অৰ্ক মুখাৰ্জী
| অৰ্ক মুখাৰ্জী | |
|---|---|
| জন্ম | ৫ জুন, ১৯৮৭ বেহালা, পশ্চিম বংগ, ভাৰত |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ | |
| পেচা |
|
অৰ্ক মুখাৰ্জী (ইংৰাজী: Arko Mukhaerjee) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় গায়ক আৰু নগৰীয়া লোকসংগীত শিল্পী। তেওঁ বাংলা আৰু নেপালীকে ধৰি বিভিন্ন ভাষাত লোকগীত পৰিৱেশন কৰে।[1][2] তেওঁ বিশটাতকৈও অধিক ভাষাত গীত পৰিৱেশন কৰিব পাৰে আৰু পাঁচবিধ ভিন্ ভিন্ বাদ্যযন্ত্ৰ বজাব পাৰে। তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্লুজ, ছ’ল আৰু পৰা অহা বিভিন্ন জনজাতীয় সংগীতৰ ফৰ্মত লোকসংগীত পৰিৱেশন কৰিছে। তেওঁ বিশ্বৰ বিভিন্ন প্ৰান্ত যেনে, ইউৰোপ, আমেৰিকা, বাংলাদেশ, নেপাল আদি ভ্ৰমণ কৰি লোক আৰু সমসাময়িক সংগীতৰ শিপাৰ বিষয়ে গৱেষণা কৰিছে৷[3][4][5][6][7][8][9][10][11][12][13][14][15]
প্ৰথমৰ বছৰবোৰ
[সম্পাদনা কৰক]অৰ্ক মুখাৰ্জীৰ জন্ম ১৯৮৭ চনৰ ৫ জুনত পশ্চিমবংগত। দুবছৰ বয়সৰপৰাই তেওঁ আনুষ্ঠানিকভাৱে পিতৃ-মাতৃৰপৰা শাস্ত্ৰীয় সংগীতৰ অনুশীলন আৰম্ভ কৰে।[3] পাছলৈ দহ বছৰ বয়সত আনুষ্ঠানিক প্ৰশিক্ষণ ত্যাগ কৰি জামিং আৰু অনুশীলন কৰি সংগীত শিকিছিল।[3] তেওঁ ফ্ৰান্স, ইংলেণ্ড, জাৰ্মানী আৰু পূব ইউৰোপৰ বিভিন্ন লোক আৰু জিপ্চি জাজ সংগীতজ্ঞ আৰু পৰম্পৰাগত শিল্পীৰ সৈতে বজাইছে আৰু সহযোগিতা কৰিছে আৰু ভাৰত, ইউৰোপ, আমেৰিকা, বাংলাদেশ আৰু নেপালকে ধৰি বিশ্বৰ বহু সংগীত উৎসৱত বাদ্য বজাইছে।[3][16]
২০১৩ চনত তেওঁৰ প্ৰথম একক বাংলা লোকসংগীতৰ এলবাম 'ঘাটেৰ কথা' মুক্তি পায়। ২০১৫ চনত ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন সংগীতজ্ঞসকলৰ সহযোগিতাৰ আধাৰত 'ফাইভ' (FIVE) নামৰ আন এটা লোকসংগীতৰ এলবাম মুকলি কৰে, যিটো পৰীক্ষামূলক লোকসংগীতৰ এলবাম আছিল।[8] ২০১৮ চনত তেওঁৰ প্ৰথম মৌলিক বাদ্যযন্ত্ৰৰ এলবাম ‘দ্য লায়ন এণ্ড দ্য হামষ্টাৰ’ মুক্তি পায়।[4] ই এটা পাঠ-ছবি-সংগীতৰ সম্পৰ্কভিত্তিক এলবাম। ২০১৯ চনৰ শেষৰফালে অৰ্কই মুকলি কৰে ‘বন্ধুৰ বাৰী’ নামৰ বিশুদ্ধভাৱে ক্ষেত্ৰভিত্তিক ৰেকৰ্ডিঙৰ এলবাম।[17] তেওঁ আইৰিছ বীণাবাদক আন্না তনৱীৰৰ সৈতে ‘ক্ৰছঅভাৰ’ নামৰ ভাৰত-আইৰিছ সংগীত যুটি প্ৰকল্পৰ সহ-প্ৰতিষ্ঠাপক আছিল। শব্দৰ দৃশ্য-পটত চেলটিক, মাদাগাস্কান, আমেৰিকান ৰুটছ, জিপ্সী জাজ, নেপালী, ভাৰতীয়, স্পেনিছ, আফ্ৰিকান-কিউবান, চেনেগাল আৰু পূব-বাংলাৰ গীত সন্নিৱিষ্ট কৰা হৈছিল। এই প্ৰকল্পত তেওঁলোকে য়ান বিউজ’য়ান, লৰেণ্ট জেলাৰ, এলেক্স ভ’চিন, কেভিন গ’বাৰ্ন, ৰিটোবান দাস, জিনি মাৰে ডেভিদ, প্ৰজেক্ট কাৰাগোছ, বেন ক্ৰাকাউৰ, ডিপ্তানছু ৰয়, আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ আন কেইবাজনো সংগীতজ্ঞৰ সৈতে সহযোগিতা কৰিছিল।[4]
২০১৯ চনলৈকে মুখাৰ্জী কলিকতাৰ ‘ফিডলাৰ গ্ৰীণ’ নামৰ লোকবেণ্ডটোৰ প্ৰথমশাৰীৰ ব্যক্তি আৰু সহ-প্ৰতিষ্ঠাপক আছিল।[18] বাংলা লোকসংগীতৰ বেণ্ডটোত সহ-প্ৰতিষ্ঠাপক/মেণ্ডলিনবাদক দীপ্তানসু ৰয়ে অনা ব্লুগ্ৰাছ আৰু এপ্লাচিয়ান সংগীতৰ উপাদান আছিল। বেণ্ডটোৱে চেলটিক, আফ্ৰিকান কিউবান, মধ্যপ্ৰাচ্য, ইহুদী আৰু জিপ্সী সুৰ অন্বেষণ কৰিছিল।[11] অষ্ট্ৰেলিয়াৰ পাৰ্কাচনিষ্ট নাওমি জিনৰ সৈতেও তেওঁৰ যুটি বান্ধিছিল। ২০১৫ চনত তেওঁ কলিকতাৰ আধ্যাত্মিক গায়ক সত্যকি বেনাৰ্জীৰ সৈতে কেইবাটাও উৎসৱত একেলগে যুটি হিচাপে ৰাবাব, উদ আৰু দোতাৰা বজাইছিল।[19] অৰ্ক বাৰ্লিনস্থিত প্ৰবীণ ভাৰতীয় সংগীত প্ৰযোজক কনিষ্কা সৰকাৰ সৃষ্ট আশ্ৰম নামৰ নৃগোষ্ঠীয় বৈদ্যুতিক সংগীত সহযোগিতাৰ সক্ৰিয় সদস্য আৰু দুয়োজনে বাৰ্লিনত থকা ভাৰতীয় দূতাবাসত একেলগে ৰেকৰ্ডিং আৰু বজোৱাৰ সমান্তৰালভাৱে ইংলেণ্ড, ফ্ৰান্স আৰু ইষ্ট-ইউৰোপতো ব্যাপকভাৱে ভ্ৰমণ কৰিছে।[20] তেওঁ ভাৰতীয় গীটাৰিষ্ট অমিত দত্তই জন্ম দিয়া কলকাতাস্থিত জিবা নামৰ বিশ্ব সংগীত সংগঠনৰ কণ্ঠশিল্পী আৰু উকুলেলে বাদক আছিল।[4][5]
২০১৮ আৰু ২০১৯ চনত তেওঁ নেপাল জিপ্সি জাজ উৎসৱত জিপ্সী জাজ গীটাৰ মেষ্ট্ৰ' ডেনিয়েল গিভ'ন আৰু নেপালী জাজ গীটাৰিষ্ট হৰি মহৰ্জানৰ[21] সৈতে সহযোগিতা কৰে। ২০১৯ চনত তেওঁ আন সকলো বেণ্ড এৰি নিজৰ স্বতন্ত্ৰ প্ৰকল্প "দ্য অৰ্ক মুখাৰ্জী কালেকটিভ" আৰম্ভ কৰাৰ সিদ্ধান্ত লয়।[2][19] লগতে ২০২০ চনত গ্ৰেমীৰ মনোনীত আৰু আমেৰিকান ফিডলবাদক কেছি ড্ৰিচেনৰ সৈতে সহযোগিতা কৰে। অৰ্কৰ পৰীক্ষামূলক জাজ গীটাৰিষ্ট নিছাদ পাণ্ডেৰ সৈতেও যুটি আছে।[4]
স্বীকৃতি
[সম্পাদনা কৰক]মুখাৰ্জীয়ে বংগৰ বিভিন্ন বোলছবি আৰু ধাৰাবাহিকত গীত গাইছে।[22][23] তেওঁ বিভিন্ন গীত ভাৰতৰ বিভিন্ন সংগীত বঁটাৰ বাবে মনোনীত হৈছে।[22] ২০০৪ চনত বাংলাদেশত ভৰসা থাকুক বাংলা গানে নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হয়। তথ্যচিত্ৰখনত তেওঁৰ সংগীতৰ যাত্ৰাৰ কাহিনীসমূহ চিত্ৰিত কৰা হৈছে য'ত তেওঁক যোৱা চাৰি শতিকাৰ বাংলা লোকসংগীতৰ বিৱৰ্তন আৰু তাৎপৰ্য্যৰ বিষয়ে আলোচনা কৰা দেখা যায়।[4] ঝলকমান গন্ধৰ্বৰ বিভিন্ন গীতক পুনৰুজ্জীৱিত কৰাৰ বাবে নেপালৰ বাটুলিচোৰৰ গন্ধৰ্ব সম্প্ৰদায়ে তেওঁক 'গন্ধৰ্ব সম্মান' (নেপালী ভাষাত 'সম্মান' অৰ্থাৎ সন্মান) বঁটা প্ৰদান কৰে।[3] ২০১৯ চনত তেওঁ কিংবদন্তি গায়ক-গীতিকাৰ বব ডিলানৰ সৈতে কলকাতাৰ দীৰ্ঘদিনীয়া প্ৰেম সম্পৰ্কীয় তথ্যচিত্ৰ ইফ নট্ ফৰ্ ইউ (If Not for You)ত[24] অভিনয় কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Soul Talk with Arko Mukhaerjee". Dhaka Tribune. 4 December 2017. https://www.dhakatribune.com/showtime/2017/12/04/soul-talk-arko-mukhaerjee.
- 1 2 "Rumble in the Jungle at Ranthambore Music and Wildlife Festival 2019". Outlook India. https://www.outlookindia.com/outlooktraveller/explore/story/70321/rumble-in-the-jungle-at-ranthambore-music-and-wildlife-festival-2019.
- 1 2 3 4 5 "Arko the Nepali Minstrel from Bengal". Nepali Times. 7 February 2020. https://www.nepalitimes.com/banner/arko-the-nepali-minstrel-from-bengal/.
- 1 2 3 4 5 6 "Blowin' in the Wind". The Indian Express. 14 May 2018. https://indianexpress.com/article/lifestyle/art-and-culture/band-arko-mukhaerjee-ziba-blowin-in-the-wind-5160644/.
- 1 2 "Journey to the Other Ego with Ziba". The Telegraph. 9 January 2018. https://www.rsjonline.com/reviews/journey-to-the-other-ego-with-ziba---a-gig-review.html.
- ↑ "Kolkata musician Arko Mukhaerjee's new band explores the collective spirits of music". The New Indian Express indulge. 17 May 2019. https://www.indulgexpress.com/culture/music/2019/may/17/kolkata-musician-arko-mukhaerjees-new-band-explores-the-collective-spirit-of-music-14883.html.
- ↑ "Folk singer Arko Mukhaerjee to perform live at First Flush". indulgexpress.com. https://www.indulgexpress.com/events/kolkata/2019/apr/13/folk-singer-arko-mukhaerjee-to-perform-live-at-first-flush-14157.html.
- 1 2 "Life and beyond, in Harmony and Rhythm". The Telegraph (Kolkata). 1 April 2019. https://www.telegraphindia.com/west-bengal/life-and-beyond-in-harmony-and-rhythm/cid/1679963.
- ↑ "Exclusive Release: Watch Ashram- Inside the Forgotten City". 2 May 2018. Archived from the original on 9 February 2021. https://web.archive.org/web/20210209222921/https://smokeinc.in/2018/05/02/watch-ashram-inside-the-forgotten-city/.
- ↑ "Music and more for the soul". The Telegraph (Kolkata). https://www.telegraphindia.com/west-bengal/music-and-more-for-the-soul/cid/1311154.
- 1 2 "This Kolkata-based acoustic band's soundscape will make you go high with their folk repertoire". indulgexpress.com. https://www.indulgexpress.com/culture/music/2019/jan/11/this-kolkata-based-acoustic-bands-soundscape-will-make-you-go-high-with-their-folk-repertoire-12113.html.
- ↑ "Arko Mukhaerjee records first song of 'Purbo Poschim Dokkhin Uttor Asbei'". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/music/arko-mukhaerjee-records-first-song-of-purbo-poschim-dokkhin-uttor-asbei/articleshow/70328319.cms.
- ↑ "Arko Mukhaerjee". photogallery.indiatimes.com. https://photogallery.indiatimes.com/events/kolkata/band-mela-2018/Arko-Mukhaerjee/articleshow/63267380.cms.
- ↑ "Dohar and Arko Mukherjee perform at university fest | Kolkata News". The Times of India. https://timesofindia.indiatimes.com/city/kolkata/dohar-and-arko-mukherjee-perform-at-university-fest/articleshow/74246343.cms.
- ↑ "The fourth chapter of River Festival will feature Manu Chao". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/music/the-fourth-chapter-of-river-festival-will-feature-manu-chao/articleshow/74209583.cms.
- ↑ Ghosh, Devarsi. "Documentary 'If Not For You' finds that Bob Dylan is 'like a local resident of Calcutta'". Scroll.in. https://scroll.in/reel/957580/documentary-if-not-for-you-finds-that-bob-dylan-is-like-a-local-resident-of-calcutta.
- ↑ "Nishithey by Arko Mukhaerjee". 15 September 2019. https://music.apple.com/jp/album/nishithey/1477756667?i=1477756670&l=en.
- ↑ "Dipannita-Samantak join Fiddler's Green after Arko's exit". The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/music/dipannita-samantak-join-fiddlers-green-after-arkos-exit/articleshow/72223927.cms.
- 1 2 "Arko and Satyaki's song for Matir Projar Deshe". Dhaka Tribune. 14 March 2018. https://www.dhakatribune.com/showtime/2018/03/14/arko-satyakis-song-matir-projar-deshe.
- ↑ "Groove To Beats By Arko Mukhaerjee and Ashram". Whats Hot. https://www.whatshot.in/kolkata/groove-to-beats-by-arko-mukhaerjee-and-ashram-e-506129.
- ↑ Lama, Sonam. "A Musical Journey From Folk To Jazz". My Republica. https://myrepublica.nagariknetwork.com/news/26096/.
- 1 2 "Studio Live Fridays With Arko Mukhaerjee in Kolkata, Studio | What's Hot". Whats Hot. https://www.whatshot.in/kolkata/studio-live-fridays-with-arko-mukhaerjee-e-392557.
- ↑ "Dhaka International Folk Festival to launch today". Dhaka Tribune. 11 November 2015. https://www.dhakatribune.com/uncategorized/2015/11/11/dhaka-international-folk-festival-to-launch-today.
- ↑ "If Not for You (2019)". IMDb. 24 May 2019. https://www.imdb.com/title/tt10418976/। আহৰণ কৰা হৈছে: 21 June 2020.