অৰ্নিয়া
অৱয়ব
অৰ্নিয়া (প্ৰাচীন গ্ৰীক: Ὀρνία,[1] ইংৰাজী: Ornea বা Ornia) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।[2] তেওঁ আৰ্গোলিছৰ এখন চহৰ অৰ্নিয়াৰ সম্ভাৱ্য নিম্ফ (অপেশ্বৰী) আছিল আৰু তেওঁৰ নামেৰে চহৰখন নামকৰণ কৰা হৈছিল। অন্য কাহিনী মতে ৰজা ইৰেকথিউছৰ এথেনিয়ান পুত্ৰ অৰ্নিয়াছৰ নামেৰে চহৰখন নামকৰণ কৰা হৈছিল।[3]
পৰিয়াল
[সম্পাদনা কৰক]অৰ্নিয়া পেলাছগাছ (পেলাগন[4]), ইছমেনাছ, কৰ্চাইৰা, ছালেমিছ, এজিনা, পেইৰেন, ক্লিওনে, থেবে, টানাগ্ৰা, থেস্পিয়া, এছ'পিছ, চাইন′পে আৰু হাৰ্পিনাৰ ভগ্নী আছিল।[5] কিছুমান শ্ৰুতিকথা মতে তেওঁৰ ভগ্নী কালচিছ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।[6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Richmond, Henry J. (1905), The Pronunciation of Greek and Latin Proper Names in English, প্ৰকাশক Ann Arbor: George Wahr, p. 32, ISBN 9780857927866, https://books.google.com/books?id=XMGulz4NTfwC
- ↑ Diodorus Siculus, 4.72.1.
- ↑ Pausanias, 2.25.6 & 10.35.8; Plutarch, Theseus 32.1; Stephanus of Byzantium, Orneiai; Eusebius, Chronographia 66
- ↑ Apollodorus, 3.12.6.
- ↑ Diodorus Siculus, 4.73.1.
- ↑ Scholia Vict. ad Homer Iliad, 14.291; Strabo, 10 p. 447