অসুৰী
মহামুনি অসুৰী | |
|---|---|
आसुरी | |
| ব্যক্তিগত | |
| ধৰ্ম | হিন্দুধৰ্ম |
| অঞ্চল | মিথিলা |
| বিদ্যালয় | কপিল আশ্ৰম |
| Creed | সাংখ্য দৰ্শন |
| মাতৃশিক্ষায়াতন | প্ৰাচীন মিথিলা বিশ্ববিদ্যালয় |
| শিক্ষক | কপিল মুনি |
| জীৱিকা | শিক্ষক |
| জীৱিকা | দাৰ্শনিক |
| দৰ্শন | সাংখ্য |
| জ্যেষ্ঠ বিষয়বাব | |
শিষ্য | |
| পেছা | শিক্ষক |
অসুৰী প্ৰাচীন ভাৰত উপমহাদেশৰ হিন্দু ধৰ্মৰ পৰম্পৰাত অসুৰী এজন বৈদিক ঋষি আছিল আৰু তেওঁ আছিল বৈদিক ঋষি কপিলৰ শিষ্য আছিল।[1] পিছলৈ তেওঁ কপিল মুনিয়ে প্ৰতিষ্ঠা কৰা সাংখ্যা দৰ্শনৰ শিক্ষক হয়।[2] প্ৰাচীন ভাৰতীয় দৰ্শনৰ ছয়টি ধাৰাৰ ভিতৰত অন্যতম হৈছে সাংখ্য দৰ্শন।
বৰ্ণনা
[সম্পাদনা কৰক]সাংখ্য দৰ্শনৰ উল্লেখ অনুসৰি অসুৰী ভাৰতীয় দৰ্শনৰ পৰম্পৰাত সাংখ্য দৰ্শনৰ ধাৰাৰ প্ৰথম প্ৰবক্তা।[3] তেওঁ তেওঁৰ গুৰু কপিলৰ পিছত দ্বিতীয়জন শিক্ষক আছিল।[4] তেওঁ আছিল পঞ্চশিখা ঋষিৰ গুৰু। তেওঁ সাংখ্য দৰ্শনৰ জ্ঞান তেওঁৰ শিষ্য পঞ্চশিখাক দান কৰিছিল। আৰু তাৰ পিছত পঞ্চশিখাই তেওঁৰ শিষ্য ৰজা জনদেৱ জনক আৰু ধৰ্মধ্বজ জনকক সাংখ্য দৰ্শন শিকাইছিল।
ভাগৱত পুৰাণ গ্ৰন্থত অসুৰীক ৰজা যুধিষ্ঠিৰে তেওঁৰ দৰবাৰত আয়োজন কৰা ৰাজসূয় যজ্ঞত নিমন্ত্ৰিত হোৱা ঋষিসকলৰ ভিতৰত এজন হিচাপে উল্লেখ কৰা হৈছে।[5]
গৰ্গ সংহিতা গ্ৰন্থত ভগৱান শিৱ আৰু অসুৰী ঋষিৰ মাজত ভগৱান শ্ৰীকৃষ্ণৰ ৰাস-নৃত্যৰ লীলা সম্পৰ্কে সংলাপ আছে।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ (en ভাষাত) The Sacred Books of the Hindus. Cosmo Publications. 2007. পৃষ্ঠা. 242. ISBN 978-81-307-0553-8. https://books.google.com/books?id=edOF_rU1WDUC&q=Disciple+of+Sage+Kapila.
- ↑ www.wisdomlib.org (2015-09-21). "Asuri, Asurī, Āsurī, Āsuri: 16 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/asuri। আহৰণ কৰা হৈছে: 2024-10-10.
- ↑ Kapila (1974) (en ভাষাত). The Samkhya Philosophy, Containing (1) Sâmkhya-pravachana Sûtram: With the Vritti of Aniruddha, and the Bhâṣya of Vijnâna Bhikṣu and Extracts from the Vritti-sâra of Mahâdeva Vedantin (2) Tatva Samâsa (3) Sâmkhya Kârikâ (4) Panchaśikhâ Sûtram. AMS Press. ISBN 978-0-404-57811-4. https://books.google.com/books?id=E5wrAAAAMAAJ.
- ↑ Larson, Gerald James (2001) (en ভাষাত). Classical Sāṃkhya: An Interpretation of Its History and Meaning. Motilal Banarsidass Publ.. ISBN 978-81-208-0503-3. https://books.google.com/books?id=Ih2aGLp4d1gC&q=Asuri.
- ↑ www.wisdomlib.org (2022-09-02). "Yudhiṣṭhira's Rājasūya: Śiśupāla slain [Chapter 74"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-bhagavata-purana/d/doc1128952.html। আহৰণ কৰা হৈছে: 2024-10-11.
- ↑ www.wisdomlib.org (2022-07-16). "Verse 2.24.47 [Garga Samhita"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/garga-samhita-english/d/doc1124285.html। আহৰণ কৰা হৈছে: 2024-10-13.