সমললৈ যাওক

অৰুণ গোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰুণ গোস্বামী
জন্ম ১৯৪৫
দেৰগাঁৱ
মৃত্যু ১২ মাৰ্চ, ২০২৪ (৭৯ বছৰ)
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ
উল্লেখনীয় কৰ্মৰাজি নাটক, গল্প
উল্লেখযোগ্য বঁটা নৱকান্ত বৰুৱা বঁটা

অৰুণ গোস্বামী (১৯৪৫-২০২৪) এজন অসমীয়া ঔপন্যাসিক আৰু লেখক। কুৰি শতিকাৰ ঔপন্যাসিকসকলৰ ভিতৰত অন্যতম। একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আছিল। তেওঁৰ গল্প আৰু নাটক বঙালী, হিন্দী, ইংৰাজী, ওড়িয়া আদি ভাষালৈ অনুবাদ হৈছে। অৰুণ গোস্বামীৰ আই ক'ত নাই ছবি খনে সৰ্বভাৰতীয় নাৰ্গিছ দও সংহতী বঁটা আৰু 'লাজ' চিনেমাখনৰ বাবে নৱকান্ত বৰুৱা বঁটা লাভ কৰে।[1]

জীৱনৰ আৰম্ভণি আৰু শিক্ষাজীৱন

[সম্পাদনা কৰক]

১৯৪৫ চনত দেৰগাঁৱৰ বঙালগাঁৱত সাহিত্যিক অৰুণ গোস্বামীৰ জন্ম হয়। গোস্বামীয়ে যোৰহাটৰ জে.বি. কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

কৰ্মজীৱন

[সম্পাদনা কৰক]

গোস্বামীয়ে যোৰহাট জে.বি. কলেজৰ পৰা কলা শাখাত স্নাতক লোৱাৰ পাছত অসম চৰকাৰৰ সমবায় বিভাগৰ চাকৰি সমাপ্ত কৰি সাংবাদিক হিচাপে সংবাদ সেৱাৰ লগত জড়িত হয়।

সাহিত্যকৃতি

[সম্পাদনা কৰক]

অৰুণ গোস্বামী ঔপন্যাসিক হোৱাৰ লগতে এজন গল্পকাৰ আৰু নাট্যকাৰ। তেওঁৰ দুটা উল্লেখযোগ্য গল্প হ'ল - মাছমৰীয়া ছোৱালীৰ লাজ আৰু যুদ্ধপৰ্বৰ আখৰা। তেওঁৰ নিৰ্বাচিত গল্প সংকলনকেইখন হ'ল - আই ক'ত নাই(২০১৪), প্ৰতিপদৰ জোন, মাছমৰীয়া ছোৱালীৰ লাজ (২০১৪), মুক্তিস্নান, অৰুণ গোস্বামীৰ ব্যঙ্গ গল্প আৰু অন্যান্য। তেওঁৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ হ'ল কালক্ষণ ( ১৯৯৮)। তেওঁ মাছমৰীয়া ছোৱালীৰ লাজ নামৰ গল্পৰ আধাৰত ৰচনা কৰা লাজ আৰু 'আই ক'ত নাই দুখন উল্লেখযোগ্য বোলছবি।

'আই ক'ত নাই' ছবিখনৰ বাবে সৰ্বভাৰতীয় নাৰ্গিছ দত্ত সংহতী বঁটা লাভ কৰে। 'লাজ' চিনেমাখনৰ বাবে তেওঁ শ্ৰেষ্ঠ বোলছবি কাহিনীকাৰৰ 'নৱকান্ত বৰুৱা বঁটা' আৰু তেওঁৰ 'আজি' নামৰ নাটকখন হিন্দীলৈ অনূদিত হৈ 'আজ' ৰ বাবে ১৯৮৩ চনত নাগপুৰত অনুষ্ঠিত নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যকাৰৰ 'বিজয়েন্ত্ৰ গৌড়' সন্মান পাবলৈ সক্ষম হয়।

২০২৪ চনৰ ১২ মাৰ্চত অৰুণ গোস্বামীৰ মৃত্যু হয়।[2][3]

৪. আধুনিক অসমীয়া সাহিত্যৰ অভিলেখ , সম্পাদিত নগেন শইকীয়া

৫.প্রকাশ , ১ ম বছৰ, ২য় সংখ্যা, ১৯৭৫ চন

৬. অসমীয়া চুটি গল্পৰ অধ্যয়ন- ড° প্রহ্লাদ কুমাৰ বৰুৱা, প্রথম প্রকাশ১৯৯৫, প্রকাশন - শ্রী প্রদ্যুৎ হাজৰিকা , বনলতা, ডিব্ৰুগড়, ISBN-81- 7339-394- X

  1. কথা বৰেণ্য ১০০ - সম্পাদক শোণিত বিজয় দাস, মুনীন বায়ন, কথা প্ৰকাশন,প্ৰথম প্ৰকাশ ২০০৬ চন, পৃষ্ঠা নং২৫১
  2. "Assam: Renowned novelist and short story writer Arun Goswami dies at 80". Mar 13, 2024. https://www.indiatodayne.in/amp/entertainment/story/assam-renowned-novelist-and-short-story-writer-arun-goswami-dies-at-80-930444-2024-03-13। আহৰণ কৰা হৈছে: 24 July 2025. 
  3. "ঔপন্যাসিক, স্তম্ভ লেখক, ৰাজনীতি বিশ্লেষক অৰুন গোস্বামী নাই!". ডিজিটেল ডেস্ক. অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/assam/golaghat/arun-goswami-passes-away। আহৰণ কৰা হৈছে: 24 July 2025.