সমললৈ যাওক

অহিলাৱতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৌৰাৱী (অহিলাৱতী)
তথ্য
পৰিয়াল মুৰা অথবা বাসুকী (পিতৃ), হিড়িম্বা (শাহু), ভীম (শহুৰ)
দাম্পত্যসঙ্গী ঘটোৎকচ
সন্তান বৰবৰিক, মেঘবৰ্ণ আৰু অঞ্জনাপৰ্বন (পুত্ৰ)

অহিলাৱতী (সংস্কৃত: अहिलावती, ইংৰাজী: Ahilawati) হিন্দু মহাকাব্য মহাভাৰতত বৰ্ণনা কৰা এগৰাকী নাৰি চৰিত্ৰ৷ অহিলাৱতীক মৌৰৱী আৰু কামকান্তিকা বুলিও কোৱা হয়৷ কিংবদন্তি অনুসৰি অহিলাৱতী ঘটোৎকচৰ পত্নী আছিল।

কিংবদন্তী

[সম্পাদনা কৰক]

অহিলাৱতী বা মৌৰৱী আছিল প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ সেনাপতি মুৰাৰ কন্যা। এবাৰ ভগৱান কৃষ্ণই পত্নী সত্যভামাৰ সৈতে নৰকাসুৰক পৰাস্ত কৰিবলৈ ৰাওনা হ’ল। প্ৰথমে মৌৰৱীয়ে সত্যভামাৰ লগত যুদ্ধ কৰিলে। কৃষ্ণই নৰকাসুৰক বধ কৰাৰ পাছত মৌৰৱীৰ পিতৃ মুৰাক বধ কৰে। মৌৰৱীয়ে পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত ল’লে। অৱশ্যে কৃষ্ণৰ দেৱত্ব উপলব্ধি কৰাৰ পিছত তেওঁ কৃষ্ণৰ ওচৰত আত্মসমৰ্পণ কৰিলে। কৃষ্ণই তেওঁক অতি সোনকালে বিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দি তেওঁক সান্ত্বনা দিলে। ইয়াৰ পিছত হিড়িম্বাপুৰৰ (বৰ্তমানৰ ডিমাপুৰ) ৰজা ঘটোৎকচৰ[1] সৈতে অহিলাৱতীৰ বিবাহ হৈছিল৷ ঘটোৎকচৰ পিতৃ আছিল ভীম আৰু মাতৃৰ নাম আছিল হিড়িম্বী। এওঁকেই অসমৰ কছাৰীসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়।[1] তেওঁৰ মূৰটো চুলিবিহীন (উৎকোচ) আৰু ঘট বা পাত্ৰৰ দৰে আকৃতিৰ হোৱাৰ বাবেই তেওঁৰ নামটোৰ উৎপত্তি হৈছে।[2] তেওঁলোকৰ অঞ্জনাপৰ্ৱ, বৰবৰিক আৰু মেঘৱৰ্ণ নামৰ তিনিজন পুত্ৰৰ জন্ম হৈছিল।

লোককথা অনুসৰি অহিলাৱতী এগৰাকী নাগ কন্যা[3] (সৰ্প-কুমাৰী) আছিল। তেওঁ শিৱৰ পবিত্ৰ সৰ্প বাসুকীৰ কন্যা আছিল। কাহিনী অনুসৰি অহিলাৱতীয়ে শিৱক বাহি বা অপবিত্ৰ ফুল আগবঢ়োৱাৰ বাবে শিৱৰ পত্নী পাৰ্বতীয়ে তেওঁক অভিশাপ দিছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). "পুৰণি যুগৰ কামৰূপৰ অইন ৰজাকেইজনমান". সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১৪, ১৫. 
  2. "Ghatotkacha - Rakshasa Son of Bheema - Indian Mythology". http://members.cox.net/apamnapat/entities/Ghatotkacha.html। আহৰণ কৰা হৈছে: 2006-12-03. 
  3. Bandyopadhyay, Indrajit (2013) (en ভাষাত). Mahabharata Folk Variations. ISBN 9781105320767. https://books.google.com/books?id=V-RKCAAAQBAJ&dq=Ahilawati+-wiki&pg=PT16। আহৰণ কৰা হৈছে: 8 September 2018.