সমললৈ যাওক

আঁচল কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আঁচল কুমাৰ

আঁচল কুমাৰ
জন্ম ২৪ অক্টোবৰ, ১৯৭৯ (৪৭ বছৰ)
চণ্ডীগড়, ভাৰত
শিক্ষানুষ্ঠান
  • ছেণ্ট ষ্টিফেন্স বিদ্যালয়
  • মিঠীবাই কলেজ
পেচা অভিনেত্ৰী, মডেল
উচ্চতা ১.৭২ মি [1]
দাম্পত্যসঙ্গী অনুপম মিত্তল (বি. ২০১৩)
সন্তান ১
'Beauty pageant titleholder'
Title গ্লেডৰেগ্‌চ মেগামডেল ১৯৯৯
Major
competition(s)
গ্লেডৰেগ্‌চ মেগামডেল ১৯৯৯
মিছ ইণ্টাৰকণ্টিনেণ্টেল (চেমিফাইনেলিষ্ট)

আঁচল কুমাৰ (Anchal Kumar) এজন ভাৰতীয় অভিনেত্ৰী, ছুপাৰ–মডেল, প্ৰভাৱশালী নাৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ Gladrags Manhunt and Megamodel Contest-ত বিজয়ী হৈছিল আৰু ১৯৯৯ চনৰ মিছ ইণ্টাৰকণ্টিনেণ্টেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[2][3] তেওঁ বলিউডৰ ফেশ্যন আৰু ব্লাফমাষ্টাৰ! চলচ্চিত্ৰতো অভিনয় কৰিছিল।[4]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭৯ চনৰ ২৪ অক্টোবাৰ তাৰিখে চণ্ডীগড়ত আঁচল কুমাৰৰ জন্ম হৈছিল।[5] তেওঁ ছেণ্ট ষ্টিফেন্স বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল আৰু পাছত মিঠীবাই কলেজত উচ্চ শিক্ষা অব্যাহত ৰাখিছিল।[6] ১৬ বছৰ বয়সতে ABCL–এ ভাৰতব্যাপী প্ৰতিভা সন্ধানত তেওঁক আবিষ্কাৰ কৰাৰ পাছত তেওঁৰ মডেলিং যাত্ৰা আৰম্ভ হয়।[5]

কেৰিয়াৰ

[সম্পাদনা কৰক]

১৭ বছৰ বয়সত ৰাজহুৱা বিজ্ঞাপনৰে তেওঁ মডেলিং আৰম্ভ কৰে আৰু ১৯৯০ৰ দশকৰ শেষ ভাগ আৰু ২০০০ৰ দশকৰ আৰম্ভণিত দেশৰ এগৰাকী জনপ্ৰিয় মডেল হৈ পৰে।[7]

২০ বছৰ বয়সত তেওঁ ১৯৯৯ চনৰ ষষ্ঠ ‘‘গ্লেডৰেগ্‌চ মেনহাণ্ট আৰু মেগামডেল’’ প্ৰতিযোগিতাত বিজয়ী হয় আৰু তাৰ পিছত জাৰ্মানীত অনুষ্ঠিত মিছ ইণ্টাৰকণ্টিনেণ্টেলত ভাৰতৰ প্ৰতিনিধিত্ব কৰে।[8][9][5]

গ্লেডৰেগ্‌চ খিতাপ লাভৰ পিছত তেওঁ মডেলিং জগতে সক্ৰিয় হৈ থাকিল আৰু ফেশ্যন আৰু ব্লাফমাষ্টাৰ! ৰ দৰে বলিউড চলচ্চিত্ৰতো দেখা গৈছিল।[1] তেওঁ Sunsilk আৰু Bombay Dyeing–সহ বহু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ মুখপত্ৰ আছিল।[1] ২০০৭ চনত নিউ জাৰ্ছীৰ এট্লাণ্টিক চিটিত অনুষ্ঠিত ‘‘Bollywood Fashion & Music Awards’’ত ‘‘Best Female Model of the Year’’ বৃত্তি লাভ কৰে।[1]

তেওঁ বহু সংগীত ভিডিঅ'ত উপস্থিত হৈছিল, তাৰে ভিতৰত "আইনা", "মুখা তুম্হাৰা", "দুপট্টা তেৰা সত্ৰঁ দা", "বেক ইন বেড এণ্ড ব্লাইণ্ড", "দ্য হলি ৰোলাৰ্ছ"। আদি উল্লেখযোগ্য। তেওঁৰ টেলিভিছন উপস্থিতিৰ ভিতৰত বাজী কিস কি কুইজ শ্ব'ত বিজয়ী হোৱা উল্লেখযোগ্য। ২০১০ চনত তেওঁ বিগ বচ ৪–ত প্ৰতিযোগী হিচাপে অংশ লৈ ছয় সপ্তাহ পৰ্যন্ত শ্ব’ত থাকিছিল।[3][10]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আঁচল কুমাৰ অনুপম মিত্তলৰ সৈতে এজন অনুষ্ঠানত সাক্ষাৎ কৰে।[3][11] সাত বছৰ ধৰি ডেটিঙৰ পিছত তেওঁলোক ৪ জুলাই ২০১৩ তাৰিখে জয়পুৰত বিবাহ বন্ধনত আবদ্ধ হয়।[3][6] তেওঁলোকৰ এটা কন্যা সন্তান আছে—এলিছা মিত্তল।[12]

আঁচল কুমাৰে মডেলিং আৰু অভিনয় দুয়োটাৰ ক্ষেত্ৰতে নিজকে দৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰাৰ উপৰিও সমাজসেৱা–সচেতন কাৰ্যকলাপতো অংশ লৈছে। সৌন্দৰ্য প্ৰতিযোগিতাত লাভ কৰা অভিজ্ঞতা আৰু বহু বছৰীয়া ফেশ্বন ইণ্ডাষ্ট্ৰিৰ যাত্ৰাই তেওঁক যুৱ প্ৰজন্মক প্ৰেৰণা যোগাবলৈ সক্ষম কৰিছিল। বিভিন্ন জনহিতকৰ অনুষ্ঠান আৰু মহিলা–সক্ষমতা সম্পৰ্কীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ নিজৰ জনপ্ৰিয়তাক সদুপযুক্ত দিশত ব্যৱহাৰ কৰিছে।

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

টেলিভিছন শৃংখলা

[সম্পাদনা কৰক]

সংগীত ভিডিঅ'

[সম্পাদনা কৰক]
  • Aaina
  • Mukhra Tumahra
  • Dupatta Tera Satrang Da
  • Back in Bed and Blind
  • The Holy Rollers

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
বছৰ বঁটা শ্ৰেণী ফলাফল স্থান উদ্ধৃতি
১৯৯৯ Gladrags Manhunt and Megamodel Contest বছৰৰ শ্ৰেষ্ঠ মডেল বিজয়ী পঞ্জাব [2]
১৯৯৯ মিছ ইণ্টাৰকণ্টিনেণ্টেল — চেমিফাইনেলিষ্ট জাৰ্মানী [13]
২০০৭ Bollywood Fashion & Music Awards বছৰৰ শ্ৰেষ্ঠ মহিলা মডেল বিজয়ী Atlantic City, New Jersey [1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 "Yuvi's hot new girl, Anchal Kumar". www.rediff.com. https://www.rediff.com/getahead/2010/mar/30yuvis-hot-new-girl-anchal-kumar.htm। আহৰণ কৰা হৈছে: 2024-11-01.
  2. 1 2 "Anchal Kumar and John Abraham win Glad Rags Mega Model & Manhunt contest" (en ভাষাত). India Today. 1999-03-29. https://www.indiatoday.in/magazine/eyecatchers/story/19990329-anchal-kumar-and-john-abraham-win-glad-rags-mega-model-manhunt-contest-780531-1999-03-28। আহৰণ কৰা হৈছে: 2024-10-30.
  3. 1 2 3 4 "Shark Tank India judge Anupam Mittal's wife Anchal Kumar was a contestant in Salman Khan hosted Bigg Boss 4; here's all you need to know about her". The Times of India. 2022-02-03. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/hindi/shark-tank-india-judge-anupam-mittals-wife-anchal-kumar-was-a-contestant-in-salman-khan-hosted-bigg-boss-4-heres-all-you-need-to-know-about-her/photostory/89316333.cms.
  4. ↑ "Did you know Shark Tank India judge Anupam Mittal's wife Aanchal Kumar was a contestant in Bigg Boss 4? Here's all you need to know about the model". The Times of India. 2022-06-26. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/hindi/did-you-know-shark-tank-india-judge-anupam-mittals-wife-aanchal-kumar-was-a-contestant-in-bigg-boss-4-heres-all-you-need-to-know-about-the-model/photostory/92252404.cms.
  5. 1 2 3 "The Tribune...Saturday Plus Head". www.tribuneindia.com. https://www.tribuneindia.com/1999/99nov13/saturday/head15.htm। আহৰণ কৰা হৈছে: 2024-11-01.
  6. 1 2 Saini, Bhavya. "Who Is Anchal Kumar? Model Married To Shark Tank India's Judge Anupam Mittal" (en ভাষাত). www.shethepeople.tv. https://www.shethepeople.tv/shestars/who-is-anchal-kumar-model-married-to-shark-tank-indias-judge-anupam-mittal/। আহৰণ কৰা হৈছে: 2024-10-30.
  7. ↑ "Did you know Shark Tank India judge Anupam Mittal’s wife Aanchal Kumar was a contestant in Bigg Boss 4? Here's all you need to know about the model". The Times of India. 2022-06-26. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/hindi/did-you-know-shark-tank-india-judge-anupam-mittals-wife-aanchal-kumar-was-a-contestant-in-bigg-boss-4-heres-all-you-need-to-know-about-the-model/photostory/92252404.cms.
  8. ↑ "Shark Tank India: फिल्मी हसीना से कम नहीं शार्क टैंक जज अनुपम मित्तल की वाइफ, PICS में देंखे ग्लैमर" (hi ভাষাত). Zee News. https://zeenews.india.com/hindi/business/photo-gallery-shark-tank-india-judge-anupam-mittal-wife-anchal-kumar-glamorous-photos/1517968। আহৰণ কৰা হৈছে: 2024-10-31.
  9. ↑ "Three top models speak about life and fashion" (en-IN ভাষাত). The Hindu. 2016-04-16. ISSN 0971-751X. https://www.thehindu.com/features/metroplus/fashion/three-top-models-speak-about-life-and-fashion/article8483482.ece.
  10. ↑ "Who is Aanchal Kumar, The Wife of Shark Tank India Judge Anupam Mittal?" (en ভাষাত). News18. 2022-02-01. https://www.news18.com/news/movies/who-is-aanchal-kumar-the-wife-of-shark-tank-india-judge-anupam-mittal-4720688.html। আহৰণ কৰা হৈছে: 2024-10-30.
  11. ↑ "Catwalk Star Anchal Kumar to Tie the Knot Tomorrow" (en ভাষাত). MissMalini. 2013-07-03. https://www.missmalini.com/2013/07/3/catwalk-star-anchal-kumar-to-tie-the-knot-tomorrow। আহৰণ কৰা হৈছে: 2024-10-30.
  12. ↑ "Former Bigg Boss contestant Aanchal Kumar shares an adorable picture of her baby girl". The Times of India. 2018-03-16. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/hindi/former-bigg-boss-contestant-aanchal-kumar-shares-an-adorable-picture-of-her-baby-girl/articleshow/63337233.cms.
  13. ↑ "Did you know Shark Tank India judge Anupam Mittal’s wife Aanchal Kumar was a contestant in Bigg Boss 4? Here's all you need to know about the model". The Times of India. 2022-06-26. ISSN 0971-8257. https://timesofindia.indiatimes.com/tv/news/hindi/did-you-know-shark-tank-india-judge-anupam-mittals-wife-aanchal-kumar-was-a-contestant-in-bigg-boss-4-heres-all-you-need-to-know-about-the-model/photostory/92252404.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]