সমললৈ যাওক

অৰ্ধনাৰী (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৰ্ধনাৰী

পোষ্টাৰ
পৰিচালক সন্তোষ সৌপৰ্নিকা
ৰচনা সন্তোষ সৌপৰ্নিকা
প্ৰযোজক এম জি শ্ৰীকুমাৰ
অভিনয়ত মনোজ কে জয়ন
মহালক্ষ্মী
তিলকন
সুকুমাৰী
চাই কুমাৰ
সংগীত পৰিচালক এম জি শ্ৰীকুমাৰ
মুক্তি
২৩ নৱেম্বৰ ২০১২ (2012-11-23) (Kerala)
দেশ ভাৰত
ভাষা মালয়ালম

অৰ্ধনাৰী (ইংৰাজী: Ardhanaari ) ২০১২ চনৰ ভাৰতীয় মালয়ালম ভাষাৰ কেৰালাৰ ট্ৰাঞ্চজেণ্ডাৰসকলৰ জীৱনক লৈ নিৰ্মিত এখন ছবি। পৰিচালক সন্তোষ সৌপৰ্ণিকা। এম জি শ্ৰীকুমাৰে তেওঁৰ প্ৰডাকচন হাউচ এম জি চাউণ্ড এণ্ড ফ্ৰেমছৰ অধীনত ছবিখন প্ৰযোজনা কৰিছে। [1] [2]

মঞ্জুলা এগৰাকী ট্ৰাঞ্চজেণ্ডাৰ হিজৰা; [3] তেওঁৰ পুৰুষৰ দৰে শৰীৰি গঠন আৰু নাৰীৰ দৰে আচৰণৰ বৈশিষ্ট্যই তেওঁৰ ভাতৃ আৰু আন ব্যক্তিৰ উপহাসৰ পাত্ৰ। সকলোৱে তেওঁক কটাক্ষ কৰে। ছবিখনত হিজৰাৰ অনুষ্ঠান, ৰীতি-নীতি, ক্ষোভ আৰু পছন্দৰ বিষয়ে আলোচনা কৰা হৈছে। ছবিখনৰ শিৰোনামটোত অৰ্ধ পুৰুষ আৰু অৰ্ধ মহিলা হিন্দু দেৱতা অৰ্ধনাৰীশ্বৰৰ ইংগিত দিয়া হৈছে। অভিনয় কৰিছে মহালক্ষ্মী, মণিয়ানপিল্লা ৰাজু, থিলকন, সুকুমাৰী আৰু চাই কুমাৰে। অৰ্ধনাৰী মঞ্জুলাৰ চৰিত্ৰত অভিনয় কৰিছে মনোজ কে জয়নে। ছবিখন মুক্তি পোৱাৰ কেইসপ্তাহমান আগতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা থিলকনে অভিনয় কৰা শেষৰখন ছবিবোৰৰ ভিতৰত এখন আছিল।

অৰ্ধনাৰী ছবিখনে, লগতে জয়নৰ অভিনয়ে মিশ্ৰিত সমালোচনা লাভ কৰে।[4] [5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]