সমললৈ যাওক

অৰংগেত্ৰম (১৯৭৩ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰংগেত্ৰম

পোষ্টাৰ
পৰিচালক কে বালাচন্দৰ
ৰচনা কে বালাচন্দৰ
প্ৰযোজক এন চেলভাৰাজ
জে দুৰাইস্বামী
ভি গোবিন্দৰাজন
অভিনয়ত প্ৰমিলা
চিত্ৰগ্ৰহণকাৰী বি এচ লোকনাথ
সম্পাদনা এন আৰ কিট্টু
সংগীত পৰিচালক ভি কুমাৰ
প্ৰযোজনা
কোম্পানী
Kalakendra Films
মুক্তি
৯ ফেব্ৰুৱাৰী ১৯৭৩ (1973-02-09)
দৈৰ্ঘ্য
১৫২ মিনিট[1]
দেশ ভাৰত
ভাষা তামিল

অৰংগেত্ৰম (ইংৰাজী: Arangetram ; উচ্চাৰণ: aɾaŋɡeːʈram; অনু: প্ৰথম প্ৰদৰ্শন) ১৯৭৩ চনৰ কে বালাচন্দৰ ৰচিত আৰু পৰিচালিত, ভাৰতীয় তামিল ভাষাৰ এখন নাট্যধৰ্মী ছবি। ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছে প্ৰমীলাই।[2] সহযোগী চৰিত্ৰত আছে এছ ভি চুব্বায়া, শিৱকুমাৰ, শশীকুমাৰ, কমল হাছান, এম এন ৰাজম, সুন্দৰী বাই আৰু চেন্থামৰাই আদি।[3][4] ইয়াত এগৰাকী যুৱতীয়ে নিজৰ ৰক্ষণশীল কিন্তু দৰিদ্ৰ পৰিয়ালটোক পোহপাল দিবলৈ বেশ্যাবৃত্তিৰ কাম কৰে।[5]

কমল হাছানে অৰংগেত্ৰমত প্ৰথম প্ৰাপ্তবয়স্ক চৰিত্ৰত অভিনয় কৰে।[6] আনহাতে প্ৰমীলা, জয়াচিত্ৰা আৰু জয়াসুধাই এই ছবিখনৰ জৰিয়তে তামিল ছবিত আত্মপ্ৰকাশ কৰে।[7] ভি কুমাৰে এই ছবিখনৰ সংগীত ৰচনা কৰিছিল, যিখন ছবি আছিল তেওঁ কাম কৰা শেষ বালাচন্দৰৰ ছবি। চিনেমেট’গ্ৰাফী বি.এছ.লোকানাথৰ আৰু সম্পাদনাত আছিল এন.আৰ.কিট্টু।

১৯৭৩ চনৰ ৯ ফেব্ৰুৱাৰীত মুক্তি পোৱা অৰংগেত্ৰম ছবিখনত কঠোৰ বাৰ্তা আৰু অতি সাহসী দৃশ্য অন্তৰ্ভূক্ত হৈছিল আৰু মুক্তিৰ পিছত বিতৰ্কৰ সৃষ্টি কৰিছিল।[8] তথাপিও ছবিখনে ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল। ১৯৭৪ চনত ইয়াক তেলেগু ভাষাত জীৱিত ৰংগম (১৯৭৪) নামেৰে আৰু হিন্দী ভাষাত আইনা হিচাপে পুনৰ নিৰ্মাণ কৰা হয়। হিন্দী সংস্কৰণৰ পৰিচালক বালাচন্দৰ নিজেই আছিল।


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Dhananjayan 2011, পৃষ্ঠা. 256.
  2. Actress Tulasi ( Tulasi Shivamani ) Exclusive Interview | Real Talk With Anji#128 | Film Tree (in তেলুগু). Film Tree. 16 October 2022. Event occurs at 4:05. Retrieved 8 April 2024. 
  3. Rangan, Baradwaj (10 September 2006). "Interview: K Balachander". Baradwaj Rangan. http://baradwajrangan.wordpress.com/2006/09/10/interview-k-balachander/। আহৰণ কৰা হৈছে: 6 December 2013. 
  4. "புரட்சிகரமான கதை - வசனம்: பரபரப்பை உண்டாக்கிய "அரங்கேற்றம்'" (Tamil ভাষাত). Maalai Malar. 27 April 2021. https://cinema.maalaimalar.com/cinema/cinehistory/2021/04/27021107/2569059/cinima-history.vpf। আহৰণ কৰা হৈছে: 25 June 2021. 
  5. "Kamal, as we know him". Rediff.com. 8 November 2000. http://www.rediff.com/movies/2000/nov/08kamal.htm। আহৰণ কৰা হৈছে: 6 December 2013. 
  6. "Arangettram Tamil Film EP Vinyl record by V Kumar". Macsendisk. https://macsendisk.com/product/arangettram-tamil-film-ep-vinyl-record-by-v-kumar/। আহৰণ কৰা হৈছে: 18 February 2023. 
  7. Riaz K Ahmed [@RIAZtheboss] (2 February 2019). ". #46YearsOfVettri #46YearsOfArangetram 🎉🎉Congratulations @VettriTheatres 🎊🎊On Completing 46 Successfully Amazing Years, I Remember Enjoying Most of My Favourite Films There! #Arangetram Should've Been A Great Start For Your Successful Journey Of 46 Years😊👌". https://twitter.com/RIAZtheboss/status/1091613353355571200. 
  8. ராம்ஜி, வி. (9 July 2019). "அரங்கேற்றம் - அப்பவே அப்படி கதை!" (ta ভাষাত). Kamadenu. https://www.kamadenu.in/news/cinema/37362-.html। আহৰণ কৰা হৈছে: 16 July 2019. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]