অৱনী দাভদা
অৱনী দাভদা | |
---|---|
জন্ম | ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষানুষ্ঠান | এইচ.আৰ. কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্স, নাৰ্চী মঞ্জী ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজ। |
সংস্থা | টাটা ষ্টাৰবাকছৰ চিইঅ', গোড্ৰেজ নেচাৰ'ছ বাস্কেটৰ পৰিচালন সঞ্চালক। |
জনা যায় | টাটা গ্ৰুপৰ আটাইতকৈ কম বয়সীয়া চিইঅ'। |
অৱনী দাভদা ইংৰাজী: : Avani Davda টাটা ষ্টাৰবাকছৰ প্ৰথম চিইঅ' আৰু ৩৩ বছৰ বয়সত টাটা গ্ৰুপৰ আটাইতকৈ কম বয়সীয়া চিইঅ' আছিল।[1] ২০১৪ চনত তেওঁ ফৰ্চুন আৰু ফুড এণ্ড ৱাইনত 'খাদ্য আৰু পানীয়ৰ আটাইতকৈ উদ্ভাৱনী মহিলা' তালিকাত ১৩ নম্বৰ স্থান লাভ কৰে।[2]
২০১৫ চনৰ ১৮ ডিচেম্বৰত তেওঁ পদত্যাগ কৰে আৰু সুমি ঘোষে তেওঁক প্ৰতিস্থাপন কৰে।[3][4] এতিয়া, তেওঁ গড্ৰেজ নেচাৰছ বাস্কেটৰ পৰিচালন সঞ্চালিকা।[5]
মুম্বাইত ডাঙৰ-দীঘল হোৱা দাভদাই এইচ আৰ কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সৰ পৰা স্নাতক ডিগ্ৰী আৰু নাৰ্চী মঞ্জী ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজৰ পৰা বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। মুখ্য কাৰ্যবাহী বিষয়া পদত অধিষ্ঠিত হোৱাৰ আগতে তেওঁ টাটা গ্ৰুপৰ অন্যান্য কোম্পানীত কাম কৰিছিল, য'ত আছিল টাটা এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচেছ, দ্য ইণ্ডিয়ান হোটেলছ কোম্পানী (তাজ হোটেলছ) আৰু ইনফিনিটি ৰিটেইল লিমিটেড।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Coffee with BS: Avani Saglani Davda, Tata Starbucks". Business Standard India. March 2013. http://www.business-standard.com/article/opinion/coffee-with-bs-avani-saglani-davda-ceo-tata-starbucks-113030100554_1.html.
- ↑ "Business News Today: Read Latest Business news, India Business News Live, Share Market & Economy News". Archived from the original on 2016-03-05. https://web.archive.org/web/20160305142432/http://articles.economictimes.indiatimes.com/2014-09-04/news/53563557_1_american-coffee-giant-india-estates-blend-davda। আহৰণ কৰা হৈছে: 2025-03-29.
- ↑ Alves, Glynda. "Meet Avani Davda, the youngest CEO in Tata Group - The Economic Times". The Economic Times (economictimes.indiatimes.com). http://economictimes.indiatimes.com/magazines/panache/meet-avani-davda-the-youngest-ceo-in-tata-group/articleshow/39280677.cms। আহৰণ কৰা হৈছে: 2014-08-21.
- ↑ "Hottest Young Executives: Avani Davda's meteoric rise at Tata Starbucks - Business Today". businesstoday.intoday.in. March 2014. http://businesstoday.intoday.in/story/hottest-young-executives-avani-davda/1/203646.html। আহৰণ কৰা হৈছে: 2014-08-21.
- ↑ 5.0 5.1 Gupta, Saumya (2017-12-08). "Avani Davda: Scaling back for more" (en ভাষাত). Mint. https://www.livemint.com/Companies/qOET6nA37LhDDszVoGdZ6N/Avani-Davda-Scaling-back-for-more.html। আহৰণ কৰা হৈছে: 2019-01-14.