সমললৈ যাওক

অৰ্চনা শৰৎ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰ্চনা শৰৎ

লেখিকা অৰ্চনা শৰতে তেওঁৰ 'টেলছ ফ্ৰম দ্য হিষ্ট্ৰী অৱ মেথমেটিক্স' গ্ৰন্থৰ বাবে ২০১৯ চনৰ ভিঅ'ডব্লিউ বুক এৱাৰ্ড গ্ৰহণ কৰি থকা অৱস্থাত।[1][2]
পেচা লেখিকা
ভাষা ইংৰাজী
ৰাষ্ট্ৰীয়তা ভাৰতীয়

অৰ্চনা শৰৎ (ইংৰাজী: Archana Sarat) এগৰাকী ভাৰতীয় লেখিকা,[3] চুটিগল্প লেখক,[4] ফ্ল্যাশ ফিকচন লেখক আৰু কবি।[5] তেওঁ তেওঁৰ ২০১৬ চনৰ উপন্যাস বাৰ্ডছ অৱ প্ৰেৰ বাবে পৰিচিত, যিখন এখন মানসিক অপৰাধমূলক থ্ৰিলাৰ।[6][7] এই উপন্যাসখন অ’টিটি প্লেটফৰ্ম আহা তামিলত তামিল ভাষাত পৰ্দাৰ বাবে অভিযোজন কৰা হৈছে। ইয়াৰ শিৰোনাম হৈছে ইৰাই[8], আৰু ইয়াত আৰ. শৰৎকুমাৰে অভিনয় কৰিছে। ইয়াৰ পৰিচালনা কৰিছে ৰাজেশ এম. চেলভাই আৰু প্ৰযোজনা কৰিছে ৰাধান মিডিয়াৱৰ্কছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

অৰ্চনা শৰতৰ জন্ম হৈছিল দক্ষিণ তামিলনাডুৰ এখন বন্দৰ চহৰ টুথুকুডিত। তেওঁ চেন্নাইত ডাঙৰ-দীঘল হৈছিল। কেলীছৰ সিন্ধি মডেল ছিনিয়ৰ চেকেণ্ডাৰী স্কুলত স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ চেন্নাইৰ নুংগামবাক্কামৰ এম.অ'.পি. বৈষ্ণৱ কলেজৰপৰা বাণিজ্য শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ চাৰ্টাৰ্ড একাউণ্টেন্সি পাঠ্যক্ৰমো গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ তেওঁলোকৰ পাৰিবাৰিক প্ৰতিষ্ঠান মেচাৰ্ছ পি.টি. পোন্নাইয়া এণ্ড কোম্পানীৰ এগৰাকী অংশীদাৰ। ১৯৭৯ চনত প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানখনে অডিট এণ্ড এশ্বুৰেন্স, কৰদান, ব্যৱসায় গঠন, ব্যাৱসায়িক সাহায্য, ব্যাৱসায়িক পৰামৰ্শ আৰু অন্যান্য সম্পৰ্কীয় ক্ষেত্ৰত সেৱা আগবঢ়ায়।[9]

তেওঁ কৰ্পোৰেট অধিবক্তা তথা কোম্পানী সচিব শৰতৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ভাৰতত বসবাস কৰে।[10]

গ্ৰন্থ আৰু প্ৰকাশন

[সম্পাদনা কৰক]

অৰ্চনা শৰৎ 'বাৰ্ডছ অৱ প্ৰে' নামৰ এখন ৰোমাঞ্চকৰ মানসিক অপৰাধমূলক থ্ৰিলাৰৰ লেখিকা। তেওঁ 'শ্লিপিং ডগছ' নামৰ এখন ৰহস্যধৰ্মী থ্ৰিলাৰৰো লেখিকা, যিখন ২০২২ চনৰ ছেপ্টেম্বৰত মুক্তি পাইছিল।

তেওঁ প্ৰতি শনিবাৰে "ছেটাৰ্ডে শ্বটছ" নামেৰে ফ্লাছ ফিকচন (অতি চুটিগল্প) লিখে।[11] তেওঁ ৰিডোমেনিয়াৰদ্বাৰা প্ৰকাশিত ফ্লাছ ফিকচন গল্পৰ ই-বুক সংগ্ৰহ টিট ফৰ টেটৰ লেখিকা। তেওঁৰ ফ্লাছ ফিকচনসমূহ ফ্ৰী প্ৰেছ জাৰ্ণাল কাকতৰ দেওবৰীয়া সাহিত্য শিতানতো প্ৰকাশ পায়।

'ৱমেনছ ৱেব'-এ তেওঁৰ গ্ৰন্থ বাৰ্ডছ অৱ প্ৰেক 'শেহতীয়াকৈ প্ৰকাশিত ভাৰতীয় মহিলা লেখিকাৰ ২১খন উল্লেখযোগ্য অভিষেক গ্ৰন্থ যিবোৰ পঢ়াটো জৰুৰী'ৰ ভিতৰত অন্যতম বুলি ঘোষণা কৰিছে।[3] এই উপন্যাসখন তামিল ভাষাত পৰ্দাৰ বাবে অভিযোজন কৰা হৈছে আৰু ই আহা তামিলত ইৰাই[8] নামেৰে উপলব্ধ। ইয়াত আৰ. শৰৎকুমাৰে অভিনয় কৰিছে আৰু ইয়াক পৰিচালনা কৰিছে ৰাজেশ এম. চেলভাই তথা প্ৰযোজনা কৰিছে ৰাধান মিডিয়াৱৰ্কছে।

অৰ্চনাৰ গ্ৰন্থ 'টেলছ ফ্ৰম দ্য হিষ্ট্ৰী অৱ মেথমেটিক্স'-এ[12] ভাৰতৰ উত্তৰাখণ্ডৰ ডেৰাডুনত অনুষ্ঠিত ভেলী অৱ ৱৰ্ডছ ইণ্টাৰনেশ্যনেল লিটাৰেৰী ফেষ্টিভেলত ২০১৯ চনৰ শ্ৰেষ্ঠ শিশু/কিশোৰ সাহিত্যৰ বঁটা লাভ কৰে।[13]

অৰ্চনা দ্য টাইমছ অৱ ইণ্ডিয়া, দ্য ইক’নমিক টাইমছ, দ্য চেবি এণ্ড কৰ্পোৰেট ল’জ জাৰ্ণাল, দ্য চিএ নিউজলেটাৰ আদিত বিত্ত সম্পৰ্কীয় প্ৰবন্ধৰ লেখিকা।[5]

তেওঁৰ বিজ্ঞান কল্পকাহিনীমূলক চুটিগল্প ২০০৮ চনৰ এপ্ৰিল মাহত চিএছআইআৰ – নিচকেয়াৰ (কাউন্সিল অৱ ছাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ – নেচনেল ইনষ্টিটিউট অৱ ছাইন্স কমিউনিকেচন এণ্ড ইনফৰ্মেচন ৰিচ’ৰ্চেছ)দ্বাৰা পৰিচালিত আলোচনী ছাইন্স ৰিপ’ৰ্টাৰত প্ৰকাশ পাইছিল। তেওঁৰ চুটিগল্প আৰু কবিতা ডিএনএ মি মেগাজিন, চিকেন ছুপ ফৰ দ্য ছ’ল শৃংখলা, ভেঞ্জিয়েন্স - এ ন্যানোৰাইম’ ইণ্ডিয়া এনথ’লজী, দ্য জুকবক্স এনথ’লজী, দ্য টেলিগ্ৰাম আৰু দ্য গ্ল’মেগ জাৰ্ণালত প্ৰকাশ পাইছে।

উপন্যাস

[সম্পাদনা কৰক]
  • বাৰ্ডছ অৱ প্ৰে (ৰিডোমেনিয়া)
  • টেলছ ফ্ৰম দ্য হিষ্ট্ৰী অৱ মেথমেটিক্স (ৰিডোমেনিয়া)[14]
  • শ্লিপিং ডগছ (ৰিডোমেনিয়া)

চুটিগল্প সংকলন

[সম্পাদনা কৰক]
  • টিট ফৰ টেট (ৰিডোমেনিয়া)

সংকলন (সহ-লেখিকা)

[সম্পাদনা কৰক]
  • ভেঞ্জিয়েন্স (ন্যানোৰাইম’ ইণ্ডিয়া এনথ’লজী)
  • জুকবক্স (ৰিডোমেনিয়া)
  • চিকেন ছুপ ফৰ দ্য ইণ্ডিয়ান টিনেজ ছ’ল
  • চিকেন ছুপ ফৰ দ্য ইণ্ডিয়ান ৰোমাণ্টিক ছ’ল
  • চিকেন ছুপ ফৰ দ্য ইণ্ডিয়ান মাদাৰ ছ’ল

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "2019 | Valley of Words" (en ভাষাত). Valley of Words. https://www.valleyofwords.org/copy-2-of-vow-book-awards-2021 আহৰণ কৰা হৈছে: 13 April 2024.
  2. 1 2 "21 Noteworthy Debut Books By Indian Women Authors Published Recently That Are A Must Read" (en-US ভাষাত). Women's Web: For Women Who Do. 2017-05-30. Archived from the original on 2017-10-27. https://web.archive.org/web/20171027185742/http://www.womensweb.in/2017/05/26-noteworthy-debut-books-indian-women-authors/.
  3. "A Writer Raccoon Interview with Archana Sarat ~ The author of Birds of Prey" (en-US ভাষাত). Books & Random Ramblings. 2017-08-19. Archived from the original on 2017-11-07. https://web.archive.org/web/20171107025158/https://aslytherinstark.wordpress.com/2017/08/19/a-writer-raccoon-interview-with-archana-sarat-the-author-of-birds-of-prey/.
  4. 1 2 "Inspirational Woman: Archana Sarat | Author of Readomania" (en-US ভাষাত). WeAreTheCity India. 2017-05-11. Archived from the original on 2017-11-07. https://web.archive.org/web/20171107005653/http://wearethecity.in/archana-sarat-readomania/.
  5. Chandru, Srilaxmi; Chandru, Srilaxmi (2017-01-19). "Understanding abuse" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/Understanding-abuse/article17058239.ece.
  6. "Come, listen to the stories of 'birds' with 'Birds of Prey'". The New Indian Express. https://www.newindianexpress.com/cities/chennai/2017/jan/30/come-listen-to-the-stories-of-birds-with-birds-of-prey-1564827.html.
  7. 1 2 (en ভাষাত) Irai Official Teaser | an aha Original Series | Sarath Kumar, Rajesh M Selva | Radaan Mediaworks, https://www.youtube.com/watch?v=wwo4ehUiT1w, আহৰণ কৰা হৈছে: 2022-02-09
  8. admin. "P.T.Ponnaiah & Co" (en-US ভাষাত). http://ptpindia.com/ আহৰণ কৰা হৈছে: 2021-02-08.
  9. Sanjan Krishna Sarat
  10. "India, a nation of novelists every November" (en-intl ভাষাত). www.radioaustralia.net.au. http://www.radioaustralia.net.au/international/2015-12-21/india-a-nation-of-novelists-every-november/1528396 আহৰণ কৰা হৈছে: 2017-11-01.
  11. "Tales From The History Of Mathematics" (en ভাষাত). Goodreads. https://www.goodreads.com/en/book/show/40869731 আহৰণ কৰা হৈছে: 13 April 2024.
  12. "The History of Mathematics - Archana Sarat". Archived from the original on 9 August 2020. https://web.archive.org/web/20200809023632/https://valleyofwords.org/interview/the-history-of-mathematics-archana-sarat/ আহৰণ কৰা হৈছে: 21 January 2021.
  13. "Tales from The History of Mathematics". Archana Sarat. https://www.archanasarat.com/books/historyofmathematics আহৰণ কৰা হৈছে: 13 April 2024.