আইৰিছ ষ্টাৰন লেভি
| আইৰিছ ষ্টাৰন লেভি | |
|---|---|
| স্থানীয় নাম | איריס שטרן לוי |
| জন্ম | ১১ মে', ১৯৫৩ (৭২ বছৰ) জাফ্ফা, ইজৰাইল |
| ৰাষ্ট্ৰীয়তা | ইজৰাইলী, অষ্ট্ৰেলিয়ান |
| পেচা | সমাজকৰ্মী, শিল্পী |
| জনা যায় | হাৰ একাডেমী আৰু টাৰ্নিং দ্য টেবুলছৰ সহ-প্ৰতিষ্ঠাপক |
| বঁটা, সন্মান, পুৰস্কাৰ আদি |
|
আইৰিছ ষ্টাৰন লেভি (ইংৰাজী: Iris Stern Levi, জন্ম: ১১ মে', ১৯৫৩) মহিলা আৰু মানৱ অধিকাৰৰ বিষয়ত মনোনিৱেশ কৰা এগৰাকী ইজৰাইলী সামাজিক কৰ্মী। তেওঁ অ-লাভজনক সংস্থা হাৰ একাডেমী (২০১৬) আৰু টাৰ্নিং দ্য টেবলছ (২০১১)ৰ সহ-প্ৰতিষ্ঠাপক, যি দুটা সংস্থাই বেশ্যাবৃত্তি আৰু হিংসাৰ পৰা ৰক্ষা পোৱা মহিলাসকলক বৃত্তিমূলক প্ৰশিক্ষণ প্ৰদানৰ কাম কৰে। ষ্টাৰন লেভি ক’লিচন অৱ উইমেন ফৰ পিছৰ ব’ৰ্ডৰ লগতো জড়িত হৈ আছে৷ তেওঁ টেষ্টিমোনি ট্ৰিবিউনেল অৱ উইমেন ভিক্টিমছ অৱ চেক্সুৱেল এছাল্টৰ সহ-সঞ্চালক আৰু ১৬ বছৰ ধৰি টেল আভিভ যৌন নিৰ্যাতন সংকট কেন্দ্ৰৰ স্বেচ্ছাসেৱী সমন্বয়ক আছিল। তেওঁ ২০১৮ চনৰ ছাছমেন-জইণ্ট বঁটা লাভ কৰিছে।[1]
নেপথ্য
[সম্পাদনা কৰক]১৯৫৩ চনৰ ১১ মে’ত জাফাত জন্মগ্ৰহণ কৰা ষ্টাৰন লেভিয়ে সৰুতে পৰিয়ালৰ সৈতে অষ্ট্ৰেলিয়ালৈ গুচি যায়। ১৯৭০ চনত ১৮ বছৰ বয়সত পিতৃ-মাতৃয়ে টেল আভিভত আত্মীয়ৰ লগত থাকিবলৈ পঠিয়াই দিয়ে। ষ্টাৰন লেভিয়ে শিল্প অধ্যয়ন কৰিছিল আৰু তেওঁ টেল আভিভ বিশ্ববিদ্যালয়ৰ গ্ৰুপ গাইডেন্স প্ৰগ্ৰেমৰ স্নাতক।[2]
নবৈৰ দশকত ষ্টাৰন লেভিয়ে তিনি বছৰ আমষ্টাৰডামত বাস কৰিছিল। এই সময়ছোৱাত কাম কৰিবলৈ ষ্টুডিঅ'ৰ অভাৱত তেওঁ নিজাকৈ অৰ্থপূৰ্ণ কিবা এটা বিচাৰিছিল৷ তেওঁ বছনিয়ান যুদ্ধৰ সময়ত আৰু তাৰ পিছত বছনিয়ান মহিলাসকলৰ দুৰ্দশাৰ বিষয়ে সচেতন হৈছিল, যাৰ বহুতেই ক্ষতিৰ সন্মুখীন হৈছিল৷ যুদ্ধৰ অস্ত্ৰ হিচাপে ধৰ্ষণ, মানৱ সৰবৰাহৰ পৰা আৰম্ভ কৰি বিভিন্ন দিশত তেওঁলোক ক্ষতিসাধন হৈছিল।[3] এইটোৱেই আছিল ষ্টাৰন লেভিৰ নিপীড়িত গোট বা হিংসাৰ বলি হোৱা মহিলাৰ বাবে সক্ৰিয়তাত প্ৰৱেশৰ কাৰণ৷ তেওঁ ইজৰাইললৈ উভতি অহাৰ লগে লগে তেওঁ এই পথত আগবাঢ়ি যাবলৈ বদ্ধপৰিকৰ হৈছিল, আৰু টেল আভিভ যৌন নিৰ্যাতন সংকট কেন্দ্ৰত স্বেচ্ছাসেৱী কাম কৰিবলৈ আৰম্ভ কৰিছিল।
মহিলাৰ বাবে সক্ৰিয়তা
[সম্পাদনা কৰক]টেল আভিভ যৌন নিৰ্যাতন সংকট কেন্দ্ৰ
[সম্পাদনা কৰক]১৯৯৭ চনত ষ্টাৰন লেভিয়ে টেল আভিভ যৌন নিৰ্যাতন সংকট কেন্দ্ৰত স্বেচ্ছাসেৱী কাম আৰম্ভ কৰে। এবছৰৰ ভিতৰতে তেওঁক পেছাদাৰী পদত নিযুক্তি দিয়া হয়৷ ১৬ বছৰৰ বাবে ষ্টাৰন লেভি স্বেচ্ছাসেৱী নেটৱৰ্ক সমন্বয়ক আছিল৷ তেওঁ প্ৰায় ২০০ জন স্বেচ্ছাসেৱকৰ এটা গোট পৰিচালনা কৰিছিল আৰু গ্ৰহণ, প্ৰশিক্ষণ আৰু সময়সূচীৰ বাবে দায়বদ্ধ আছিল।[1] ষ্টাৰন লেভি হৈছে টেষ্টিমোনি ট্ৰিবিউনেল অৱ উইমেন ভিক্টিমছ অৱ চেক্সুৱেল এছাল্ট প্ৰকল্পৰ অন্যতম প্ৰতিষ্ঠাপক। এই ন্যায়াধিকৰণৰ আঁৰৰ ধাৰণাটো বিশ্বৰ আন মানুহৰ ন্যায়াধিকৰণৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে৷ ন্যায়াধিকৰণসমূহ চৰকাৰী সংস্থা নহয় আৰু ইয়াৰ কোনো বলবৎকাৰী ক্ষমতা নাই; চৰকাৰী ব্যৱস্থা আৰু সংবাদ মাধ্যমৰ দ্বাৰা অৱহেলিত বিষয়সমূহৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হিংসা আৰু অন্যান্য অপৰাধৰ বলি হোৱা মহিলাসকলৰ মাজত সংহতি শক্তিশালী কৰিবলৈ এইবোৰ ডিজাইন কৰা হৈছে।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 בירושלים, מנהלת המרכז. "התנדבות במרכז סיוע לנפגעות ולנפגעי תקיפה מינית ירושלים עש לינדה פלדמן" (he-il ভাষাত). איגוד ומרכזי הסיוע לנפגעות ולנפגעי תקיפה מינית. https://www.1202.org.il/local/jerusalem/volunteer। আহৰণ কৰা হৈছে: 2019-07-09.
- ↑ 2.0 2.1 "המכללה Her Academy" (he-IL ভাষাত). Her Academy המכללה. http://www.heracademy.org.il/। আহৰণ কৰা হৈছে: 2019-07-09.
- ↑ "35 אלף מקרי אונס, 40 כתבי אישום. "הלב רקוב"". m.ynet.co.il. 25 December 2012. https://m.ynet.co.il/Articles/4324464। আহৰণ কৰা হৈছে: 2019-07-09.