সমললৈ যাওক

আকবৰ শ্বাহ (হীৰা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আকবৰ শ্বাহ হ’ল ভাৰতমোগল সাম্ৰাজ্যৰ সময়ৰ এক ঐতিহাসিক হীৰা, যাক "ময়ূৰ সিংহাসনৰ দ্যুতি" বুলিও জনা যায়। এইটো এক অনিয়মিত নাচপতি আকৃতিৰ হীৰা যাৰ বৰণ পাতল সেউজীয়া আৰু ওজন ৭৩.৬০ কেৰাট।

ইয়াৰ দুই কাষত মোগল সম্ৰাট আকবৰ, জাহাংগীৰ আৰু ছাহজাহানৰ নাম অতি সুন্দৰকৈ খোদিত কৰা আছিল, যিয়ে ইয়াক বিশেষ কৰি তুলিছিল।[1]

আকবৰ শ্বাহ হীৰাটি বিখ্যাত গোলকোণ্ডা খনিৰ পৰা পোৱা গৈছিল। ইয়াৰ নাম মোগল সম্ৰাট আকবৰৰ নামেৰে ৰখা হৈছিল কিয়নো ই এসময়ত তেওঁৰ সম্পত্তি আছিল। তেওঁৰ নাতি শাহজাহানৰ নিৰ্দেশত ইয়াৰ দুয়োফালে আৰবী লিপিত লিপি খোদিত কৰা হৈছিল। ইয়াৰ ইংৰাজী অনুবাদ হ’ল শ্বাহ আকবৰ, পৃথিৱীৰ শ্বাহ, ১০২৮ আৰু দুই পৃথিৱীৰ প্ৰভুৰ বাবে, ১০৩৯। এই তাৰিখসমূহ হিজৰী চন অনুসৰি দিয়া হৈছে, যিবোৰ খ্ৰীষ্টীয় ১৬১৮ আৰু ১৬২৯ চনৰ সৈতে মিলে।

কিছুমান ইতিহাসবিদৰ মতে, এই হীৰাটি বিখ্যাত ময়ূৰ সিংহাসনৰ ময়ূৰটোৰ এটা চকু হিচাপে খটোৱা আছিল।[2] অৱশ্যে আন কিছুমান পণ্ডিতে মত পোষণ কৰে যে ই সিংহাসনৰ বিপৰীতে ওলোমাই থোৱা পান্না আৰু চুনিৰে আবৃত হীৰাবোৰৰ ভিতৰতহে আছিল।

যিয়েই নহওক, হীৰাটি পৰৱৰ্তী সময়ত নিৰুদ্দেশ হয়। ১৭৩৯ চনত পাৰস্যৰ সম্ৰাট নাদিৰ শ্বাহে লুণ্ঠন কৰা সম্পদসমূহৰ সৈতে এই ময়ূৰ সিংহাসনো লৈ গৈছিল। ইৰানলৈ যোৱাৰ পথত কুৰ্ডসকলৰ সৈতে হোৱা যুদ্ধত সিংহাসনখন ভাঙি পেলোৱা হৈছিল আৰু ধাতু তথা ৰত্নসমূহ পৃথক কৰি লোৱা হৈছিল।[3]

অৱশেষত এই হীৰাটি পুনৰ তুৰস্কত দেখা দিয়ে, য’ত ইয়াক 'গৰখীয়াৰ শিল' বুলি নতুন নাম দিয়া হৈছিল। ১৮৬৬ চনত লণ্ডনৰ ব্যৱসায়ী জৰ্জ ব্লগে ইস্তাম্বুলত ইয়াক ক্ৰয় কৰে আৰু লেভি মোজেছ আউৰহানৰ দ্বাৰা ইয়াক পুনৰ কটা কৰোৱায়। দুৰ্ভাগ্যবশতঃ এই প্ৰক্ৰিয়াত ইয়াৰ ঐতিহাসিক লিপিকেইটা ধ্বংস হয়। মূলতঃ ১২০ আৰবী কেৰাট ওজনৰ হীৰাটি কটাৰ পিছত ৭৩.৬০ কেৰাটলৈ হ্ৰাস পায়। পিছৰ বছৰত ভাৰতৰ বৰোডাৰ মলহাৰ ৰাও গায়েকৱাড়ে ৩,৫০,০০০ টকাত (প্ৰায় ২৬,০০০ পাউণ্ড) হীৰাটি ক্ৰয় কৰে।[4]

১৯২৬ চনত বৰোডাৰ নতুন শাসক তৃতীয় ছায়াজী ৰাও গায়েকৱাড়ে জেক কাৰ্টিয়াৰৰ দ্বাৰা হীৰাটি অন্যান্য অলংকাৰৰ সৈতে প্লেটিনামত খটুৱায়। ১৯৮৮ চনৰ ৩১ মাৰ্চৰ সম্পত্তি কৰ ৰিটাৰ্ণত ফতেহসিংহ ৰাও গায়েকৱাড়ে এই হীৰাটিৰ তথ্য প্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ পত্নী শান্তা দেৱীয়েও হীৰাটিৰ কথা উল্লেখ কৰিছিল।[5] হীৰাটি এতিয়াও পৰিয়ালটোৰ হাতত আছে নে বিক্ৰী কৰা হ’ল, সেই বিষয়ে নিশ্চিত তথ্য পোৱা নাযায়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Archived copy". Archived from the original on 13 December 2024. https://web.archive.org/web/20241213103807/https://www.thefridaytimes.com/a-diamond-that-bore-the-names-of-three-mughal-emperors/ আহৰণ কৰা হৈছে: 22 April 2020.
  2. "Famous Diamonds: Akbar Shah or Jehan Ghir Shah Diamond page 200". Farlang.com. Archived from the original on 2014-01-28. https://web.archive.org/web/20140128033326/http://www.farlang.com/diamonds/streeter_great_diamonds/page_200 আহৰণ কৰা হৈছে: 2014-02-25.
  3. "Peacock Throne – Encyclopædia Britannica". Encyclopædia Britannica. 2013-03-15. http://www.britannica.com/EBchecked/topic/447845/Peacock-Throne আহৰণ কৰা হৈছে: 2014-02-25.
  4. G.F Herbert Smith: Gemstones. London, 1940. p. 171-2
  5. "Gaekwad's Star of the South diamond sold". The Times of India. Archived from the original on 2012-10-22. https://web.archive.org/web/20121022035253/http://articles.timesofindia.indiatimes.com/2007-03-28/india/27880016_1_diamond-cartier-sangramsinh আহৰণ কৰা হৈছে: 2014-02-25.