আও টু থান

আও টু থান (Áo tứ thân; চাৰিটা অংশৰ চোলা) হৈছে উত্তৰ ভিয়েটনামত প্ৰচলিত এবিধ পৰম্পৰাগত ভিয়েটনামীয় সাজ-পাৰ। এই পোছাকযোৰ আও গু থান (পাঁচটা অংশৰ চোলা) আৰু আও ডই খামৰ (সমান্তৰাল পটিৰ চোলা) সৈতে সম্পৰ্কিত।[1]
ইতিহাস
[সম্পাদনা কৰক]
আও ডাই জনপ্ৰিয় হোৱাৰ কেইবা শতিকা আগৰ পৰাই ভিয়েটনামৰ মহিলাসকলে 'আও টু থান' পৰিধান কৰি আহিছে। ভিয়েটনামৰ দক্ষিণ দিশৰ সম্প্ৰসাৰণৰ (নাম তিয়েন) লগে লগে 'আও টু থান' লাহে লাহে বিশেষকৈ উত্তৰৰ মহিলাসকলৰ সৈতে জড়িত হৈ পৰে।
সাজ-সজ্জা
[সম্পাদনা কৰক]

'আও টু থান' আছিল কৃষক মহিলাসকলৰ পোছাক, যাৰ বাবে ইয়াক প্ৰায়ে গাঢ় ৰঙৰ সাধাৰণ কাপোৰেৰে তৈয়াৰ কৰা হৈছিল। অৱশ্যে উৎসৱ বা বিবাহৰ দৰে বিশেষ অনুষ্ঠানত উজ্জ্বল ৰঙৰ কাপোৰো ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ বিভিন্ন ৰূপ থাকিলেও মূল 'আও টু থান'ত তলত দিয়া অংশবোৰ থাকে:
- মজিয়ালৈকে স্পৰ্শ কৰা এখন বহিঃআৱৰণ (tunic)। ইয়াৰ আগফালটো জেকেটৰ দৰে খোলা থাকে। কঁকালৰ অংশত ইয়াৰ দুটা পটি থাকে: পিছফালে এটা সম্পূৰ্ণ পটি (দুটা পটি চিলাই কৰি সজোৱা) আৰু আগফালে দুটা পৃথক পটি যিবোৰ চিলাই কৰা নাথাকে যদিও একেলগে বান্ধি থ’ব পাৰি বা ওলমি থাকিবলৈ দিব পাৰি।
- চোলাটোৰ তলত পৰিধান কৰা এখন দীঘল স্কাৰ্ট।
- য়্যেম (Yếm), যিটো মহিলাসকলে অন্তৰ্বাস হিচাপে ব্যৱহাৰ কৰা এবিধ প্ৰাচীন বুকু ঢকা কাপোৰ। ই বিভিন্ন কাপোৰ আৰু ৰঙত পোৱা যায়।
- কঁকালত বেল্ট হিচাপে বান্ধিবলৈ ব্যৱহাৰ কৰা পাটৰ এখন চাদৰ।
আধুনিক ভিয়েটনামত (প্ৰায়ে উত্তৰৰ উৎসৱবোৰত ব্যৱহাৰ হোৱা) 'আও টু থান' যথেষ্ট ৰঙীন হয় আৰু ইয়াৰ বিভিন্ন অংশত বিভিন্ন ৰঙৰ প্ৰয়োগ দেখা যায়।
আধুনিক ভিয়েটনামত স্থান
[সম্পাদনা কৰক]
বৰ্তমান ভিয়েটনামত দৈনন্দিন কাম-কাজৰ বাবে 'আও টু থান'ৰ ব্যৱহাৰ অপ্ৰচলিত হৈ পৰিছে। অৱশ্যে পৰম্পৰাগত অনুষ্ঠান যেনে উৎসৱসমূহৰ বিশেষকৈ উত্তৰ ভিয়েটনামত ইয়াৰ ব্যৱহাৰ প্ৰচুৰ। কিছুমান নৃগোষ্ঠীয় সংখ্যালঘু গোট যেনে— টে (Tày), চান চে (Sán Chay) আৰু থো (Thổ) লোকসকলে এতিয়াও ইয়াক আনুষ্ঠানিক সাজ-পাৰ হিচাপে ব্যৱহাৰ কৰে।
দক্ষিণ ভিয়েটনামত দৈনন্দিন ব্যৱহাৰৰ বাবে পাটৰ দুই অংশৰ সৰল সাজ-পাৰ আও বা বা অধিক পছন্দ কৰা হয়।
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Áo Dài[সংযোগবিহীন উৎস] "In the 1920s young Vietnamese artists, educated at the French Indochina College of Fine Arts, modified the Áo Tứ Thân, and designed what is considered the first truly modern Áo dài."