অৱনী মোদী
অৱনী মোদী | |
---|---|
![]() ২০১৮ চনত ১৭তম ট্ৰেন্সমিডিয়া গুজৰাটী স্ক্ৰীণ & ষ্টেজ এৱাৰ্ডত অৱনী | |
জন্ম | গান্ধীনগৰ, গুজৰাট, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী, মডেল |
সক্ৰিয় হৈ থকা সময় | ২০১৩–বৰ্তমান |
অৱনী মোদী এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী।[1] তেওঁ বলীউডত প্ৰৱেশ কৰে মধুৰ ভাণ্ডাৰকাৰৰ নাটকীয় চলচ্চিত্ৰ কেলেণ্ডাৰ গাৰ্লছ ৰ জৰিয়তে।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]অৱনী মোদী গান্ধীনগৰ, গুজৰাটত জন্মগ্ৰহণ আৰু ডাঙৰদীঘল হয়। তেওঁ আহমেদাবাদৰ HL কলেজত শিক্ষাগ্ৰহণ কৰে, য’ত তেওঁ অভিনয়ত আগ্ৰহী হৈ উঠে।[উদ্ধৃতিৰ প্ৰয়োজন]
জীৱন তথা কৰ্মজীৱন
[সম্পাদনা কৰক]তেওঁ স্থানীয় টেলিভিছন চেনেল ইটিভি গুজৰাটীত উদ্ঘোষক হিচাপে কাম কৰিছিল। লগতে, এয়াৰটেল আদি ব্ৰেণ্ডৰ বাবে মডেলিং আৰু বিজ্ঞাপনতো অংশগ্ৰহণ কৰিছিল। তেওঁ ছোনী টিভি আৰু জী টিভিৰ কিছুমান টিভি ছিৰিয়েলত অভিনয় কৰিছিল আৰু আলতাফ ৰাজাৰ এটা সংগীত ভিডিঅ’ত দেখা গৈছিল। তেওঁ তামিল চলচ্চিত্ৰ নান ৰাজাৱাগা পগিৰেনত অভিনেতা নকুলৰ বিপৰীতে অভিনয় কৰি তামিল ছবিত আত্মপ্ৰকাশ কৰে। লগতে, তেওঁ আন্তৰ্জাতিক স্বল্পদৈৰ্ঘ্য চলচ্চিত্ৰ গুলাবত অংশ লৈছিল, যি কানাডা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰিছিল।
চলচ্চিত্ৰ তালিকা
[সম্পাদনা কৰক]বছৰ | চলচ্চিত্ৰ | ভূমিকা | ভাষা |
---|---|---|---|
২০১৩ | নান ৰাজাৱাগা পগিৰেন | ৰীমা | তামিল |
২০১৪ | গুলাবী | গুলাবী | তেলুগু |
২০১৫ | সৰ্বেশ্বৰ | তেলুগু | |
২০১৫ | ষ্ট্ৰ’বেৰী | মিলোভিনা | তামিল |
২০১৫ | কেলেণ্ডাৰ গাৰ্লছ | নাজনীন মালিক | হিন্দী |
২০১৬ | ক্যাৰী অন কেশৰ | এনি | গুজৰাটী |
২০২২ | মোদীজী কি বেটী | অৱনী | হিন্দী |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]![]() |
ৱিকিমিডিয়া কমন্সত Avani Modi সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- অৱনী মোদী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- অৱনী মোদী সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "অৱনী মোদী সম্পৰ্কে তথ্য". অৱনী মোদী. Archived from the original on 2015-09-25. https://web.archive.org/web/20150925134607/http://www.avanimodi.com/। আহৰণ কৰা হৈছে: ২৫ আগষ্ট ২০১৫..
- ↑ দেধিয়া, সোণিল. "অৱনী মোদী ‘কেলেণ্ডাৰ গাৰ্লছ’ ছবিত পৰম্পৰাগত শৈলীৰ পৰা আধুনিক ৰূপত". http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Avani-Modi-goes-from-bold-to-conventional-in-Calendar-Girls/articleshow/48958306.cms.