমণ। প্রাকৃতিক দুর্যোগৰ ভিতৰত বিশেষকৈ ভূমিকম্প, বানপানী, ধুমুহা আদি উল্লেখযােগ্য। ইয়াৰােপৰি বাহিৰৰ শত্ৰুবিলাকে ৰাজ্যজয় কৰিবলৈ আহিও ধর্মীয় গােড়ামিৰ হিন্দুৰ মঠ মন্দিৰবােৰ ধ্বংসকৰাৰ তথ্য বুৰঞ্জীত পােৱা যায়। বর্তমান প্রত্নতত্ত্বৰ গৱেষণাৰে মন্দিৰৰ ভেটিৰ নক্সা, শিখৰৰ নক্সা, মন্দিৰৰ অঙ্গ, শিখৰ, শিৰপট্টীসমূহত খােদিত নক্সা আদি উদ্ধাৰ কৰি এইবােৰৰ বিষয়ে যথেষ্টখিনি অধ্যয়ন কৰিব পৰা গৈছে। এই অধ্যয়নেই প্রমাণ কৰিছে যে, গুপ্তযুগৰ পৰা আহােম ৰাজত্বকালৰ আৰম্ভণিলৈ অর্থাৎ মধ্যযুগৰ (চতুর্থ শতাব্দীৰ পৰা ত্রয়ােদশ শতাব্দীলৈ) মন্দিৰৰ স্থাপত্য-ভাস্কর্যসমূহ উত্তৰ ভাৰতৰ স্থাপত্য আৰু ভাস্কর্যকলাশৈলীৰ সৈতে ওচৰ সম্পৰ্কীয়।

বিভিন্ন স্থাপত্য সমূহ[সম্পাদনা কৰক]

দ পৰ্বতীয়াৰ স্থাপত্য(তেজপুৰ): অসমত প্রত্নতত্ত্বই উদ্বাৰ কৰা মন্দিৰ স্থাপত্যৰ আটাইতকৈ পুৰণি নিদর্শন হ'ল তেজপুৰৰ দ পৰ্বতীয়াৰ স্থাপত্য। ইয়াত প্রধানকৈ মন্দিৰৰ তােৰণখন অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে। এই তােৰণখন গুপ্ত স্থাপত্যৰ। এই তোৰণ খন ইটাৰে নির্মিত আৰু ইয়াক মন্দিৰটোত লগােৱা হৈছিল। মন্দিৰটোৰ ভেটিটোও খনন কাৰ্যত উদ্ধাৰ হোৱা। তােৰণ খনৰ দুকাষে দুটা দ্বাৰ আৰু ওপৰত এটা শিৰপট্টী আছে। দ্বাৰ শাখাদুটাৰ তলৰ ভাগত সহচৰীৰ সৈতে ক্ৰমে গঙ্গা আৰু যমুনাৰ মূর্তি দুটাই হাতত ফুলৰমালা লৈ নৃত্যভঙ্গীত থিয় হৈ আছে। গঙ্গা আৰু যমুনাৰ মূৰৰ পিছফালে ঘূৰণীয়াকৈ প্ৰভামণ্ডলী আছে। এই প্ৰভামণ্ডলীক ঐশ্বৰিক গুণৰ প্ৰতীক বুলি ধৰা হয়। কাষত দুটা ৰাজহাঁহ উৰি থকা ভঙ্গীমাত আছে। শিৰপট্টীত আঠু লৈ থকা নাগ-নাগিনীৰ মূৰ্তি, লতা, পাত, ফুল ইত্যাদি আছে। লগতে পাঁচটা চন্দ্ৰশালা আৰু এই চন্দ্ৰশালা বোৰত দেৱতাৰ মূৰ্তি আছে। সোঁমাজৰ চন্দ্ৰশালাত শিৱৰ লকুলিশ অৱতাৰ, বাওঁ আৰু সোঁ ফালৰ দুটাত ক্ৰমে গণ আৰু সূৰ্যৰ মূৰ্তি আৰু আন দুটাত কিন্নৰ আৰু সুপৰ্ণৰ মূৰ্তি আছে। এই ভাস্কৰ্য সমূহ খৃষ্টীয় পঞ্চম আৰু ষষ্ঠ শতিকাত বিকাশ হোৱা পাটলিপুত্ৰ আৰু বাৰণসীৰ ভাস্কৰ্যৰ সৈতে মিল আছে। খৃষ্টীয় পঞ্চম আৰু ষষ্ঠ শতিকাত ভাস্কৰ বৰ্মাৰ কোনোবা উপৰি পুৰুষে নিৰ্মাণ কৰা বুলি অনুমান কৰা হয়। এই মন্দিৰটো গুপ্তযুগৰ ইটাৰে নিৰ্মিত মন্দিৰ সমূহৰ ভিতৰত প্ৰাচীনতম।

তেজপুৰৰ বামুণী পাহাৰত উদ্ধাৰ হোৱা স্থাপত্য,অষ্টম-নৱম শতিকা

বামুণী পাহাৰ(তেজপুৰ): তেজপুৰৰ দক্ষিণ-পূব কোণত থকা বিশাল ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত পাহাৰটোৱেই বামুণী পাহাৰ৷ এই পাহাৰত উদ্ধাৰ হোৱা স্থাপত্য সমূহ অষ্টম-নৱম শতিকাৰ। এই পাহাৰত ফুল কটা অসংখ্য সুন্দৰ আকৃতিৰ শিলাখণ্ড দেখিবলৈ পোৱা যায় এই সমূহৰ ভিতৰত সৰু-ডাঙৰ আঠপহীয়া শিলত কটা পদুম ফুল, ডাঙৰ শিলাখণ্ডত কটা দশাৱতাৰ মূৰ্তিৰ দুয়োকাষে বিভিন্ন প্ৰকাৰৰ গছ-লতিকা৷ নৰসিংহৰ হিৰণ্যকশিপুৰ বধৰ শিলামূৰ্তি, অপৰূপা অপ্সৰাৰ মূৰ্তি, গজব্যাস ব্ৰহ্মাৰ মূৰ্তি, নান্দীমুখ আদিয়ে প্ৰধান৷ বামুণী পাহাৰ, তাৰ ওচৰতে থকা লুথেৰান চাৰ্চত থকা টিলাটো আৰু ভৈৰৱী মন্দিৰক সামৰি মুঠতে সাতটা মন্দিৰ আছিল বুলি জনা যায়৷ এই সাতোটা মন্দিৰৰ ভিতৰত এটা মন্দিৰ সৰ্ববৃহৎ আকাৰৰ আছিল বুলি অনুমান কৰা হয়।

কাছাৰী মৈদামৰ ভাস্কৰ্য(তেজপুৰ): অসমৰ আটাইতকৈ উচ্চতম মন্দিৰটো তেজপুৰৰ কাছাৰী মৈদামতে অৱস্থিত আছিল বুলি প্রত্নতত্ত্ববিদসকলে অনুমান কৰিছে। এই অনুমান মতে দুৱাৰৰ ওপৰত দহফুট তিনি ইঞ্চি দীঘল আৰু এফুট আঠ ইঞ্চি বহল চতি এদালৰ পৰা আৰু তলৰ দুৱাৰ দলিডালৰ পৰা দুৱাৰখন অতিকমেও পােন্ধৰফুট ওখ আৰু সেই মতে মাটিৰপৰা শিখৰলৈকে মন্দিৰৰ উচ্চতা কমেও এশফুট আছিল। এইটো সূৰ্য্য দেৱতাৰ মন্দিৰ আছিল বুলি ঠিৰাং কৰা হৈছে। মন্দিৰটোৰ নিৰ্মাণ কাল আনুমানিকভাৱে নৱমশতিকা। এই মন্দিৰৰ ভগ্নাৱশেষত অলেখ ভাস্কর্য নিদর্শন আৱিষ্কৃত হৈছে। ইয়াত খােদাই কৰা ফুল জালিৰ লগত ওড়িশাৰ ভাস্কর্যকলাৰ মিল আছে।

মদন কামদেৱ দেৱালয়(গুৱাহাটী): মদন কামদেৱ দেৱালয়ত উদ্ধাৰ হোৱা ভাস্কৰ্য সমূহ দশম-একাদশ শতিকাৰ (৯৯০ খৃঃ)।[1] [2] এই স্থানত পোন্ধৰটা মন্দিৰৰ ভেটি উদ্ধাৰ হৈছে। এই মন্দিৰৰ বেৰত অসংখ্য মৈথুনৰত নৰ-নাৰীৰ মূৰ্তি খোদিত আছে। মন্দিৰটোৰ গৰ্ভগৃহত উমা মহেশ্বৰৰ মূৰ্তি অক্ষত অৱস্থাত আছে। শিলত খোদিত স্থাপত্য সমূহৰ উপৰিও এই মন্দিৰত পোৰামাটিৰ ভাস্কৰ্যও উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা বিভিন্ন ভাস্কৰ্য সমূহ হৈছে- যুদ্ধৰত সিংহ, সঙ্গমৰত পশু, স্বল্পবসনা নাৰী, বৃষভ, যোনীমণ্ডল, শিৱলিঙ্গ, ছয়মূৰীয়া ভৈৰৱ, চাৰিমূৰীয়া শিৱ আদিৰ মূৰ্তিয়ে প্ৰধান। ইয়াৰ নিৰ্মাণ কাৰ্যত মাত্ৰ শিল ব্যৱহাৰ হৈছিল। অসম চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগে ১৯৭৭ আৰু ১৯৮২ চনত দুবাৰকৈ খনন কাৰ্য কৰি এই ভাস্কৰ্য সমূহ উদ্ধাৰ কৰিছে। বিভিন আসনবিশিষ্ট শৃংগাৰ ৰসপ্ৰধান মূৰ্তিৰাজিৰ বাবে মদন কামদেৱক অসমৰ খাজুৰাহো আখ্যা দিয়া হৈছে।[3]

শুক্ৰেশ্বৰ পাহাৰৰ স্থাপত্য(গুৱাহাটী): গুৱাহাটীৰ শুক্ৰেশ্বৰ পাহাৰৰ জনাৰ্দন আৰু শিখৰ মন্দিৰ প্ৰাক্ আহোমযুগৰ মন্দিৰ স্থাপত্যৰ নতুন সংস্কাৰ। ইয়াত উদ্ধাৰ হোৱা ভাস্কৰ্য সমূহৰ ভিতৰত পদ্মাসন কৰি থকা প্ৰকাণ্ড বুদ্ধ মূৰ্তি, একেটা শিলত কটা সূৰ্য, গণেশ, দুৰ্গা আদিৰ মূৰ্তি আদিয়ে প্ৰধান।

উত্তৰ গুৱাহাটীৰ বিষ্ণু মূৰ্তি:

আমবাৰীৰ তেৰাকটা(গুৱাহাটী):

নগাঁও জিলাৰ স্থাপত্য:

শিলঘাটৰ কামাখ্যা মন্দিৰ(নগাঁও):

শিৱসাগৰ জিলাৰ স্থাপত্য: শিৱসাগৰ জিলাৰ স্থাপত্য বুলিলে আহোম যুগৰ স্থাপত্য সমূহৰ কথাকে বুজোৱা হয়।

আহোম স্থাপত্য[সম্পাদনা কৰক]

তলাতল ঘৰ

তলাতল ঘৰ:তলাতল ঘৰটো শিৱসাগৰৰ ৰংপুৰত অৱস্থিত আহোম স্বৰ্গদেউসকলৰ দ্বাৰা নিৰ্মিত এটা ৰাজমহল। এই মহলটো অসমৰ আহোম স্থাপত্যকলাৰ এক অপৰূপ আৰু আশ্চৰ্যকৰ নিদৰ্শন।স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ মৃত্যুৰ পিছত মহলটোৰ বহুখিনি সালসলনি কৰা হয় আৰু ইয়াৰ আকৃতি অনিয়মিত হৈ পৰে। বৰ্তমানৰ কেইবামহলীয়া তলাতল ঘৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসনকালত ১৭৫১-১৭৬৯ চনৰ ভিতৰত সাজি উলিওৱা হৈছিল।[4]

পূবৰ পৰা পশ্চিমলৈ দীঘলীয়া কৰিড'ৰ থকা কেইবাটাও কোঠালী আছে আৰু উত্তৰৰ পৰা দক্ষিণলৈ কেইবাটাও সৰু লানি আছে। প্ৰসাদটো সাতমহলীয়া; চাৰিটা মহল মাটিৰ ওপৰত আৰু তিনিটা মহল মাটিৰ তলত আছে। তলৰ মহলটো আস্তাবল, ভঁৰাল আৰু লগুৱাৰ কোঠা হিচাপে ব্যৱহৃত হৈছিল। ৰাজকীয় কোঠালীবোৰ ওপৰৰ মহলাত আছিল। উত্তৰফালৰ ফালৰ লানিৰ আঠকোণীয়া 'পূজা ঘৰ'ৰ ওচৰত থকা ৰাজকীয় কোঠাকেইটাৰ বাহিৰে আনবোৰ বৰ্তমান দেখা নাযায়। দক্ষিণফালে থকা অকলশৰীয়া কোঠাটো ৰানীয়ে ব্যৱহাৰ কৰিছিল বুলি অনুমান কৰা হয়।[5][6]

স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ‍ই প্ৰসাদটোত মাটিৰ তলত তলাতল ঘৰ নামৰ তিনিটা মহল যোগ দিয়ে। এইকেইটা ইটা আৰু এবিধ থলুৱা চিমেণ্টেৰে সজা হৈছিল। ইয়াৰ স্থাপত্যৰ সমসাময়িক মোগলসকলৰ মিল আছে।[7] লগত স্বৰ্গদেউ ৰুদ্ৰ সিংহ‍ৰ দিনৰ আন চাৰিটা মহল কাঠেৰে নিৰ্মিত আছিল যিবোৰ সম্পূৰ্ণভাৱে ধ্বংস হয়। তলাতল ঘৰত মাটিৰ তলত দুটা গোপন সুৰংগ আছিল। তাৰে এটাৰ দৈৰ্ঘ্য আছিল প্ৰায় ৩ কিলোমিটাৰ যি দিখৌ নৈৰ লগত সংযোগী আছিল। প্ৰায় ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আনটো সুৰংগ‍ই তলাতল ঘৰক গড়গাঁৱৰ কাৰেং ঘৰৰ লগত সংযোগ কৰিছিল। শত্ৰুৰ আক্ৰমণত আত্মগোপন কৰাৰ বাবেএইকেইটা নিৰ্মাণ কৰা হৈছিল।[8] তলাতল ঘৰৰ চাৰিওফালে ইটাৰ দেৱাল আৰু পানীৰে আৱৰি থকা মাটিৰ গড় আছিল। প্ৰসাদটোৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ জমা ৰখা 'খাৰ ঘ'ৰ এটা আছে।

কাৰেং ঘৰ

কাৰেংঘৰ বা কা-ৰৌণ আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমশিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত।[9] ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল।[10] তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।[9][11] কাৰেং ঘৰটোত প্ৰৱেশ কৰিবৰ বাবে চাৰিখন দুৱাৰ আছে। দুৱাৰ কেইখনক সিংহ দুৱাৰ বুলি কোৱা হয়।[12] ঘৰটোৰ তলত দুমহলা আৰু ওপৰত পাঁচ মহলা আছে। তলৰ মহলাৰ পৰা ৰংপুৰৰ (বৰ্তমানৰ শিৱসাগৰ) তলাতল ঘৰলৈ আহিব পৰা প্ৰায় ১৬ কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল। ঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে তাঁতীৰ গড় আছে। গড়ৰ কিছু দূৰত্বত কাষে কাষে এটা দ খাৱৈ আছে। কাৰেং ঘৰটো দীঘলে ১২০ হাত আৰু বহলে ৩০ হাত।[13] আৰম্ভণিতে ইয়াত কাঠ-বাঁহৰ প্ৰকাণ্ড চাংঘৰহে আছিল। ইয়াক হোলোং বুলি কোৱা হৈছিল। মিৰজুমলাৰ লগত অসমলৈ অহা চিহাবুদ্দিন তালিচৰ মতে কাৰেং ঘৰৰ বৰ্ণনা হ'ল, "ৰজাৰ চোলং (হোলং) ঘৰটো দীঘে ১২০ হাত, পথালিয়ে ৩০ হাত; এই ঘৰত ৬৬ টা স্তম্ভ। প্ৰত্যেকটো বিতোপন স্তম্ভৰ বেৰ বা পৰিধি ৪ হাতকৈ। ঘৰটোৰ চালবোৰ আচৰিত কৌশল খটূৱাই কাঠৰ কাৰুকাৰ্যৰে সুশোভিত কৰা। সেই অৱস্থাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাতত আটকধুনীয়া ৰাজপ্ৰাসাদলৈ পৰিণত হ'ল গড়গাঁৱৰ কাৰেং ঘৰ।"[9]

ৰংঘৰ

ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত পেভেলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল।[9] ৰংঘৰৰ নিৰ্মাণ-শৈলীত ইচলামিক স্থাপত্যৰ প্ৰভাৱ পৰিছে। ইয়াৰ কেন্দ্ৰীয় গাঁথনি চতুৰ্ভূজ আকৃতিৰ। দুই মূৰ আগবঢ়াই ট্ৰেপেজিয়ামৰ আকৃতি দিয়া হৈছে। সামগ্ৰিক ভাৱে ৰংঘৰৰ গাঁঠনিয়ে এটা অষ্টভূজৰ ৰূপ লৈছে। ৰংঘৰৰ চাল অৰ্দ্ধ-বৃত্তাকৃতিৰ, এটা ওভতাই থোৱা দীঘলীয়া আকৃতিৰ বাতিৰ দৰে। কিছুমান বৃহদাকৃতিৰ স্তম্ভ আৰু ধেনুভেৰীয়া গাঁঠনিয়ে চালখনক ধৰি ৰাখিছে। চূড়াত ঘৰীয়াল মুখৰ আকৃতিৰ নাওৰে ৰংঘৰৰ সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে। পোৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰত কোনো ধাতুৰ ব্যৱহাৰ কৰা হোৱা নাই। ইটা জোৰা লগাবলৈ মাটিমাহ, হাঁহকণী, বৰা চাউল আদি সামগ্ৰীৰ মিশ্ৰণ ব্যৱহাৰ কৰা হৈছিল। [14]

নক্সা[সম্পাদনা কৰক]

অসমত উদ্ধাৰ হােৱা প্রাচীন মন্দিৰ স্থাপত্যৰ নক্সা সমূহ ধৰণ সমূহৰ ভিতৰত-

ক) তােৰণঃ এই তােৰণ সমূহমূল মন্দিৰৰ পৰা কিছু আঁতৰত মন্দিৰলৈ সােমােৱা পথত নির্মাণ কৰা হয়।

খ) মুখ্য দুৱাৰঃ মন্দিৰৰ প্ৰৱেশদ্বাৰ। এই প্রবেশ দ্বাৰত দুটা দ্বাৰ শাখাৰ সৈতে ওপৰত শিৰট্টী থাকে। দ পৰ্বতীয়া মন্দিৰৰ এনে মুখ্য দ্বাৰ উদ্ধাৰ হৈছে।

গ) মণ্ডপ বা নাটমন্দিৰঃ মন্দিৰৰ ভিতৰত সমবেত হােৱা কক্ষ।

ঘ) অন্তৰাল বা প্রৱেশ কক্ষঃ মণ্ডপৰ পৰা গৰ্ভগৃহলৈ সােমােৱা পথ বা কক্ষ।

ঙ) গর্ভগৃহ বা মণিকূটঃ অসমত উদ্ধাৰ হােৱা মন্দিৰৰ ভেটিসমূহত পূর্ণাঙ্গ মন্দিৰতকৈ মঠৰ সংখ্যা বেচি। মঠসমূহত অকল মাথােন গর্ভগৃহ বা মণিকূট আৰু গৰ্ভগৃহৰ সমুখত অন্তৰাল থাকে। তদুপৰি তেনে মঠবােৰত কেৱল এজন দেৱতাৰহে মূর্তি থাকে।

আলোকচিত্ৰ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "শিলেও য'ত কথা কয়, মদন কামদেৱ দেৱালয়". আজিৰ অসম: বুধবৰীয়া পৰিপূৰিকা পৃঃ খ. ২৪ মাৰ্চ ১৯৯৩. 
  2. "Places of Interest". Kamrup District Authority. http://kamrup.nic.in/placefr.htm। আহৰণ কৰা হৈছে: December 29, 2011. 
  3. "Khajuraho of Assam". peperonity.com. http://peperonity.com/go/sites/mview/photo.subha/23379138। আহৰণ কৰা হৈছে: December 29, 2011. 
  4. (Nath 2005:72)
  5. (Gogoi 1999-2000:27)
  6. (Archaeological Survey Report 1902-3)
  7. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; অনলাইন নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  8. (Nath 2005:72)
  9. 9.0 9.1 9.2 9.3 "Kareng Ghar - onlinesivasagar.com". Abhijit Borah. onlinesivasagar.com. http://onlinesivasagar.com/tourism/kareng-ghar.html। আহৰণ কৰা হৈছে: 29 জুলাই 2013.  উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "onlinesivasagar.com" defined multiple times with different content
  10. "Assam Monuments and Museums - Gargaon Palace". mapsofindia.com. http://www.mapsofindia.com/assam/tourism/monuments-and-museum.html। আহৰণ কৰা হৈছে: 29 জুলাই 2013. 
  11. "Kareng Ghar, Gargaon". Assam Online Portal. ২০১৩. http://www.assamportal.com/2012/09/kareng-ghar-gargaon.html। আহৰণ কৰা হৈছে: 29 জুলাই 2013. 
  12. "About Kareng Ghar, Gargaon in Assam Portal". Assam Portal. http://www.assamportal.com/2012/09/kareng-ghar-gargaon.html। আহৰণ কৰা হৈছে: November 05, 2012. 
  13. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; কাৰেংঘৰ নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  14. "onlinesivasagar.com". http://onlinesivasagar.com/tourism/ranghar.htm। আহৰণ কৰা হৈছে: March 29, 2012.