সমললৈ যাওক

অহল্যা গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অহল্যা গগৈ ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু সমাজসেৱী। তেওঁ পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ কন্যা অহল্যা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিছৰ অধীনৰ এম.আই.ই পাঠ্যক্ৰমৰ অংশকালীন ইনষ্ট্ৰাক্টৰ হিচাপেও কৰ্মৰত আছিল।

জন্ম আৰু বংশ-পৰিয়াল

[সম্পাদনা কৰক]

অহল্যা গগৈ ৰায়বাহাদুৰ ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈৰ নাতিনী আৰু কৃষ্ণকান্ত সন্দিকৈ আৰু হেমলতা সন্দিকৈৰ কনিষ্ঠ কন্যা। জন্ম ১৯৩৩ চনৰ ১ এপ্ৰিলত, যোৰহাটত। [1][2] তেওঁ শিৱসাগৰৰ অভিযন্তা বুধীন্দ্ৰনাথ গগৈৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[2]

যোৰহাট ছোৱালী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ অহল্যাই যোৰহাট জে বি কলেজৰ পৰা অংক, ৰসায়ন আৰু পদাৰ্থ বিজ্ঞানত ১৯৫৪ চনত ডিষ্টিংছনসহ বি এছ ছি ডিগ্ৰী লাভ কৰে। তাৰপাছত তেওঁ ১৯৫৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অংকশাস্ত্ৰত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান পাই স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

সাহিত্য সৃষ্টি

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "জন্মদিন উদযাপন". https://dainikagradoot.in/blog/2023/04/01/birthday-celebration-%e0%a6%b6%e0%a6%bf%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a6%be%e0%a6%ac%e0%a6%bf%e0%a6%a6-%e0%a6%b2%e0%a7%87%e0%a6%96%e0%a6%bf%e0%a6%95%e0%a6%be-%e0%a6%85%e0%a6%b9%e0%a6%b2%e0%a7%8d/। আহৰণ কৰা হৈছে: 31 January 2026. 
  2. 2.0 2.1 2.2 দত্ত, কুশল (ছেপ্তেম্বৰ ২০০৪). "অহল্যা গগৈ". কথা গুৱাহাটী খণ্ড ষষ্ঠ সংখ্যা: ২৪.