অসিত ঋষি
অসিত ঋষি | |
|---|---|
অসিৎ | |
| ব্যক্তিগত | |
| ধৰ্ম | হিন্দু ধৰ্ম |
| দাম্পত্যসংগী | একপৰ্ণা |
| সন্তান | দেৱল |
| পিতৃ-মাতৃ |
|
| যুগ | বৈদিক যুগ |
| জীৱিকা | দাৰ্শনিক |
অসিত ঋষি (Sanskrit: ऋषि असित)ক এগৰাকী বৈদিক ঋষি আৰু শণ্ডিল্য গোত্ৰৰ এজনা পণ্ডিত। তেওঁক সাধাৰণভাৱে অসিৎ বুলি কোৱা হয়।[1][2]
বিৱৰণ
[সম্পাদনা কৰক]মৎস্য পুৰাণত অসিতক শণ্ডিল্য গোত্ৰৰ অন্যতম পণ্ডিত হিচাপে উল্লেখ কৰা হৈছে।[1] সৌৰপুৰাণৰ মতে কাশ্যপ নামৰ এজন ঋষিৰ তপস্যাৰ ফলস্বৰূপে অসিতৰ জন্ম হৈছিল। পিছত অসিত আৰু তেওঁৰ পত্নী একপৰ্ণাৰ ঘৰত দেৱলৰ জন্ম হয়। ব্ৰহ্মবৈৱৰ্ত পুৰাণত অসিতক শিৱই তেওঁৰ পুত্ৰ দিছিল বুলি উল্লেখ আছে।[3] দেৱলৰ নিজৰ পুত্ৰ শণ্ডিল্যৰো জন্ম একেদৰেই হৈছিল।[4]
ভাগৱত ১০.১২-১৩ পদত অৰ্জুনে অসিতক নাৰদ, অসিত, দেৱল আৰু ব্যাস চাৰিজন মহামুনিৰ ভিতৰত অন্যতম বুলি বৰ্ণনা কৰিছে।[5] ঋগবেদত তেওঁক কিছুমান মন্ত্ৰৰ দৰ্শক ঋষি হিচাপে উল্লেখ কৰা হৈছে।[6] মহাভাৰতত ৰজা যুধিষ্ঠিৰৰদ্বাৰা আয়োজিত ৰাজসূয় যজ্ঞত অসিত উপস্থিত আছিল। তেওঁৰ লগত ভৰদ্বাজ, বিশ্বামিত্ৰ, গৌতম, পৰশুৰাম, বশিষ্ঠ আদি ঋষিয়ে একেলগে সমবেদৰ গীত গায়।[7] ভাগৱত পুৰাণৰ নৱম অধ্যায়ত অসিতই মৃত্যুমুখত পৰা ভীষ্মক সাক্ষাৎ কৰি কথা-বতৰা পাতিছিল। তেওঁ কৃষ্ণৰ সহযোগীও আছিল: অসিতে কৃষ্ণই আয়োজন কৰা কুৰুক্ষেত্ৰত যজ্ঞৰ পুৰোহিত হিচাপে কাম কৰিছিল, আৰু তেওঁৰ ভক্ত ৰজা বহুলাশ্ব জনক আৰু ব্ৰাহ্মণ শ্ৰুতদেৱক লগ ধৰিবলৈ মিথিল ৰাজ্যলৈ যোৱাৰ সময়ত তেওঁৰ লগত অধিক সংগ দিছিল।
কিংবদন্তি অনুসৰি আসিতই উত্তৰাখণ্ডৰ যমুনোত্ৰীত বাস কৰিছিল।[8] তেওঁ যমুনা নদী আৱিষ্কাৰ কৰা বুলি অনুমান কৰা হৈছে। সেয়ে যমুনা নদীক "অসিতা" বুলিও কোৱা হয়।[9] কাশীৰ মহাসিদ্ধিশ্বৰ মহাদেৱ মন্দিৰত তেওঁ ধ্যান কৰিছিল বুলি বিশ্বাস কৰা হয়।[10]
ধাৰণা
[সম্পাদনা কৰক]ঋষি অসিতই পুনৰ্জন্মৰ ধাৰণা প্ৰচাৰ কৰিছিল। বিষ্ণু পুৰাণৰ ২৪ নং অধ্যায়ত পৃথ্বীয়ে (পৃথিৱী) জগতৰ ৰজাসকলৰ অজ্ঞানতাৰ ৰহস্য পদ্যৰ ৰূপত অসিতৰ আগত বুজাই দিছিল। ব্ৰহ্মাণ্ড পুৰাণৰ এটা দৃষ্টান্তত অসিতে মিথিলাত ৰজা জনকক পুনৰ্জন্মৰ দৰ্শন ব্যাখ্যা কৰিছে।[11] তেওঁ "ৰজাসকলৰ অজ্ঞানতাৰ বাবে হোৱা গোপনীয়তা"ৰ কথা লক্ষ্য কৰি ৰজা জনকক তেনেদৰে ব্যাখ্যা কৰিছিল।[12]
ঋগবেদৰ নৱম পুথি বুলি জনাজাত মণ্ডল ৯ত অসিত হৈছে ৫ নং সূক্তৰপৰা ২৪ নং সূক্তলৈকে গীতসমূহৰ দ্ৰষ্টা ঋষি।[13] ব্ৰহ্মবৈৱৰ্ত পুৰাণত অসিতই শিৱৰ প্ৰতি অসিতাক্ৰুতম শিৱস্তোত্ৰ নামৰ এটা স্তোত্ৰ ৰচনা কৰিছিল।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Datta, Swati (1989) (en ভাষাত). Migrant Brāhmaṇas in Northern India: Their Settlement and General Impact C. A.D. 475-1030. Motilal Banarsidass Publ.. ISBN 978-81-208-0067-0. https://books.google.com/books?id=pKAb9DPUCCcC&q=Asita.
- ↑ DADUZEN, Dayal N. Harjani aka (2018-07-18) (en ভাষাত). Sindhi Roots & Rituals - Part 2. Notion Press. ISBN 978-1-64249-480-8. https://books.google.com/books?id=L2xlDwAAQBAJ&q=asita+rishi+in+shandilya+gotra.
- ↑ www.wisdomlib.org (2009-04-11). "Asita, Asitā, Ashita, Aśīta, Āśita, Āsita: 33 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/asita। আহৰণ কৰা হৈছে: 2024-08-24.
- ↑ www.wisdomlib.org (2014-01-30). "Shandilya, Śāṇḍilya, Śāṇḍilyā, Shamdilya: 26 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/shandilya। আহৰণ কৰা হৈছে: 2024-08-24.
- ↑ www.wisdomlib.org (2020-05-08). "Verses 10.12-13 [Bhagavad-gita"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/shrimad-bhagavad-gita/d/doc420069.html। আহৰণ কৰা হৈছে: 2024-08-24.
- ↑ www.wisdomlib.org (2021-08-27). "Rig Veda 9.24.6 [English translation"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/rig-veda-english-translation/d/doc837512.html। আহৰণ কৰা হৈছে: 2024-08-24.
- ↑ Dharma, Krishna (2020-08-18) (en ভাষাত). Mahabharata: The Greatest Spiritual Epic of All Time. Simon and Schuster. পৃষ্ঠা. 167. ISBN 978-1-68383-920-0. https://books.google.com/books?id=NbAeEAAAQBAJ.
- ↑ "जानिए, पावन धाम यमुनोत्री के बारे में सबकुछ - Know Everything About The Holy Dham Yamunotri" (hi ভাষাত). Jagran. https://www.jagran.com/spiritual/mukhye-dharmik-sthal-know-everything-about-the-holy-dham-yamunotri-22396120.html। আহৰণ কৰা হৈছে: 2024-08-24.
- ↑ "यमुना नदी, यमराज की बहन है -" (hi ভাষাত). Jagran. https://www.jagran.com/spiritual/religion-yamuna-is-the-sister-of-yama-13701945.html। আহৰণ কৰা হৈছে: 2024-08-24.
- ↑ "Sawan 2024: अनोखा है काशी में भगवान शंकर का ये मंदिर, यहां तप कर ऋषि मुनियों को मिली थी सिद्धियां" (hi ভাষাত). Amar Ujala. https://www.amarujala.com/uttar-pradesh/varanasi/sawan-2024-special-story-of-famous-maha-siddheshwar-mahadev-temple-in-kashi-2024-08-10। আহৰণ কৰা হৈছে: 2024-08-24.
- ↑ www.wisdomlib.org (2019-01-28). "Story of Asita" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241412.html। আহৰণ কৰা হৈছে: 2024-08-25.
- ↑ www.wisdomlib.org (2014-08-30). "Dynasty of the kings of the Kali age [Chapter XXIV"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/vishnu-purana-wilson/d/doc116021.html#note-e-59788। আহৰণ কৰা হৈছে: 2024-08-27.
- ↑ www.wisdomlib.org (2021-08-27). "Book 9 [English translation"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/rig-veda-english-translation/d/doc837285.html। আহৰণ কৰা হৈছে: 2024-08-27.
- ↑ Gita Press Gorakhpur. Shiv Stotra Ratnakar Gita Press Gorakhpur. পৃষ্ঠা. 82-83. https://archive.org/details/jjko_shiv-stotra-ratnakar-gita-press-gorakhpur.