আইনিৰা (শ্ৰুতিকথা)
অৱয়ব
| আইনিৰা | |
|---|---|
| নেৰেইডছ-ৰ সদস্য | |
| নিবাস | সাগৰ |
| পিতৃ-মাতৃ | নেৰিয়াছ আৰু ড'ৰিছ |
| সহোদৰ | সাগৰীয় দেৱতা নেৰিয়াছসকল, সাগৰীয় দেৱী নেৰেইডছসকল |
আইনিৰা (প্ৰাচীন গ্ৰীক: Ἰάνειρά, ইংৰাজী: Ianeira or Ianira; আক্ষৰিক অৰ্থ: ′আয়নিয়ান সকলৰ মহিলা′)[1] গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় নেৰেইড৷[1] তেওঁক জানিৰা (Janira) বুলিও কোৱা হয়৷ তেওঁ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।
কিংবদন্তি
[সম্পাদনা কৰক]আইনিৰা গ্ৰীক শ্ৰুতিকথাৰ সাগৰীয় দেৱতা নেৰিয়াছ আৰু সাগৰীয় দেৱী অ'চেনিড ড'ৰিছৰ নেৰেইডছ নামৰ ৫০ গৰাকী কন্যাৰ ভিতৰত অন্যতম এগৰাকী কন্যা আছিল।[2][3][1] হোমাৰৰ ইলিয়াডত বৰ্ণনা কৰা অনুসৰি একিলিছে মৃত পেট্ৰ'ক্লাছৰ বাবে কৰা দুখৰ সমভাগি হোৱা মাতৃ থেটিছক সংগ দিবলৈ সাগৰৰ গভীৰতাৰ পৰা ওলাই আহি ট্ৰয়ৰ উপকূলত সমবেত হোৱা ৩৩ গৰাকী নেৰেইডছৰ ভিতৰত আইনিৰাও আছিল।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- 1 2 3 Bane, Theresa (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃষ্ঠা. 11, 12. ISBN 978-0-7864-7111-9.
- ↑ Homer, Iliad 18.40; Hesiod, Theogony 249; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ Homer, Iliad 18.41; Apollodorus, 1.2.7; Hesiod, Theogony 240
- ↑ Homer, Iliad 18.39