অসমৰ শাসকসকলৰ তালিকা
অসমৰ ইতিহাস হৈছে পূব, পশ্চিম, দক্ষিণ আৰু উত্তৰৰ মানুহৰ সংগমৰ ইতিহাস; অষ্ট্ৰ'এছিয়াটিক, তিব্বত-বৰ্মী (চীন-তিব্বতী), টাই আৰু ভাৰত-আৰ্য্য সংস্কৃতিৰ সংগম। যদিও যুগ যুগ ধৰি আক্ৰমণ কৰা হৈছিল, ১৮২১ চনত তৃতীয়বাৰৰ বাবে বাৰ্মিজ আক্ৰমণ আৰু তাৰ পিছত ১৮২৪ চনত প্ৰথম ইংগ-বাৰ্মিজ যুদ্ধৰ সময়ত ইংৰাজৰ অসমত প্ৰৱেশৰ আগলৈকে ই কেতিয়াও কোনো বাহ্যিক শক্তিৰ অধীনস্থ বা উপনিবেশ নাছিল৷[1]

প্ৰাচীন যুগ (প্ৰায় ১২০০ খ্ৰীষ্টপূৰ্ব – ৩৫০ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]শোণিতপুৰ (অসুৰ) ৰাজ্য
[সম্পাদনা কৰক]অসুৰ ৰাজ্য বা শোণিতপুৰ ৰাজ্য বৈদিক যুগৰ এখন ৰাজ্য। কিংবদন্তি অনুসৰি মৰীচি হৈছে এই ৰাজ্যখনৰ প্ৰতিষ্ঠাপক। বৰ্তমান এই ঠাইখণ্ড অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত। এই ৰাজ্যখন প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ সমসাময়িক বুলি ধাৰণা কৰা হয়। পুৰাণ, মহাভাৰত আৰু অন্যান্য ধৰ্মীয় কাব্যসমূহত শোণিতপুৰৰ উল্লেখ আছে।[3] প্ৰবাদ আছে যে শোণিতপুৰৰ ৰজা বাণাসুৰে শত্ৰুৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ সমগ্ৰ নগৰখনকে অগ্নিৰে বেৰি গড় বান্ধিছিল যাক অগ্নিগড় নামেৰে জনা গৈছিল।[4] পৌৰাণিক কাহিনী অনুসৰি বাণৰজাৰ একমাত্ৰ জীয়ৰি ঊষাই গোপনে দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক গোপনে বিয়া কৰোৱাৰ পৰিণতিত শোণিতপুৰত হৰি-হৰ যুদ্ধ অৰ্থাৎ শ্ৰীকৃষ্ণ আৰু শিৱৰ ভয়ংকৰ যুদ্ধ সংঘটিত হৈছিল।
ৰজাসকল
[সম্পাদনা কৰক]| ক্ৰমিক নং | নাম | সম্পৰ্কিত আখ্যান |
|---|---|---|
| ১ | মৰীচি | |
| ২ | কাশ্যপ | |
| ৩ | হিৰণ্যকশিপু | নৰসিংহ অৱতাৰ |
| ৪ | প্ৰহ্লাদ | |
| ৫ | বিৰোচন | |
| ৬ | বলি | বামণ অৱতাৰ (বলি চলন) |
| ৭ | বাণাসুৰ | হৰি-হৰ যুদ্ধ |
প্ৰাগজ্যোতিষপুৰ ৰাজ্য
[সম্পাদনা কৰক]পৌৰাণিক যুগত অসমৰ নাম প্ৰাগজ্যোতিষপুৰ ৰাজ্য আছিল। তাৰ পাছত ই লাহে লাহে কামৰূপ নামেৰে জনাজাত হয়। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজত্ব কৰিবলৈ লোৱাৰে পৰা কামৰূপ ৰাজ্য সকলোৰে মাজত অসম নামেৰে পৰিচিত হ’বলৈ ধৰে।
ৰামায়ণত লিখা আছে যে বিশ্বমিত্ৰ মুনিৰ পুত্ৰ প্ৰপিতামহ (আজো ককাক) কুশ ৰজাৰ পুত্ৰ অমূৰ্তৰাজে প্ৰাগজ্যোতিষ ৰাজ্য পাতিছিল। ‘প্ৰাগ’ শব্দৰ অৰ্থ হল ‘পূব’, ‘জ্যোতিষ’ মানে চন্দ্ৰ, সূৰ্য, আদি গ্ৰহ-নক্ষত্ৰসমূহৰ অৱস্থানৰপৰা মানুহৰ ভাগ্য গণনা কৰা বিদ্যা। প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। কথিত আছে যে সৃষ্টিকৰ্তা ব্ৰহ্মাই এবাৰ ইয়াত এটা নক্ষত্ৰ সৃষ্টি কৰিছিল আৰু তেতিয়াৰপৰাই এই ঠাইখনৰ নাম প্ৰাগজ্যোতিষপুৰ হয়।[5]
অতি প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আছিল। বৰ্তমান গুৱাহাটীয়েই তাহানিৰ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰ মানে পূব দিশৰ জ্যোতিষ চৰ্চা কৰা নগৰ। গুৱাহাটীৰ পূবফালে শচিত্ৰাচল পাহাৰত থকা নৱগ্ৰহ মন্দিৰে এতিয়াও প্ৰমাণ কৰে যে এই ঠাইত এসময়ত জ্যোতিষ চৰ্চা কৰা হৈছিল। এই মন্দিৰত নটা গ্ৰহৰ বিগ্ৰহক নিত্যপূজা কৰাৰ ৰীতি আজিও চলি আছে।
দানৱ বংশ
[সম্পাদনা কৰক]দানৱ ৰাজবংশই উত্তৰ-পূব ভাৰতৰ অসমত ৰাজনৈতিক শাসনৰ সূত্ৰপাত কৰিছিল।[6] মহীৰংগ দানৱে এই বংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক কিৰাট মূলৰ লোক আছিল। কালিকা পুৰাণত এই শাসকসকলৰ উল্লেখ আছে কিন্তু একো পুৰাতাত্বিক প্ৰমাণ নাই।
কিৰাট শাসকৰ শেষজন ঘটকাসুৰক নৰক ৰাজবংশৰ কিংবদন্তি ৰজা নৰকাসুৰে বধ কৰি নিজৰ শাসন আৰম্ভ কৰে।[7]
- ৰজাসকল
- মহীৰংগ (মৈৰং)
- হটকাসুৰ
- শম্ভাসুৰ
- ৰত্নাসুৰ
- ঘটকাসুৰ
ভৌম (নৰক) বংশ
[সম্পাদনা কৰক]ভৌম ৰাজবংশ প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল। ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু স্থানীয় কাহিনীত তেওঁলোকৰ উল্লেখ আছে।[8] মহাভাৰতৰ যুদ্ধৰ কিছুকাল আগতেই দ্বাপৰ যুগত এই বংশৰ আৰম্ভণি হৈছিল। নৰকাসুৰৰ পুত্ৰ আৰু পাণ্ডুৰ বন্ধু ভগদত্তই কৌৰৱৰ হৈ যুদ্ধত অংশ লৈছিল। এই বংশ শোণিতপুৰৰ (মধ্য অসম) বাণ বংশৰ সমসাময়িক আছিল।
দানৱ ৰাজবংশৰ শেষ ৰজা ঘটকাসুৰক বধ কৰি বিদেহৰ নৰকে এই বংশ প্ৰতিষ্ঠা কৰিছিল।[8] কালিকা পুৰাণত নৰকক ধৰিত্ৰী বা ভূমিদেৱীৰ পুত্ৰ বুলি কোৱা হৈছে।[9] সেয়ে নৰকৰ বংশক ভৌম বংশ বুলিও জনা যায়।
- শাসকসকল
| নাম | মাতৃ | পিতৃ | ৰাণী | |
|---|---|---|---|---|
| ১ | নৰকাসুৰ | ভূমি | বিষ্ণু | মায়া (বিদৰ্ভৰ ৰাজকুমাৰী) |
| ২ | ভগদত্ত | - | নৰক | - |
| ৩ | পুষ্পদত্ত | - | ভগদত্ত | - |
| ৪ | বজ্ৰদত্ত | - | ভগদত্ত | - |
দৱক ৰাজ্য (প্ৰায় ১০০ – ৫০০ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]ধ্ৰুপদী যুগ: কামৰূপ বংশ (৩৫০ – ১১০০ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]
বৰ্মন বংশ (৩৫০ – ৬৫০ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]বৰ্মণ বংশ (ইংৰাজী: Varman dynasty) খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্যবৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে।[10][11] এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।
| ক্ৰমিক নং | ৰজা | ৰাজত্বকাল |
|---|---|---|
| ১ | পুষ্যবৰ্মা | ৩৫০–৩৭৪ |
| ২ | সমুদ্ৰবৰ্মা | ৩৭৪–৩৯৮ |
| ৩ | বলবৰ্মা | ৩৯৮–৪২২ |
| ৪ | কল্যাণ বৰ্মা | ৪২২–৪৪৬ |
| ৫ | গণপতি বৰ্মা | ৪৪৬–৪৭০ |
| ৬ | মহেন্দ্ৰ বৰ্মা | ৪৭০–৪৯৪ |
| ৭ | নাৰায়ণ বৰ্মা | ৪৯৪–৫১৮ |
| ৮ | ভূতি বৰ্মা | ৫১৮–৫৪২ |
| ৯ | চন্দ্ৰমুখ বৰ্মা | ৫৪২–৫৬৬ |
| ১০ | স্থিত বৰ্মা | ৫৬৬–৫৯০ |
| ১১ | সুস্থিত বৰ্মা | ৫৯০–৫৯৫ |
| ১২ | সুপ্ৰতিস্থিত বৰ্মা | ৫৯৫–৬০০ |
| ১৩ | কুমাৰ ভাস্কৰ বৰ্মা | ৬০০–৬৫০ |
| ১৪ | অৱন্তী বৰ্মা | ৬৫০–৬৫৫ |
ম্লেচ্ছ বা শালস্তম্ভ বংশ (৬৫০ – ৯০০ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে।[11] তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে।[11] এই বংশৰ ৰজাসকলে আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯৯০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শালস্তম্ভৰ পিছৰ পৰা ত্যাগসিংহ পৰ্যন্ত মুঠ একৈশজন ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। ৰত্নপালৰ তামৰ ফলিত শালস্তম্ভক ম্লেছৰাজ বোলা হৈছে।[11][12] ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক। কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল। এই বংশৰ পতনৰ পিছত পাল ৰাজবংশৰ ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল।
কিছুমান বুৰঞ্জীবিদৰ মতে, পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক ব্ৰহ্মপালে এওঁলোকক দক্ষিণ আৰু পূব দিশে খেদি পঠিয়ায়। পাছত এই বংশৰ কোনো লোকে পূবে শদিয়াত চুতীয়া ৰাজ্য আৰু দক্ষিণে ডিমাপুৰত কছাৰী ৰাজ্য প্ৰতিষ্ঠা কৰে।[13]
| ক্ৰম | ৰজা | কাৰ্য্যকাল |
|---|---|---|
| ১ | শালস্তম্ভ | ৬৫০ – ৬৭০ খ্ৰীষ্টাব্দ |
| ২ | বিজয় বা বিগ্ৰহ স্তম্ভ | |
| ৩ | হৰ্ষদেৱ বা হৰ্ষবৰ্মন | ৭২৫ – ৭৪৫ খ্ৰীষ্টাব্দ |
| ৪ | বলবৰ্মন | |
| ৫ | প্ৰালম্ভ বা শালম্ভ | |
| ৬ | হৰ্জৰবৰ্মন | ৮১৫ – ৮৩২ খ্ৰীষ্টাব্দ |
| ৭ | বনমাল বৰ্মাদেৱ | ৮৩২ – ৮৫৫ খ্ৰীষ্টাব্দ |
| ৮ | জয়মালা বা বীৰ বাহু | ৮৫৫ - ৮৬০ খ্ৰীষ্টাব্দ |
| ৯ | বলবৰ্মন (তৃতীয়) | ৮৬০ - ৮৮০ খ্ৰীষ্টাব্দ |
| ১০ | ত্যাগসিংহ | ৯৭০ - ৯৯০ খ্ৰীষ্টাব্দ |
পাল বংশ (কামৰূপ) (৯০০ – ১১০০ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]পাল ৰাজবংশ (ইংৰাজী: Pala dynasty)ই আনুমানিক ৯৯০ খ্ৰীষ্টাব্দৰ পৰা ১১৩৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগ সিংহৰ সতি-সন্ততি নথকাত সেই বংশ লোপ পাইছিল।[11] প্ৰজাসকলে ব্ৰহ্মপাল নামৰ পুৰণি নৰক বংশীয় কোঁৱৰ এজনক ৰজা মনোনীত কৰিছিল।[11] বংগ পাল ৰাজবংশৰ দৰেই এওঁলোকৰো প্ৰথম ৰজাজন নিৰ্বাচিত কৰা হৈছিল। বংগৰ পাল ৰাজবংশ বৌদ্ধ ধৰ্মী আছিল। আনহাতে কামৰূপ ৰাজ্য ৰাজত্ব কৰা পাল ৰাজবংশ হিন্দু আছিল।
| ক্ৰম | ৰজা | কাৰ্য্যকাল (খ্ৰীষ্টাব্দ) |
|---|---|---|
| ১ | ব্ৰহ্মপাল | ৯৯০ - ১০১০ |
| ২ | ৰত্নপাল | ১০১০ – ১০৪০ |
| ৩ | ইন্দ্ৰপাল | ১০৪০ - ১০৬৫ |
| ৪ | গোপাল | ১০৬৫ - ১০৮০ |
| ৫ | হৰ্ষপাল | ১০৮০ - ১০৯৫ |
| ৬ | ধৰ্মপাল | ১০৯৫ - ১১২০ |
| ৭ | জয়পাল | ১১২০ - ১১৩৮ |
মধ্যযুগীয় যুগ (প্ৰায় ১১০০ – ১৮০০ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]আহোম বংশ (১২২৮ – ১৮৩৮ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]অসম ৰাজ্য[14] (ইংৰাজী: Kingdom of Assam) বা মু'ঙ দুন চুন খাম (আহোম ভাষা:𑜉𑜢𑜤𑜂𑜫: 𑜓𑜢𑜤𑜃𑜫 𑜏𑜤𑜃𑜫ˊ 𑜁𑜉𑜫: Mérng dérn sun khám) আধুনিক নাম আহোম ৰাজ্য এখন মধ্যযুগীয় ৰাজ্য আছিল যি ব্ৰহ্মপুত্ৰ উপত্যকাত ৬০০ বছৰ শাসন কৰাৰ লগতে উত্তৰ-পূবত মোগলৰ শাসনত বাধা দিছিল। দাই ৰাজকোঁৱৰ চুকাফাই ৯০০০ দাই মানুহ আৰু কামৰূপৰ দিনৰ পৰা বাস কৰা আদিম আহোম (টাই দন)সকলৰ সৈতে মিলি ১২২৮ত আহোম ৰাজ্য স্থাপন কৰিছিল।[15] কালক্ৰমত বিস্তাৰিত হৈ ১৬শ শতিকাত চুহুংমুংৰ শাসনকালত এক শক্তিশালী ৰাজনৈতিক শক্তিত পৰিণত হয়। মোৱামৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ পাছত ১৮২৬ত ইয়াণ্ডাবু সন্ধি মতে অসম ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়। ঔপনিবেশিক আৰু পিছৰ কালত আহোম ৰাজ্য বুলি কোৱা হ'লেও পূৰ্বে ইয়াক অসম ৰাজ্য বুলি কোৱা হৈছিল।[16]
আহোম ৰাজবংশ (১২২৮–১৮২৬) চাওলুং চুকাফা তথা চীনৰ টাই সকলৰ ছ্যু ফৈদৰ বংশধৰ যি বৰ্তমানৰ অসমৰ অংশ আহোম সাম্ৰাজ্য প্ৰায় ৬০০ (ছশ) বছৰ ধৰি ৰাজত্ব কৰিছিল। পাটকাই পৰ্বত পাৰ হৈ অসমলৈ অহা মং মাওৰ শান ৰাজকুমাৰ চুকাফাই এই বংশ প্ৰতিষ্ঠা কৰিছিল। অসমত মানৰ আক্ৰমণ আৰু ১৮২৬ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত হোৱা ইয়াণ্ডাবু সন্ধিৰ পিছতে এই আহোম বংশৰ শাসনৰ অন্ত পৰে।
মধ্যযুগৰ বুৰঞ্জীত এই বংশৰ ৰজাসকলক "অসম ৰজা" বুলি কোৱা হৈছে। আনহাতে প্ৰজাই তেওঁলোকক "চাওফা" (চাও-দেৱতা, ফা-স্বৰ্গ) বা ১৬শ শতিকাৰ পৰা "স্বৰ্গদেউ" বুলি মাতিছিল।
- আহোম স্বৰ্গদেউসকল
| # | শাসকৰ নাম | শাসনকাল |
|---|---|---|
| ১ | চ্যু-কা-ফা | ১২২৮–১২৬৮ |
| ২ | চুতেওফা | ১২৬৮–১২৮১ |
| ৩ | চুবিণ্ফা | ১২৮১–১২৯৩ |
| ৪ | চুখাংফা | ১২৯৩–১৩৩২ |
| ৫ | চুখ্ৰাম্ফা | ১৩৩২–১৩৬৪ |
| শাসক নাই | ১৩৬৪–১৩৬৯ | |
| ৬ | চুতুফা | ১৩৬৯–১৩৭৬ |
| শাসক নাই | ১৩৭৬–১৩৮০ | |
| ৭ | ত্যাও খাম্টি | ১৩৮০–১৩৮৯ |
| শাসক নাই | ১৩৮৯–১৩৯৭ | |
| ৮ | চুডাংফা | ১৩৯৭–১৪০৭ |
| ৯ | চুজান্ফা | ১৪০৭–১৪২২ |
| ১০ | চুফক্ফা | ১৪২২–১৪৩৯ |
| ১১ | চুচেনফা | ১৪৩৯–১৪৮৮ |
| ১২ | চুহেনফা | ১৪৮৮–১৪৯৩ |
| ১৩ | চুপিম্ফা | ১৪৯৩–১৪৯৭ |
| ১৪ | চুহুন্মুং | ১৪৯৭–১৫৩৯ |
| ১৫ | চুক্লেণমুং | ১৫৩৯–১৫৫২ |
| ১৬ | চুখাম্ফা | ১৫৫২–১৬০৩ |
| ১৭ | চুচেংফা | ১৬০৩–১৬৪১ |
| ১৮ | চুৰাম্ফা | ১৬৪১–১৬৪৪ |
| ১৯ | চুত্যিণ্ফা | ১৬৪৪–১৬৪৮ |
| ২০ | চুতাম্লা | ১৬৪৮–১৬৬৩ |
| ২১ | চুপংমুং | ১৬৬৩–১৬৭০ |
| ২২ | চুন্যৎফা | ১৬৭০–১৬৭২ |
| ২৩ | চুক্লমফা | ১৬৭২–১৬৭৪ |
| ২৪ | চুহুংফা | ১৬৭৪–১৬৭৫ |
| ২৫ | গোবৰ ৰজা | ১৬৭৫–১৬৭৫ |
| ২৬ | চুজিন্ফা | ১৬৭৫–১৬৭৭ |
| ২৭ | চুদৈফা | ১৬৭৭–১৬৭৯ |
| ২৮ | চুলিক্ফা | ১৬৭৯–১৬৮১ |
| ২৯ | চুপাতফা | ১৬৮১–১৬৯৬ |
| ৩০ | চুখ্ৰংফা | ১৬৯৬–১৭১৪ |
| ৩১ | চুতণফা | ১৭১৪–১৭৪৪ |
| ৩২ | চুণেণফা | ১৭৪৪–১৭৫১ |
| ৩৩ | চুৰেম্ফা | ১৭৫১–১৭৬৯ |
| ৩৪ | চুণ্যেউফা | ১৭৬৯–১৭৮০ |
| ৩৫ | চুহিত্পংফা | ১৭৮০–১৭৯৫ |
| ৩৬ | চুক্লিংফা | ১৭৯৫–১৮১১ |
| ৩৭ | চুদিংফা | ১৮১১–১৮১৮ |
| ৩৮ | পুৰন্দৰ সিংহ | ১৮১৮–১৮১৯ |
| ৩৯ | চুদিংফা | ১৮১৯–১৮২১ |
| ৪০ | যোগেশ্বৰ সিংহ | ১৮২১–১৮২৪ |
| ৪১ | পুৰন্দৰ সিংহ | ১৮৩২–১৮৩৯ |
কছাৰী (ডিমাছা) বংশ (১২৫০ – ১৮৩২ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]ডিমাছা কছাৰী ৰাজ্য অসমত অৱস্থিত এখন জনজাতীয় ৰাজ্য আছিল। ইয়াৰ শাসকসকল আছিল ডিমাছা জনগোষ্ঠীয় লোক। স্থানীয় জনজাতীয় নেতাই শাসন কৰা কছাৰী আৰু আনবোৰ ৰাজ্য (কমতা, চুতীয়া কামৰূপ ৰাজ্যৰ পাছত মধ্যযুগীয় অসমত গঢ় লৈ উঠিছিল। কছাৰী ৰাজ্যৰ অংশবিশেষ ব্ৰিটিছৰ আগমণলৈকে বৰ্তি আছিল। এই ৰাজ্যৰ নামেৰে অসমৰ দুখন জিলা আছে : কাছাৰ আৰু উত্তৰ কাছাৰ (ডিমা হাচাও জিলা)।
কছৰী ৰাজ্যৰ আৰম্ভণিৰ ইতিহাস স্পষ্ট নহয়।[17] পৰম্পৰাগত তথ্য অনুসৰি ৰাজনৈতিক অস্থিৰতাৰ বাবে কছাৰী ডিমাচাসকলে প্ৰাচীন কালত কামৰূপ ৰাজ্য ত্যাগ কৰিবলগীয়া হৈছিল। বহু লোকে ব্ৰহ্মপুত্ৰ (ডিমাচাত দিলৌ) পাৰ কৰিব নোৱাৰি উত্তৰ পাৰতে থাকি গৈছিল আৰু তেওঁলোক পাছলৈ বড়ো বুলি জনাজাত হৈছিল। নদী পাৰ কৰাসকল ডিমাচা (অৰ্থ- নদীৰ পুত্ৰ) বুলি জনাজাত হ'ল। ব্ৰহ্মপুত্ৰৰ কছাৰী ঘাট ইয়াৰেই প্ৰমাণ বুলি ভবা হয়।[18] ডিমাচাসকলে শদিয়াৰ দেৱী কেঁচাই খাইটিক পূজা কৰিছিল।[19] কছাৰীসকলে নিজকে মহাভাৰতৰ ভীম আৰু ডিমাচাৰ ৰাজকুমাৰী হিড়িম্বাৰ পুত্ৰ ঘটোৎকচৰ বংশধৰ বুলি কয়। পাছলৈ তেওঁলোকে মাইবঙত হিন্দু ধৰ্ম গ্ৰহণ কৰে।
কছাৰী ৰজাসকল
[সম্পাদনা কৰক]ডিমাপুৰত
- বিচাৰপতিফা
- বিক্ৰমাদিত্যফা
- মহামণিফা
- মণিফা
- লাদাফা
- খোৰাফা
- খুনখোৰাফা
- ডেটচুংফা
মাইবঙত
- নিৰ্ভয় নাৰায়ণ(১৫৪০-১৫৫০)
- দুৰ্লভ নাৰায়ণ বা হাৰ্মেশ্বৰ (১৫৫০-১৫৭৬)
- মেঘ নাৰায়ণ (১৫৭৬-১৫৮৩)
- শত্ৰুদমন (প্ৰতাপ নায়াৰণ, যশ নাৰায়ণ) (১৫৮৩-১৬১৩)
- নৰ নাৰায়ণ (১৬১৩-)
- ভীমদৰ্প নাৰায়ণ (ভীমবল কোঁৱৰ) (-১৬৩৭)
- ইন্দ্ৰবল্লভ নাৰায়ণ (১৬৩৭-)
- বীৰদৰ্প নাৰায়ণ (-১৬৮১)
- গৰুড়ধ্বজ নাৰায়ণ
- মকৰধ্বজ
- উদয়াদিত্য
- তাম্ৰধ্বজ নাৰায়্ণ (১৬৯৯-১৭০৮)
- ৰাণী চন্দ্ৰপ্ৰভা
- শূৰদৰ্প নাৰায়ণ (-১৭৩০)
- ধৰ্মধ্বজ নাৰায়ণ (হৰিচন্দ্ৰ নাৰায়ণ)
- কীৰ্তিচন্দ্ৰ নাৰায়ণ (১৭৩৫-১৭৪৫)
- গোপীচন্দ্ৰ নাৰায়ণ (১৭৪৫-১৭৫৭)
খাচপুৰত
- হৰিচন্দ্ৰ দ্বিতীয় (১৭৫৭-১৭৭২)
- কৃষ্ণচন্দ্ৰ নাৰায়ণ (১৭৭২-১৮১৩)
- গোবিন্দচন্দ্ৰ নাৰায়ণ (১৮১৩-১৮৩০)
পাৰ্বত্যত
- সেনাপতি তুলাৰাম থাউচেন (মৃত্যু ১২ অক্টোবৰ ১৮৫০)
কমতা বংশ (১২২৮/১২৫৭ – ১৩৬৫ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]কমতা ৰাজ্য ত্ৰয়োদশ শতিকাত পাল ৰাজবংশৰ পতনৰ পাছত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত গঠিত হয়।[20] কমতা ৰাজ্যৰ উত্থানৰ লগে লগে অসম বুৰঞ্জীৰ প্ৰাচীন যুগ শেষ হয় আৰু মধ্য যুগ আৰম্ভ হয়। এই অঞ্চলৰ শেষ শাসক আছিল খেন বংশ যাক গৌড়ৰ শাসক আল্লাউদ্দিন হুছেইন শ্বাহে ক্ষমতাচ্যুত কৰে। প্ৰশাসনিক গাঁথনিৰ সৃষ্টি কৰিলেও হুছেইন শ্বাহে এই অঞ্চল নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে আৰু কোচ ৰাজবংশই ইয়াত অসাসন কৰিবলৈ লয়।
কোচসকলে নিজকে কমতেশ্বৰ (কমতাৰ শাসক) বুলি কৈছিল, কিন্তু তেওঁলোকৰ প্ৰভাৱ আৰু বিস্তৃতি ইমানেই বাঢ়িছিল যে তেওঁলোকৰ ৰাজ্যক কোচ ৰাজ্যও বোলা হয়। পাছলৈ ৰাজ্যখন দুভাগ হৈ পৰে: কোচ বিহাৰ আৰু কোচ হাজো। পূবৰ ৰাজ্য কোচ হাজো ১৭শ শতিকাত আহোম ৰাজ্যৰ অন্তৰ্গত হয়। পশ্চিমৰ অংশ কোচ বিহাৰ কোচ ৰাজবংশৰ হাততে থাকে আৰু ভাৰতৰ স্বাধীনতাৰ পাছত ভাৰতত অন্তৰ্ভুক্ত কৰা হয়।[21]
- ৰজাসকল
- সন্ধ্যা (১২২৮/১২৫৭–১২৬০)
- সিন্ধু ৰায় (১২৬০–১২৮৫)
- ৰূপ নাৰায়ণ (১২৮৫–১৩০০)
- সিংধ্বজ (১৩০০–১৩০৫)
- প্ৰতাপধ্বজ (১৩০৫–১৩২৫)
- ধৰ্ম নাৰায়ণ (১৩২৫–১৩৩০)
- দুৰ্লভ নাৰায়ণ (১৩৩০–১৩৫০)
- ইন্দ্ৰ নাৰায়ণ (১৩৫০–১৩৬৫)
চুতীয়া (শদিয়া) বংশ (১৩৫০ – ১৫২৩ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]চুতীয়া ৰাজ্য আছিল ত্ৰয়োদশ শতিকাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দিকাৰাই নদী[22][23][24] আৰু দক্ষিণ পাৰে দিচাং নদীৰ মাজত গঠন হোৱা এক বিশাল সাম্ৰাজ্য[25]। ১১৮৭ চনত বীৰপালে শদিয়াক ৰাজধানী পাতি উত্তৰ-পূব অসম আৰু অৰুণাচলৰ কিছু অঞ্চল লয় চুতীয়া ৰাজ্য স্থাপন কৰিছিল। তেওঁৰ পুত্ৰ গৌৰী নাৰায়ণে সকলো চুতীয়াক একত্ৰিত কৰি এখন বৃহৎ ৰাজ্য গঠন কৰিছিল। ইয়াৰ পিছত প্ৰায় সোতৰজন ৰজাই এই সাম্ৰাজ্য চলাইছিল। কামৰূপ ৰাজ্য ধ্বংস হোৱাৰ লগে লগে অসমৰ উত্তৰ-পূবত চুতীয়াসকল, পশ্চিম দিশে বাৰভূঞা আৰু কমতা ৰাজ্য ক্ষমতালৈ আহিছিল।[26]। অসমৰ স্থানীয় জনজাতিসকলৰ মাজত চুতীয়াসকল অন্যতম। চুতীয়া সকল কছাৰী গোষ্ঠীৰ লোক আছিল আৰু এটা সময়ত তিব্বত-বাৰ্মীজ ভাষা ব্যৱহাৰ কৰিছিল। সাম্প্ৰতিক কালত, চুতীয়াসকলে অসমীয়া ভাষা ব্যৱহাৰ কৰে।
ইতিহাসৰ পৰা জনা যায় যে মধ্যযুগৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত চুতীয়া ৰাজ্যখনে সকলোতকৈ উন্নত আৰু প্ৰগতিশীল আছিল।[27] উজনি অসমৰ শিৱসাগৰ(দক্ষিণ পাৰ) আৰু বিশ্বনাথ(উত্তৰ পাৰ) জিলাৰ পূব দিশত, অৰুণাচলৰ পাহাৰৰ লৈকে এসময়ত চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। অৰ্থাৎ সেই যুগত চুতীয়া সকল লখিমপুৰ, ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, তিনিচুকীয়া আৰু অৰুণাচলৰ লোহিত, ডিবাং, ইত্যাদি জিলাত সিচৰিত হৈ আছিল। ১২ শতিকাৰ শেষৰ ফালে এই সকলো অঞ্চলৰ চুতীয়া সকল একত্ৰিত হৈ শদিয়া কেন্দ্ৰীক এখন বৃহৎ ৰাজ্য গঠন কৰিছিল। উল্লেখযোগ্য যে এই ৰাজ্যৰ পৰিসীমা এটা সময়ত পৌৰাণিক কামৰূপৰ কৰতয়া নৈ(কমতাপুৰ) লৈকে বিস্তৃত হৈছিল।[28]
- ৰজাসকল
- নন্দিশ্বৰ (১৪ শতিকাৰ শেষৰ ফালে)
- সত্যনাৰায়ণ (১৪ শতিকাৰ শেষৰ ফালে)
- লক্ষ্মীনাৰায়ণ (১৫ শতিকাৰ আৰম্ভণি)
- ধৰ্মনাৰায়ণ (১৫ শতিকাৰ আৰম্ভণি)
- দুৰ্লভনাৰায়ণ (১৫ শতিকাৰ আৰম্ভণি)
- মুক্তধৰ্মনাৰায়ণ (১৫ শতিকাৰ মাজভাগ)
- প্ৰত্যক্ষনাৰায়ণ (১৫ শতিকাৰ মাজভাগ)
- যাসনাৰায়ণ (১৫ শতিকাৰ মাজভাগ)
- পুৰন্দৰনাৰায়ণ (১৫ শতিকাৰ শেষৰ ফালে)
- ধীৰনাৰায়ণ (অজ্ঞাত – ১৫২৪)
- সতী সাধিনী (অজ্ঞাত)
অসমৰ বাৰো-ভূঞা শাসক (১৩৬৫ – ১৪৪০ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]খেন বংশ (১৪৪০ – ১৪৯৮ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]খেন্ বংশ মধ্যযুগত কামৰূপ ৰাজ্য শাসন কৰা এটা ৰাজবংশ। আৰিমত্তৰ বংশধৰ শেষৰজন ৰজা মৃগাংক (১৪১৫-১৪৪০) অপুত্ৰক হোৱা বাবে তেওঁৰ মৃত্যুৰ পাছত কমতাৰাজৰ অধীনৰ ভূঞাসকলৰ মাজৰ নীলধ্বজ নামৰ এজন ভূঞাই ১৪৪০ চনত গৌড়ৰ সিংহাসন দখল কৰে। তেৱেঁই কামৰূপ-কমতাত খেন্ বা খান বা সেন বংশৰ পাতনি মেলে। নীলধ্বজৰ পাছত পুতেক চক্ৰধ্বজ আৰু তাৰ পাছত চক্ৰধ্বজৰ পুত্ৰ নীলাম্বৰ ৰজা হয়। গৃহ কন্দলৰ সুযোগত মুছলমানে আক্ৰমণ কৰাত এই ৰাজবংশই বেছিদিন শাসন কৰিব নোৱাৰিলে। ১৪৯৮ খ্ৰীষ্টাব্দত নীলাম্বৰৰ মৃত্যুত খেন্ বংশৰ অন্ত পৰে।[29]
- ৰজাসকল
কোচ বংশ (১৫১৫ – ১৯৪৯ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]অসম আৰু বংগৰ কোচ ৰাজবংশ (কোচ জনগোষ্ঠীৰ নামেৰে হোৱা)[30] কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। ১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে। কোচ ৰাজবংশৰ প্ৰথম ৰজা বিশ্ব সিংহ আৰু তেওঁৰ পুত্ৰদ্বয় পৰৱৰ্তী ৰজা নৰ নাৰায়ণ আৰু সেনাপতি চিলাৰায়ে সোনকালেই কামৰূপ ৰাজ্যৰ পশ্চিম অংশ আৰু দক্ষিণ অসমৰ কিছু অংশ অধিকাৰ কৰে। পিছলৈ বংশটো দুভাগ হৈ বেলেগ বেলেগকৈ কোচ বিহাৰৰ আৰু কোচ হাজো শাসন কৰিবলৈ লয়। কোচ বিহাৰ মোগলসকলৰ তলতীয়া হৈ পৰে আৰু কোচ হাজো আহোমৰ নিয়ন্ত্ৰণলৈ আহে। ব্ৰিটিছৰ শাসনত কোচ বিহাৰ তলতীয়া হৈ থাকি ভাৰতৰ স্বাধীনতা লাভৰ পিছত নিঃচিহ্ন হৈ পৰে। খাছপুৰত প্ৰতিষ্ঠা লাভ কৰা ৰাজবংশটোৰ এটা তৃতীয় শাখা কছাৰী ৰাজ্যৰ অন্তৰ্গত হৈ পৰে।
অবিভক্ত কোচ ৰাজ্যৰ শাসক (১৫১৫ – ১৫৮৬)
[সম্পাদনা কৰক]- বিশ্ব সিংহ (১৫১৫–১৫৪০)
- নৰ নাৰায়ণ (১৫৪০–১৫৮৬)
কোচ বিহাৰৰ শাসকসকল (১৫৮৬ – ১৯৪৯)
[সম্পাদনা কৰক]কোচ বিহাৰ[31] ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত এখন প্ৰিন্সলি ষ্টেট বা কৰতলীয়া ৰাজ্য আছিল।[32] এই ৰাজ্য বেংগল প্ৰেচিডেন্সীৰ ইষ্টাৰ্ণ ষ্টেটছ এজেঞ্চিৰ বেংগল ষ্টেট এজেঞ্চিৰ অংশ আছিল। এই ৰাজ্য হিমালয়ৰ ভূটানৰ দক্ষিণত বৰ্তমান ভাৰতৰ পশ্চিম বংগ ৰাজ্যত অৱস্থিত।
১৫৮৬ চনত কোচ ৰজা নৰনাৰায়ণৰ মৃত্যুৰ বয়সত কোচ ৰাজবংশৰ মাজত ফাঁট মেলিছিল। ইয়াৰ ফলত কমতা ৰাজ্য কোচ বিহাৰ আৰু কোচ হাজো এই দুই ভাগত বিভক্ত হয়। পূব ফালে থকা কোচ হাজোৰ দুৰ্বল শাসনতন্ত্ৰৰ সুযোগ লৈ আহোমে নিজৰ অধীনলৈ এনে। পশ্চিম ভাগৰ কোচ বিহাৰ মোগলৰ পিছত ভূটান ৰাজ্যৰ আগ্ৰাসনৰ বলি হৈছিল। ভূটানী আৰু তিব্বতীয় সকলৰ লগত কেইবাবাৰো যুদ্ধ লগাৰ পিছত উত্তৰৰ শত্ৰু সমূহক পিছলৈ ঘূৰি যাবলৈ বাধ্য হৈছিল। কিন্তু এগৰাকী ভূটানৰ কটকী কোচ বিহাৰৰ ৰাজ হাউলিত থাকি গৈছিল। কোচ বিহাৰৰ শাসক সকলে ব্ৰিটিছ সহায় বিচাৰিলে আৰু ব্ৰিটিছৰ পৰা সামৰিক সাহায্য লাভ কৰা পিছত কোচ বিহাৰৰ শত্ৰু নাশ হয়। পিছলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সন্ধিৰ জৰিয়তে কোচ বিহাৰৰ ৰাজ ক্ষমতা বহু পৰিমাণে লাঘৱ কৰে। ব্ৰিটিছৰ অধীনত কোচ বিহাৰে প্ৰিন্সলি ষ্টেট বা কৰতলীয়া ৰাজ্য হিচাপে পৰিগণিত হয়। ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত ১৯৪৯ চনত কোচ বিহাৰ ৰাজ্য ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ সৈতে মিলিত হয়। এই ৰাজ্যৰ নামেৰে পশ্চিম বংগৰ কোচ বিহাৰ জিলাৰ নাম ৰখা হৈছে।
- কোচবিহাৰ ৰাজ্যৰ শাসকসকল
- লক্ষ্মী নাৰায়ণ
- বীৰ নাৰায়ণ
- প্ৰাণ নাৰায়ণ
- বাসুদেৱ নাৰায়ণ
- মহিন্দ্ৰ নাৰায়ণ
- ৰূপ নাৰায়ণ
- উপেন্দ্ৰ নাৰায়ণ
- দেৱেন্দ্ৰ নাৰায়ণ
- ধৈৰজেন্দ্ৰ নাৰায়ণ
- ৰাজেন্দ্ৰ নাৰায়ণ
- ধৰেন্দ্ৰ নাৰায়ণ
- হৰেন্দ্ৰ নাৰায়ণ
- শিবেন্দ্ৰ নাৰায়ণ
- নৰেন্দ্ৰ নাৰায়ণ
- নৃপেন্দ্ৰ নাৰায়ণ
- ৰাজেন্দ্ৰ নাৰায়ণ দ্বিতীয়
- জিতেন্দ্ৰ নাৰায়ণ (গায়ত্ৰী দেৱীৰ পিতৃ)
- জগদ্দিপেন্দ্ৰ নাৰায়ণ (১৯৪৯ চনলৈকে শাসন)
কোচ হাজোৰ শাসকসকল (১৫৮১ – ১৬১৬ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]কোচ হাজো[33] (১৫৮১ - ১৬১৬) কোচ ৰাজবংশৰ ৰজা ৰঘুদেৱ আৰু তেওঁৰ পুত্ৰ পৰীক্ষিত নাৰায়ণৰ ৰাজ্য আছিল। এই ৰাজ্যৰ সীমা ব্ৰহ্মপুত্ৰ নদৰ উত্তৰে পশ্চিমে সোণকোষ নদীৰ পৰা পূবে ভাৰেলী নদী পৰ্যন্ত বিস্তৃত আছিল। কমতা ৰাজ্যৰ বিভাজনৰ পিছত এই ৰাজ্য গঠন কৰা হৈছিল।[34] কমতা ৰাজ্য মধ্যযুগত কোচ ৰজা নৰনাৰায়ণৰ শাসনৰ অধীনত আছিল। সোণকোষ নদীয়ে নৱগঠিত দুইখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল। বৰ্তমান সময়ত সোণকোষ নদী অসম আৰু পশ্চিম বংগ ৰাজ্যৰ প্ৰাকৃতিক সীমা। কমতা ৰাজৰ পশ্চিম অংশ কোচ বিহাৰ আৰু পূব অংশ কোচ হাজো ৰাজ্য হিচাপে দুই অংশত বিভাজিত হৈছিল। হাজো নাম কোচ ৰাজবংশৰ এগৰাকী প্ৰাচীন প্ৰতাপী ৰজা হাজোৰ নামেৰে ৰখা হৈছিল। তেওঁ বৰ্তমান বাংলাদেশৰ ৰংপুৰ জিলা আৰু অসমৰ কিছু অংশত শাসন কৰিছিল বুলি জনা যায়।[35]
- ৰজাসকল
- ৰঘুদেৱ (চিলাৰায়ৰ পুত্ৰ, নৰনাৰায়ণৰ ভতিজা)
- পৰীক্ষিত নাৰায়ণ
দৰঙৰ শাসকসকল
[সম্পাদনা কৰক]- বালিনাৰায়ণ (পৰীক্ষিত নাৰায়ণৰ ভাতৃ)
- মহেন্দ্ৰ নাৰায়ণ
- চন্দ্ৰ নাৰায়ণ
- সূৰ্য্য নাৰায়ণ
বেলতলাৰ শাসকসকল
[সম্পাদনা কৰক]- গজ নাৰায়ণ দেৱ (কোচ হাজোৰ শাসক পৰীক্ষিত নাৰায়ণৰ ভাতৃ, বালিনাৰায়ণৰ ভাতৃ, দৰঙৰ প্ৰথম কোচ শাসক)
- শিৱেন্দ্ৰ নাৰায়ণ দেৱ (গজ নাৰায়ণৰ পুত্ৰ)
- গন্ধৰ্ব নাৰায়ণ দেৱ (শিবেন্দ্ৰ নাৰায়ণৰ পুত্ৰ)
- উত্তম নাৰায়ণ দেৱ (গন্ধৰ্ব নাৰায়ণ দেৱৰ পুত্ৰ)
- ধ্বজা নাৰায়ণ দেৱ (উত্তম নাৰায়ণ দেৱৰ পুত্ৰ)
- জয় নাৰায়ণ দেৱ (ধ্বজা নাৰায়ণ দেৱৰ পুত্ৰ)
- লম্বোদৰ নাৰায়ণ দেৱ (জয় নাৰায়ণ দেৱৰ পুত্ৰ)
- লোকপাল নাৰায়ণ দেৱ (লম্বোদৰ নাৰায়ণ দেৱৰ পুত্ৰ)
- অমৃত নাৰায়ণ দেৱ (লোকপাল নাৰায়ণ দেৱৰ পুত্ৰ)
- চন্দ্ৰ নাৰায়ণ দেৱ (লোকপাল নাৰায়ণ দেৱৰ পুত্ৰ) (মৃত্যু ১৯১০ খ্ৰীষ্টাব্দ)
- ৰাজেন্দ্ৰ নাৰায়ণ দেৱ (চন্দ্ৰ নাৰায়ণ দেৱৰ পুত্ৰ) (মৃত্যু ১৯৩৭ খ্ৰীষ্টাব্দ)
- লক্ষ্মীপ্ৰিয়া দেৱী (ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ পত্নী) (ৰাজত্বকাল: ১৯৩৭–১৯৪৭ খ্ৰীষ্টাব্দ, মৃত্যু: ১৯৯১ খ্ৰীষ্টাব্দ)
বিজনীৰ শাসকসকল
[সম্পাদনা কৰক]কোচ বিহাৰৰ ঠিক পূব দিশৰ অঞ্চল সোণকোষ আৰু মানস নদীৰ মাজত বিজনীৰ শাসকসকলে ৰাজত্ব কৰিছিল।
খাছপুৰৰ শাসকসকল
[সম্পাদনা কৰক]১৭৪৫ চনত খাছপুৰ শাসকসকলৰ স্বতন্ত্ৰ শাসনৰ অন্ত পৰে যেতিয়া ই কছাৰী ৰাজ্যৰ সৈতে একত্ৰিত হয়।
খাছপুৰত কোচ ৰাজ্যৰ শাসকসকল হ'ল:
- কমল নাৰায়ণ (খাছপুৰৰ ৰাজ্যপাল, বিশ্ব সিংহৰ পুত্ৰ গোহাঁই কমল)
- উদিতা নাৰায়ণ (১৫৯০ চনত খাছপুৰৰ স্বাধীনতা ঘোষণা)
- বিজয় নাৰায়ণ
- ধীৰ নাৰায়ণ
- মহেন্দ্ৰ নাৰায়ণ
- ৰঞ্জিত
- নৰসিংহ
- ভীম সিংহ (তেওঁৰ একমাত্ৰ সন্তান কন্যা কাঞ্চনীয়ে কছাৰী ৰাজ্যৰ এজন ৰাজকুমাৰক বিয়া কৰাইছিল, আৰু খাছপুৰ কছাৰী ৰাজ্যৰ লগত বিলীন হৈছিল)
আধুনিক যুগ (প্ৰায় ১৮০০ – ১৯৪৭ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]ব্ৰিটিছ ঔপনিৱেশিক অসম (১৮২৬ – ১৯৪৭ খ্ৰীষ্টাব্দ)
[সম্পাদনা কৰক]অসমৰ ওপৰত ব্ৰিটিছ ঔপনিৱেশিক ৰাজত্বৰ কালক্ৰম:
- বংগ ৰাষ্ট্ৰপতিত্ব (১৮২৬–১৮৭৩ খ্ৰীষ্টাব্দ)
- মুখ্য আয়ুক্তৰ প্ৰদেশ (১৮৭৪–১৯০৫ খ্ৰীষ্টাব্দ)
- লেফটেনেণ্ট গৱৰ্ণৰৰ অধীনত পূব বংগ আৰু অসম (১৯০৬–১৯১২ খ্ৰীষ্টাব্দ)
- অসম বিধান পৰিষদ (১৯১২–১৯২০ খ্ৰীষ্টাব্দ)
- ৰাজতন্ত্ৰ (১৯২১ – ১৯৩৭ খ্ৰীষ্টাব্দ)
- অসম বিধানসভা (১৯৩৭–১৯৪৭ খ্ৰীষ্টাব্দ)
ভাৰতীয় গণৰাজ্য
[সম্পাদনা কৰক]লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ (Urban 2009:86)
- ↑ Baruah 1986.
- ↑ Niśipada Caudhurī (1985), Historical archaeology of central Assam, p.67
- ↑ শান্তনু বৰুৱা (২০০৪). তেজপুৰ, এখন চহৰ অনেক কাহিনী. তেজপুৰ মহোৎসৱ উদ্যাপন কমিটি ২০০৪. পৃষ্ঠা. ২,৩.
- ↑ পৌৰণিকা, অমল কুমাৰ বন্দোপাদধ্যায়, দ্বিতীয় খণ্ড, পৃষ্ঠা. ১০২
- ↑ (Gait 1906, পৃষ্ঠা 11)
- ↑ (Gait 1906, পৃষ্ঠা 12)
- 1 2 (Gait 1906, পৃষ্ঠা 12)
- ↑ "History of Assam: The Ancient Period". Govt. of Assam. Archived from the original on 23 August 2017. https://web.archive.org/web/20170823214948/http://online.assam.gov.in/web/guest/historyofassam?webContentId=109367। আহৰণ কৰা হৈছে: 29 July 2017.
- ↑ (Sharma 1978, পৃষ্ঠা xxix)
- 1 2 3 4 5 6 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ১৬. উদ্ধৃতি ত্ৰুটি: Invalid
<ref>tag; name "সোণৰ অসম" defined multiple times with different content - ↑ ম্লেছ শব্দটো অপমানসূচক হ'লেও এই বংশৰ ৰজা হৰ্জৰবৰ্মনে হয়ুন্থল তামৰ ফলিত ইয়াৰ অৰ্থ বুজাইছে।(Sharma 1978:91)
- ↑ (Bhattacharjee 1992, পৃষ্ঠা 393)
- ↑ Kakati, Dr. B.K. (1941). "Assamese:Its formation and development : Dr. B.K. Kakati : Free Download, Borrow, and Streaming : Internet Archive". Internet Archive. পৃষ্ঠা: 3. https://archive.org/details/AssameseitsFormationAndDevelopment/page/n37/mode/1up। আহৰণ কৰা হৈছে: September 26, 2024.
- ↑ Gohain 2018.
- ↑ Kakati,Banikanta,Assamese, Its Formation and Development: A Scientific Treatise on the History and Philology of the Assamese Language, Being a Thesis Approved for the Ph.D. Degree of the Calcutta University in 1935, 1995, LBS Publication,https://books.google.co.in/books?id=OTSrmQEACAAJ&dq,https://archive.org/details/AssameseitsFormationAndDevelopment/page/n3}}
- ↑ (Bhattacharjee 1992:392–393)
- ↑ (Gogoi 1968:268)
- ↑ (Bhattacharjee 1992:393)
- ↑ Kamarupa was reorganized as a new state. 'Kamata' by name with Kamatapur as capital. The exact time when the change was made is uncertain. But possibly it had been made by Sandhya (c1250-1270) as a safeguard against mounting dangers from the east and the west. Its control on the eastern regions beyond the Manah (Manas river) was lax." (Sarkar 1992, পৃষ্ঠা 40–41)
- ↑ http://coochbehar.nic.in/htmfiles/royal_history2.html
- ↑ Acharya,N.N.,"The history of Medieval Assam",p.232
- ↑ William Robinson, "A descriptive account of Assam",p.323.
- ↑ Dutta, Sristidhar, "The Mataks and their kingdom,p.28
- ↑ "চুতীয়া ৰাজ্য". http://enajori.com/test/history/kingdomsofAssam/kingdomofassam1.html। আহৰণ কৰা হৈছে: August 11, 2012.[সংযোগবিহীন উৎস]
- ↑ "চুতীয়া ৰজা". http://www.historyfiles.co.uk/KingListsFarEast/IndiaChutiyas.htm। আহৰণ কৰা হৈছে: August 11, 2012.
- ↑ Guha, Amalendu (December 1983), "The Ahom Political System: An Enquiry into the State Formation Process in Medieval Assam (1228-1714)", p.5, "The period from the 13th to the 16th century saw the emergence and development of a large number of tribal political formations in north-east India. The Chutiya, the Tai-Ahom, the Koch, the Dimasa (Kachari), the Tripuri, the Meithei (Manipuri), the Khasi (Khyriem) and the Pamar (Jaintia)—all these tribes crystallised into rudimentary state formations by the 15th century. The most developed of the tribes in the 15th century were the Chutiyas."
- ↑ Neog, Maheswar (1977). "Light on a Ruling Dynasty of Arunachal Pradesh in the Fourteenth and Fifteenth Centuries", p.818, "The eastern region, whether it is called Sadhaya or Svadhaya as in the plates or Sadhiya/Sadiya as in Assamese chronicles, and the western region of Kamatapura seem to have been politically connected, and the same king Satyanarayana/Ratnanarayana might have held sway over both the regions."
- ↑ কৌশিক বৰুৱা, শান্তনু (২০১৫). অসম ইয়েৰ বুক ২০১৬. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২৩২-৩৩.
- ↑ (Nath 1989:2–11)
- ↑ "The eastern division was known as 'Kamrup' in the local sources and as 'Koch Hajo' in the Persian chronicles. The western division known as Koch Behar was known as 'Kuc' (Koch) or 'Koch Behar' in Persian chronicles, or simply as 'Behar' in the Gurucharitas." (Nath 1989, পৃষ্ঠা 86)
- ↑ Princely States of India
- ↑ Called Koch Hajo in Persian chronicles, Kamrup in local sources (Nath 1989:86).
- ↑ (Nath 1989:85)
- ↑ (Sircar 1990:171)
উৎসসমূহ
[সম্পাদনা কৰক]- Baruah, S L (1986), A Comprehensive History of Assam, Munshiram Manoharlal
- Baruah, S. L. (1993), Last Days of Ahom Monarchy, প্ৰকাশক New Delhi
- Bhattacharjee, J.B. (1994), Milton S. Sangma, ed., "The Pre-Colonial Political Structure of Barak Valley", Essays on North-east India: Presented in Memory of Professor V. Venkata Rao (New Delhi: Indus Publishing), ISBN 978-81-7387-015-6, https://books.google.com/books?id=UaNQ_HLLt04C&pg=PA74
- Gait, Edward A (1906), A History of Assam, প্ৰকাশক Calcutta, https://books.google.com/books?id=w-6kr1IyHJkC
- Gogoi, Padmeshwar (1968), The Tai and the Tai kingdoms, প্ৰকাশক Guwahati: Gauhati University
- Rhodes, N G (1986). "The Coinage of Kachar". The Numismatic Chronicle খণ্ড 146: 155–177. ISSN 0078-2696.
- Sharma, Mukunda Madhava (1978), Inscriptions of Ancient Assam, Gauhati University, Assam
- Shin, Jae-Eun (2018), "Region Formed and Imagined: Reconsidering temporal, spatial and social context of Kamarupa", in Dzüvichü, Lipokmar; Baruah, Manjeet, Modern Practices in North East India: History, Culture, Representation, প্ৰকাশক London & New York: Routledge, pp. 23–55
- Shin, Jae-Eun (2020). "Descending from demons, ascending to kshatriyas: Genealogical claims and political process in pre-modern Northeast India, The Chutiyas and the Dimasas". The Indian Economic and Social History Review খণ্ড 57 (1): 49–75. doi:10.1177/0019464619894134.
- Urban, Hugh (2009), The Power of Tantra: Religion, Sexuality and the Politics of South Asian Studies, Bloomsbury, ISBN 9780857715869, https://books.google.com/books?id=wg6MDwAAQBAJ