সমললৈ যাওক

অৰৰিয়া জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

স্থানাংক: 26°07′48″N 87°28′12″E / 26.13°N 87.47°E / 26.13; 87.47

অৰৰিয়া জিলা
বিহাৰ ৰাজ্যত অৰৰিয়া জিলাৰ অৱস্থান
বিহাৰ ৰাজ্যত অৰৰিয়া জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য বিহাৰ
সংমণ্ডল পূৰ্ণিয়া
সদৰ অৰৰিয়া
চৰকাৰ
 • লোকসভা সমষ্টি অৰৰিয়া
 • বিধানসভা সমষ্টি নৰপতগঞ্জ, ৰাণীগঞ্জ, ফৰবেছগঞ্জ, অৰৰিয়া, জোকিহাট, সিক্টি
কালি
 • মুঠ
২,৮৩০ বৰ্গকিমি (১,০৯০ বৰ্গমাইল)
জনসংখ্যা
 (2011)
 • মুঠ
২৮,১১,৫৬৯
 • ঘনত্ব ৯৯০/km (২,৬০০/sq mi)

অৰৰিয়া জিলা ভাৰতবিহাৰ ৰাজ্যত অৱস্থিত এখন জিলা। অৰৰিয়া এই জিলাখনৰ সদৰ ঠাই। জিলাখনৰ মাটিকালি ২,৮৩০ বৰ্গ কিলোমিটাৰ। এই জিলা পূৰ্ণিয়া সংমণ্ডলৰ অন্তৰ্গত।

১৯৬৪ চনত অৰৰিয়া পূৰ্ণিয়া জিলাৰ এটা মহকুমাৰূপে গঠিত হয়। ১৯৯০ চনৰ জানুৱাৰী মাহত এই মহকুমাটোক পূৰ্ণিয়া সংমণ্ডলৰ অন্তৰ্গত এখন পৃথক জিলাৰূপে স্বীকৃতি দিয়া হয়।

জনগাঁথনি

[সম্পাদনা কৰক]
অৰৰিয়া জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতাংশ
হিন্দু
  
৫৬.৬৮%
মুছলিম
  
৪২.৯৫%
খ্ৰীষ্টান
  
০.১৫%
অন্য
  
০.১৪%
জৈন
  
০.০৭%
শিখ
  
০.০১%
বৌদ্ধ
  
০.০১%

২০১১ চনৰ লোকপিয়ল অনুসৰি অৰৰিয়া জিলাৰ জনসংখ্যা ২,৮১১,৫৬৯জন।[1] ইয়াৰ লিংগ অনুপাত হৈছে ১০০০জন পুৰুষৰ বিপৰীতে ৯২১ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ ৫৫.১%।

২০১১ চনৰ লোকপিয়ল অনুসৰি অৰৰিয়া জিলাৰ জনসংখ্যাৰ ৪৪.৯০% হিন্দী, ২৮.৭১% উৰ্দু, ২০.৫৭% মৈথিলী, ২.১৭% বঙালী, ২.১০% মাল্টো আৰু ১.০৫% চাঁওতালিভাষী লোক।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  2. 2011 Census of India, Population By Mother Tongue