সমললৈ যাওক

আইভি জ'ছাইয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আইভি জ'ছাইয়া
জন্ম 1954 অথবা 1955 (বয়স 70–71)
কুৱালালামপুৰ,মালয়েছিয়া
পেচা শিক্ষক,সক্ৰিয়কৰ্মী
নিয়োগকৰ্তা উইমেনচ এইড অৰ্গেনাইজেছন


আইভি নাল্লাম্মাহ জ'ছাইয়া (Ivy Nallammah Josiah) মালয়েছিয়াৰ এগৰাকী শিক্ষক আৰুনাৰী অধিকাৰ আন্দোলনৰ সক্ৰিয়কৰ্মী। তেওঁ মালয়েছিয়াত গাৰ্হস্থ্য হিংসাৰ পৰা পলায়ন কৰা মহিলাসকলক সহায় আৰু আশ্ৰয় প্ৰদান কৰা উইমেনচ এইড অৰ্গেনাইজেছন (Women's Aid Organisation ) -ৰ প্ৰতিষ্ঠাতাসকলৰ অন্যতম।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জ'ছাইয়াৰ জন্ম হৈছিল কুৱালালামপুৰত আৰু তেওঁ ডাঙৰ-দীঘল হৈছিল ব্ৰিকফিল্ডচত।[1] [2] তেওঁৰ পিতৃ-মাতৃ শ্ৰীলংকাৰ জাফ্নাৰ বাসিন্দা আছিল, কিন্তু তেওঁৰ পিতৃ উপনিবেশিক চৰকাৰৰ বাবে কাম কৰিবলৈ মালয়েছিয়ালৈ আহিছিল। পিছত, তেওঁ জাফ্নালৈ উভতি যায়, জ'ছাইয়াৰ মাতৃৰ সৈতে বিবাহ পাশত আবদ্ধ হয় আৰু পুনৰ মালয়েছিয়ালৈ ঘূৰি আহে।[1]


কৰ্মজীৱন

[সম্পাদনা কৰক]

জ'ছাইয়াই ১৫ বছৰৰো অধিক কাল নিৰ্যাতিতা মহিলা আৰু শিশুসকলক সহায় কৰা উইমেনচ এইডচ অৰ্গেনাইজেছনৰ কাৰ্যবাহী নিৰ্দেশক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3] তেওঁৰ অৱদানে গৃহ হিংসাক ৰাষ্ট্ৰীয় আলোচনাৰ বিষয়বস্তু হিচাপে স্থাপন কৰিবলৈ সহায় কৰিছে বুলি কোৱা হয়।[3] জ'ছাইয়াই WAO-ৰ সৈতে কাম আৰম্ভ কৰাৰ সময়ত, এই কামক নিজৰ জীৱনত থকা বৈষম্য দূৰ কৰাৰ এক উপায় হিচাপে লৈছিল আৰু কৈছিল, "মই ইয়াক দানশীল কাম হিচাপে কেতিয়াও চোৱা নাই। ই হৈছে সক্ৰিয়তাবাদ।" [4] তেওঁৰ বন্ধু আৰু অধিকাৰ কৰ্মী দাতুক আম্বিগা শ্ৰীনিৱাসনে তেওঁক WAO-ৰ সৈতে পৰিচয় কৰাই দিছিল।[4]

২০০৪-২০০৫ চনৰ সময়ছোৱাত, তেওঁ ৰয়েল মালয়েছিয়া আৰক্ষীৰ কাৰ্যপদ্ধতি আৰু ব্যৱস্থাপনা উন্নত কৰাৰ বাবে গঠিত ৰয়েল কমিছনত সেৱা আগবঢ়াইছিল আৰু জৰুৰী অধ্যাদেশৰ সমালোচনা কৰিছিল।[5]


২০১৭ চনত, জ'ছাইয়া নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰত সক্ৰিয় আছিল আৰু বাৰিছ (Bersih), মালয়েছিয়া মানৱ অধিকাৰ সমাজ (Human Rights Society of Malaysia), আৰু PROHAM (Society for the Promotion of Human Rights)ৰ দৰে ‌স্বেচ্ছাসেৱী অনুষ্ঠানৰ সৈতে জড়িত আছিল।[5][6]


ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৬ চনত, জ'ছাইয়াই ফাইভ আৰ্টছ চেণ্টাৰ(Five Arts Centre) ৰ প্ৰতিষ্ঠাতা নৃত্যশিল্পী আৰু কৰিয়োগ্ৰাফাৰ মেৰিয়ন ডি'ক্ৰুজ আৰু লাইটিং ডিজাইনাৰ মেক চেনৰ সৈতে এক সৃষ্টিশীল প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল।[4]

আইভি জ'ছাইয়া মালয়েছিয়াত নাৰী অধিকাৰ ৰক্ষাৰ সপক্ষে আৰু গাৰ্হস্থ্য হিংসাৰ বিৰুদ্ধে নিৰালস্যভাৱে কাম কৰি অহা এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Learning to be "unproper" | The Nut Graph". www.thenutgraph.com. http://www.thenutgraph.com/learning-to-be-unproper/। আহৰণ কৰা হৈছে: 10 March 2017. 
  2. "100 memorable Malaysian women". 8 March 2011. Archived from the original on 12 June 2018. https://web.archive.org/web/20180612163439/https://www.thestar.com.my/travel/malaysia/2011/03/08/100-memorable-malaysian-women/। আহৰণ কৰা হৈছে: 8 March 2017. 
  3. 3.0 3.1 "IVY JOSIAH" (en ভাষাত). New Tactics in Human Rights. https://www.newtactics.org/users/ivy-josiah. [সংযোগবিহীন উৎস]
  4. 4.0 4.1 4.2 "Ivy Josiah still fighting for civil rights". 3Age. 7 March 2016. Archived from the original on 4 November 2016. https://web.archive.org/web/20161104155951/http://3age.com.my/2016/03/07/ivy-josiah-still-fighting-for-civil-rights/। আহৰণ কৰা হৈছে: 10 March 2017. 
  5. 5.0 5.1 "Convicted Before Trial: Indefinite Detention Under Malaysia's Emergency Ordinance", Human Rights Watch খণ্ড 18 (9), 2006 
  6. "Chew: Women candidates want level playing field". The Star. 28 April 2017. http://www.thestar.com.my/news/nation/2017/04/28/chew-women-candidates-want-level-playing-field-dont-only-pick-us-to-contest-in-the-difficulttowin-se/। আহৰণ কৰা হৈছে: 3 May 2017.