সমললৈ যাওক

অৰোৰা (শ্ৰুতিকথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰোৰা
দোকমোকালিক প্ৰতিনিধিত্ব কৰা দেৱী
17th century ceiling fresco depicting Aurora
দেৱী অৰোৰাৰ চিত্ৰ
নিবাস আকাশ
সঙ্গী এষ্ট্ৰিয়াছ, টাইথনাছ
সহোদৰ ছোল আৰু লুনা
সন্তান আনেময়
গ্ৰীক সমাৰ্থক ইঅ′ছ
স্লাভিক সমাৰ্থক জ′ৰ্য়া
হিন্দু সমাৰ্থক ঊষা
নুৰিস্তানী সমাৰ্থক দিশানী[1]
জাপানী সমাৰ্থক আমে-ন′-উজুমে[1]
ইণ্ডো-ইউৰোপীয়ান সমাৰ্থক হাউছছ

অৰোৰা (লেটিন: [au̯ˈroːra], ইংৰাজী: Aurora) ৰোমান পৌৰাণিক কাহিনী আৰু লেটিন কবিতাত বৰ্ণিত দোকমোকালিক প্ৰতিনিধিত্ব কৰা দেৱী। গ্ৰীক ইঅ'ছ আৰু ঋকবৈদিক দেৱী উষাৰ দৰেই অৰোৰাৰ নামো পূৰ্বৰ ইণ্ডো-ইউৰোপীয় সংস্কৃতিত পুৱাক প্ৰতিনিধিত্ব কৰা দেৱী হাউছছৰ নামৰ সৈতে সংযুক্ত কৰা হৈছে।

অৰোৰা আদি-ইটালিক শব্দ *ausōs আৰু আদি-ইণ্ডো-ইউৰোপীয় *haéusōs শব্দৰ পৰা উদ্ভৱ হৈছে৷ এই বিশ্বাসত পুৱা বা দোকমোকালিক ঐশ্বৰিক সত্তা হিচাপে ধাৰণা কৰা হৈছে। এই শব্দটোৰ সম্পৰ্কীয় শব্দ বোৰ হৈছে Ēṓs, Ushas, ​​Aušrinė, Auseklis আৰু Astre৷[2][3]

কিংবদন্তি

[সম্পাদনা কৰক]

ৰোমান পৌৰাণিক কাহিনীত অৰোৰাই প্ৰতিদিনে পুৱা নিজকে নবীকৰণ কৰে আৰু আকাশত উৰি উৰি সূৰ্য্যৰ আগমনৰ কথা ঘোষণা কৰে। তেওঁৰ পিতৃ-মাতৃৰ ভিন্ন পৰিচয় দিয়া হৈছে৷ ৰোমান কবি অভিডৰ (Ovid) মতে তেওঁ পালাছৰ কন্যা[4] বা হাইপেৰিয়ানৰ কন্যাক বুজুৱা পেলাণ্টিছৰ সমকক্ষ হ'ব পাৰে।[5] তেওঁৰ দুজন ভাতৃ-ভগ্নী, এজন ভাতৃ (ছোল, সূৰ্য্য) আৰু এগৰাকী ভগ্নী (লুনা, চন্দ্ৰ)। ৰোমান লেখকসকলে খুব কমেইহে হেচিয়ড আৰু পিছৰ গ্ৰীক কবিসকলৰ অনুকৰণ কৰিছিল আৰু অৰোৰাক তৰাবোৰৰ পিতৃ এষ্ট্ৰিয়াছৰ সন্তান এনেম’ই (বতাহৰ) মাতৃ বুলি নামকৰণ কৰিছিল।

যৌনগন্ধী কবিতাত অৰোৰাক তেওঁৰ এজন মৰ্ত্যলোকৰ প্ৰেমিকৰ সৈতে উপস্থাপন কৰা দেখা যায়। ৰোমান কবিসকলে গ্ৰীক ভাষাৰ পৰা লোৱা এটা শ্ৰুতিকথাত কোৱা হৈছে যে তেওঁৰ এজন প্ৰেমিক আছিল ট্ৰয়ৰ ৰাজকুমাৰ টাইথনাছ। টাইথনছ আছিল এজন মানৱ, আৰু সেয়েহে বয়সীয়াল হৈ মৃত্যুবৰণ কৰিব। প্ৰেমিকৰ লগত চিৰকাল থাকিব বিচৰা অৰোৰাই বৃহস্পতি গ্ৰহক টাইথনছক অমৰত্ব প্ৰদান কৰিবলৈ কয়। বৃহস্পতিয়ে তেওঁৰ ইচ্ছা পূৰণ কৰিলে, কিন্তু তেওঁ অমৰত্বৰ লগত চিৰযৌৱন প্ৰদান কৰাত ব্যৰ্থ হ’ল আৰু তেওঁ বয়স বাঢ়ি গৈ থাকিল, শেষত চিৰদিনৰ বাবে বৃদ্ধ হৈ পৰিল। অৰোৰাই টাইথনছক ঝিলিলৈ (এবিধ পতংগ) ৰূপান্তৰিত কৰিলে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Witzel, Michael (2005). Vala and Iwato: The Myth of the Hidden Sun in India, Japan, and beyond. https://www.onmarkproductions.com/monkey-mythology-compare-india-japan-by-michael-witzel.pdf. 
  2. Vaan, Michiel de (2018-10-31) (en ভাষাত). Etymological Dictionary of Latin and the other Italic Languages. Leiden · Boston, 2008. পৃষ্ঠা. 63. ISBN 9789004167971. https://books.google.com/books?id=ecZ1DwAAQBAJ. 
  3. Mallory, J. P.; Adams, D. Q. (2006-08-24) (en ভাষাত). The Oxford Introduction to Proto-Indo-European and the Proto-Indo-European World. OUP Oxford. পৃষ্ঠা. 409. ISBN 9780199287918. https://books.google.com/books?id=iNUSDAAAQBAJ. 
  4. "When Pallantis next gleams in heaven and stars flee..." (Ovid, Fasti iv. 373.
  5. Fasti v.159; also Hyginus, Preface to Fabulae.