সমললৈ যাওক

অৰুণা শ্বিল্ডছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰুণা শ্বিল্ডছ

২০১০ চনত শ্বিল্ডছ
জন্ম অৰুণা লাক্কুৰ নাগাপ্পা শ্ৰীনিবাস মূৰ্তি
নাগৰিকত্ব যুক্তৰাজ্য
পেচা অভিনেত্ৰী, মনোচিকিৎসক
সক্ৰিয় হৈ থকা সময় ২০০২−২০১৪
ৱেবছাইট
www.arunashields.com ৱিকিডে'টাত সম্পাদনা কৰক

অৰুণা লাক্কুৰ নাগাপ্পা শ্ৰীনিবাস মূৰ্তি (ইংৰাজী: Aruna Lakkur Nagappa Srinivasa Murthy), যি অৰুণা শ্বিল্ডছ (ইংৰাজী: Aruna Shields) নামেৰে অধিক পৰিচিত, এগৰাকী ব্ৰিটিছ মনোচিকিৎসক আৰু প্ৰাক্তন অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ বিবেক অবেৰয় অভিনীত ২০১০ চনৰ ভাৰতীয় ছবি প্ৰিন্সৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

এগৰাকী ভাৰতীয় পিতৃ আৰু ব্ৰিটিছ মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰা অৰুণাক এখন থিয়েটাৰ কৰ্মশালাত এজন অভিনয় এজেণ্টে প্ৰথম লক্ষ্য কৰিছিল।[1] গুগল ট্ৰেণ্ডছৰ মতে, ২০১০ বৰ্ষত ভাৰতৰপৰা কৰা ইণ্টাৰনেট সন্ধানত শ্বিল্ডছ আছিল আটাইতকৈ বেছি বিচৰা অভিনেত্ৰী।[2]

২০১৫ চনৰপৰা শ্বিল্ডছৰ ইউটিউবত 'অৰুণা শ্বিল্ডছ টিভি' নামৰ এটা সুস্থতা সম্পৰ্কীয় চেনেল আছে।[3]

তেওঁ গিল্ডহল স্কুল অফ মিউজিক এণ্ড ড্ৰামাৰপৰা বিশেষ কৃতিত্বৰে উত্তীৰ্ণ হোৱাৰ লগতে চেণ্ট্ৰেল চেইণ্ট মাৰ্টিন্সৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। তেওঁ লণ্ডনত হিপ্ন’চিছ মনোচিকিৎসা অধ্যয়ন কৰিছে আৰু মাইণ্ডফুলনেছৰ প্ৰশিক্ষণ লৈছে।

২০১০ চনৰ ৯ এপ্ৰিলত মুক্তি পোৱা একচন থ্ৰিলাৰ প্ৰিন্সৰ জৰিয়তে তেওঁ বলিউডত অভিষেক ঘটায়। সেই একে বছৰতে তেওঁ ৩০,০০০ বছৰ আগৰ এখন হেৰুৱা জগতৰ প্ৰেমকাহিনীৰ ওপৰত আধাৰিত মহাকাব্যিক ছবি আও: দ্য লাষ্ট নিয়াণ্ডাৰথালত মুখ্য মহিলা চৰিত্ৰত অভিনয় কৰিছিল। ইউৰোপীয় চিনেমা চেইন ইউজিচিয়ে এই ছবিখন প্ৰযোজনা কৰিছিল।

তেওঁৰ ছবি মিষ্টাৰ সিং মিচেছ মেহতা ২০১০ চনৰ ২৫ জুনত মুক্তি পাইছিল।[4]

শ্বিল্ডছ এগৰাকী নৃত্য পৰিচালক আৰু বেলী ডান্সাৰ হিচাপেও অভিজ্ঞ।[5]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষশীৰ্ষক[6]চৰিত্ৰটোকা
২০০২ জীচাচ দ্য কাৰী কিং সাংবাদিক
২০০৫ প্ৰাইভেট ম’মেণ্টছ চাইৰা
২০০৭ মিছন ইমপ্ৰ’বেবল
২০১০ প্ৰিন্স মায়া
মিষ্টাৰ সিং মিচেছ মেহতা নীৰা সিং
আও: দ্য লাষ্ট হাণ্টাৰ অকি
২০১১ ধাডা ললিতা আইটেম নম্বৰ
২০১২ ভেনিলা চানডে জাজ কৌৰ
২০১৪ গ’ল্ড ফ্ৰাপ

টেলিভিছন

[সম্পাদনা কৰক]
টেলিভিছনচৰিত্ৰটোকা
আনকভাৰিং ইৰাণ খেলুৱৈ বিবিচি
ব্ৰেকফাষ্ট উইথ ফ্ৰষ্ট অতিথি
বাইকাৰ গ্ৰোভ প্ৰেমিকা চৰ ডেভিড ফ্ৰষ্ট

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Biography" (en-US ভাষাত). arunashields.com. https://arunashields.com/bio আহৰণ কৰা হৈছে: 2024-01-20.
  2. "Top 10 Searches of Google India in 2010". GadgetCage. Gadgetcage.com. 10 December 2010. Archived from the original on 28 February 2019. https://web.archive.org/web/20190228093929/http://www.gadgetcage.com/top-10-searches-of-google-india-in-2010/11125/ আহৰণ কৰা হৈছে: 17 August 2012.
  3. "Aruna Shields". http://www.arunashields.com আহৰণ কৰা হৈছে: 12 October 2020.
  4. "Mr. Singh Mrs. Mehta: Complete cast and crew details". Bollywood Hungama. http://www.bollywoodhungama.com/movies/cast/14321/index.html আহৰণ কৰা হৈছে: 17 June 2010.
  5. Parimal M. Rohit. "Interview: Aruna Shields". Buzzine Bollywood. Archived from the original on 11 July 2010. https://web.archive.org/web/20100711072254/http://bollywood.buzzine.com/2010/07/interview-aruna-shields/ আহৰণ কৰা হৈছে: 5 July 2010.
  6. "Official Filmography". http://www.arunashields.com/ আহৰণ কৰা হৈছে: 12 October 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]