অসীম বোথ্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অসীম বোথ্ৰা

বঁটা সহ অসীম বোথ্ৰা
জন্ম ১৩/০৩/১৯৪৮ চন
বিশ্বনাথ চাৰিআলি
মৃত্যু ৩১/০৩/২০১৬
গুৱাহাটী
পেচা চলচ্চিত্ৰ অভিনেতা, ৰূপসজ্জাকাৰ, দৃশ্য সজ্জাকাৰ, পৰিচালক
দাম্পত্যসঙ্গী শ্ৰীমতী কল্পনা বোথ্ৰা


অসমবিশ্বনাথ চাৰিআলিৰ পৰা ৪.৫ কি:মি: উত্তৰলৈ থকা বৰকুৰা গাৱত ১৩/০৩/১৯৪৮ চনত জন্ম লোৱা অসিম বোথ্ৰা স্বৰ্গীয় নবিন চন্দ্ৰ বোথ্ৰা আৰু স্বৰ্গীয় মণিবালা বোথ্ৰাৰ ৪নং সন্তান। বিশ্বনাথ মহাবিদ্যালয়ত থকাৰ পৰাই সাংস্কৃতিক জগতৰ লগত ওত:প্ৰোত ভাবে জৰিত।২০১৬ চনৰ ৩১ মাৰ্চ তাৰিখে তেখেতৰ মৃত্যু হয়।

কৰ্ম্ম জীৱন[সম্পাদনা কৰক]

তেখেত এজন প্ৰতিস্থিত চলচ্চিত্ৰ কৰ্মী। বহুবছৰ ধৰি নাট্যজগতত অভিনেতা, ৰূপসজ্জাকাৰ, দৃশ্য সজ্জাকাৰ, পৰিচালক হিছাপে অভিজ্ঞতা সঞ্চয় কৰি ১৯৭৩ চনত অভিযান (পৰিচালক: সুজিত সিংহ) কথাছবিত সহকাৰি পৰিচালক হিচাপে চলচিত্ৰ জগতত প্ৰৱেশ কৰে। উক্ত কথাছবিত 'গোসাই' নামৰ এটি চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈও সক্ষম হয়। ১৯৭৩ চনত অতুল বৰদলৈ পৰিচালিত "অনুতাপ" কথাছবিত মুখ্য-সহকাৰি পৰিচালকৰ দায়িত্ব পালন কৰে। ইয়াৰ পাছত উপপথ (পৰিচালক: হেমন্ত দত্ত) আৰু 'বুধু-অৰ্জুন' (পৰিচালক: পদ্ম কৈৰী) কথাছবিত অভিনয়ৰ লগতে মুখ্য সহকাৰি পৰিচালক হিচাপে কাম কৰে। ব্ৰজেন বৰা পৰিচালিত তিনিখন কথাছবি ক্ৰমে 'গৰম বতাহ' , 'সত্যম শিৱম সুন্দৰম' আৰু 'মহাপুৰূষ' (মুক্তি পোৱা নাই)-ত অভিনয়ৰ লগতে ৰূপসজ্জাকাৰ হিছাপে দায়িত্ব পালন কৰে। সুমন হৰিপ্ৰয়াৰ 'ককা দেউতাৰ ঘৰজোঁৱাই' আৰু ৰাষ্ট্ৰীয় চলচিত্ৰৰ শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা প্ৰাপ্ত ছবি 'কদমতলে কৃষ্ণ নাচে'ত কলা নিৰ্দ্দেশক ৰূপে কাম কৰে।

সুধা কন্ঠ ভূপেন হাজৰিকা আৰু অনান্য সকলৰ সৈতে কলিকতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত অসীম বোথ্ৰা

বঁটা /পুৰস্কাৰ ইত্যাদি[সম্পাদনা কৰক]

  • ২০১0[1] চনত সূৰ্য্য হাজৰিকা পৰিচালিত 'শ্ৰীমন্ত শঙ্কৰদেৱ' কথাছবিত ৰূপসজ্জা আৰু সাজসজ্জাৰ দায়িত্বত থাকি তেখেতে সাজসজ্জাৰ বাবে অসম চৰকাৰৰ ৰাজ্যিক চলচিত্ৰ বঁটা লাভ কৰে।
  • প্ৰাগ চিনে এৱাৰ্ড: ২০১১ চন[উদ্ধৃতিৰ প্ৰয়োজন], শ্ৰেষ্ঠ ৰূপসজ্জাকাৰৰ বঁটা
  • প্ৰাগ চিনে এৱাৰ্ড: ২০১১ চন[উদ্ধৃতিৰ প্ৰয়োজন], শ্ৰেষ্ঠ সাজসজ্জাৰ বঁটা
  • ২০১৪ বৰ্ষৰ বাবে কলা-সংস্কৃতিৰ বিভিন্ন দিশত আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰৰকাৰৰ এককালীন বিত্তীয় সাহাৰ্য্য।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "অসমীয়া প্ৰতিদিন". ১১মাৰ্চ/২০১০. 
  2. অসমীয়া খবৰ_ ১৫ আগষ্ট_শুক্ৰবাৰ_২০১৪ চন