সমললৈ যাওক

অহিল্যা হৰজানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অহিল্যা হৰজানী
ব্যক্তিগত তথ্য
দেশ  ভাৰত
জন্ম ৬ মাৰ্চ, ১৯৯৭ (২৯ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ইভেণ্ট মহিলা আৰু মিক্স ডাবলছ
BWF profile

অহিল্যা হৰজানী (ইংৰাজী : Ahillya Harjani ; জন্ম: ৬ মাৰ্চ ১৯৯৭, মুম্বাই, মহাৰাষ্ট্ৰ) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ।[1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ডাচ অ’পেন, জাৰ্মান অ’পেন আৰু বি ডব্লিউ এফ জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত জুনিয়ৰ ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰিছে হৰজানীয়ে। ২০১৩ চনত তেওঁ হায়দৰাবাদৰ গোপিচান্দ বেডমিণ্টন একাডেমীত অন্তৰ্ভুক্ত হয়। তেতিয়ালৈকে তেওঁ আছিল জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ। ৰাজ্যিক মিক্সড ডাবলছত বিজয়ী হৈ তেওঁ ২০১৩ চনৰ নৱেম্বৰ মাহত চণ্ডীগড়ত অনুষ্ঠিত হোৱা ৩৭ সংখ্যক জুনিয়ৰ নেচনেলছত নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায় য'ত তেওঁ মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰে।[2] ২০১৪ চনত সৰ্বভাৰতীয় পৰ্যায়ত খেলিবলৈ আৰম্ভ কৰিছিল আৰু অল ইণ্ডিয়া ৰেংকিং টুৰ্ণামেণ্টত মিক্সড ডাবলছত ৰূপৰ পদক লাভ কৰিছিল। আটাইতকৈ ধাৰাবাহিক খেলুৱৈ হোৱাৰ বাবে মিক্সড ডাবলছত ভাৰতৰ জুনিয়ৰ ১ নং হিচাপে বছৰটোৰ অন্ত পেলায়। ২০১৫ চনত মিক্সড ডাবলছত অল ইণ্ডিয়া ৰেংকিং টুৰ্ণামেণ্টৰ সকলো খেলতে সোণৰ পদক লাভ কৰে। ভাৰতৰ জয়পুৰত অনুষ্ঠিত ৪০ সংখ্যক জুনিয়ৰ নেশ্যনেলত মিক্সড ডাবলছত স্বৰ্ণ পদক লাভ কৰে। ভাৰতত মিক্সড ডাবলছত ১ নং জুনিয়ৰ হিচাপে স্থান লাভ কৰি ২০১৫ চনৰ অন্ত পেলায়।[3][4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]