সমললৈ যাওক

আকাদেমী ফ্ৰঁচেজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আকাদেমী ফ্ৰঁচেজ
Académie française
গঠন ২২ ফেব্ৰুৱাৰী ১৬৩৫; ৩৯১ বছৰ আগত (1635-02-22)
প্ৰতিষ্ঠাপক কাৰ্দিনাল ৰিশ্ব্যলিয়
Headquarters পেৰিছ, ফ্ৰান্স
Coordinates 48°51′26″N 2°20′13″E / 48.8573°N 2.337°E / 48.8573; 2.337স্থানাংক: 48°51′26″N 2°20′13″E / 48.8573°N 2.337°E / 48.8573; 2.337
সদস্য ৪০ গৰাকী সদস্য, যিসকলক লেজ ইম্মৰ্তেল (les immortels) তথা অমৰসকল বুলি জনা যায়
চিৰস্থায়ী সম্পাদক
আমিন মালুফ (২৮ ছেপ্টেম্বৰ ২০২৩-ৰ পৰা)
ৱেবছাইট academie-francaise.fr

আকাদেমী ফ্ৰঁচেজ (French: Académie française, pronounced [akademi fʁɑ̃sɛːz]), যাক ফৰাচী আকাদেমী বুলিও জনা যায়, হৈছে ফৰাচী ভাষা সম্পৰ্কীয় বিষয়সমূহৰ বাবে মুখ্য ফৰাচী পৰিষদ। ১৬৩৫ চনত ৰজা লুই ত্ৰয়োদশৰ প্ৰধানমন্ত্ৰী কাৰ্দিনাল ৰিশ্ব্যলিয়ৰ দ্বাৰা আধিকাৰিকভাৱে এই ‘আকাদেমী’ প্ৰতিষ্ঠা কৰা হৈছিল।[1] ১৭৯৩ চনত ফৰাচী বিপ্লৱৰ সময়ত ইয়াক বিলুপ্ত কৰা হয় যদিও ১৮০৩ চনত নাপলেয়ঁ বনাপাৰ্তৰ দ্বাৰা এঁস্তিত্যু দ্য ফ্ৰঁচৰ এটা শাখা হিচাপে ইয়াক পুনৰুদ্ধাৰ কৰা হয়।[1] এইটো ইনষ্টিটিউটৰ পাঁচখন ‘আকাদেমী’ৰ ভিতৰত আটাইতকৈ পুৰণি। এই গোটটোৰ কৰ্তব্য হৈছে ভাষাৰ ওপৰত এক চৰকাৰী কৰ্তৃপক্ষ হিচাপে কাম কৰা; ইয়াক ভাষাটোৰ এটা আধিকাৰিক অভিধান প্ৰকাশ কৰাৰ দায়িত্ব দিয়া হৈছে। ‘আকাদেমী’ ৪০ গৰাকী সদস্যক লৈ গঠিত, যিসকলক লেজ ইম্মৰ্তেল (les immortels, "অমৰসকল") বুলি জনা যায়।[2] নতুন সদস্যসকলক আকাদেমীৰ সদস্যসকলৰ দ্বাৰাই নিৰ্বাচিত কৰা হয়। একাডেমীৰ সদস্যসকলে সাধাৰণতে আজীৱন পদত অধিষ্ঠিত থাকে, কিন্তু তেওঁলোকে পদত্যাগ কৰিব পাৰে বা অসদাচৰণৰ বাবে বৰ্খাস্ত হ’ব পাৰে। প্ৰথম বিশ্বযুদ্ধৰ ৱেৰ্দাঁৰ ৰণৰ পিছত ফ্ৰান্সৰ মাৰ্শ্বাল উপাধি পোৱা ফিলিপ পেতেঁ ১৯৩১ চনত আকাদেমীলৈ নিৰ্বাচিত হৈছিল আৰু দ্বিতীয় বিশ্বযুদ্ধত ৱিশ্বি ফ্ৰান্সৰ শাসনভাৰ চম্ভালিবলগীয়া হোৱাৰ বাবে ১৯৪৫ চনত তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছিল।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "L'histoire". Academie Française official website. http://www.academie-francaise.fr/histoire/index.html.
  2. ↑ "Les immortels". Academie Française official website. http://www.academie-francaise.fr/immortels/index.html.
  3. ↑ Sanche de Gramont, The French: Portrait of a People, G.P. Putnam's Sons, New York, 1969, p. 270