সমললৈ যাওক

আইদা এল-কাছেফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আইদা এল-কাছেফ
জন্ম ১৯৮৮ (বয়স ৩৬–৩৭)
কাইৰো, ইজিপ্ত
পেচা স্বাধীন চলচ্চিত্ৰ নিৰ্মাতা, সাংবাদিক [1] actress

আইদা এল-কাছেফ (ইংৰাজী: Amruta Subhash ) এগৰাকী নাৰীবাদী, [2] ইজিপ্তৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেত্ৰী। তেওঁৰ অভিনয় কৃতিত্বৰ ভিতৰত আছে “শ্বিপ অৱ থিছিয়াছ” আৰু “ৱালাড ডব্লিউ বেণ্ট”। তেওঁ “এ টিন টেল” আৰু “ৰেপচ'ডী ইন অটম” নামৰ চুটিছবিও পৰিচালনা কৰিছে। [3]

এল কাছেফ তাহৰিৰ স্কোয়েৰত হোৱা প্ৰতিবাদৰ সৈতে জড়িত আছিল। তেওঁ আৰব স্প্ৰীঙৰ ঘটনাবোৰ ঘটি থকাৰ সময়তে চিত্ৰগ্ৰহণ কৰিছিল। তেওঁ তাহৰিৰ [4] দখল কৰা প্ৰথম প্ৰতিবাদকাৰীসকলৰ ভিতৰত অন্যতম আছিল আৰু তাত তেওঁ এটা তম্বু স্থাপন কৰিছিল। [5] প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা "মহিলাৰ ওপৰত হোৱা আক্ৰমণ"ৰ নথিকৰণ কৰিছিল; [3] যাৰবাবে প্ৰায়ে তেওঁ নিজৰ ব্যক্তিগত সুৰক্ষা বিপদগ্ৰস্থ হৈছিল। [6] এল-কাছেফৰ মহিলাৰ ওপৰত পুৰুষৰ যৌন নিৰ্যাতন সম্পৰ্কীয় ছবিসমূহ বিশ্বজুৰি প্ৰদৰ্শিত হৈছিল। [7] ন' মিলিটাৰী ট্ৰায়েলছ ফৰ চিভিলিয়ানছ প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰি হেফাজতত লোৱা হয়। [2] প্ৰতিবাদৰ আন এটা দিশ আছিল কায়ৰোৰ জীনহোম মৰ্গত প্ৰবেশ কৰা পৰিয়ালৰ সদস্যসকলৰ দুখজনক মুহূৰ্তৰ চিত্ৰগ্ৰহণৰ সৈতে তেওঁ জড়িত হোৱাটো। [8]

২০১৪ চনত এল-কাছেফে আবুধাবি চলচ্চিত্ৰ মহোৎসৱৰ উন্নয়ন আৰু পোষ্ট-প্ৰডাকচন পুঁজি ছানাডৰ পৰা ৱাৰ্ড নাম্বাৰ ৩ৰ বাবে অনুদান লাভ কৰে। [9]

ইয়াৰ উপৰিও ২০১৪ চনত এল-কাছেফে শ্বিপ অৱ থিছিয়াছ ছবিত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান ভাৰতৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। [10] ২০১২ চনত এই ছবিখনত কৰা অভিনয়ৰ বাবে ডুবাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুহৰ এছিয়া আফ্ৰিকা ফিচাৰ শাখাৰ বাবেও তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছিল। [11]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Jenkins, Mark (24 October 2013). "'The Square': Egypt In Crisis, And Its People In Focus". NPR. https://www.npr.org/2013/10/24/239075021/the-square-egypt-in-crisis-and-its-people-in-focus. 
  2. 2.0 2.1 Salem, Mostafa; Ashraf, Fady; Gulhane, Joel (26 November 2013). "NoMilTrials Protest Dispersed; Prominent Activists Detained". Daily News Egypt. http://www.dailynewsegypt.com/2013/11/26/nomiltrials-protest-dispersed-prominent-activists-detained/. 
  3. 3.0 3.1 Devi Dundoo, Sangeetha (19 July 2013). "'It's our revolution too'". The Hindu. http://www.thehindu.com/features/cinema/its-our-revolution-too/article4931922.ece. 
  4. Scott, A.O. (24 October 2013). "Brave Optimism of Tahrir Square Meets Other Fierce Forces". The New York Times. https://www.nytimes.com/2013/10/25/movies/the-square-jehane-noujaims-documentary-on-egypts-unrest.html?_r=0. 
  5. Gohar, Anicee (19 February 2014). "Egypt — Looking for a Conscience". Inter Press Service. http://www.ipsnews.net/2014/02/egypt-looking-conscience/. 
  6. Mullender, Rosie (12 June 2013). "The Female Fightback". Hearst Magazines UKCosmopolitan. http://www.dailynewsegypt.com/2013/11/26/nomiltrials-protest-dispersed-prominent-activists-detained/। আহৰণ কৰা হৈছে: 15 July 2015. 
  7. Ward, Clarissa (27 March 2013). "Egyptian Women Fight Back as Sexual Assaults Skyrocket". CBS Evening News. http://www.cbsnews.com/news/egyptian-women-fight-back-as-sexual-assaults-skyrocket/. 
  8. Fathi, Yasmine (2 September 2013). "Guardians of the Betrayed Dead: Inside Cairo's Zeinhom Morgue". Ahram Online. http://english.ahram.org.eg/NewsContent/1/151/79876/Egypt/Features/Guardians-of-the-betrayed-dead-Inside-Cairos-Zeinh.aspx. 
  9. "Shawky's 'Yommedine' and El-Kashef's 'Ward No 3' Win SANAD Grants". Ahram Online. 12 October 2014. http://english.ahram.org.eg/News/112851.aspx. 
  10. "'Ship of Theseus' Wins Indian National Film Award". Variety. 16 April 2014. https://variety.com/2014/film/asia/ship-of-theseus-wins-indias-national-film-award-1201158125/. 
  11. "Egyptian Stars Win Big at Dubai Film Fest". Albawaba English. 17 December 2012. http://www.albawaba.com/entertainment/egyptian-award-winners-at-dubai-international-film-festival-457353. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]