সমললৈ যাওক

অৱনী চতুৰ্বেদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অৱনী চতুৰ্বেদী
ব্যক্তিগত তথ্য
জন্ম ২৭ অক্টোবৰ, ১৯৯৩ (৩১ বছৰ)
মধ্য প্ৰদেশ, ভাৰত
দাম্পত্যসঙ্গী ফ্লাইট লেফটেনেণ্ট বিনীত চিকাৰা
শিক্ষা বনস্থলী বিশ্ববিদ্যালয়, ৰাজস্থান, ভাৰত (বি.টেক কম্পিউটাৰ বিজ্ঞান)
পেচা যুঁজাৰু পাইলট
সামৰিক সেৱা
আনুগত্য  ভাৰত
সেৱা/শাখা  Indian Air Force
ৰেঙ্ক স্কোয়াড্ৰন লিডাৰ

স্কোৱাড্ৰন নেতা অৱনী চতুৰ্বেদী (ইংৰাজী: ; জন্ম ২৭ অক্টোবৰ ১৯৯৩) মধ্যপ্ৰদেশৰ ৰেৱা জিলাৰ এগৰাকী ভাৰতীয় পাইলট। তেওঁৰ দুজন দল মোহনা সিং জিতৰৱাল আৰু ভাৱনা কান্থৰ সৈতে তেওঁক ভাৰতৰ প্ৰথম মহিলা যুদ্ধ পাইলট হিচাপে ঘোষণা কৰা হয়।[1][2]

২০১৬ চনৰ জুন মাহত এই ত্ৰিপুৰাক ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু স্ক্ৱাড্ৰনত অন্তৰ্ভুক্ত কৰা হয়। ২০১৬ চনৰ ১৮ জুনত তেতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকাৰে জাতিটোৰ সেৱা কৰিবলৈ আনুষ্ঠানিকভাৱে নিযুক্তি দিয়ে।[3]

২০১৫ চনৰ অক্টোবৰ মাহতহে ভাৰত চৰকাৰে মহিলাসকলৰ বাবে যুঁজাৰু ধাৰা মুকলি কৰাৰ সিদ্ধান্ত লয়।[4]

চতুৰ্বেদীৰ এই কৃতিত্বই ভাৰতক ব্ৰিটেইন, আমেৰিকা, ইজৰাইল, পাকিস্তান আদি দেশৰ তালিকাত স্থান দিছে, য’ত মহিলাসকলক যুদ্ধ বিমান উৰুৱাবলৈ অনুমতি দিয়া হৈছে।[5]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৯৩ চনৰ ২৭ অক্টোবৰত জন্মগ্ৰহণ কৰা অৱনীৰ পিতৃ দীনকৰ চতুৰ্বেদী মধ্যপ্ৰদেশ চৰকাৰৰ জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তা আৰু মাতৃ এগৰাকী গৃহিণী। মধ্যপ্ৰদেশৰ শ্বাহদল জিলাৰ এখন সৰু চহৰ দেওলণ্ডৰ পৰা তেওঁ স্কুলীয়া শিক্ষা সমাপ্ত কৰে।[6] ২০১৪ চনত ৰাজস্থানৰ বনস্থলী বিশ্ববিদ্যালয়ৰ পৰা প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰি কলেজখনৰ ফ্লাইং ক্লাবত যোগদান কৰে যিয়ে তেওঁক উৰণৰ প্ৰতি আকৰ্ষিত কৰে। তাই এ এফ চি এ টি পাছ কৰিছিল আৰু আৰু এ এফ এছ বি ৰ বিশেষ বেছি আগ্ৰহী আছিল।

কৰ্মজীৱন

[সম্পাদনা কৰক]

বায়ুসেনা একাডেমীৰ প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হোৱা অৱনীয়ে ২৫ বছৰ বয়সত প্ৰশিক্ষণ সম্পূৰ্ণ কৰে। অধিক প্ৰশিক্ষণৰ পিছত ২০১৬ চনৰ জুন মাহত চতুৰ্বেদী যুদ্ধ বিমানৰ পাইলট হয়।[7][8] কমিচন দিয়াৰ পিছত তেওঁৰ প্ৰথম পোষ্টিং আছিল এ এফ এছ বিদাৰত য'ত তেওঁ হক এডভান্সড জেট ট্ৰেইনাৰ উৰুৱাইছিল।[9]

২০১৮ চনত চতুৰ্বেদীয়ে মিগ-২১ বিমানত একক বিমান যাত্ৰা কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা পাইলট হিচাপে পৰিগণিত হয়। ২০১৮ চনত অৱনীক ফ্লাইট লেফটেনেণ্ট পদবীলৈ পদোন্নতি দিয়া হয়।[10] ২০২৩ চনত তেওঁ ভাৰতীয় বায়ুসেনাৰ প্ৰথমগৰাকী মহিলা যুঁজাৰু পাইলট হিচাপে জাপানত আকাশী যুদ্ধ খেলত অংশগ্ৰহণ কৰে।[11]

চতুৰ্বেদী ৰাজস্থানৰ চুৰাটগড়ত থকা ভাৰতীয় বায়ুসেনাৰ ২৩ নং স্কোয়াড্ৰন পেন্থাৰত কৰ্মৰত।[12]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]

২০১৮ চনত বনস্থলী বিদ্যাপীঠৰ পৰা ডক্টৰেট ডিগ্ৰীৰে সন্মানিত হয়।

২০২০ চনৰ ৯ মাৰ্চত চতুৰ্বেদীক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ দ্বাৰা নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰা হয়।[13]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৯ চনৰ নৱেম্বৰ মাহত অৱনী চতুৰ্বেদীয়ে ফ্লাইট লেফটেনেণ্ট বিনীত চিকাৰাৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[14]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Avani, Bhawana, Mohana become IAF's first women fighter pilots - Times of India". The Times of India. http://timesofindia.indiatimes.com/india/Avani-Bhawana-Mohana-become-IAFs-first-women-fighter-pilots/articleshow/52805137.cms. 
  2. Krishnamoorthy, Suresh. "First batch of three female fighter pilots commissioned". The Hindu. http://www.thehindu.com/news/national/First-batch-of-three-female-fighter-pilots-commissioned/article14429868.ece. 
  3. Gurung, Shaurya Karanbir (2019-07-17). "IAF pilots test F-21 simulator". The Economic Times. https://economictimes.indiatimes.com/news/defence/iaf-pilots-with-indias-first-female-fighter-pilot-test-f-21-simulator/articleshow/70254376.cms?from=mdr. 
  4. "Meet Avani Chaturvedi: First Indian woman to fly fighter jet - History created". The Economic Times. https://economictimes.indiatimes.com/news/defence/meet-avani-chaturvedi-first-indian-woman-to-fly-fighter-jet/a-remarkable-achievement/slideshow/63025313.cms। আহৰণ কৰা হৈছে: 2023-09-06. 
  5. Patley, Sanya (2023-08-15). "How Fighter Pilot Avani Chaturvedi Created History" (en ভাষাত). Women's Web. Archived from the original on 2023-09-06. https://web.archive.org/web/20230906104248/https://www.womensweb.in/2023/08/avani-chaturvedi-ag23wk3ap/। আহৰণ কৰা হৈছে: 2023-09-06. 
  6. "MP girl Avani Chaturvedi to be one amongst India's first three women fighter pilots". english.pradesh18.com. Archived from the original on 2016-12-04. https://web.archive.org/web/20161204051942/http://english.pradesh18.com/news/madhya-pradesh/mp-girl-avani-chaturvedi-to-be-one-amongst-indias-first-three-women-fighter-pilots-878414.html। আহৰণ কৰা হৈছে: 2016-12-09. 
  7. "The first Indian woman to fly a fighter jet" (en-GB ভাষাত). BBC News. 2018-02-22. https://www.bbc.com/news/world-asia-india-43151117. 
  8. "For IAF's first women fighter pilots Mohana Singh, Bhawana Kanth & Avani Chaturvedi, sky is no limit". The Economic Times. http://economictimes.indiatimes.com/news/defence/for-iafs-first-women-fighter-pilots-mohana-singh-bhawana-kanth-avani-chaturvedi-sky-is-no-limit/articleshow/52816373.cms. 
  9. "India's First 3 Female Fighter Pilots Will Now Learn Aerial Combat Tricks!" (en-IN ভাষাত). IndiaTimes. 9 April 2017. https://www.indiatimes.com/news/india/india-s-first-3-female-fighter-pilots-will-now-learn-aerial-combat-tricks-275200.html. 
  10. "In a first, woman fighter pilot undertakes solo flight in MiG-21" (en-US ভাষাত). The Indian Express. 2018-02-22. http://indianexpress.com/article/india/in-a-first-woman-fighter-pilot-undertakes-solo-flight-in-mig-21-5073511/. 
  11. "Sky Is The Limit, Says Avani Chaturvedi 1st Woman Pilot To Take Part In War Games Abroad". NDTV.com. https://www.ndtv.com/india-news/huge-opportunity-sqdn-ldr-avni-chaturvedi-on-becoming-first-woman-iaf-pilot-to-participate-in-aerial-wargame-abroad-3754400. 
  12. "Bhawana Kanth Is India's First Woman Pilot to Qualify for Combat Missions". NDTV. https://www.ndtv.com/india-news/flight-lieutenant-bhawana-kanth-is-indias-first-woman-pilot-to-qualify-for-combat-missions-2041527। আহৰণ কৰা হৈছে: 23 May 2019. 
  13. "Flying MiG-21 Bison matter of pride: Flt Lt Bhawana Kanth" (en ভাষাত). Livemint. 2020-03-09. https://www.livemint.com/news/india/flying-mig-21-bison-matter-of-pride-flt-lt-bhawana-kanth-11583759611965.html। আহৰণ কৰা হৈছে: 2020-04-10. 
  14. "देश की पहली महिला फाइटर पायलट अवनी चतुर्वेदी परिणय सूत्र में बंधीं, जानें-'हमसफर' के बारे में". Amar Ujala. 2019-11-29. https://www.amarujala.com/chandigarh/india-s-first-female-fighter-pilot-avani-chaturvedi-got-married। আহৰণ কৰা হৈছে: 2021-06-21.