অসম নেমু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এটা কাজি নেমু
কেৰালা, ভাৰতৰ মালাপ্পুুৰমত এজোপা কাজি নেমু গছ

অসম নেমু (ইংৰাজী: Assam Lemon) হৈছে কাজি নেমু আৰু গোল নেমুু নামৰ ভাৰতৰ অসমত পোৱা আৰু খেতি কৰা কৃষিজাত পাচলী।[1] নেমু হৈছে অসমীয়া খাদ্যাভ্যাস অত্যাৱশ্যকীয় উপাদান।[2] ইয়াক অসমীয়াত নেমু টেঙা বুলিও কোৱা হয়। অসম নেমুৰ বৈজ্ঞানিক নাম হৈছে ছাইট্ৰাছ লাইমন[3] আৰু ছাইট্ৰাছ জাম্ভিৰি

অসম নেমুৰ পৰা শীতল পানীয় বা চৰবৎ প্ৰস্তুত কৰা হয়। ইয়াৰ ফলৰ বাকলি আৰু অন্যান্য অংশ আচাৰ হিচাপে নাইবা অন্য বিভিন্ন প্ৰকাৰে খোৱা হয।[4]

প্ৰকাৰ[সম্পাদনা কৰক]

অসমীয়া সাঁজত নেমু, ভাতৰ ওপৰৰ সোঁফালে নিমখ আৰু জলকীয়াৰ মাজত নেমু দেখা গৈছে।

গোল নেমু[সম্পাদনা কৰক]

গোল নেমু ভাৰতত পোৱা অন্য নেমুৰ সৈতে একে। ইয়াৰ আকাৰ অলপ ডাঙৰ আৰু আকৃতি ঘূৰণীয়া। পকিলে ইয়াৰ বৰণ হালধীয়া হয় আৰু সোৱাদ মিঠা হয়।

কাজি নেমু[সম্পাদনা কৰক]

নেমুৰ দীঘলীয়া প্ৰকাৰটো হৈছে কাজি নেমু।[5] গোল নেমুতকৈ কাজি নেমু বেছি ৰসাল। ই অসমৰ খাদ্যাভাসৰ সৈতে জড়িত আৰু অধিক জনপ্ৰিয়। ই গোল নেমুৰ সমানেই ডাঙৰ আৰু পকিলে হালধীয়া বৰণ ধৰে।[6][7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]