অসম বিদ্যুৎ সংবহন নিগম লিমিটেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম বিদ্যুৎ সংবহন নিগম লিমিটেড
ধৰণ ৰাজহুৱা খণ্ডৰ কোম্পানী
উদ্যোগ বিদ্যুতৰ সংবহন
স্থাপিত ২০০৩
মুখ্য কাৰ্যালয় অসম, ভাৰত
দেশ/অঞ্চল অসম, ভাৰত
পণ্য বিদ্যুৎ শক্তি
ৱেবছাইট www.aegcl.co.in

অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (ইংৰাজী: Assam Electricity Grid Corporation Limited; চমুকৈ AEGCL) হৈছে অসম চৰকাৰধীন ৰাজহুৱা খণ্ডৰ এক উদ্যোগ। পূৰ্বৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ পুনৰ্গঠন কৰি ২০০৩ চনত এই কোম্পানীটোৰ জন্ম দিয়া হয় আৰু ভাৰতীয় কোম্পানী অধিনিয়ম, ১৯৫৬ৰ অধীনত পঞ্জীকৰণ কৰা হয়। কোম্পানীৰ মূল কাম হৈছে অসমত বিদ্যুত শক্তিৰ সংবহন ব্যৱস্থাটো সঠিকভাৱে নিয়ন্ত্ৰণ কৰা আৰু বিদ্যুৎ শক্তিক উৎসৰ পৰা কঢ়িয়াই আনি বিতৰণ ব্যৱস্থাৰ কাষ চপাই নিয়া। ইয়াক অসমৰ ৰাজ্যিক সংবহন প্ৰতিষ্ঠান (State Transmission Utility) হিচাপে চিহ্নিত কৰা হৈছে। ২১ জুলাই ২০১৮ লৈকে এইজিচিএলৰ অধীনত ৬৫টা গ্ৰীড ছাব-ষ্টেচন স্থাপন কৰা হয়। সেইসমূহৰ ৰূপান্তৰণ ক্ষমতা হৈছে ৬১৫৮ এম.ভি.এ.।[1]

লক্ষ্য[সম্পাদনা কৰক]

কোম্পানীৰ লক্ষ্য হৈছে-"ভাৰতৰ শীৰ্ষতম সংবহন প্ৰতিষ্ঠান হোৱাৰ দিশে আগবাঢ়ি যোৱা; আৰু প্ৰতিযোগিতামূলক মূল্যত সৰ্বনিম্ন সংবহন-ক্ষতিত মানবিশিষ্ট, বিশ্বাসযোগ্য আৰু সুৰক্ষিতভাৱে বিদ্যুৎ সংবহন কৰা।" (To march ahead towards number one rank amongst the leading Transmission Utilities in India, transmitting quality, reliable and secured power with minimum transmission loss at a competitive price.)[2]

এটা গ্ৰীড ছাব-ষ্টেছন

প্ৰকল্প[সম্পাদনা কৰক]

বিশ্ববেংক, এছিয়ান ডেভলেপমেণ্ট বেংকৰ পৰা অৰ্থ-সাহায্য লৈ এইজিচিএল কোম্পানীয়ে এতিয়ালৈকে বহুতো উচ্চক্ষমতাসম্পন্ন ছাব-ষ্টেছন আৰু উচ্চ আৰু বিদ্যুৎ পৰিবাহী নেটৱৰ্ক নিৰ্মাণ কৰিছে। এইবোৰ ছাবষ্টেছনত অত্যাধুনিক পেনেল আৰু সৰঞ্জামৰ যোগান ধৰা হৈছে। কিছুমান প্ৰকল্পৰ নিৰ্মাণকাৰ্য এতিয়াও চলি আছে।[3]

বিশেষ পদাধিকাৰী[সম্পাদনা কৰক]

বৰ্তমান এইজিচিএলৰ অধ্যক্ষ হৈছে বিনোদ কুমাৰ পিপাৰছেনিয়া। পৰিচালন সঞ্চালক হৈছে সত্যেন্দ্ৰনাথ কলিতা।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]