অৰ্না ডোনাথ
| অৰ্না ডোনাথ אורנה דונת | |
|---|---|
| জন্ম | অৰ্না ডোনাথ ১৫ অক্টোবৰ, ১৯৭৬ ৰামাত হা-শ্বাৰণ, টেল আভিভ জিলা, ইজৰাইল |
| পেচা | সমাজবিজ্ঞানী, প্ৰবক্তা, লেখিকা |
| জনা যায় | নাৰীবাদত সক্ৰিয়তা |
অৰ্না ডোনাথ (ইংৰাজী: Orna Donath, জন্ম ১৫ অক্টোবৰ ১৯৭৬) এগৰাকী ইজৰাইলী সমাজবিজ্ঞানী, প্ৰবক্তা, লেখিকা আৰু নাৰীবাদী কৰ্মী। তেওঁ টেল আভিভ বিশ্ববিদ্যালয়, বেন গুৰিয়ান বিশ্ববিদ্যালয় আৰু টেল আভিভ-য়াফোৰ একাডেমিক কলেজত অধ্যাপনা কৰে। তেওঁৰ অধ্যয়নৰ ক্ষেত্ৰখনে মহিলাসকলৰ ওপৰত প্ৰক্ষেপিত সামাজিক প্ৰত্যাশাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷
জীৱনী
[সম্পাদনা কৰক]ইজৰাইলৰ ৰমত হাছাৰনত ডোনাথৰ জন্ম হৈছিল৷ তেওঁ দুগৰাকী কন্যাৰ ভিতৰত দ্বিতীয়। তেওঁ মাকে কম্পিউটাৰৰ লগত জড়িত আৰু পিতৃ ব্যৱসায়িক পৰামৰ্শদাতা।[1] ২০০৭ চনত টেল আভিভ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সমাজবিজ্ঞান আৰু নৃতত্ত্বত ডিগ্ৰী লাভ কৰে৷ তেওঁৰ গৱেষণা-পত্ৰত অতি প্ৰসৱ সমৰ্থক ইজৰাইলী সমাজখনৰ স্বেচ্ছামূলক নিঃসন্তানতাৰ বিষয়ে আলোচনা কৰা হৈছিল।[2] পি এইচ ডিৰ পিছত ডোনাথে বেন গুৰিয়ান বিশ্ববিদ্যালয়ত, চেণ্টাৰ ফৰ উইমেনছ ষ্টাডিজ এণ্ড এডভান্সমেণ্টত পোষ্ট-ডক নিযুক্তি লাভ কৰে।[3]
ডোনাথৰ 'ৰিগ্ৰেটিং মাদাৰহুড' নামৰ কিতাপখনত সন্তান জন্ম দিয়াৰ আগতে আৰু পিছত সন্তান লালন-পালনৰ ক্ষেত্ৰত বিভিন্ন পটভূমিৰ মহিলাসকলৰ মনোভাৱ পৰীক্ষা কৰা হৈছে।[4] গ্ৰন্থখনত ২৩ গৰাকী মহিলাৰ কাহিনী সংগ্ৰহ কৰা হৈছে যি অতি ব্যক্তিগত স্থানৰ পৰা মাতৃত্বৰ বিষয়ে কয়, আৰু মাতৃ হোৱাৰ বাবে তেওঁলোকৰ অনুশোচনাৰ বিষয়ে কয়, যদিও তেওঁলোকে নিজৰ সন্তানক ভাল পায় আৰু তেওঁলোকৰ প্ৰতি দায়িত্বশীল অনুভৱ কৰে।[5] ইজৰাইলত নিষিদ্ধ বিষয় এটাৰ ওপৰত ব্যক্তিগত দৃষ্টিভংগী অনাৰ উপৰিও ডোনাথে মাতৃত্ব, সন্তান জন্ম দিয়া, অভিভাৱকত্ব আৰু বহুতো বিষয়ৰ বিষয়ে সাধাৰণতে প্ৰচলিত মনোভাৱসমূহ পৰীক্ষা কৰে আৰু এই সিদ্ধান্তত উপনীত হয় যে মাতৃ হোৱাৰ বাবে অনুশোচনা অনুভৱ কৰাৰ অৰ্থ অভিভাৱক হিচাপে দক্ষতা বা দায়বদ্ধতাৰ অভাৱ নহয়।[6] তেওঁ সামাজিকভাৱে গ্ৰহণ কৰা ধাৰণাটোক প্ৰত্যাহ্বান জনাব বিচাৰে যে নাৰী হোৱাৰ বাবে সহজাতভাৱে মাতৃত্বও অন্তৰ্ভুক্ত, আৰু দাবী কৰে যে নাৰীক মাতৃত্বত ঠেলি দিলে তেওঁলোকৰ বহুত দুখ-কষ্ট হ'ব পাৰে।[1] ডোনাথে মহিলাসকলৰ ওপৰত প্ৰদান কৰা হেঁচাসমূহৰ বিষয়ে আলোচনা কৰিছে, যাৰ পছন্দক যথাৰ্থ অৱস্থাৰ প্ৰতি ভাবুকি হিচাপে দেখা যায়।[7]
এই গ্ৰন্থখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা লাভ কৰিছিল৷ যেতিয়া তেওঁৰ সৈতে হোৱা এক সাক্ষাৎকাৰ জাৰ্মান একাডেমিক আলোচনীত প্ৰকাশ পাইছিল তেতিয়া ধুমুহাৰ সৃষ্টি হৈছিল আৰু এক পদ্ধতিগত বক্তৃতাৰ সূচনা কৰিছিল।[8] ইয়াৰ পিছত ইয়াক একাধিক ভাষালৈ অনুবাদ কৰা হয় আৰু টাইৱান, দক্ষিণ কোৰিয়া, স্পেইন, ইটালী, জাৰ্মানী, ফ্ৰান্স, ব্ৰিটেইন আৰু আমেৰিকাকে ধৰি বহু দেশত প্ৰকাশ কৰা হয়।[9]
শৈক্ষিক কামৰ উপৰিও ডোনাথে হাছাৰন ধৰ্ষণ সংকট কেন্দ্ৰত শিক্ষা সমন্বয়ক, পাঠ্যক্ৰম বিকাশক আৰু সংস্থাটোৰ অধ্যক্ষকে ধৰি কেইবাটাও ভূমিকা পালন কৰিছে।[10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 הדס בשן (August 10, 2017). "את לא חייבת להיות אמא: הספר שמנפץ מיתוסים על אימהות ואלהורות" (he ভাষাত). את. https://atmag.co.il/%D7%9E%D7%A9%D7%A4%D7%97%D7%94/%D7%90%D7%95%D7%A8%D7%A0%D7%94-%D7%93%D7%95%D7%A0%D7%AA-%D7%A2%D7%9C-%D7%90%D7%9C%D7%94%D7%95%D7%A8%D7%95%D7%AA.
- ↑ דוד רוזנטל. "תעשי לי ילד: על הספר "ממני והלאה"" (he ভাষাত). Walla!. https://e.walla.co.il/item/1772778.
- ↑ נירית צוק (March 8, 2015). ""איך יכול להיות שאת לא רוצה ילדים"? , 8 במרץ 2015" (he ভাষাত). ynet. https://www.ynet.co.il/articles/0,7340,L-4634600,00.html.
- ↑ Schingler, Michelle Anne (August 2017). "Regretting Motherhood". Foreword. https://www.forewordreviews.com/reviews/regretting-motherhood/। আহৰণ কৰা হৈছে: April 21, 2019.
- ↑ Saar, Tsafi (January 30, 2016). "Yes, We Are Allowed to Regret Motherhood". Haaretz. https://www.haaretz.com/israel-news/.premium-yes-we-are-allowed-to-regret-motherhood-1.5397110.
- ↑ "על הספר" (he ভাষাত). הוצאת ידיעות ספרים. http://www.ybook.co.il/book/7000/%D7%91%D7%9B%D7%99%D7%99%D7%94-%D7%9C%D7%93%D7%95%D7%A8%D7%95%D7%AA। আহৰণ কৰা হৈছে: April 21, 2019.
- ↑ Donath, Orna. "Regretting Motherhood". Penguin Random House. https://www.penguinrandomhouse.com/books/552538/regretting-motherhood-by-orna-donath/9781623171377/। আহৰণ কৰা হৈছে: April 21, 2019.
- ↑ יניב משיח (November 12, 2019). ""אני מתחרטת שאני אמא"" (he ভাষাত). ישראל היום. https://www.israelhayom.co.il/article/233291.
- ↑ ""יש כאן שידול מאסיבי של נשים לאימהות"" (he ভাষাত). mako, בוקר של קשת. May 28, 2017. http://www.mako.co.il/women-magazine/Article-d7b1a4b0efd4c51006.htm.
- ↑ "Orna Donath". 19 April 2017. http://www.cccb.org/en/participants/file/orna-donath/226507। আহৰণ কৰা হৈছে: April 21, 2019.