আকালেৰ সন্ধানে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আকালেৰ সন্ধানে
In Search of Famine

পোষ্টাৰ
পৰিচালক মৃণাল সেন
ৰচনা মৃণাল সেন
অমলেন্দু চক্ৰৱৰ্তী
প্ৰযোজক ডি.কে. ফিল্মছ
অভিনয়ত ধৃতিমান চেতাৰ্জী
স্মিতা পাতিল
গীতা সেন
চিত্ৰগ্ৰহণকাৰী কে.কে. মহাজন
সম্পাদনা গংগাধৰ নস্কৰ
সংগীত পৰিচালক সলিল চৌধুৰী
মুক্তি
১৯৮২
দৈৰ্ঘ্য
১১৫ মিনিট
দেশ ভাৰত
ভাষা বঙালী

আকালেৰ সন্ধানে (ইংৰাজী: Akaler Shandhaney ; অসমীয়া অনুবাদ: "আকালৰ সন্ধানত") ১৯৮২ চনত মুক্তি পোৱা মৃণাল সেন পৰিচালিত বঙালী ভাষাসমান্তৰাল ধাৰাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখনে ২৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালনা, শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ সম্পাদনা শিতানত চাৰিটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[1]

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

প্ৰায় পাঁচ নিযুত বঙালী লোকৰ মৃত্যু হোৱা ১৯৪৩ চনৰ দুৰ্ভিক্ষৰ বিষয়ে এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ ১৯৮০ চনৰ ছেপ্টেম্বৰ মাহত এটা কলা-কুশলীৰ দল এখন গাঁৱলৈ আহে। এয়া আছিল মানৱ-সৃষ্ট দুৰ্ভিক্ষ, বিশ্বযুদ্ধৰ পাৰ্শ্ব-উৎপাদন; আৰু চলচ্চিত্ৰৰ মাধ্যেমেৰে অনাহাৰত মৃত্যু হোৱা লাখ লাখ লোকৰ দুৰ্দশাগ্ৰস্থ অৱস্থাটোৰ পুনঃনিৰ্মাণ কৰিবলৈ আহিছে এইসকল কলা-কুশলীয়ে। নানা অসুবিধা আৰু উদ্বেগৰ মাজেৰে শ্বুটিং আৰম্ভ হয়। অভিনেতা-অভিনেত্ৰীসকলে এক দ্বৈত জীৱন যাপন কৰে আৰু গাঁৱৰ মানুহবোৰে বিস্ময় আৰু সন্দেহৰ মাজেৰে তেওঁলোকৰ কামকাজ লক্ষ্য কৰি থাকে। ছবিৰ কাম আগবাঢ়ি যোৱাৰ লগেলগে পুনঃনিৰ্মিত অতীত বৰ্তমানৰ মুখামুখি হয়। ১৯৪৩ চনৰ সৈতে ১৯৮০ চনৰ ঘটনাৰ এটা অদ্ভুত সম্পৰ্ক তৈয়াৰ হোৱা দেখা যায়। ইয়াৰ মাজতে এটা নাৰী চৰিত্ৰৰ বাবে বাবে স্থানীয় অভিনেত্ৰীৰ সন্ধানক কেন্দ্ৰ কৰি ছবি নিৰ্মাতা দলটোৰ সৈতে গাঁৱবাসী বিবাদত জড়িত হৈ পৰে। আকাল সন্ধানী লোকসকলৰ বাবে সেয়া আছিল এক উদ্বেগজনক পৰিস্থিতি। অৱশেষত ছবি নিৰ্মাণকাৰী দলটোৱে আধাতে শ্বুটিং সামৰি বাকীখিনি কাম ষ্টুডিঅ’তে কৰাৰ মানসেৰে কলকাতালৈ গুছি আহে।[1]

অভিনয় শিল্পী[সম্পাদনা কৰক]

  • ধৃতিমান চেতাৰ্জী (ছবি পৰিচালক)
  • ৰাজেন তৰফদাৰ (গাঁওবাসী)
  • দীপাংকৰ দে
  • ৰাধামোহন ভট্টাচাৰ্য (শিক্ষক)
  • স্মিতা পাতিল (চলচ্চিত্ৰ অভিনেত্ৰী)
  • শ্ৰীলা মজুমদাৰ
  • গীতা সেন
  • দেবিকা মুখাৰ্জী
  • জয়ন্ত চৌধুৰী
  • জোচন দস্তিদাৰ
  • নীলকণ্ঠ সেনগুপ্ত
  • বিপ্লৱ চট্টোপাধ্যায়
  • উমানাথ ভট্টাচাৰ্য
  • ৰেবা ৰয় চৌধুৰী
  • আৰতি দাস
  • গোপা সেনগুপ্ত

বঁটা-বাহন[সম্পাদনা কৰক]

  • ২৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৮০)[1][2]
    • সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ স্বৰ্ণ কমল
    • শ্ৰেষ্ঠ পৰিচালকৰ ৰজত কমল: মৃণাল সেন
    • শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰজত কমল: মৃণাল সেন
    • শ্ৰেষ্ঠ সম্পাদনাৰ ৰজত কমল: গংগাধৰ নস্কৰ
  • ৩১তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
    • চিলভাৰ বিয়েৰ, জুৰীৰ বিশেষ বঁটা [3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "National Film Awards Archives". Directorate of Film Festivals, Govt. of India. পৃষ্ঠাসমূহ: 6,10,11,18. Archived from the original on 28 September 2021. https://web.archive.org/web/20210928042908/http://dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 10 August 2021. 
  2. "Akaler Shandhaney @ Mrinalsen.Org". http://mrinalsen.org/akaler_shandhaney.htm. 
  3. "Berlinale 1981: Prize Winners". berlinale.de. http://www.berlinale.de/en/archiv/jahresarchive/1981/03_preistr_ger_1981/03_Preistraeger_1981.html। আহৰণ কৰা হৈছে: 2010-08-22. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]