আকবৰ খাজাঈ
| আকবৰ খাজাঈ | |
|---|---|
![]() | |
| স্থানীয় নাম | اکبر خزایی |
| জন্ম | ১১ আগষ্ট ১৯৮০ তেহৰাণ, ইৰান |
| জনা যায় | প্ৰথম আৰু একমাত্ৰ ইৰানী আন্তঃৰাষ্ট্ৰীয় পেচাদাৰী বডিবিল্ডিং বিচাৰক |
| ৱেবছাইট | |
| akbarkhazaei | |
আকবৰ খাজাঈ (ফাৰ্চী: اکبر خزایی; জন্ম ১১ আগষ্ট ১৯৮০, তেহৰাণ, ইৰান) হৈছে এগৰাকী প্ৰথম আৰু একমাত্ৰ ইৰানী আন্তঃৰাষ্ট্ৰীয় পেচাদাৰী বডিবিল্ডিং বিচাৰক। তেওঁ প্ৰথমে আন্তঃৰাষ্ট্ৰীয় বডিবিল্ডিং আৰু ফিটনেছ ফেডাৰেচনৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় অপেশাদাৰী বিচাৰক আছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁ ইৰানী নাগৰিকত্ব থকা আইএফবিবি প্ৰ' বডিবিল্ডিং প্ৰতিযোগিতাৰ প্ৰথমগৰাকী পেচাদাৰী বিচাৰক হিচাপে নিযুক্তি লাভ কৰে।[1]
প্ৰাৰম্ভিক জীৱন আৰু অপেশাদাৰী কেৰিয়াৰ
[সম্পাদনা কৰক]আকবৰ খাজাঈ ১৯৮৯ চনত ৯ বছৰ বয়সত টাইকোৱান্দোৰ প্ৰতি আগ্ৰহী হৈ পৰে আৰু ১৯৯৩ চনত ১৩ বছৰ বয়সত মল্লযুঁজ আৰম্ভ কৰে। ১৯৯৪ চনত মাত্ৰ ১৪ বছৰ বয়সতে তেওঁ বডিবিল্ডিং বাছি লয় আৰু ইয়াৰ পিছত তেওঁ কেৱল এই ক্ষেত্ৰৰ বডিবিল্ডিং সম্পৰ্কীয় বৈজ্ঞানিক অধ্যয়নত মনোনিৱেশ কৰে। ২০০১ চনত খাজাঈয়ে প্ৰথমবাৰৰ বাবে প্ৰাদেশিক বডিবিল্ডিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু তেহৰান বডিবিল্ডিং প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ পিছত তেওঁ তেহৰান প্ৰদেশৰ বডিবিল্ডিং প্ৰতিযোগিতাত কেইবাটাও প্ৰথম খিতাপ অৰ্জন কৰে, পিছে ভৰিৰ উৰুত হোৱা এটা আঘাতৰ বাবে তেওঁ বডিবিল্ডিং প্ৰতিযোগিতাৰ পৰা আঁতৰি আহিবলগীয়া হয় আৰু প্ৰশিক্ষক হিচাপে কাম কৰা আৰম্ভ কৰে। আকবৰ খাজাঈয়ে ২০০২ চনত আক্ৰাম আজিজীক বিয়া কৰায়। তেওঁৰ গজল নামৰ এগৰাকী কন্যা আৰু পাৰ্ছা নামৰ এজন পুত্ৰ সন্তান আছে। [2][3][4][5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Biography of Akbar Khazaei, only Professional IFBB PRO Body Building Judge in Iran" (en-US ভাষাত). isna. 2023-01-07. https://en.isna.ir/news/1401101710985/Biography-of-Akbar-Khazaei-only-Professional-IFBB-PRO-Body-Building/। আহৰণ কৰা হৈছে: 2023-02-03.
- ↑ "Sports biography of Akbar Khazaei, the only professional ifbb pro bodybuilding judge from Iran". 2023-01-07. https://www-tabnak-ir.translate.goog/fa/news/1159002/بیوگرافی-ورزشی-اکبر-خزایی-تنها-داور-حرفه-ای-بدنسازی-ifbb-pro-از-ایران?_x_tr_sl=fa&_x_tr_tl=en&_x_tr_hl=en&_x_tr_pto=wapp.
- ↑ "Sports biography of Akbar Khazaei, the only professional ifbb pro bodybuilding judge from Iran". 2023-01-11. https://www.tabnak.ir/fa/news/1159002/بیوگرافی-ورزشی-اکبر-خزایی-تنها-داور-حرفه-ای-بدنسازی-ifbb-pro-از-ایران.
- ↑ "The presence of an Iranian for the first time among bodybuilding professional judges". https://www-tarafdari-com.translate.goog/node/2152122?_x_tr_sl=fa&_x_tr_tl=en&_x_tr_hl=en&_x_tr_pto=wapp। আহৰণ কৰা হৈছে: 2022-03-07.
- ↑ "The presence of an Iranian for the first time among bodybuilding professional judges". https://www.tarafdari.com/node/2152122/। আহৰণ কৰা হৈছে: 2022-03-07.
