সমললৈ যাওক

অৰ্জুমন মুঘল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰ্জুমন মুঘল

২০১৪ চনত মুঘল
জন্ম নওশেৰা, জম্মু আৰু কাশ্মীৰ, ভাৰত
পেচা অভিনেত্ৰী আৰু মডেল
সক্ৰিয় হৈ থকা সময় ২০০৩–বৰ্তমান
জনা যায় ইয়া ৰব (২০১৪)


অৰ্জুমন মুঘল এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল।[1] তেওঁ ২০০৩ চনত মনোৰঞ্জন ক্ষেত্ৰত মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ “বেষ্ট ফেচ অৱ দ্য ইয়েৰ” আৰু “মডেল অৱ দ্য ইয়েৰ” আদি বঁটা লাভ কৰে। গহনাৰ বিজ্ঞাপনৰ বাবে তেওঁ বিশেষভাৱে জনপ্ৰিয় মুখ হিচাপে পৰিচিত আছিল। তেওঁ ২,১৬০টা বিজ্ঞাপনত অভিনয় কৰিছে। সফল মডেলিং কেৰিয়াৰৰ পিছত তেওঁ ২০০৮ চনত তামিল চলচ্চিত্ৰ পাঝানিয়াপ্পা কল্লুৰিৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ পুনৰ বলিউডত ইয়া ৰব চলচ্চিত্ৰৰ জৰিয়তে আত্মপ্ৰকাশ কৰে।[2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৮৮ চনৰ ১৭ জানুৱাৰীত জম্মুৰ ৰাজৌৰী জিলাৰ নৌশ্বেৰাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ লেম্বেৰী গাঁৱত মুঘলৰ জন্ম হৈছিল। বৰ্তমান তেওঁ ভাৰতৰ পশ্চিম মুম্বাইত থাকে। তেওঁৰ পিতৃ মোঃ ইছহাক মুঘলৰ আছিল সেনা বিষয়া। নিজকে প্ৰমাণ কৰি মডেলিঙৰ কেৰিয়াৰ গঢ়ি তোলাৰ পিছত ২০০৩ চনত সমগ্ৰ পৰিয়ালসহ মুম্বাইলৈ গুচি যায়। মুঘলে মুম্বাইত নিৰ্মাণৰ কাম কৰিছিল, আনহাতে মাতৃ আছিয়া মুঘল এগৰাকী গৃহিণী।

মুঘলে জম্মুত স্কুলীয়া শিক্ষা সমাপ্ত কৰি দিল্লীলৈ গুচি যায় আৰু এবছৰ অধ্যয়ন কৰে আৰু তাৰ পিছত মুম্বাইলৈ উভতি যায় আৰু তাতেই মনোবিজ্ঞানত বি এ ডিগ্ৰী লাভ কৰে। কেৰিয়াৰৰ বাবে মুম্বাইত বসতি স্থাপন কৰিছিল। শৈশৱৰ সপোন আছিল এগৰাকী মহান অভিনেত্ৰী হোৱা, যিটো তেওঁ য়া ৰব ছবিত অভিষেক ঘটোৱাৰ লগে লগে উপলব্ধি কৰিছিল।

কেৰিয়াৰ

[সম্পাদনা কৰক]

মুঘলে বলিউডইয়া ৰব চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল হাসনাইন হায়দৰাবাদৱালা, আৰু ইয়াত তেওঁ মুখ্য চৰিত্ৰ আম্ৰীনৰ ভূমিকাত অভিনয় কৰে। জম্মু অঞ্চলৰ ৰাজৌৰীৰ বাসিন্দা মুঘল ২০০৩ চনত মুম্বাইলৈ যায়।[4] তেওঁ নওশেৰাত বিদ্যালয় শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত মডেলিং কেৰিয়াৰ গঢ়িবলৈ প্ৰথমে দিল্লী আৰু পিছত মুম্বাইলৈ যায়। তেওঁ মুম্বাইত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ “মষ্ট পপুলাৰ মডেল” শিতানত আন্তঃৰাষ্ট্ৰীয় মহিলা কৃতিত্ব বঁটা লাভ কৰে।[5]

চলচ্চিত্ৰ তালিকা

[সম্পাদনা কৰক]
বছৰ শিৰোনাম চৰিত্ৰ ভাষা
২০০৭ পাঝানিয়াপ্পা কল্লুৰি প্ৰিয়া তামিল
২০১৪ ইয়া ৰব আম্ৰীন হিন্দী
২০২০ ও পুষ্পা আই হেট টিয়াৰ্ছ পুষ্পা
২০২২ থ্ৰী শ্যানে শ্ৰেয়া
২০২৩ জিন্দগী শত্ৰঞ্জ হ্যায়

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]